জীৱন-জুয়ে পুৰি এঙাৰ কৰা মোৰ দেহা
সময়ৰ কঠিন পৰীক্ষাৰ মুখামুখি হোৱা
মোৰ পেচা
মোৰ সত্য অন্বেষণৰ যাত্ৰা চিৰকালৰ।

বহু পৰিৱৰ্তন-বিৱৰ্তনৰ সাক্ষী মই
উদিত সূৰ্যৰ আভা প্ৰিয় মোৰ
এন্ধাৰতো পোহৰৰ সপোন ৰচোঁ
আকুল আকাশে দিয়ে ৰভা।

মোৰ তেজেৰে গঢ় লৈ উঠে নৈ
বৈ যায় প্ৰেমৰ অলকানন্দা হৈ
হাতৰ তলুৱা কঠিন, ছিঁৰাল ফটা গোৰোহা
শব্দৰ শস্য মোৰ ভাল লাগে
জন্ম হয় কবিতা।

কপালত অঁকা যায় সময়ৰ ৰেখা
এই যাত্ৰা ক্লান্তিবিহীন
এই যুদ্ধ সন্ধিবিহীন
এমুঠি ভালপোৱাৰ বাবে,
ৰক্তপাতহীন একাঁজলি সময়ৰ বাবে।

কবিতা, তুমি আহিবা
তুমি সমাজ সলাবা নে নকৈ গঢ়িবা,
মই নাজানো,
কিন্তু তোমাৰ আগমনত
মোৰ অশান্ত মন শান্ত হ’ব খোজে
দক্ষিণৰ বতাহে আশা আনে
বিগলিত হৃদয় বৰ্ণিল হ’ব খোজে।

আৰু পঢ়িব পাৰে
দুটা কোৰিয়ান কবিতা

দুটা কোৰিয়ান কবিতা

পল্লৱপ্ৰাণ গোস্বামী

স্বীকাৰোক্তি | হিৰেন কুমাৰ দেৱ শৰ্মা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

আপুনি হয়তো ভাল পাব:

জীয়া প্ৰেমৰ জীয়া ধল

জীয়া প্ৰেমৰ জীয়া ধল

কবিলৈ

কবিলৈ

আইনা

আইনা