বৃটিছৰ শাসন কালতে, ১৯১৩ চনত ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰথমগৰাকী নোবেল বঁটা বিজয়ী ভাৰতীয় হোৱাৰ গৌৰৱ অৰ্জন কৰিছিল যদিও ভাৰতৰ সৈতে নোবেল বঁটাৰ সম্পৰ্ক তাতোকৈয়ো এঘাৰ বছৰৰ পুৰণি, কিয়নো ১৯০২ চনতে নোবেল বঁটা লাভ কৰা প্ৰথম বৃটিছ নাগৰিক ছাৰ ৰণাল্ড ৰছ (Ronald Ross)ৰ জন্ম আৰু কৰ্মভূমি আছিল ভাৰত, লগতে অসমো আছিল তেওঁক নোবেল বঁটাৰ যোগ্য কৰি তোলা গৱেষণাৰ থলী। ছাৰ ৰছ বৃত্তিত এজন চিকিৎসক হোৱাৰ লগতে গণিত, সাহিত্য আদি একাধিক ক্ষেত্ৰত তেওঁৰ ব্যুৎপত্তি আছিল। চিকিৎসা শাস্ত্ৰৰ নোবেল বঁটা তেওঁক প্ৰদান কৰা হৈছিল মেলেৰিয়া ৰোগ নিৰাময়ৰ বাবে আগবঢ়োৱা এক যুগান্তকাৰী অৱদানৰ বাবে। সেয়ে আমি ক’ব পাৰোঁ যে বিংশ শতিকাৰ প্ৰাকক্ষণতে দুগৰাকী নোবেল বঁটা বিজয়ীৰ ক্ষেত্ৰত ভাৰতৰ অৱদান সুস্পষ্ট। নোবেল বঁটা বিজয়ী ছাৰ ৰছ ১৮৯৮ চনত ক’লাজ্বৰ মহামাৰীয়ে দেখা দিয়াৰ সময়ত অসমলৈয়ো আহিছিল আৰু অসমো হৈ পৰছীল তেওঁৰ নোবেল বঁটা অৰ্জন কৰিব পৰা গৱেষণাৰ এক পটভূমি। ডাঃ ৰছৰ স্মৃতিচিহ্ন আজিও অসমৰ এক চাহ বাগিচাত সংৰক্ষিত আছে বুলি অনলাইন বিশ্বকোষ উইকিপিডিয়াত কোৱা হৈছে।

ছাৰ ৰছৰ জন্ম হৈছিল আজিৰ উত্তৰাখণ্ড, সেই সময়ৰ উত্তৰ-পশ্চিম প্ৰদেশৰ আলমোৰা নামে ঠাইত ১৮৫৭ চনৰ ১৩ মে’ত। মেলেৰিয়া ৰোগৰ সংক্ৰমণ সম্বন্ধে কৰা গৱেষণাৰ বাবে ১৯০২ চনত তেওঁ ‘ফিজিয়লজি’ বা ‘মেডিচিন’ৰ নোবেল বঁটা পোৱা কেৱল প্ৰথম বৃটিছ নোবেল বঁটা বিজয়ীয়েই হোৱা নাছিল, ইউৰোপৰ বাহিৰত জন্ম গ্ৰহণ কৰি বৃটেইনলৈ নোবেল বঁটা কঢ়িয়াই অনা প্ৰথম ইংৰাজ ৰূপেও পৰিগণিত হৈছিল। ১৮৯৭ চনত ৰছৰ গৱেষণাই প্ৰতিপন্ন কৰিছিল যে মেলেৰিয়া ৰোগৰ বীজাণুৰ পৰিবাহক হৈছে মহ। ছাৰ ৰছৰ এই আৱিষ্কাৰেই মেলেৰিয়া প্ৰতিৰোধ অভিযানৰ পাতনি।
চিকিৎসা শাস্ত্ৰৰ সাধক হোৱাৰ উপৰিও ছাৰ ৰছ আছিল এজন কবি, ঔপন্যাসিক, গীতিকাৰ, চিত্ৰকৰ আৰু গণিতজ্ঞ। তেওঁৰ কেইবাখনো কাব্য আৰু উপন্যাস গ্ৰন্থ আকাৰে প্ৰকাশ হৈছে।
উল্লেখযোগ্য যে ছাৰ ৰছে সুদীৰ্ঘ ২৫ বছৰ কাল ভাৰতীয় চিকিৎসা সেৱা (ইণ্ডিয়ান মেডিকেল চাৰ্ভিচ)ৰ চিকিৎসক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু এয়াই আছিল তেওঁৰ মেলেৰিয়া সম্পৰ্কীয় গৱেষণাৰ পটভূমি। ভাৰতৰ পৰা ইংলেণ্ডলৈ গৈ তেওঁ দহ বছৰ ধৰি লিভাৰপুল স্কুল অৱ ট্ৰপিকেল মেডিচিনত সেৱা আগবঢ়ায় আৰু এই প্ৰতিষ্ঠানৰ অধ্যাপক আৰু চেয়াৰমেনৰ আসন শুৱনি কৰে। ইয়াৰ পাছত তেওঁৰ সন্মানাৰ্থে ১৯২৬ চনত স্থাপন হয় কৰা হয় ‘ৰছ ইন্সটিটিউট এণ্ড হস্পিটাল ফৰ ট্ৰপিকেল দিজিজেচ’ আৰু এই যুগ সৃষ্টিকাৰী চিকিৎসা বিজ্ঞানীগৰাকী মৃত্যুৰ সময়লৈকে ইয়াৰ মুখ্য সঞ্চালক পদত অধিষ্ঠিত হৈ ৰয়।
ৰছৰ দেউতাক ছাৰ কেম্পবেল ক্লায়ে গ্ৰাণ্ট ৰছ (Sir Campbell Claye Grant Ross) আছিল ভাৰতত থকা বৃটিছ সেনাবাহিনীৰ এজন জেনেৰেল আৰু মাক আছিল মাটিল্ডা চাৰ্লট এল্ডাৰটন (Matilda Charlotte Elderton)। দহটা সন্তানৰ জ্যেষ্ঠ ৰণাল্ডক আঠ বছৰ বয়সতে ইংলেণ্ডলৈ পঠিয়াই দিয়া হয় আৰু তাতে আত্মীয়ৰ সৈতে থাকি পঢ়া-শুনা কৰে। সৰু কালৰে পৰা কবিতা, সংগীত, সাহিত্য আৰু অংকৰ প্ৰতি তেওঁৰ ধাউতি দেখা গৈছিল। ১৪ বছৰ বয়সত অংকৰ প্ৰতি থকা আগ্ৰহৰ বাবে তেওঁ পুৰস্কাৰ হিচাপে ‘অৰ্বচ অব হেভেন’ নামে এখন কিতাপ লাভ কৰে আৰু এই কিতাপখনে তেওঁক যথেষ্ট উদ্দীপনা যোগাইছিল। ইয়াৰ পাছত ১৬ বছৰ বয়সত ৰছে অক্সফৰ্ড আৰু কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ এক চিত্ৰাংকন পৰীক্ষাত দ্বিতীয় স্থান লাভ কৰিছিল। সেই সময়ত ৰছ এজন লেখকহে হ’ব খুজিছিল যদিও দেউতাকে তেওঁক লণ্ডনৰ চেণ্ট বাৰ্থলমিউ হস্পিতাল মেডিকেল কলেজত নাম লগাই দিয়ে। কলেজৰ পঢ়া-শুনাৰ প্ৰতি ৰছৰ বৰ মন-কাণ নাছিল আৰু গান, কবিতা আৰু নাটক লিখিয়ে সময় পাৰ কৰিছিল। ১৮৮০ চনত ইংলেণ্ডৰ ৰয়েল কলেজ অব চাৰ্জনৰ পৰীক্ষা পাছ কৰি এক জাহাজ কোম্পেনীৰ চাৰ্জন হয়। তাৰ পাছত আৰ্মি মেডিকেল স্কুলত চাৰি মাহ প্ৰশিক্ষণ লৈ তেওঁ ১৮৮১ চনত ভাৰতীয় চিকিৎসা সেৱাত যোগদান কৰে। ১৮৮৮-৮৯ চনত তেওঁ পুনৰ অধ্যয়নৰ বাবে ছুটী লয় আৰু এইবাৰ ৰয়েল কলেজ অৱ ফিজিচিয়ানচ এণ্ড ৰয়েল কলেজ অৱ চাৰ্জনচৰ পৰা জনস্বাস্থ্য বিষয়ক এক ডিপ্লমা অৰ্জন কৰে।
