নৈখনিৰ জীৱন আছিল

নৈখনিৰ জীৱন আছিল
  • 11 May, 2023

নৈখনিৰ জীৱন আছিল,
স্ৰোতস্বিনী,— যেন উন্মাদ আছিল
উন্মনা গাভৰুৰ নিচিনা চঞ্চলা আছিল
মোৰ প্ৰাণৰ সখী
আৰু আনন্দ আছিল।

লাহে লাহে নৈখনি শুকাই গ’ল
তলিৰ শিলবোৰো দেখা হ’ল
পাহাৰীয়া নৈখনিৰ যৌৱন অকালতে হেৰাই গ’ল
স্বন্দহীন আৰু লয়হীন এটি গীত হৈ
মাথোঁ পৰি ৰ’ল।

নতুন ডেকা-গাভৰুৱে নৈখনিৰ পাৰতেই
বনভোজৰ আয়োজন কৰে,
নিৰানন্দ নৈখনিৰ পাৰত আনন্দৰ জোৱাৰ উঠে
আৰু হতাশাই আমাৰ আকাশ আবৰি ধৰে
সভ্যতাৰ বিলুপ্তিৰ আগমন নেকি—
মনত বাৰে বাৰে প্ৰশ্ন জাগে।

নৈখনিয়ে মানুহক বহু দিলে
জীৱন দিলে, জীৱিকা দিলে, সভ্যতা দিলে

মানুহক আৰু বহু লাগে—
নৈখনিয়ে বিমুখ নকৰিলে
প্ৰতিবাদো নকৰিলে

কিন্ত
পাহাৰীয়া নৈখনিৰ যৌৱন অকালতে হেৰাই গ’ল
স্বন্দহীন আৰু লয়হীন
এটি মৃত সংগীত হৈ
পৰি ৰ’ল।

❧ | অধিক কবিতা:

নৈখনিৰ জীৱন আছিল | হিৰেন কুমাৰ দেৱ শৰ্মা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক