NRC - নলপাৰাৰ ৰামচন্দ্ৰ: নৱ উন্মেষৰ চিনেমা

NRC - নলপাৰাৰ ৰামচন্দ্ৰ: নৱ উন্মেষৰ চিনেমা

শ্ৰীৰামচন্দ্ৰ আৰু হৰধনুৰ কাহিনী ভাৰতীয় সমাজ জীৱনৰ এক এৰাব নোৱৰা উপাদান। এনে এক মহাকাব্যিক চৰিত্ৰক কেন্দ্ৰীয় বিষয় হিচাপে লৈ ছবি কৰাটো সহজ নহয়, কিন্তু এনে ৰূপকৰ মাজেৰে কলাৰ ভিন্ন মাধ্যমত বহু দৰকাৰী কথা ক’ব পৰা যায়। মহাকাব্যৰ চৰিত্ৰ ৰামচন্দ্ৰ আৰু চিনেমাখনত থকা নলপাৰাৰ ৰামচন্দ্ৰ একে নহয়, কিন্তু গাঁৱৰ ভাওনাত কৰা ভাওৰে প্ৰতিষ্ঠা হোৱা অনুষংগৰে ‘ৰাম চেতনা’ ক দৰ্শকৰ মাজলৈ লৈ যাব পৰাটো চিনেমাখনৰ পৰিচালকজনৰ দক্ষতা। মনত পৰিছে ‘ভিক্টোৰিয়ান ইণ্ডিয়ান’ বুলি খ্যাতি লাভ কৰা প্ৰসিদ্ধ পেইণ্টাৰ ৰাজা ৰবি বাৰ্মাৰ পেইণ্টিং ‘সীতা সয়ম্বৰ’খনলৈ, য’ত শ্ৰীৰামচন্দ্ৰই হৰধনু ভাঙিবলৈ উদ্যত হৈছে। চলচ্চিত্ৰখনৰ কাহিনীৰ জৰিয়তে বেদব্ৰত বৰাইয়ো অসমীয়া চলচ্চিত্ৰ জগতৰ কেতবোৰ পৰম্পৰা ভাঙিবলৈ উদ্যত হোৱা যেন অনুভৱ হৈছে। নানান পাচনিৰ পৰিচালনাত এখন নতুন অসমীয়া চলচ্চিত্ৰ ‘NRC— নলপাৰাৰ ৰামচন্দ্ৰ’ মুক্তি পাইছে আৰু সেইবাবে এইবোৰ কথা এতিয়া মনলৈ আহিছে।

NRC— নামটোত থকাৰ দৰে ছবিখনত কোনো ৰাজনৈতিক বক্তব্য নাই। NRC অৰ্থাৎ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী বা ৰামচন্দ্ৰ— দুয়োটা বিষয়েই বৰ্তমান সময়ত ৰাজনৈতিক যদিও এনে কোনো প্ৰেক্ষাপট নথকাকৈয়ো ছবিখনে সমসাময়িক ৰাজনৈতিক নেৰেটিভক ধূলিসাৎ কৰি সাম্প্ৰদায়িক সম্প্ৰীতিৰ মহান বাৰ্তা তুলি ধৰিছে। পাছলৈ উপলব্ধি কৰিলো যে NRC-এ অনা পৰিচয় সংকটো ছবিখনৰ মূল বিষয় হৈ নাথাকিল, তাৰ পৰিৱৰ্তে ছবিখন সকলো ধৰণৰ সাম্প্ৰদায়িকতা আৰু ধৰ্মান্ধতাৰ বিপৰীতে থিয় দি উঠা এক শক্তিশালী সামূহিক কণ্ঠ হৈ পৰিছে; এই কণ্ঠ‌ও আহিছে শিক্ষিত নতুন প্ৰজন্মৰ প্ৰতিনিধিৰ পৰা, ‘ভাওনা ৰূপক’ৰ মাধ্যমেৰে এই কণ্ঠ যেন গাঁৱৰ পদূলিয়ে পদূলিয়ে (গাঁৱৰ পদূলিবোৰ দেখুৱাই ঘৰখনৰ পৰিচয় কৰি দি যোৱা ছবিৰ এটা দৃশ্য‌ মন কৰিবলগীয়া) নিনাদিত হৈছে।

সমাজ ৰূপান্তৰত যুৱ শক্তিৰ অংশীদাৰক ইয়াত মুখ্য স্থান দিয়াত ছবিখনে দৰ্শকৰ মনত গভীৰভাৱে ৰেখাপাত কৰিছে। চিত্ৰনাট্যত লোকজীৱন, লোক-সংস্কৃতি, পৰম্পৰা— কতো হীন-ডেঢ়ি হোৱা নাই, নৈতিকতা আৰু আধ্যাত্মিকতাৰ ক্ষেত্ৰত প্ৰশ্ন‌ও উঠা নাই, কিন্তু ধৰ্মীয় গোড়ামিৰ প্ৰতি বিন্দুমাত্ৰ প্ৰশ্ৰয়ৰ কথাও ইয়াত নাই। গাঁৱৰ কৰ্মঠ ডেকাই ফাৰ্মিং কৰা বাবে এঘৰীয়া হোৱা কথাটো আৰু পাছত সেইজন ডেকাক ৰামচন্দ্ৰৰ ভাও দিয়াটো কেৱল প্ৰজন্ম সংঘাতৰ পৰিণাম নহয়, তাত সামাজিক তত্ত্ব আৰু নতুন অৰ্থনীতিৰ প্ৰসংগ‌ও আছে। একেদৰে নামঘৰৰ সামূহিক সিদ্ধান্ত একোটা পাছলৈ মানৱীয় সিদ্ধান্তলৈ পৰিৱৰ্তন হোৱা দিশটো ছবিখনৰ উল্লেখযোগ্য শক্তি। ছবিখনৰ ভাষা এইদৰে আৱেগিক হৈও যুক্তিনিষ্ঠ।

অসমীয়া চলচ্চিত্ৰ ‘ছিৰাজ’ (দেশপ্ৰাণ লক্ষ্মীধৰ শৰ্মাৰ ‘ছিৰাজ’ নামৰ গল্পৰ আধাৰত চিত্ৰনাট্য প্ৰস্তুত কৰে বিষ্ণুপ্ৰসাদ ৰাভা আৰু ফণী শৰ্মাই, তাতো এটা গুৰুত্বপূৰ্ণ চৰিত্ৰৰ নাম সীতা)-লৈ মনত পৰে, য’ত তাহানিতে হিন্দু মুছলমানৰ মাজত সমন্বয়ৰ এখন জীয়া ছবি প্ৰদৰ্শিত হৈছিল। এইবোৰ আমাৰ সমাজ জীৱনৰ কেতবোৰ এৰাব নোৱৰা ঐতিহ্য। এইখন চলচ্চিত্ৰত এগৰাকী মুছলমান ছোৱালী এটি হিন্দু পৰিয়ালত ডাঙৰ-দীঘল হোৱা কথাটো সেইবাবে দৰ্শকৰ বাবে এই ঐতিহ্যৰ সৈতে মিলা ধৰণৰ, অস্বাভাৱিকতা নাই, এয়া উচিতো। ‘ৰামচন্দ্ৰ চেতনা’টোৰ সৈতে থকা ঐতিহ্য‌ও (আনকি ধূপ-চাকি জ্বলাই টিভিত ‘ৰামায়ণ’ ছিৰিয়েল চোৱাৰ কথা আমি পিতাইহঁতৰ মুখৰ পৰা শুনো) আমাৰ পৰিচিত আৰু সেইবাবে ছবিখনে পৰিচিত দৃশ্যপটৰ মাজেৰে সমকালীন জটিল সামাজিক মনস্তত্ত্বৰ মাজতো সেতুবন্ধনৰ প্ৰয়াস কৰিছে, ৰামচন্দ্ৰৰ সেতুবন্ধনৰ দৰেই!

চলচ্চিত্ৰখনে শেহতীয়া সমাজ জীৱনৰ মনোৱস্থাক কৌতুক স্তৰত নিৰ্মাণ কৰি সমাজ বাস্তৱতাৰ এখন সঁচা ছবি উন্মোচিত কৰিছে। ৰাজনৈতিক পৰিস্থিতিক কমেডিলৈ নিয়াটো সহজ, কিন্তু সামাজিক পৰম্পৰাক প্ৰত্যাহ্বান জনাই কমেডিৰে ৰুচিসন্মত ৰূপত সমাজলৈ এক নতুন ‘নৈতিক’ বাৰ্তা প্ৰদান কৰাটো টান। চলচ্চিত্ৰখনে এইটো দিশত মনোযোগ দিছে। কমেডি বা ব্যংগোক্তিৰ চৰিত্ৰ তৰল নহৈ তীক্ষ্ণ হ‌ওক, কিন্তু একে সময়তে ইয়াৰ মানৱিক আৱেদনো হৃদয়স্পৰ্শী হ’ব লাগিব। আকৌ নতুন প্ৰজন্মৰ সামাজিক সংস্কাৰ আৰু ক্ৰমে গঢ়ি উঠা যুক্তিবাদী তথা মানৱীয় সহাৱস্থানো এই শতিকাৰ নতুন আদৰ্শ। এই নতুন সত্তাৰ নিৰ্মাণ শিক্ষা আৰু প্ৰযুক্তিতকৈয়ো সামাজিক বীক্ষণৰ বাবেহে অধিক ঘনীভূত হৈছে। সমাজখনক বুজিবলৈ কৰা চেষ্টাৰ প্ৰথমটো পৰ্যায় হৈছে সমষ্টিগত জীৱনটোৰ অংশীদাৰ হোৱা আৰু সকলোৰে কল্যাণ সাধন কৰিবলৈ যত্নপৰ হোৱা। ছবিখনে এনে বহু বিষয় সামৰি অসমীয়া চলচ্চিত্ৰৰ দৰ্শকৰ মনত মনোৰঞ্জনৰ মাজেৰে সমাজ সত্যক প্ৰশস্ত কৰিছে, কিছু মুকলিকৈ আচাৰকেন্দ্ৰিক সামাজিক আৰু ধৰ্মীয় পৰম্পৰাবোৰক প্ৰশ্ন কৰিছে, লগতে সাধাৰণ মানুহৰ অসহায় অৱস্থা আৰু আদৰ্শ তথা অস্তিত্বৰ সংকটকো তুলি ধৰিছে। পিতৃ পৰিচয় অথবা প্ৰথাগত অস্তিত্বক সামাজিক প্ৰেক্ষাপটত সন্ধান কৰাটো প্ৰয়োজন নে? সত্য-আৱিষ্কাৰত একেদৰে গোপনীয়তা অথবা অন্ধবিশ্বাসৰ প্ৰভাৱৰ পৰা আমি মুক্ত হ‌ওঁনে? সামাজিক সংগঠন আৰু সামাজিক গাঁথনিটোৰ স্বাৰ্থত এইবোৰ কথাৰ তাৎপৰ্য আছে। নিয়মৰ মাজত থাকোঁতেই একে নিয়মবোৰেই আকৌ ‘আমনিদায়ক’ হ’বলগা হোৱাটো বৰ্তমান সামাজিক জীৱনৰ এটা ডাঙৰ দুৰ্বলতা। সময়ৰ চৰিত্ৰ এনেদৰে সলনি হয় যে নিয়মপ্ৰধান এখন সমাজত বহু অনিয়ম অজ্ঞাতে হৈ থাকে, কিন্তু সময় নিৰ্দয় সাক্ষী। দেৱকান্ত বৰুৱাৰ এটা কবিতাত আছে— ‘হেৰা মোৰ সূৰ্যাস্ত পাৰৰ হেমৰেখা,/ নিন্দা খ্যাতি জয় পৰাজয় অসত্য সকলো,/ সত্য মাথোঁ হে ছলনাময়ী/ তোমাৰ গভীৰ প্ৰেম’। সময়েই আটাইতকৈ বেছি ছলনাময়ী, সময় সদায় স্ববৰ্ণিত (self explanatory), সেইবাবে সময়ৰ দাস আমি সকলো,— ছবিখনত এই দৰ্শনৰ সমাৱেশ ঘটিছে। ছবিখনৰ শেষৰ অংশত মূল প্ৰটাগনিষ্টে কয়— ‘আমি আচলতে সকলোৱে কিবা এটা বিচাৰি আছোঁ। এই সন্ধানেই যাত্ৰা, কিবা এটা বিচাৰি থকাটোৱেই সময়ৰ নিৰ্ভেজাল ছলনা।’

আৰু পঢ়িব পাৰে

ছবি নিৰ্মাতাৰ সচেষ্ট অভিপ্ৰায় আছে— দৰ্শকক ৰেখাপাত কৰিব পৰা এক বাৰ্তা দিয়াৰ। কলাৰ এইটো অপৰিহাৰ্য গুণ, তাতে ভিজুৱেল মিডিয়াৰ সুবিধা এয়াই যে এটা শ্বটত, কেমেৰাৰ ভাষাৰে, মাত্ৰ কেইটামান শব্দ প্ৰয়োগ কৰি অথবা মৌনৰে বহু কথা, বহু সময় আৰু বহু ঘটনাৰ ক্ৰমাণুক্ৰমিক উপস্থাপন কৰিব পাৰি, ছবিৰ গতিকো নিয়ন্ত্ৰণ কৰিব পাৰি। ৰসঘন চিত্ৰনাট্য, মনোৰঞ্জন, চৰিত্ৰ আৰু সংলাপৰ যথোপযুক্ত প্ৰয়োগেৰে এইখন চলচ্চিত্ৰত পৰিচালকে যি ক’ব খুজিছে, সেয়াই স্পষ্ট হৈছে— সংলাপৰ অত্যাচাৰ নোহোৱাকৈয়ো। অত্যাচাৰ অলপ কৌতুকতহে হৈছে যেন মনে ধৰে। হাস্য-ব্যংগৰ ক্ষেত্ৰত আমি কিছু অতিৰঞ্জন কৰোঁ, এইটো অসমৰ ক্ষেত্ৰত এটা পুৰণি বেমাৰেই। ছবিখনতো ‘নিয়ম’বোৰ আমনিলগা হোৱাৰ দৰে দুই-এঠাইত কৌতুকো আমনিদায়ক হৈছে। কৌতুক কোনখিনিত গৈ চূড়ান্ত অসংবেদনশীল হৈ উঠে, তাক কলা পৰিচালকে বুজা উচিত। ছবিখনত ভাওনাৰ সৈতে ঘটনাক্ৰম সংঘটনৰ যাদৃচ্ছিক সংযোজন তাৎপৰ্যপূৰ্ণ, একেদৰে অন্য প্ৰপঞ্চৰ সৈতে প্ৰটাগনিষ্টৰ কাৰুণ্য কোনোবাখিনিত কৌতুকে বিয়োজন কৰাটোও ছবিখনৰ বাবে অনাহুত। বন্ধুবৰ্গৰ সৈতে ছবিখন চাই চিত্ৰগৃহৰ পৰা ওলাই আহোঁতে মনত দুটা অনুষংগ‌ই ক্ৰিয়া কৰি আছিল:

ক) জাত-পাত, অপ্ৰয়োজনীয় নিয়ম-আচাৰৰ (সংস্কাৰ আৰু সদাচাৰ ব্যক্তিগত আৰু সামাজিক— দুয়োটা জীৱনৰ বাবেই কিন্তু অপৰিহাৰ্য) ঊৰ্ধ্বত মানুহৰ এখন সমাজ নিৰ্মাণ হ’ব নে? খ) সমাজৰ নগ্ন সত্যৰ এনে কলাসন্মত উপস্থাপন আৰু তাৰ বিৰুদ্ধে হোৱা নতুন প্ৰজন্মৰ এই সৰৱ জনমতৰ কিবা প্ৰভাৱ অতবোৰ সংকীৰ্ণতাৰ মাজত হাবুডুবু খাই থকা আমাৰ সমাজখনত পৰিবনে? আমি সংস্কৃতি আৰু সংস্কাৰৰ মাজত ডাঙৰ হ’ব বিচাৰোঁনে? নতুন প্ৰজন্ম‌ই এইটো শিকিব নে যে এই যুক্তি-তৰ্কৰ মাজতো সমূহীয়া জীৱনটোৰ বাবে নামঘৰত থকা গুৰুআসনখনৰ সমুখত সেৱা লোৱাটোও প্ৰয়োজন?

সমকালীন শিক্ষিত যুৱশক্তিৰ বৰ্ণবৈষম্যহীন চিন্তা-চৰ্চাই ছবিখনত নৱ উন্মেষৰ ধ্বজা উৰুৱাইছে, ধৰ্মান্ধতা, অস্পৃশ্যতাৰ দূৰৈত থকা এখন মানুহৰ পৃথিৱীৰ বাৰ্তা কঢ়িয়াইছে। সেইবাবে এইখন নৱ উন্মেষৰ চিনেমা। কাহিনী আৰু পৰিচালনাত পৰিপক্বতা আছে, মনোৰঞ্জনত আদৰ্শৰ সমাহৰণ কৰিব পৰা কৌশল আছে, (নায়ক-খলনায়ক, প্ৰেমিকা আদিৰে এটা প্ৰেম-কাহিনীক কেন্দ্ৰীয় বিষয় হিচাপে লৈ ছবি কৰা সহজ পন্থাটো ইয়াত অনুপস্থিত), সমাজ বাস্তৱতাৰ নিৰ্মোহ বিচাৰ আছে, নতুন প্ৰজন্মৰ বাবে চিন্তাৰ সমল আছে, আৰু আছে নতুন দিক দৰ্শন। এইদৰেই হলভৰ্তি দৰ্শকৰ হাঁহিৰ আঁৰতো এক যুক্তিসংগত ভৱিষ্যতৰ পিনে ইয়াত দৃষ্টি আছে, দৰ্শকৰ হাতচাপৰিৰ মাজত এই নৱ উন্মেষৰ ইতিবাচক সঁহাৰি আছে।

আহক, ‘NRC - নলপাৰাৰ ৰামচন্দ্ৰ’ ছবিখন চাবলৈ চিত্ৰগৃহলৈ যাওঁ।

এই লেখকৰ সকলো লেখা চাওক →
NRC - নলপাৰাৰ ৰামচন্দ্ৰ: নৱ উন্মেষৰ চিনেমা | ড° দুলাল হাজৰিকা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক