নি গনি এটা বৰ জোৰেৰে দৌৰি আহিছে। পিছে পিছে এটা বোন্দা মেকুৰী। দুৱাৰখন পাৰ হৈয়েইচোন নিগনিটো বেৰৰ দাঁতিত ৰৈ গ’ল। আৰে, কি কাৰবাৰ! মেকুৰীটো দুৱাৰেদি পাৰ হ’বলৈ ধৰোঁতেই নিগনিটোৱে দিলে লেং মাৰি আৰু বপুৰা হামখুৰি খাই পৰিলগৈ।…
এয়া হৈছে আমি সচৰাচৰ টেলিভিছনৰ পৰ্দাত দেখি থকা টম আৰু জেৰী (Tom & Jerry)ৰ চিনাকি ছবি। এনেকৈয়ে কাৰ্টুন বা এনিমেছন চিনেমাসমূহে শিশুৰ লগতে প্ৰাপ্তবয়স্ক দৰ্শককো সততে আমোদ দিয়ে। বৰ্তমান ত্ৰিমাত্ৰিক বা থ্ৰী ডি (3D) এনিমেছনে নৱম দশকৰ জনপ্ৰিয় দ্বিমাত্ৰিক এনিমেছনসমূহৰ ঠাই লৈছে। তথাপি দ্বিমাত্ৰিক এনিমেছনৰ আদৰ এতিয়াও কমা নাই।
জাপানী শৈলীৰ কমিকছ অৰ্থাৎ ‘মংগা’ৰ জগতত হায়ায়’ মিয়াজাকি (Hayao Miyazaki) এটা বহুল পৰিচিত নাম। লগতে তেওঁ এগৰাকী মংগা শৈলীৰ এনিমেছন চলচ্চিত্ৰৰ লেখক, পৰিচালক আৰু প্ৰযোজক। যুদ্ধৰ বিভীষিকা, ধনতান্ত্ৰিক সমাজ ব্যৱস্থা, গোলকীকৰণ আৰু আধুনিক জীৱনযাত্ৰাত এইসমূহৰ প্ৰভাৱক বিষয়বস্তু হিচাপে লৈ নিৰ্মাণ কৰা এই এনিমেছন চলচ্চিত্ৰসমূহৰ বাবে তেওঁ আন্তৰ্জাতিক মহলতো সমাদৃত।
মিয়াজাকিৰ স্পিৰিটেড এৱে (Spirited Away) নামৰ চলচ্চিত্ৰখনে [আই এম ডি বি ৰেটিং: ৮.৬ (১৭.১১.২০১৭)] এনিমেছন কথাছবি শিতানত ২০০১ চনৰ অস্কাৰ বঁটা লাভ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁৰ হাওলছ মুভিং কেচল (Howl’s Moving Castle) আৰু দ্য ৱিণ্ড ৰাইজেছ (The Wind Rises) নামৰ চলচ্চিত্ৰকেইখনে অস্কাৰৰ মনোনয়ন লাভ কৰিছিল।
এতিয়া আহোঁ স্পিৰিটেড এৱেৰ কথালৈ। স্পিৰিটেড এৱে ২০০১ চনৰে এখন মংগা শৈলীৰ দ্বিমাত্ৰিক এনিমেছন চলচ্চিত্ৰ। আজিৰ পৰা প্ৰায় চাৰি বছৰৰ আগেয়ে (২০১৩) এই কথাছবিখন প্ৰথমবাৰলৈ চোৱাৰ সুযোগ লাভ কৰিছিলো। ইয়াৰ কাহিনীভাগ ফেণ্টাচী আৰু জাপানী লোককথাৰ সংমিশ্ৰণ। এজনী ১০ বছৰীয়া ছোৱালী চিহিৰ’ ঘটনাৰ পাকচক্ৰত পৰি এক পৰলৌকিক জগতত (কামিকাকুশ্বি, অৰ্থাৎ ভগৱানে লুকুৱাই ৰখা) বন্দী হৈ পৰে। চিহিৰ’ৰ মাক-দেউতাক দুয়ো স্পিৰিট বা আত্মাসমূহলৈ সজাই ৰখা খাদ্য অনুমতি অবিহনে খোৱাৰ ফলত অবোধ গাহৰিলৈ ৰূপান্তৰিত হয়। সেই ঠাইৰ গৰাকী য়ুবাবা নামৰ যাদুকৰ এজনীয়ে চিহিৰ’ক নিজৰ ৰাজহুৱা স্নানাগাৰত (bath house) কৰ্ম সংস্থাপন দি ৰাখে। সেই স্নানাগাৰটোলৈ জগতৰ বিভিন্ন আত্মাবোৰ পৰিষ্কাৰ হ’বলৈ আহে। স্নানাগাৰত কাম কৰাৰ সময়ছোৱাত কণমানি চিহিৰ’ই বহু কথা শিকে আৰু ক্ৰমান্বয়ে এজনী বুজন ছোৱালীলৈ পৰিৱৰ্তিত হয়। পাছলৈ অন্যান্য বন্ধু আৰু য়ুবাবাৰ যমজ ভগ্নী যাদুকৰ জেনিবাৰ সহায়ত চিহিৰ’ই নিজৰ লগতে পিতৃ-মাতৃকো সেই ঠাইৰ পৰা উদ্ধাৰ কৰি নিবলৈ সক্ষম হয়।
এই গোটেই চলচ্চিত্ৰখন বহুকেইটা প্ৰতীকাত্মক উপাদানেৰে ৰচনা কৰা হৈছে। চিহিৰ’ৰ মাক-দেউতাক সমাজৰ ভোগবাদী শ্ৰেণীৰ প্ৰতিনিধি। তেওঁলোক ভোগবাদী কায়দাত এনেদৰে অভ্যস্ত যে ক্ৰেডিট কাৰ্ডেৰে বিল পৰিশোধ কৰাৰ সুবিধা থকাৰ সুবাদতে অচিনাকি ঠাই এখনৰ গৰাকীবিহীন বিপনীৰ আহাৰ অনুমতি অবিহনেই গোগ্ৰাসে শেষ কৰিবলৈয়ো কুণ্ঠাবোধ কৰা নাই। সামাজিক ব্যৱস্থাই তেওঁলোকৰ মানৱীয় আচাৰ নিঃশেষ কৰিছে আৰু সেইবাবে দুয়ো গাহৰিলৈ ৰূপান্তৰিত হোৱাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে। অন্যহাতে কণমানি চিহিৰ’ক ভোগবাদে তেতিয়াও গ্ৰাস কৰিব পৰা নাই। বিবুধিত (confusion) পৰা চিহিৰ’ই ক্ৰমাৎ স্বচ্ছ অৱয়ব এটা পাইছে। অৰ্থাৎ চাৰিওফালে বিৰাজ কৰা কলুষতাৰ মাজত তাই হেৰাই যোৱাৰ উপক্ৰম হৈছে। পাছলৈ স্নানাগাৰত কাম কৰা অৱস্থাত চিহিৰ’ক অতিশয় সহানুভূতিশীল ৰূপত উপস্থাপন কৰা হৈছে। কুমলীয়া বয়সতে লাভ কৰা কঠিন অভিজ্ঞতাই চিহিৰ’ক ক্ৰমান্বয়ে প্ৰাপ্তবয়স্ক হিচাপে গঢ় দিছে। আনহাতে যাদুকৰ য়ুবাবাৰ কণমানি সন্তান ব’হেও বিশেষ তাৎপৰ্য বহন কৰিছে। ব’হক ৰূগীয়া বা নিশকতীয়া বুলি ঘৰৰ ভিতৰতে আটোলটোলকৈ ডাঙৰ কৰা হৈছে। ব’হে আনকি নিজে খোজ দিবও নাজানে। কিন্তু প্ৰকৃততে ব’হৰ অসুখৰ প্ৰকৃত কাৰণ হৈছে মুকলি প্ৰকৃতিৰ সংস্পৰ্শ নোপোৱাকৈ ঘৰৰ ভিতৰতে থাকি পোৱা আৰাম আৰু আদৰ। গতিকে ব’হ বৰ্তমান সমাজৰ ক্ৰীমি লেয়াৰটোৰ (creamy layer) ভিতৰুৱা চেমনীয়াচামৰ প্ৰতিনিধি।
মূল কাহিনীভাগত স্নানাগাৰলৈ অহা স্পিৰিট বা আত্মাসমূহৰ মাজত নদী এখনৰ ৰক্ষক আত্মাই (guardian spirit) বিশেষ ভূমিকা লৈছে। মানুহৰ আৱৰ্জনাৰ পৰা নদীখন ইমানেই প্ৰদূষিত হৈ পৰিছে যে নদীৰ আত্মায়ো আনকি কদৰ্য ৰূপ এটা লাভ কৰিছে। অন্য এটা আত্মা ন’ ফেচে (No Face) ভাল-বেয়াৰ বিচাৰ নকৰাকৈ অন্ধ-অনুকৰণ কৰোঁতা সমাজৰ ভাগটোক প্ৰতিনিধিত্ব কৰিছে। এনে অনুকৰণৰ বাবেই আত্মাটোৰ নিজস্ব বৈশিষ্ট্য নাই। সেয়ে ই নিজৰ চিকাৰটোৰ মাত-কথা আৰু ভাৱ-ভঙ্গীকে অনুকৰণ কৰে।
সামগ্ৰিকভাৱে এখন ফেণ্টাচী এনিমেছন চলচ্চিত্ৰ হিচাপে স্পিৰিটেড এৱে শিশু আৰু কিশোৰসকলৰ বাবে নিশ্চয়কৈ উপভোগ্য। কিন্তু চলচ্চিত্ৰখনৰ যোগেদি অতিশয় সংবেদনশীল ৰূপত উপস্থাপন কৰা আধুনিক জীৱনশৈলীৰ অন্ধকাৰ দিশটোৱে প্ৰাপ্তবয়স্কসকলৰো অন্তৰ চুই যায় আৰু ক্ষণিক মুহূৰ্তৰ বাবে হ’লেও ইয়াৰ সমাধানৰ বাবে চিন্তা তথা কাম কৰিবলৈ আমাক অনুপ্ৰেৰণা যোগায়। সেয়েহে মুক্তিৰ প্ৰায় ১৭ বছৰৰ পাছতো চলচ্চিত্ৰখন প্ৰাসংগিক হৈ আছে। আমাৰ ভাব হয় যে শিশু-কিশোৰহঁতৰ লগতে প্ৰত্যেকজন প্ৰাপ্তবয়স্ক লোকেও এবাৰ হ’লেও স্পিৰিটেড এৱে চোৱা উচিত।