অ সমৰ জনসংখ্যা ৩ কোটিতকৈ বেছি। ধৰি ল’লো, তাৰে ১ কোটি মানুহকহে অসমীয়া চিনেমা চোৱাব পাৰি। চিনেমাৰ টিকেটৰ দাম আজিকালি ৫০ টকা মানৰ পৰা ৪০০ মান টকাৰ ভিতৰত থাকে; গড়ে ১০০ টকা বুলিয়েই ধৰিলো বাৰু। এই এক কোটিৰ ৫%, মানে ৫ লাখ মানুহেও যদি চায় (অসমৰ মুঠ জনসংখ্যাৰ ২%তকৈয়ো কম) চিনেমা এখনৰ সংগ্ৰহ (কালেকচন্) ৫ কোটি টকা হ’ব।
ওজৰ উঠিব পাৰে যে মানুহে চালেইতো নহ’ব, চিনেমা হ’লো থাকিব লাগিব। ঠিক আছে, ৪০টা হল মিলাই ১২০টা শ্ব’ হ’লেও আৰু শ্ব’ৱে প্ৰতি গড়ে ১৫০ মান মানুহ হ’লেও দৈনিক ১৮ লাখমান (১২০x১৫০x১০০=১৮, ০০, ০০০) সংগ্ৰহ হ’ব লাগে। প্ৰথম তিনি দিন এই হিচাপত আৰু তাৰ পাছৰ চাৰি দিন ইয়াৰ আধাকৈ মানুহ হ’লেও সপ্তাহটোত ৯০ লাখ (১৮, ০০, ০০০x৩+৯, ০০, ০০০x৪) সংগ্ৰহ হয়। গড় হিচাপে নধৰিলে এই সংখ্যা আৰু ডাঙৰ হ’ব পাৰে। পাছৰ সপ্তাহবোৰৰ ব্যৱসায় আছেই। ‘মিছন ছাইনা’ৰ ক্ষেত্ৰত চিনেমা হল আৰু শ্ব’ৰ সংখ্যাটো অলপ ডাঙৰ, লগতে সদায় হাউছফুল হোৱা বাবে সংগ্ৰহৰ পৰিমাণো বহুত বেছি হৈছে। কিন্তু ইমান দিনে অসমত মাত্ৰ এখন চিনেমা ‘ৰামধেনু’য়েহে মুঠতে ১ কোটি টকাৰ ব্যৱসায় কৰিছে বুলি শুনা কথাটো ভাবি চাবলগীয়া। আনহাতেদি একেবোৰ চিনেমাৰ মানুহে কৰা ভ্ৰাম্যমাণৰ নাটকবোৰ ক’ৰবাত ক’ৰবাত ২-৩টা শ্ব’কেও হৈ আছে।
ৰাজ্যৰ মাত্ৰ ১% মানুহক চোৱাব পাৰিলেও চিনেমা এখনে য’ত ৩ কোটিৰ ব্যৱসায় কৰিব পাৰে, ত’ত ৩০-৪০ লাখ টকা খৰচ কৰি ঘূৰাই নোপোৱাৰ কাৰণবোৰ প্ৰযোজকসকলে ভাবি উলিয়াবৰ হ’ল।