ভাৰত, অসমত চাৰ ৰছ
১৮৮১ চনত এক সেনা জাহাজেৰে ভাৰতত উপস্থিত হোৱা ৰোণাল্ড ৰছে ১৮৯৪ চনলৈ মাদ্ৰাজ, ব্ৰহ্মদেশ, বালুচিস্তান, আন্দামান দ্বীপপুঞ্জ, বাংগালোৰ আৰু চেকেন্দ্ৰাবাদত বিভিন্ন পদবীত কাৰ্যনিৰ্বাহ কৰে। ১৮৮৩ চনত বাংগালোৰত গেৰিচন চাৰ্জন হৈ থকাৰ সময়তে তেওঁ উপলব্ধি কৰিছিল যে পানীৰ পৰা আঁতৰত ৰাখিব পাৰিলেই মহৰ উপদ্ৰৱ নিয়ন্ত্ৰণ কৰাটো সম্ভৱপৰ হৈ উঠিব। ১৮৯৪ চনত ৰছ ছুটীত ইংলেণ্ডলৈ যাওঁতে ছাৰ পেট্ৰিক মানচনৰ সৈতে সাক্ষাৎ হয় আৰু পৰৱৰ্তী সময়ত মেলেৰিয়াৰ গৱেষণাত মানচন হৈ উঠে ৰছৰ পথ প্ৰদৰ্শক। মানচনে ৰছক পতিয়ন নিয়াই যে ভাৰত হৈছে মেলেৰিয়াৰ বিষয়ে গৱেষণা কৰিবলৈ আটাইতকৈ উপযোগী ঠাই। ৰছ লগে লগে জাহাজত উঠিল আৰু চেকেন্দ্ৰাবাদত উপস্থিত হৈ কাষ্টমচ কৰ্মচাৰীয়ে তেওঁৰ বয়-বস্তু মুকলি কৰি দিয়াৰ আগেয়েই বম্বে চিভিল হস্পিতাল পায়গৈ আৰু মেলেৰিয়া ৰোগীৰ বিচাৰ-খোচাৰ আৰম্ভ কৰে। ১৮৯৫ চনৰ মে’ মাহত ৰছে তেওঁৰ মেলেৰিয়া গৱেষণাত এক গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰে যেতিয়া মহৰ পেটত মেলেৰিয়া বীজাণুৰ বিকাশৰ সম্ভেদ লাভ কৰে। কিন্তু ৰছৰ মেলেৰিয়া গৱেষণাক মসৃণ গতিত আগবাঢ়িবলৈ দিয়া নাছিল চাকৰিৰ বাধ্যবাধকতাই। কিছুদিনৰ পাছতে বাংগালোৰত কলেৰা ৰোগ বিয়পি পৰাত এই ৰোগৰ বিষয়ে অধ্যয়ন কৰিবলৈ তেওঁক তালৈ বদলি কৰা হয়। বাংগালোৰলৈ গৈ ৰছে দেখিলে তাত মেলেৰিয়া ৰোগী নগণ্য।
মনৰ দুখতে ৰছে তেওঁৰ পথ-প্ৰদৰ্শক মানচনলৈ এখন চিঠি লিখি জনালে যে তেওঁৰ হাতত কৰিবলৈ একো কামেই নোহোৱা হৈ পৰিছে। ইয়াৰ মাজতে এদিন তেওঁৰ চকুত পৰিল এটা আগতে নেদেখা মহ। পাৰ্বত্য পৰ্যটন এলেকা উটিৰ ওচৰৰ চিগম ঘাটৰ এখন দেৱালত পৰি আছিল এটা আচহুৱা আকৃতিৰ মহ। ৰছে সেই মহটোৰ নাম দিলে ডেপলড-উইংগড (dappled-winged) মহ, কিন্তু সি কোন প্ৰজাতিৰ মহ তাক থিৰাং কৰিব পৰা নাছিল। ইয়াৰ পাছত ১৮৯৬ চনৰ মে’ মাহত তেওঁক কেইদিনমানৰ কাৰণে যাবলৈ দিয়া হ’ল উটিৰ ওচৰৰে এক মেলেৰিয়া পীড়িত এলেকালৈ। কিন্তু সেই ঠাইত উপস্থিত হোৱাৰ তিনি দিনৰ পাছতে নিয়মীয়াকৈ কুইনাইন সেৱন কৰি থকা সত্ত্বেও ৰছ নিজেই মেলেৰিয়াত পৰিল। পাছৰ মাহত অৰ্থাৎ জুনত ৰছ আহিল চেকেন্দ্ৰাবাদলৈ অৰু ১৮৯৭ৰ জুলাই মাহত তেওঁ সংগ্ৰহ কৰি থোৱা ২০টা ব্ৰাউন প্ৰাপ্তবয়স্ক মহ ‘কালচাৰ’ কৰিবলৈ সমৰ্থ হয়। ৰছে হুচেইন খান নামৰ এজন লোকক আঠ অনা পইচা দি তেওঁৰ পৰা তেজ সংগ্ৰহ কৰি মহৰ গাত সেই তেজ সুমুৱাই দিছিল। তাৰ পাছত সেই মহকেইটাক ব্যৱচ্ছেদ কৰি দেখিছিল যে মানুহৰ তেজ সিহঁতৰ গাত সোমোৱাৰ পাছত মহৰ পেটত এটা কোষৰ সৃষ্টি হয় যি কোষ মহৰ কোনো স্বাভাৱিক কোষ নহয়।
অৱশেষত ২০ আগষ্টত ৰছ নিশ্চিত হয় যে তেওঁ ‘ডেপলড-উইংগড’ বুলি নামকৰণ কৰা মহৰ পেটতে মেলেৰিয়াৰ বীজাণু থাকে। পিছলৈ ‘ডেপলড-উইংগড’ প্ৰকৃততে এনফেলাচ প্ৰজাতিৰে মহ বুলি চিনাক্ত হয়। ২১ আগষ্টত তেওঁ এই কথাও প্ৰতিপন্ন কৰিব পাৰিলে যে মহটোৰ পেট কেৱল এই বীজাণু থকা ঠায়ে নহয়, সেই ঠাইতে মেলেৰিয়া বীজাণুৰ বিকাশো ঘটে। এই আৱিষ্কাৰৰ অন্তত সেই দিনাই সন্ধিয়া তেওঁ এটা কবিতা লিখি ইংলেণ্ডত থকা পৰিবাৰলৈ পঠিয়াই দিছিল।
This day relenting God
Hath placed within my hand
A wondrous thing; and God
Be praised. At His command,
Seeking His secret deeds
With tears and toiling breath,
I find thy cunning seeds,
O million-murdering Death.
I know this little thing
A myriad men will save.
O Death, where is thy sting?
Thy victory, O Grave?
১৮৯৭ চনত ৰছক বম্বে আৰু তাৰ পাছত ৰাজস্থানৰ মেলেৰিয়া মুক্ত খেৰৱাৰালৈ বদলি কৰাত পুনৰ তেওঁৰ মন ভাঙি পৰে। তেওঁ চাকৰি ইস্তফা দিবলৈ মন কৰাত পুনৰ মানচনৰ হস্তক্ষেপত কলিকতালৈ বদলি কৰা হয়। ১৮৯৮ত কলিকতাৰ প্ৰেছিডেন্সী জেনেৰেল হস্পিতালত যোগদান কৰিয়েই তেওঁ মেলেৰিয়াৰ লগতে ক’লাজ্বৰৰ গৱেষণাৰ কাম পুনৰ আৰম্ভ কৰে আৰু এই গৱেষণাৰ বাবে তেওঁক চাৰ্জন-লেফটেনেণ্ট-জেনেৰেল কানিংহামৰ গৱেষণাগাৰ ব্যৱহাৰ কৰিবলৈ দিয়া হয়। মেলেৰিয়াৰ বীজাণু কঢ়িওৱা মহ সংগ্ৰহ কৰাৰ স্বাৰ্থত ৰছে মহানদ নামৰ গাঁও এখনত এটা বঙলা আৰু লেবৰেটৰী সাজি লৈছিল, তিনিজন স্থানীয় লোকক লেবৰেটৰী সহায়কাৰী ৰূপে নিযুক্তি দিছিল আৰু সময়ে সময়ে তাত থাকিছিলগৈ। কিন্তু কলিকতাত যিহেতু মেলেৰিয়া ৰোগৰ বিশেষ প্ৰাদুৰ্ভাৱ নাছিল, সেয়ে মানচনে ৰাচিয়া আৰু আমেৰিকাৰ আন দুজন বিজ্ঞানীৰ দৰে ৰছকো মেলেৰিয়াৰ অধ্যয়নৰ বাবে চৰাই-চিৰিকটিকে সমল হিচাপে ল’বলৈ পৰামৰ্শ দিছিল যদিও ৰছে ভাৰতত থাকি মানুহৰ সলনি আন প্ৰাণীৰ ওপৰত গৱেষণা কৰিবলৈ ইচ্ছুক নাছিল। তথাপি তেওঁ চৰাইৰ মাধ্যমেৰে গৱেষণা অব্যাহত ৰাখি মেলেৰিয়া বীজাণুৰ সম্পূৰ্ণ জীৱন পৰিক্ৰমা উদঘাটন কৰিবলৈ সমৰ্থ হয়গৈ।
১৮৯৮ চনৰ ছেপ্টেম্বৰ মাহত ক’লাজ্বৰ মহামাৰীয়ে ৰছক অসমলৈ টানি আনে। লাবাক চাহ বাগানৰ চিকিৎসা বিষয়া ডাঃ গ্ৰাহাম কল ভিলে ৰামছে (Dr Graham Col Ville Ramsay)ই ৰছক অসমলৈ আমন্ত্ৰণ কৰিছিল। এই বাগানৰ হস্পিতালত ৰছৰ মাইক্ৰস্ক’প, অন্যান্য সা-সঁজুলি আৰু তেওঁ সংগ্ৰহ কৰা মহৰ নক্সা আজিও সংৰক্ষিত আছে বুলি অনলাইন বিশ্বকোষত উল্লেখ আছে। সি কি নহওক, ৰছে বিশ্বাস কৰাৰ দৰে ক’লাজ্বৰ মহৰ দ্বাৰা সংক্ৰমিত নহয়, বৰং কেতকুৰি পোক বা চেৰেপা (sandflies)ইহে এই ৰোগৰ বীজাণু বিয়পায় বুলি পৰৱৰ্তী সময়ত প্ৰতিপন্ন হয়। অৱশ্যে ক’লাজ্বৰৰ বীজাণুক ১৯০৩ চনত ৰছেই লেইচমানিয়া দন’ভানি (Leishmania donovani) বুলি নামকৰণ কৰি গৈছে।
১৮৯৯ চনত ৰছে ভাৰতৰ পৰা মেলানি মাগি ইংলেণ্ডৰ লিভাৰপুল স্কুল অব ট্ৰপিকেল মেডিচিনৰ শিক্ষক হয়গৈ যদিও আফ্ৰিকা, চুৱেজ খাল অঞ্চল, গ্ৰীচ, মৰিচাচ, চাইপ্ৰাচ আৰু প্ৰথম মহাযুদ্ধত ক্ষতিগ্ৰস্ত এলেকাত মেলেৰিয়া প্ৰতিৰোধ সম্পৰ্কীয় কামকাজ অব্যাহত ৰাখে। মেলেৰিয়া বিৰোধী অভিযানৰ বাবে ৰছে ভাৰত আৰু শ্ৰীলংকাত মুকলি কৰা কেউটা সংগঠনেই সাফল্য অৰ্জন কৰিছিল। তেওঁ ব্ৰিটিছ ৱাৰ অফিচৰ মেলেৰিয়লজি বিভাগৰ কনচালটেণ্ট হোৱাৰ উপৰিও পেন্সন আৰু ৰাষ্ট্ৰীয় বীমা মন্ত্ৰ্যালয়ৰ মেলেৰিয়া কনচালটেণ্ট আছিল।
নোবেল বঁটা
মেলেৰিয়া বীজাণুৰ জীৱন পৰিক্ৰমা আৱিষ্কাৰৰ বাবে ১৯০২ চনত ৰণাল্ড ৰছক নোবেল বঁটা প্ৰদান কৰা হয়। অৱশ্যে ৰছে মানুহৰ পৰিৱৰ্তে চৰাইৰ দেহত মেলেৰিয়া ৰোগৰ কিদৰে সংক্ৰমণ ঘটে, সেয়াহে ব্যাখ্যা কৰিছিল। আনহাতে ইটালীৰ চিকিৎসা আৰু জীৱবিজ্ঞানী গিয়ভানি বাটিষ্টা গ্ৰাচি (Giovanni Battista Grassi)-এ ১৮৯৭ চনতে এনফেলিন মহত মেলেৰিয়া বীজাণুৰ ক্ৰমবিকাশ অৱিষ্কাৰ কৰিছিল। সেয়ে নোবেল বঁটা কমিটিয়ে গ্ৰাচি আৰু ৰছক যৌথভাৱে এই বঁটা প্ৰদান কৰিব খুজিছিল যদিও ৰছে ইয়াত তীব্ৰ আপত্তি কৰে আৰু অৱশেষত তেওঁক এককভাৱে এই বঁটাৰ বাবে বাছনি কৰা হয়, কিয়নো বীজাণু কঢ়িওৱা মহে কামুৰিলেহে মানুহলৈ এই ৰোগ বিয়পে বুলি ৰছৰ পূৰ্বে আনে দেখুৱাব পৰা নাছিল।

আন ভালেমান প্ৰতিভাশালী লোকৰ দৰে এইজনা চিকিৎসা-বিজ্ঞানীও আছিল খেয়ালী আৰু বদমেজাজী। ছাত্ৰ-ছাত্ৰী, সহকৰ্মী আৰু আন সতীৰ্থ বিজ্ঞানীৰ সৈতে বাদ-বিবাদ একপ্ৰকাৰ নিত্য-নৈমিত্তিক ঘটনা আছিল। আনকি ৰছে নিজৰ পথ-প্ৰদৰ্শক সা পেত্ৰিক মানচনকো উপলুঙা কৰিবলৈ এৰা নাছিল।
ঘৰুৱা জীৱনত তেওঁৰ পত্নী আৰু চাৰিটা সন্তান আছিল যদিও দুটি সন্তান আৰু পত্নীৰ তেওঁৰ জীৱনকালতে মৃত্যু হৈছিল। এক দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত ১৯৩২ চনৰ ১৬ ছেপ্টেম্বৰত নিজৰ নামেৰে নামকৰণ কৰা হস্পিতালতে ৰছৰ মৃত্যু হয় আৰু পত্নীৰ কাষতে সমাধিস্থ কৰা হয়।
অকলশৰীয়া বাটৰুৱা
ৰঞ্জন কুমাৰ দত্ত
মৃত্যুৰ পাছতো ভাৰতবৰ্ষই এই গৰাকী মহান চিকিৎসকৰ স্মৃতিৰক্ষাৰ্থে যথাসাধ্য পদক্ষেপ লৈছে। কলিকতা মহানগৰীত পূৰ্বৰ হস্পিতাল ৰোডৰ নাম সলনি কৰি কৰা হয় ছাৰ ৰণাল্ড ৰছ সৰণি, হায়দৰাবাদত আঞ্চলিক সোঁচৰা ৰোগ হস্পিতালৰ নাম দিয়া হয় ছাৰ ৰণাল্ড ৰছ ইন্সটিটিউট অব ট্ৰপিকেল এণ্ড কমিউনিকেবল দিজিজ, চেকেন্দ্ৰাবাদৰ যিটো ঘৰত তেওঁ মেলেৰিয়া বীজাণু আৱিষ্কাৰ কৰিছিল, সেই ঘৰ কৰি তোলা হৈছে এক হেৰিটেজ চাইট আৰু তালৈ যোৱা পথটোৰ নাম দিয়া হৈছে ছাৰ ৰণাল্ড ৰছ পথ। লুধিয়ানাৰ খ্ৰীষ্টান মেডিকেল কলেজতো আছে ৰছ হোষ্টেল।
(সহায় লৈ)
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক





