মূৰত আশীকুৰা জুই
আৰু বুকুত নব্বৈটা গুলী
চোতাল চুবুৰিত একাঁঠু চকুপানী
শিশুৰ অনাথ ক্ৰন্দন
পিৰালিত নিয়ৰসিক্ত খৰিকাজাঁই
বাঁহনিত কেঁচা ধোঁৱাৰ থুনপাক
পথাৰত পৰুৱাই পোৱা পিতাই
অকোৱা-পকোৱা পথত শৈশৱ-যুৱা
পকেটত নতুন শতিকাৰ পচা হাড়
সূত্ৰহীন স্বপ্নৰ ৰং-বিৰং চিলা চকুত
নাঙঠ শিমলুৰ শিৰত ফুলৰ শোভা
কোনটো ভূঁইকঁপে কঁপাই গৈছিল গাঁওবোৰ
কোনকুৰা জুইয়ে দহিছিল কপাহী হৃদয়বোৰ
শনাহী শতৰুৱে শাল মৰা উৎসৱত
পকা নাই পকা নাই কথাৰ কঁঠাল
নৈবোৰ লাঙে-পাতে শুই পৰিল
তলমূৰকৈ ৰ’ল পাহাৰবোৰ
ইখনৰ পিছত সিখন অৰণ্যত
কমাৰ-ভাতীৰ জুই জ্বলিল
কাৰ চিঞৰত নিনাদিত নিমাত নগৰ—
নিমাওমাও আকাশ
বোকাত পোত যোৱা কদৰ্য কাৰেং
উৎকট প্ৰশস্তি গান নাচ নৈশভোজ
লেটি লৈ মৰি যাব পৰা নাই তই
ভেটি লৈ মৰি যাব পৰা নাই মই
সাৰেংগীৰ সুৰত হাতত সাৰে ভৰিত সাৰে
মোৰ দেশ
সাৰে আছেনে আপুনি?
❦ | অধিক কবিতা:
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক