মেঘমুক্ত আকাশখনলৈ চালো
ঠিকেইতো মূৰৰ ওপৰতে আছে বেলি
শেৱালি কেতিয়া ফুলে কৈ দিব নোৱাৰি
নিয়ৰ কেতিয়া সৰে কৈ দিব নোৱাৰি
বেলি খেদি খেদি কিমান দিন এনেকুৱা সময়
পাৰ কৰি দিলো
চোতাল ভৰি সৰি থাকে শেৱালি
আকাশ ডাৱৰে ছানি ধৰে, ছানি ধৰে কয়লাৰ ধোঁৱাৰে
শৰৎ আহিল নে গুচি গ’ল
ওখতকৈয়ো ওখ এখন আকাশত উৰি থকা চৰাই এজনীৰ দৰে
লেৰেলি পৰা শেৱালি এপাহৰ দৰে
জুই হেন তাপ কঢ়িয়াই কোনে বাৰু আঁকে
কঁহুৱা
লাৱনী হাতেৰে।
❧ | অধিক কবিতা:
এই লেখকৰ সকলো লেখা চাওক →HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক
পাঠকৰ মন্তব্য (0)
সদস্যৰ বিশেষ আলোচনা
এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।
মন্তব্যসমূহ লোড হৈ আছে...