সোণাৰুৰ হাঁহি

সোণাৰুৰ হাঁহি

গছজোপাই হালধীয়া জুইৰ চাদৰ পিন্ধিছে

ওলমি থকা থোপাথুপি সোণাৰুৰ ফুলবোৰ
যেন ডালত শুকুৱাই থোৱা আকাশৰ সপোন

চৰাই এটাই ঠোঁটত পোহৰ লৈ
ডাল সলনি কৰা মই দেখিছোঁ
আৰু এজাক মৌমাখিয়ে ফুলৰ পাহিত বহি
মিঠা ৰ’দ এজাক জমা কৰিছে

গছৰ তলৰ পথটোও সোণালী সপোনৰ দৰে
মানুহৰ খোজত ফুলৰ শব্দ সৰে
দুপৰীয়াৰ নিস্তব্ধতাত সোণাৰুৰ হালধীয়াই
নিজৰ ক্লান্তি পাহৰিবলৈ গোপনে নৃত্য কৰে

সন্ধিয়া নামিলেই এটা এটাকৈ হালধীয়া সপোন সৰে
আৰু পৃথিৱীয়ে কোলাত লৈ নীৰৱে শুই পৰে

আৰু পঢ়ক
সাৰে আছেনে আপুনি

সাৰে আছেনে আপুনি

অনিৰ্বাণ দত্ত

মোক আচলতে কি লাগে

মোক আচলতে কি লাগে

আৰমান হাজৰিকা

স্বীকাৰোক্তি

স্বীকাৰোক্তি

হিৰেন কুমাৰ দেৱ শৰ্মা

দূবৰি

দূবৰি

পল্লৱ কুমাৰ নাথ

জীৱন-স্বপ্ন

জীৱন-স্বপ্ন

পদ্মা গগৈ

সোণাৰুৰ হাঁহি | সত্যজিৎ গগৈ

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

আপুনি হয়তো ভাল পাব: