যু দ্ধকেন্দ্ৰিক বা যুদ্ধৰ পটভূমিত নিৰ্মিত প্ৰায়বোৰ মুখ্য ধাৰাৰ চিনেমাতে, লাগে হিন্দীয়েই হওক বা দক্ষিণ ভাৰতীয় ভাষাৰে হওক,— যুদ্ধ বিষয়টো এক অতি ৰোমাণ্টিক কাৰবাৰ হিচাপে পৰিৱেশিত হয়। গান-নাচ, আবেগিক সংলাপ, ভৰপূৰ মেলোড্ৰামাৰে যুদ্ধ যেন এক উদ্যাপনৰ বিষয়! সাধাৰণতে তাৰ লগতে গাঁথি দিয়া থাকে মূল কাহিনীৰ বাবে অদৰকাৰী এটা প্ৰেমৰ উপ কাহিনী। হয়তো দেখনিয়াৰ নায়িকা এগৰাকীৰ সংস্থাপনৰ স্বাৰ্থতে তেনেকুৱা উপ কাহিনী এটাৰ প্ৰয়োজন হৈ পৰে।
যিকোনো কোণৰে পৰা যুদ্ধ এক ৰোমাণ্টিক বিষয় হ’ব পাৰেনে? গুলী-বোমা, গেছ-ধোঁৱা, টেংক-ট্ৰেন্স, তেজ-ঘাম-চিৎকাৰেৰে যুদ্ধ প্ৰকৃততে এক বীভৎস বিষয়। আটাইতকৈ অমানৱীয় এক বিষয়। তথাপিও যুদ্ধ হয়; বিশ্বযুদ্ধ হয়— প্ৰথম, দ্বিতীয়; জাৰ্মানী-ফ্ৰান্স, ইৰান-ইৰাক, ভাৰত-পাকিস্তান, ৰাছিয়া-ইউক্ৰেইন— যুদ্ধ চলি থাকে। যুদ্ধক ৰোমাণ্টিক বুলি চলোৱা প্ৰপাগেণ্ডা আৰু যুদ্ধৰ প্ৰকৃত বীভৎসতা আৰু তুলনাহীন ভয়াবহতাক উন্মোচন কৰা এখন চলচ্চিত্ৰই শেহতীয়াকৈ মুক্তি পাইছে নেটফ্লিক্স যোগে— ‘অল কোৱাইট অন দ্য ৱেষ্টাৰ্ন ফ্ৰণ্ট’ (All Quiet on the Western Front)। জাৰ্মান ভাষাত নিৰ্মিত চলচ্চিত্ৰখন ইংৰাজী আৰু হিন্দীকে ধৰি আন কেইবাটাও ভাষাৰ অডিঅ’ আৰু চাব টাইটেলেৰেও উপলব্ধ।
এৰিখ মাৰিয়া ৰেমাৰ্ক
জাৰ্মান ঔপন্যাসিক এৰিখ মাৰিয়া ৰেমাৰ্কৰ একে নামৰ উপন্যাসৰ (জাৰ্মান: Im Westen nichts Neues) আধাৰত চিনেমাখন নিৰ্মিত হৈছে। প্ৰথম বিশ্বযুদ্ধ (১৯১৪-১৮)ত সৈনিক হিচাপে নিজে যোগদান কৰাৰ অভিজ্ঞতাৰ ভেটিত ৰেমাৰ্কে উপন্যাসখন ৰচনা কৰিছিল। ১৯২৯ চনত প্ৰকাশ হৈ ওলোৱাৰ লগে লগেই উপন্যাসখনে চাঞ্চল্যৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল আৰু আমেৰিকা আৰু ইউৰোপৰ বহুকেইটা ভাষালৈ উপন্যাসখন প্ৰায় লগে লগেই অনূদিত হৈছিল। সুখৰ কথা, অসমীয়াকে ধৰি ভাৰতীয় আন বহু ভাষালৈ উপন্যাসখন ইতিমধ্যে অনূদিত হৈছে।
১৯৩০ চনত উপন্যাসখনৰ আধাৰত প্ৰথমখন চিনেমা হলিউডৰ পৰা নিৰ্মিত হৈছিল— ‘অল কোৱাইট অন দ্য ৱেষ্টাৰ্ন ফ্ৰণ্ট’ নামেৰেই। প্ৰায় তিনি বছৰ কাল যুদ্ধক্ষেত্ৰত থাকি স্বচক্ষে দেখা যুদ্ধৰ স্বৰূপ ৰেমাৰ্কৰ উপন্যাসখনত ফুটি ওলাইছে আৰু যুদ্ধৰ ৰোমাণ্টিকতাৰ প্ৰপাগেণ্ডাৰ বেলুনটো উপন্যাসখনৰ জৰিয়তে ৰেমাৰ্কেই ফুটাই দিবলৈ চেষ্টা কৰিছিল। সেই কাৰণতে পৰৱৰ্তী সময়ত জাৰ্মান নাজী বাহিনীয়ে ৰেমাৰ্কৰ উপন্যাসখন আৰু হলিউডৰ চিনেমাখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল আৰু তাৰ ফলস্বৰূপে কিতাপখন আৰু চিনেমাখন জাৰ্মানী আৰু দাঁতি কাষৰীয়া দুই-এখন দেশত নিষিদ্ধ ঘোষিত হৈছিল। অভিযোগ আছিল— উপন্যাসখন আৰু চিনেমাখনে যুদ্ধৰ প্ৰতি যুৱ চামক নিৰুৎসাহ কৰিব আৰু ইয়ে ৰাষ্ট্ৰবাদত ভাটা পেলাব! পৰৱৰ্তী সময়ত ৰেমাৰ্কক দেশভক্তিহীন বুলি ঘোষণা কৰা হৈছিল। নাজী উগ্ৰবাদীৰ পৰা প্ৰাণ বচাবলৈ ৰেমাৰ্কে আমেৰিকালৈ পলায়ন কৰিব লগা হৈছিল। পৰিহাসৰ বিষয়, ৰেমাৰ্কক নাপায় তেওঁৰ ভনীয়েকক বন্দী কৰা হৈছিল আৰু বিচাৰৰ নামত প্ৰহসন চলাই তেওঁৰ শিৰচ্ছেদ কৰা হৈছিল।
১৯৭৯ চনত উপন্যাসখনৰ আধাৰত আন এখন চিনেমাও হলিউডৰ পৰা নিৰ্মিত হৈছিল যদিও সেইখন চিনেমাই পূৰ্বৰ চিনেমাখনৰ দৰে জনপ্ৰিয়তা লাভ নকৰিলে। এইবাৰ (২০২২) পোন প্ৰথমবাৰৰ বাবে ৰেমাৰ্কৰ পিতৃভূমি জাৰ্মানীৰ পৰা জাৰ্মান ভাষাত উপন্যাসখনৰ আধাৰত এইখন চিনেমা নিৰ্মাণ হৈ ওলাইছে। নেটফিক্স প্ৰযোজিত, এডৱাৰ্ড বাৰ্জাৰ (Edward Berger) পৰিচালিত চিনেমাখনে মুক্তিৰ লগে লগেই আলোড়ন তুলিবলৈ সক্ষম হৈছে। চিনেমাখন উপন্যাসখনৰ এক সৃজনীমূলক অভিযোজনা বুলি প্ৰথম দৰ্শনতেই অনুভূত হয়। প্ৰথম পুৰুষত বৰ্ণনা কৰা উপন্যাসখনৰ কথক পল বৌমাৰ নামৰ চৰিত্ৰটোক অনুসৰণ কৰিয়েই চিনেমাখনো আগবাঢ়ি গৈছে।
তাৰুণ্যৰ তেজেৰে তগবগাই থকা, কুৰিৰ দেওনা অতিক্ৰম নকৰা এদল যুৱক বিদ্যালয়ৰ শিক্ষকৰ উদ্দীপক আৰু প্ৰৰোচক ভাষণত অনুপ্ৰাণিত হৈ স্বেচ্ছামূলকভাৱে সৈন্য বাহিনীত যোগ দি যুদ্ধক্ষেত্ৰলৈ যায়। প্ৰথম বিশ্বযুদ্ধত জাৰ্মানীয়ে দুটা সীমাত যুদ্ধ কৰিবলগা হৈছিল। পূব সীমান্তত আছিল ৰাছিয়া আৰু পশ্চিম সীমান্তত ফ্ৰান্স। পশ্চিম সীমান্তত ফৰাছী আৰু ইংৰাজ বাহিনীয়ে জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধ কৰি আছিল। পল বৌমাৰ (ফেলিক্স কামেৰাৰ অভিনীত) আৰু তেওঁৰ সহপাঠীৰ দলটোক পশ্চিম সীমান্তলৈ পঠোৱা হৈছিল। যুদ্ধক্ষেত্ৰত ভৰি থোৱাৰ প্ৰায় লগে লগেই উৎসাহত তগবগাই থকা দলটোৰ উৎসাহত ভাটা পৰিবলৈ আৰম্ভ কৰিছিল। যুদ্ধৰ ভয়াবহতা, নৃশংসতা, হৃদয়হীনতাই তেওঁলোকৰ যুদ্ধ সংক্ৰান্তীয় ৰোমাণ্টিক ভাবাৱেগ থানবান কৰি দিছিল। তেওঁলোকৰ প্লাটুনটোৰ এজন এজনকৈ সৈন্য মৃত্যুৰ মুখত পৰিবলৈ ধৰিলে, বহুতো ঘূণীয়া হ’ল, অনেকে মানসিক ভাৰসাম্য হেৰুৱালে। মিত্ৰশক্তি (ফ্ৰান্স, বৃটেইন, ৰাছিয়া আৰু অন্যান্য দেশ)ৰ আধুনিক অস্ত্ৰ-শস্ত্ৰ, টেংকৰ সন্মুখত অক্ষশক্তি (জাৰ্মানী, অষ্ট্ৰিয়া-হাংগেৰী, বুলগেৰিয়া আৰু অন্যান্য দেশ)ৰ সেই পশ্চিম সীমান্তত যুদ্ধৰত আওপুৰণি অস্ত্ৰ-শস্ত্ৰ আৰু সু ব্যৱস্থাৰ অভাৱী বাহিনীটো প্ৰায় নিশ্ছিন্ন হোৱাৰ উপক্ৰম হ’ল।
অল কোৱাইট অন দ্য ৱেষ্টাৰ্ন ফ্ৰণ্ট
যুদ্ধত নিজৰ ধন-জনৰ অগণিত ক্ষয়-খতি দেখি জাৰ্মানীৰ এজন ৰাজনীতিবিদ মেথিয়াছ এৰ্জবাৰ্গাৰে যুদ্ধবিৰতিৰ বাবে চেষ্টা কৰি আছিল। অনেক চেষ্টা-চৰিত্ৰৰ পাছত তেওঁ ফ্ৰান্সৰ সৈতে প্ৰায় অপমানজনক চৰ্তৰে যুদ্ধবিৰতিৰ চুক্তি কৰিবলৈ সক্ষম হয়। ১১ নৱেম্বৰৰ ৰাতিপুৱা ৫ বজাত চহী কৰা সেই চুক্তি অনুযায়ী ৬ ঘণ্টাৰ পাছত অৰ্থাৎ পুৱা ১১ বজাৰ পৰা সেই চুক্তি আনুষ্ঠানিকভাৱে প্ৰয়োগ হ’ব। অৱশিষ্ট সৈন্যসকল সেই খবৰ পাই আনন্দিত হ’ল। পিছে যুদ্ধলোভী, যুদ্ধৰ সাফল্যৰে নিজৰ সাফল্য জোখা সৈন্য বাহিনীৰ এক জ্যেষ্ঠ বিষয়া সেই চুক্তিত সুখী নহ’ল। তেওঁ ১১ বজাৰ আগতেই এক অন্তিম মোক্ষম আঘাত হানি অন্ততঃ সেই আক্ৰমণত নিজৰ বিজয় নিশ্চিত কৰাৰ পৰিকল্পনা কৰিলে। তেওঁ সৈন্যসকলক আক্ৰমণৰ বাবে আদেশ জাৰি কৰিলে। আক্ৰমণৰ বাবে বা পুনৰ যুদ্ধৰ বাবে অনিচ্ছুক সৈন্যসকলক লগে লগেই গুলীয়াই হত্যা কৰা হ’ল।
বাকীবিলাক সৈন্যই যুদ্ধ বিৰতি প্ৰয়োগ হ’বলৈ ১৫ মিনিট বাকী থাকোঁতে শিথিল হৈ থকা ফ্ৰান্সৰ সেনাৰ ট্ৰেন্সত আক্ৰমণ চলালে। দুয়োপক্ষৰ অনেক হতাহত হ’ল। জাৰ্মান সৈন্যৰ দলটো প্ৰায় উছন হ’ল আৰু কাহিনীয়ে অনুসৰণ কৰা পল বৌমাৰৰো ১১ বাজিবলৈ মাথোন ২ মিনিটমান বাকী থাকোঁতে বেয়নেটৰ খোঁচত তাতেই কৰুণ মৃত্যু হ’ল! পল বৌমাৰৰ মৃত্যুৰ পাছত, চিনেমাখনৰ অন্তিম দৃশ্যত প্ৰায় স্থিৰ চিত্ৰৰ দৰেই লং শ্বটত দেখুওৱা হ’ল নিঃসাৰ এক লেণ্ডস্কেপ— নিস্তব্ধ পশ্চিম সীমান্ত, ঠিক যিটো দৃশ্যৰেই চিনেমাখন আৰম্ভও হৈছিল— যেন এটা বৃত্ত সম্পূৰ্ণ হ’ল,— মানুহৰ ইতিহাসত আৰু এটা নৃশংস বৃত্ত আঁকিবলৈ এটা বৃত্তৰ আৰ্হি সম্পূৰ্ণ হ’ল! চিনেমাখনে পোনপটীয়াকৈ কৈ নিদিলেও হয়তো হিটলাৰৰ হাত ধৰি দ্বিতীয় বিশ্বযুদ্ধ (১৯৩৯-৪৫)ৰ সম্ভাব্য বৃত্তৰ কথাই সেই দৃশ্যই আঁকি দিব বিচাৰিছে। দৃশ্যটোৱে চিনেমাখনৰ প্ৰথমৰ ফালৰ আন এটা বৃত্ত— ৰিচাইক্লিঙৰ দৃশ্যলৈও মনত পেলায়, য’ত যুদ্ধভূমিৰ মৃত সৈনিকৰ গাৰ ইউনিফৰ্ম, জোতা খুলি আনি ধুই-মেলি, ফটা-ছিটা বাতি নতুনকৈ ভৰ্তি হোৱা সৈনিকক পিন্ধিবলৈ দিয়া হয়,— হয়তো যুদ্ধভূমিত তেওঁলোকৰ মৃত্যুৰ পাছত সেইবোৰ আকৌ ৰিচাইক্লিং কৰা হ’ব আকৌ এটা বৃত্তৰ বাবে!
কাল্পনিক হ’লেও ইতিহাসক ভেটি কৰি আগবঢ়া চিনেমাখনত (উপন্যাসখনত নথকা দুটামান আচল চৰিত্ৰ, উদাহৰণ স্বৰূপে— মেথিয়াছ এৰ্জবাৰ্গাৰ আৰু ফৰাছী পক্ষৰ নেতা জেনেৰেল ফাৰ্ডিনান্দ ফছ, চিনেমাখনত অন্তৰ্ভুক্ত কৰা হৈছে) ইতিহাসক প্ৰকৃত ৰূপতে ৰাখিবলৈ নিৰ্মাতাসকলৰ চিৰিয়াছ চিন্তা-চৰ্চা, গৱেষণা, নিৰ্মাণ-কুশলতাৰ প্ৰমাণ আদ্যোপান্ত দেখা যায়। প্ৰথম বিশ্বযুদ্ধৰ ধৰণ-কৰণ, অস্ত্ৰ-শস্ত্ৰ, কৌশল, সাজ-পোছাক আদি প্ৰায় সকলোবোৰ বিষয়েই বিশ্বাসযোগ্য ৰূপত চিনেমাখনত পৰিস্ফূট হৈছে।
যুদ্ধৰ ভয়াবহতা, সৈনিকৰ দুৰ্দশা, সাধাৰণ মানুহৰ অসহায়তাক কলাত্মক ৰূপত তুলি ধৰিবলৈ যাওঁতে যি ধৰণৰ নান্দনিক আৰু কাৰিকৰী নিপুণতাৰ প্ৰয়োজন হ’ব পাৰে, এই চিনেমাখনৰ প্ৰায় প্ৰত্যেকটো বিভাগ— অভিনয়, পৰিচালনা, চিনেমেটোগ্ৰাফী (জেমছ ফ্ৰেইণ্ড), সম্পাদনা (স্বেন বাডলমেন), চাউণ্ড ডিজাইন (মাৰ্কাছ ষ্টেমলাৰ), সংগীত (ভলকাৰ বাৰ্টলমেন)ত— সেয়া উপলব্ধি কৰা যায়। এই কথা সহজেই ধাৰণা কৰিব পাৰি যে এনে ধৰণৰ চিনেমা এখনত পাৰিপাৰ্শ্বিক শব্দ আৰু সংগীতৰ ভূমিকা বিশেষ গুৰুত্বৰ বিষয়। চিনেমাখনত এই দুয়োটা বিষয়েই সফলতাৰে পৰিৱেশিত হৈছে। আৰম্ভণিৰ পৰা ৬ মিনিটমানৰ পাছত আৰম্ভ হোৱা আৰু যথেষ্ট বিৰতি লৈ পৰিৱেশিত হোৱা এক ধৰণৰ ফাটি যোৱা (distorted) সংগীতে যেন চিনেমাখনৰ মূল সুৰটোকে কঢ়িয়াইছে। হৃদয়ৰ এক বিশাল শূন্য খাদৰ পৰা যেন উঠি আহিছে সেই শব্দ— সেই হাহাকাৰৰ সংগীত!
অল কোৱাইট অন দ্য ৱেষ্টাৰ্ন ফ্ৰণ্ট
ক্ষমতাসীন শাসকৰ ক্ষমতা আৰু সাম্ৰাজ্য বিস্তাৰৰ নিৰন্তৰ লোভ, অদম্য উচ্চাকাংক্ষা আৰু স্বেচ্ছাচাৰী ৰাষ্ট্ৰনায়কৰ মেগলোমেনিয়াক চৰিত্ৰই যুগে যুগেই নাগৰিক আৰু সৈনিক ৰূপী সাধাৰণ মানুহক মৃত্যুৰ মুখলৈ ঠেলি পঠিয়াই আহিছে। পুৰণি কালত সেয়া যুদ্ধ, কৰ-কাটল আৰু শাৰীৰিক বল প্ৰয়োগেৰে; এতিয়াৰ কালত সেই ব্যৱস্থাপনাৰ দহখন মুখ, অনেক প্ৰকাৰৰ হাথিয়াৰ। আধুনিক কালত তেনেকুৱা একো একোখন মুখ— একনায়কত্ব, ফেচিজিমৰ খাদক দাঁত সাধাৰণতেই ৰাষ্ট্ৰবাদৰ মুখাৰ আঁৰত লুকাই থাকে— ঠিক জাৰ্মানীৰ হিটলাৰৰ ৰাষ্ট্ৰবাদৰ দৰেই। এতিয়াও দেশে দেশে তেনে ৰাষ্ট্ৰবাদৰ অনুশীলন চলিব লাগিছে। ৰাষ্ট্ৰক প্ৰশ্ন কৰা সংবাদ মাধ্যমৰ টেঁটু চেপি ধৰা হৈছে, চৰকাৰক সমালোচনা কৰা গ্ৰন্থ-চিনেমা-শিল্পকলাক নিষিদ্ধ কৰা হৈছে, ছচিয়েল মিডিয়াত সমালোচক-কণ্ঠক সন্মিলিত ট্ৰলৰে ঘেৰি ধৰা হৈছে।
মূলতঃ নিজস্ব স্বাৰ্থ সিদ্ধিৰ বাবে মানুহক মানুহৰ শত্ৰু হিচাপে থিয় কৰাই দিয়া হৈছে— ঠিক ‘অল কোৱাইট অন দ্য ৱেষ্টাৰ্ন ফ্ৰণ্ট’ উপন্যাসখনৰ এটা দৃশ্যৰ দৰে (দৃশ্যটো চিনেমাখনতো আছে)। যুদ্ধ চলি থকা এটা মুহূৰ্তত পল বৌমাৰ এটা খাৱৈত অকলশৰীয়া হৈ পৰি আছে, বিপক্ষৰ গুলী-বোমাৰ ভয়ত ওলাই যোৱাৰ সাহস গোটাব পৰা নাই। এটা মুহূৰ্তত শত্ৰু পক্ষৰ এজন সৈন্যও সেই খাৱৈটোত পৰে, লগে লগে পল বৌমাৰে এক নৃশংস অসুৰৰ দৰে সৈন্যজনৰ বুকুত জপিয়াই পৰি উপৰ্যুপৰি চুৰিকাঘাত কৰি যায়। প্ৰতিৰোধ কৰিবলৈ সুযোগ নোপোৱা ফৰাছী সৈন্যজন অতি কৰুণভাৱে তিলে তিলে মৃত্যুৰ মুখলৈ আগবাঢ়ি গৈ থাকে। এটা মুহূৰ্তত পল বৌমাৰৰ সম্বিৎ ঘূৰি আহে আৰু তেওঁ অনুশোচনাত দগ্ধ হয়। মৃত্যুমুখী আৰু তাৰ পাছত মৃত সৈন্যজনৰ ওচৰত ক্ষমা বিচাৰি এটা মুহূৰ্তত পল বৌমাৰে কয়— মোক ক্ষমা কৰিবা কমৰেড, তুমি মোৰ শত্ৰু নোহোৱা। এই ৰাইফল আৰু ইউনিফৰ্মবোৰ দলিয়াই পেলালে আমি ভাই-ককাইয়েই হ’ম। (Forgive me, comrade, how could you be my enemy? If we threw away these rifles and this uniform you could be my brother…)
ৰাজনৈতিক শক্তিৰ প্ৰৰোচনাত মানুহ এতিয়াও মানুহৰ শত্ৰু হৈ উঠাৰ নিদাৰুণ পটভূমিয়ে প্ৰায় শতিকা পুৰণি উপন্যাস এখনৰ চলচ্চিত্ৰ অভিযোজনাৰ প্ৰাসংগিকতাক উপলব্ধি কৰায়, ন্যায্যতা দিয়ায়। প্ৰথম বিশ্বযুদ্ধ আৰু দ্বিতীয় বিশ্বযুদ্ধত প্ৰায় এশ নিযুত মানুহৰ মৃত্যু আৰু সীমাহীন ক্ষতি-খুনৰ পাছতো দুৰ্ভাগ্যজনকভাৱে প্ৰশ্ন উঠি থাকে— কেতিয়ালৈকে পুনৰাবৃত্তি হৈ থাকিব পশ্চিম সীমান্তৰ বধ্যভূমিৰ গা চমচমোৱা নৈশব্দৰ?
❧ | আৰু পঢ়ক:
- বুলু ফিল্ম: চিনেমা চলিল, পইচা আহিল— খেলা খতম?
- সামাজিক ব্যংগ ‘ট্ৰায়েংগল অৱ চেডনেছ’লৈ কাঁ চলচ্চিত্ৰ উৎসৱৰ সর্বোচ্চ সন্মান
- বণ্ড, জেমচ বণ্ড
- অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ বৰ্তমান আৰু ভৱিষ্যৎ
- মিয়াজাকিৰ স্পিৰিটেড এৱেৰ সঁচা চৰিত্ৰবোৰ
Follow Nilacharai on Facebook