নাও আৰু যাত্ৰী
মূল: Han Yong’un (1879–1944)
ইংৰাজী অনুবাদ: Sammy Solberg
✽
মই নাও
তুমি যাত্ৰী।
তুমি লেতেৰা ভৰিৰে মোৰ ওপৰত উঠা,
মই তোমাক সাবটি লওঁ আৰু পানী পাৰ হওঁ।
মই তোমাক আঁকোৱালি ল’লেই
পানী গভীৰ হওক, অগভীৰ কিম্বা খৰস্ৰোতা—
মই পাৰ হ’ব পাৰোঁ।
তুমি নাহিলে মই অন্ধকাৰৰ পৰা ঊষালৈ অপেক্ষা কৰোঁ,
ঠাণ্ডা বতাহ আওকাণ কৰোঁ, তুষাৰপাত আৰু বৰষুণ অৱজ্ঞা কৰোঁ;
পানী পাৰ হ’লেই তুমি মোলৈ এবাৰো নোচোৱাকৈ আগবাঢ়ি যোৱা।
কোনো কথা নাই, মই জানো— সোনকালেই বা পলমকৈয়ে হওক, তুমি আহিবা
তোমাৰ বাবে অপেক্ষা কৰোঁতে কৰোঁতে মই ক্ৰমে বৃদ্ধ হৈ যাওঁ।
মই নাও
তুমি যাত্ৰী।
_
গোলাপ আৰু কাঁইট
মূল: Kim Sunghui (1952–)
ইংৰাজী অনুবাদ: Brother Anthony of Taizé
✽
মোৰ দুখন অন্ধ হাতেৰে
মই জীৱনক স্পৰ্শ কৰিলোঁ—
এক গুচ্ছ কাঁইট।
জীৱন ইমান কাঁইটীয়া বুলি অনুভৱ কৰি
মই হাঁহিলো।
যিহেতু ইমান কাঁইট আছে, মই ভাবিলো—
তেনেহ’লে অচিৰেই গোলাপ ফুলিব।
গোলাপ ফুলিলেও
কাঁইটৰ যন্ত্ৰণা মই পাহৰোঁৱেই বা কেনেকৈ?
গোলাপবোৰ ফুলিলেও
মই কিয় কাঁইটবোৰৰ যন্ত্ৰণা পাহৰিব নোৱাৰোঁ?
মোৰ দুখন অন্ধ হাতেৰে
মই জীৱনক আদৰ কৰিলো
কাঁইটৰ সীমান্তত মই
গোলাপ আশা কৰিলো।
ইমানবোৰ কাঁইট লাগি আছিল,
তথাপি
মই এপাহিও গোলাপ বিচাৰি নাপালো।
তেনেহ’লে এতিয়া কওকচোন,
জীৱন কাঁইটীয়া গোলাপ নে গুলপীয়া কাঁইট?
ই গোলাপৰ কাঁইট নে
গোলাপ আৰু কাঁইট?
এজন খেতিয়ক পিতৃয়ে পুত্ৰক দিয়া কেইটামান সূত্ৰ
প্ৰকল্প ৰঞ্জন ভাগৱতী
- পোহৰৰ কিচকিচীয়া ক’লা ঘৰ
- কে সচ্চিদানন্দনৰ কবিতা: দেহ, ৰাষ্ট্ৰ
- সুতপা চক্ৰবৰ্তীৰ কবিতা: ব’লা ভ্ৰমৰ, দেশান্তৰী হওঁ
- আগমন পোহৰৰ
- গালিবৰ কবিতা: কিছু অতিৰঞ্জন
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক
