পৃথিৱীৰ সৈতে তেওঁৰ সংলাপ অহৰহ
সহস্ৰ আঙুলিয়ে তেওঁক চিনে
মই চিনো মাত্ৰ এখন উকা চকীৰ ৰূপত
অচিনাকিৰ হাঁহিত তেওঁ হাঁহে,
মোৰ চকুলো
তেওঁৰ নোটিফিকেচনত নাহে
নোটিফিকেচন আহে
নোটিফিকেচন নোহোৱা হয়
তেওঁৰ হৃদয়ত সকলোৰে প্ৰৱেশ—
কেৱল আইৰ মাতহে বাকী থাকে
পেণ্ডিং পেণ্ডিং পেণ্ডিং
চিৰদিনলৈ পেণ্ডিং
নায়ং গচ্ছতি ন আগচ্ছতি—
আছে সৰ্বত্ৰ, তথাপি নাই
আৰু ‘আছে’ৰ ভিতৰতে মোৰ মৃত্যু
তেওঁৰ বাবে ডাইনিং টেবুলত
সাজি থোৱা ভাতসাঁজ
এটা পৰত সেৰেকা হয়
ৱাই-ফাই কেতিয়াও সেৰেকা নহয়—
আজি মই তেওঁৰ বাবে ডে’ড জ’ন
আৰু পঢ়ক
এজন মানুহ আৰু এখন দুৱাৰ
মমতাজ আনচাৰি

সোণাৰুৰ হাঁহি
সত্যজিৎ গগৈ

মোক আচলতে কি লাগে
আৰমান হাজৰিকা

স্বীকাৰোক্তি
হিৰেন কুমাৰ দেৱ শৰ্মা

দুটা কোৰিয়ান কবিতা
পল্লৱপ্ৰাণ গোস্বামী
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক
