আ মাৰ সকলোৰে পৰম শ্ৰদ্ধাৰ আৰু মৰমৰ শিল্পী নীল পৱন বৰুৱাৰ জীৱন-ভিত্তিক হোৱাৰ বাবেই ‘ব্ৰাছ ষ্ট্ৰ’ক’ শীৰ্ষক তথ্যচিত্ৰখন চাবলৈ বৰ হেঁপাহ আছিল। যোৱা ২৮ জানুৱাৰী (২০২৩)ত গুৱাহাটী আৰ্টিষ্টচ্ গীল্ডত চিনেমাখন চোৱাৰ সুযোগ পালো। যদিও আৰ্টিষ্টচ্ গীল্ডৰ সদস্য হিচাপে ময়ো চিনেমাখনৰ প্ৰদৰ্শনৰ ক্ষেত্ৰত আগভাগ লৈছিলো, চিনেমাখন চোৱাৰ পাছত ক্ষোভ আৰু আক্ষেপে মনটো গধুৰ কৰি তুলিছিল। চিনেমাখনৰ বিশেষকৈ দুটা সমস্যাজনক দিশ মুকলিকৈ আলোচনা কৰাৰ প্ৰয়োজন আছে।
এটা দিশ হ’ল, আমি চিত্ৰশিল্পী এগৰাকীক জনমানসত কিদৰে চিত্ৰিত কৰোঁ। ‘ব্ৰাছ ষ্ট্ৰ’ক’ৰ নিৰ্মাতা পাৰ্থজিৎ বৰুৱাই চিনেমাখনৰ জৰিয়তে দাঙি ধৰা মূল বক্তব্যটো এনে যেন লাগিল যেন— ‘চোৱা, সেই মহান শিল্পীজনৰ এয়া কি পুতৌজনক অৱস্থা’! এই বক্তব্যটোক তেওঁ পৰিষ্কাৰকৈ আৰু সফলভাৱে চিত্ৰায়িত কৰিছে নীল পৱন বৰুৱাৰ কৰ্মৰাজি তথা অৱদানৰ ওপৰত বিশেষজ্ঞসকলৰ মন্তব্য আৰু শিল্পীগৰাকীৰ শেষ বয়সৰ জীৱনযাপনৰ দৃশ্যসমূহ ওপৰা-উপৰিকৈ সংযোজন কৰি— যি তেওঁৰ ‘মহত্ব’ আৰু ‘জীৱনৰ যন্ত্ৰণা’ৰ মাজত এক কূট কৌশলেৰে গঢ় দিয়া বৈসাদৃশ্যৰ ৰূপায়ণ। এই মানসিকতাটো শিল্প বিষয়ক অজ্ঞানীসকলৰ মাজত বেছ জনপ্ৰিয়। এই ‘বেচেৰা শিল্পী’ৰ উপাখ্যানটো আমাৰ অসমীয়া সমাজৰ বাবে বিশেষভাৱে বিপদজনক— যিখন সমাজত দৃশ্যকলাৰ প্ৰতি আগ্ৰহী এমুঠিমান মানুহ বাদ দি বহল দিশত দৃশ্যকলাৰ জ্ঞানবোধ শূন্য বুলিলেও ভুল নহ’ব।
শিল্পৰ ৰসাস্বাদন কৰিবলৈ বা শিল্পী এগৰাকীক বুজিবলৈ আমাক সংবেদনশীলতাৰহে প্ৰয়োজন, সমবেদনাৰ নহয়। গোটেই জীৱন ছবি আঁকিও একো নাপালে বা দুখীয়া, বলিয়া, সমাজত কদৰ নোপোৱা জাতীয় ভেন গ’ঘীয় নেৰেটিভটো পেঘেনিয়াই থকা মানে নীল পৱন বৰুৱাকে আদি কৰি অসমৰ পুৰোধা শিল্পীসকলে সূচনা কৰা আধুনিক শিল্পৰ ধাৰাটোক পিছলৈ টানি থকা। অহৌবলিয়া ভেন গ’ঘতে মজি নাথাকি তেওঁ অঁকা প্ৰাণোচ্ছল সোণালী পথাৰবোৰ, নাচি থকা আকাশখন, তেওঁৰ ব্ৰাছ ষ্ট্ৰ’ক চাব পাৰিলেহে আমি শিল্পৰ মোল বুজিম। অৱশ্যে ইয়ো ঠিক যে কিবা এটা চাবলৈ হ’লে প্ৰথমে চকু মেলিব লাগিব।
মোৰ বাবে চিনেমাখনৰ আটাইতকৈ সমস্যাজনক দিশটো হ’ল নীল পৱন বৰুৱাক ব্যক্তি হিচাপে যি ধৰণে দাঙি ধৰা হ’ল (আৰু স্থায়ীভাৱে ধৰি ৰখা হ’ল, যিহেতু এই সময়ৰ মানুহখিনি গুচি যোৱাৰ পাছতো চিনেমাখন থাকি যাব)! এগৰাকী ব্যক্তিৰ,— সমাজৰ কোনো শ্ৰদ্ধাভাজন ব্যক্তিয়েই হওক বা অজানা সাধাৰণ ব্যক্তিয়েই হওক, ব্যক্তিগত পৰিসৰত কেমেৰাৰ অনুপ্ৰৱেশ এক ধৰণৰ অপৰাধ, বিশেষকৈ যেতিয়া সেই ব্যক্তিগৰাকী সন্মতি দিয়া-নিদিয়াৰ সিদ্ধান্ত ল’ব পৰা অৱস্থাত নাথাকে। সন্মতি থাকিলেও কিছুমান একান্ত ব্যক্তিগত দৃশ্যৰ ৰূপায়ণ ৰুচিহীনতাৰে কৰাটো নীচ মানসিকতাৰ পৰিচায়ক।
প্ৰদৰ্শনীৰ শেষত হোৱা আলোচনাত পৰিচালক পাৰ্থজিৎ বৰুৱাই কৈছিল যে তেওঁ নীলদাৰ কষ্টখিনি দেখুৱাব বিচাৰিছিল। তাৰ কাৰণে বাথৰুমৰ ভিতৰত গা ধুৱাবলৈ নি ডায়েপাৰ খুলি দিয়াটোও দেখুৱাব লাগিব? মাজৰাতি সাৰ পাই দুৱাৰখন খুলিব নোৱৰা অৰ্ধনগ্ন নীলদাকো আমি চাব লাগিব, তেওঁৰ কষ্ট বুজিবলৈ? প্ৰতীকি অৰ্থত এই দৃশ্যটোৰ এটা অনিচ্ছাকৃত তাৎপৰ্য আছে— নীলদা দুৱাৰ খুলিব পৰা শিল্পী আছিল, তেওঁ খুলি থৈ যোৱা দুৱাৰেদিয়েই পিছৰ বহুতে বাট এটা বিচাৰি পাইছিল। পিছে তেওঁক দুৱাৰ খুলিব নোৱৰা এজন অসহায় ব্যক্তি ৰূপেহে ধৰি ৰখা হ’ল। তাৰ পাছৰ চোৱাত, যদিও তেওঁৰ কঁকালত গামোচা এখন গাঠি দিবলৈ কাৰোবাৰ সুমতি জাগিল, মানুহে নীল পৱন বৰুৱাৰ সলনি কোনোবা বলিয়া বুঢ়া এজনকহে দেখিব।
ব্ৰাছ ষ্ট্ৰ’ক তথ্যচিত্ৰৰ পোষ্টাৰ | সৌজন্য: Facebook/ Parthajit Baruah
আনহাতে নিজৰ অসহায়তাত অতিষ্ঠ হৈ পৰিচাৰিকাগৰাকীক মাৰিবলৈ হাত দঙা নীলদা আমি চিনি পোৱা মৰমীয়াল, সদায় হাঁহিমুখীয়া নীলদাৰ সম্পূৰ্ণ বিপৰীত। নীল পৱন বৰুৱাক ব্যক্তিগতভাৱে লগ নোপোৱা সকলে এইখন চিনেমাৰ জৰিয়তে তেওঁক এগৰাকী উগ্ৰ অত্যাচাৰী মানুহ ৰূপেই চিনিব।
আনহাতে, স্মৃতিভ্ৰমত ভুগি থকা মানুহ এজনক কিছুমান নিৰ্দিষ্ট আৰু অনৰ্থক প্ৰশ্ন বাৰে বাৰে সুধি থকাৰ উদ্দেশ্য কি হ’ব পাৰে? তেওঁৰ অক্ষমতাৰ ৰং চোৱা? বহু সময়ত স্মৃতিভ্ৰমৰ দৰে গভীৰ সমস্যা এটাক লৈ ধেমালি কৰাৰ ওপৰিও শিল্পীগৰাকীক মানসিকভাৱে অত্যাচাৰ কৰা যেন লাগিল।
মোৰ বোধেৰে, ‘ব্ৰাছ ষ্ট্ৰ’ক’ হ’ল অতি অসংবেদনশীল, অপমানজনক, পৰ-পীড়াত আহ্লাদিত মানসিকতাৰে কৰা বৃদ্ধাৱস্থাৰ ৰূপায়ণ, তাৰ বৃদ্ধগৰাকী ঘটনাক্ৰমে এগৰাকী শিল্পী, কিন্তু নীল পৱন বৰুৱা নহয়!
❧ | আৰু পঢ়ক:
- অনুৰ: চুটিগল্পৰ চিনেমেটিক ৰূপাঙ্কন
- পানীচকৰি: সৰু পৰিয়ালৰ আশা-প্ৰত্যাশাৰ সাৰ্থক উপস্থাপন
- বুলু ফিল্ম: চিনেমা চলিল, পইচা আহিল— খেলা খতম?
- অৰিবাম শ্যাম শর্মাৰ চিনেমা
- বণ্ড, জেমচ বণ্ড
- অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ বৰ্তমান আৰু ভৱিষ্যৎ
Follow Nilacharai on Facebook