১ আগষ্ট (২০২৬)ৰ দিনা পুনেত ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালক ২০২৬ বৰ্ষৰ লোকমান্য তিলক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হয়। সেই অনুষ্ঠানতে তেওঁ নৱ প্ৰজন্মক বাল গংগাধৰ তিলকৰ অগাধ দেশপ্ৰেম, ত্যাগ আৰু কৰ্তব্যবোধৰ আদৰ্শ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। তেওঁ যুক্তি দিছিল যে স্বাধীনতা কেৱল ইচ্ছামতে কাম কৰাৰ স্বাধীনতা নহয়; জাতিটোক ব্যক্তিগত স্বাৰ্থৰ ওপৰত স্থান দিয়াৰ দায়িত্বও তাৰ ভিতৰত পৰে। তেওঁৰ এই কথাখিনিত আমাৰ কোনো বিৰোধ নাই। কথা প্ৰসংগত আমি উল্লেখ কৰিলে ভাল হ’ব যে বাল গংগাধৰ তিলকে ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত বিশেষভাৱে অৰিহণা যোগাইছিল। প্ৰথম বিশ্বযুদ্ধ (১৯১৪-১৯১৯)-ৰ সময়ছোৱাত বাল গংগাধৰ তিলকৰ সমান্তৰালকৈ এনি বেছাণ্ট (Annie Besant), জি এছ খাপাৰ্ডে (G.S. Khaparde), ছাৰ এছ সুব্ৰমনিয়াম আয়াৰ (Sir S. Subramania Iyer), জোছেফ বেপ্টিছ (Joseph Baptish), মহম্মদ আলী জিন্না (Mohammad Ali Jinnah) আদি জাতীয়তাবাদীসকলে স্ব-শাসন (Self-Governance)-ৰ দাবী জনাইছিল আৰু সেই সময়তে তিলকে ১৯১৬ চনৰ এপ্ৰিল মাহত গঠন কৰিছিল Indian Home Rule League। ভাৰতবৰ্ষত স্বৰাজ্য শাসন ব্যৱস্থা গঠন কৰা, ভাষাৰ ভিত্তিত ৰাজ্য গঠন কৰা আৰু মাতৃভাষাত শিক্ষা প্ৰদান কৰা আছিল এই লীগৰ প্ৰধান দাবী। ইয়াৰ সমান্তৰালকৈ স্বৰাজ্য শাসনৰ দাবীৰে এনি বেছাণ্টে ১৯১৬ চনৰ ছেপ্টেম্বৰ মাহত গঠন কৰিছিল All India Home Rule League। পাছলৈ এই লীগৰ শাখা ২০০-লৈ বৃদ্ধি পাইছিল আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ মুখ্য সদস্য মতিলাল নেহৰু, জৱাহৰলাল নেহৰু, ভোলাভাই দেশাই, চিত্তৰঞ্জন দাস, কে এম মুন্সি, মদন মহন মালব্য আদি নেতাসকলে অংশগ্ৰহণ কৰিছিল। যদিও পাছলৈ ভাৰতবৰ্ষৰ লোকসকলক স্বৰাজ্য শাসনৰ প্ৰতি একত্ৰ কৰাত এই দুয়োটা লীগ সফল হৈছিল, কিন্তু লীগৰ আভ্যন্তৰীণ আৰু বাহ্যিক দুৰ্বলতাৰ বাবে আন্দোলনটো বিফলো হৈছিল। যি নহওক, তেওঁলোকৰ দৰে জাতীয়তাবাদীৰ কৰ্তব্যবোধৰ আদৰ্শক সন্মান জনোৱাটো প্ৰত্যেকজন ভাৰতীয়ৰ দায়িত্ব হোৱা উচিত।
এতিয়া আহোঁ সমকালীন ভাৰতবৰ্ষৰ প্ৰসংগলৈ। বিশেষকৈ অৰ্থনৈতিক, পাৰমাণৱিক আৰু কূটনৈতিক দিশেৰে ভাৰতবৰ্ষক এখন শক্তিশালী ৰাষ্ট্ৰ হিচাপে গঢ়িবলৈ সাম্প্ৰতিক প্ৰেক্ষাপটত যুৱক-যুৱতীসকলৰ অদম্য শক্তি, তেওঁলোকৰ বুদ্ধিমত্তা প্ৰয়োজন। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল— তেওঁলোকৰ ইচ্ছাশক্তিৰ প্ৰয়োজন আটাইতকৈ বেছি। তদুপৰি সম-সুযোগ, সমতাপূৰ্ণ পৰিৱেশ, ৰাষ্ট্ৰৰ দ্বাৰা জনগণৰ প্ৰতি নিৰপেক্ষ ব্যৱহাৰ আৰু গুণগত শিক্ষা নিশ্চিত কৰাৰ বাবে ৰাষ্ট্ৰৰ প্ৰতিশ্ৰুতিতকৈ কাৰ্যকৰীকৰণ অধিক গুৰুত্বপূৰ্ণ। কিন্তু আমি দেখিবলৈ পাইছোঁ যে ভাৰতৰ শিক্ষানুষ্ঠানসমূহে গুৰুতৰ গাঁথনিগত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। UGC-NET-2024, NEET-2024, 2025, 2026-ৰ প্ৰশ্ন কাকত ফাদিলৰ ঘটনাই এই দিশটোৰ প্ৰকৃত স্বৰূপ উদঙাইছে। ইয়াৰ পৰিপ্ৰেক্ষিতত দিল্লীৰ যন্তৰ মন্তৰত চোনম ৱাংচুকৰ অনশনৰ সমান্তৰালভাৱে ছাত্ৰ-ছাত্ৰীসকলৰ এক বৃহৎ গণ প্ৰতিবাদ দেখিবলৈ পাইছিলো। আৰু শেহতীয়াকৈ এই ছাত্ৰ আন্দোলনৰ বৃহৎ প্ৰভাৱ ঝাৰখণ্ডত দেখিবলৈ পোৱা গৈছে। শিক্ষানুষ্ঠানসমূহৰ আভ্যন্তৰীণ দুৰ্বলতাই যুৱক-যুৱতীসকলৰ আশা-আকাংক্ষাক ভেঙুচালি কৰাৰ লগতে ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতি থকা তেওঁলোকৰ আস্থাতো আঘাত হানিছে।
ড° হীৰেন গোহাঁই: প্ৰতিবাদ আৰু প্ৰগতিবাদ
অনিৰ্বাণ দত্ত
স্বাভাৱিকতে ৰাষ্ট্ৰই জনসাধাৰণৰ আশা-আকাংক্ষা অনুসৰি কাম কৰা উচিত। সামাজিক চুক্তিবাদী দাৰ্শনিক (Social Contractualist Philosopher) জন লকে (John Locke) যুক্তি দিছিল— “Government by the consent of the governed”, অৰ্থাৎ শাসিতসকলৰ সন্মতি সাপেক্ষে চৰকাৰ। গতিকে এইটো স্পষ্ট যে প্ৰতিষ্ঠানিক আস্থা (institutional trust) আৰু পৰীক্ষা প্ৰক্ৰিয়াৰ অখণ্ডতা (integrity of the examination process) বজাই ৰখাৰ ক্ষেত্ৰত গণতান্ত্ৰিক ৰাষ্ট্ৰই সাধাৰণ জনতাৰ প্ৰতি জবাবদিহি হৈ থাকিব লাগিব। এইখিনিতে আমি চৰকাৰী নিয়োগৰ তথ্যলৈ চকু ফুৰালে ভাৰতবৰ্ষৰ যুৱক-যুৱতীসকলৰ নিয়োগৰ যি শেহতীয়া স্বৰূপ, সেয়া স্পষ্টভাৱে দেখিবলৈ পাম।
MoSPI-ৰ নিয়োগ পৰিসংখ্যা: Ministry of Statistics and Programme Implementation (MoSPI)-এ প্ৰকাশ কৰা Periodic Labour Force Survey-ৰ ২০২৬ চনৰ জুন মাহৰ মাহেকীয়া তথ্য অনুসৰি ১৫ বছৰ আৰু তাৰ ওপৰৰ ব্যক্তিৰ সামগ্ৰিক নিবনুৱাৰ হাৰ ৫.৫ শতাংশ, যিটো পূৰ্বৰ মাহৰ সৈতে একেই। প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ১৫ বছৰ আৰু তাৰ ওপৰৰ ব্যক্তিৰ মাজত শ্ৰমিক শক্তিৰ অংশগ্ৰহণৰ হাৰ (labour force participation rate) ভাৰতৰ গ্ৰাম্য অঞ্চলত ৫৬.৬ শতাংশ আৰু নগৰীয়া অঞ্চলত ৫০.১ শতাংশ। ঠিক একেদৰে, গ্ৰামাঞ্চলত শ্ৰমিক-জনসংখ্যা অনুপাত (worker population ratio) ৫৩.৮ শতাংশ আৰু চহৰ অঞ্চলত ৪৬.৮ শতাংশ। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, ভাৰতৰ গ্ৰাম্য অঞ্চলত ৫.০ শতাংশৰ তুলনাত নগৰীয়া অঞ্চলত নিবনুৱাৰ হাৰ ৬.৬ শতাংশতকৈ অধিক। এই পৰিসংখ্যাসমূহে সেয়েহে গ্ৰাম্য আৰু চহৰ— দুয়োটা ক্ষেত্ৰত নিবনুৱাৰ ব্যৱধান হ্ৰাস কৰাৰ বাবে দক্ষতা ভিত্তিক গুণগত শিক্ষা আৰু উদ্যমিতা (entrepreneurship) আঁচনিৰ গুৰুত্ব যে আছে সেই দিশটো আঙুলিয়াই দিছে।
কিন্তু এটা কথা ঠিক যে নিবনুৱাৰ সমস্যা কেৱল চাকৰিৰ সংখ্যা বৃদ্ধিৰ মাজতে সীমাবদ্ধ নহয়। ইয়াৰ সৈতে শিক্ষাৰ গুণগত মান, যুৱক-যুৱতীসকলৰ দক্ষতা, গৱেষণাৰ সুযোগ, নিয়োগ প্ৰক্ৰিয়াৰ স্বচ্ছতা আৰু নতুন অৰ্থনীতিৰ প্ৰয়োজনৰ সৈতে তেওঁলোকৰ সামঞ্জস্যৰ দিশটোও জড়িত হৈ আছে। কৃত্ৰিম বুদ্ধিমত্তাৰ দ্ৰুত বিকাশে labour market-ৰ বৈশিষ্ট্য সলনি কৰিছে। গতিকে এই ক্ষেত্ৰত চৰকাৰে কেনেধৰণে যুৱক-যুৱতীসকলক আগবঢ়াই লৈ যাব পাৰে, সেইটো খুবেই লক্ষণীয় হ’ব।
এজনেই নন্দ তালুকদাৰ
ড° যোগেন্দ্ৰ নাৰায়ণ ভূঞা
যুৱ-সবলকৰণৰ বাবে প্ৰধান চৰ্তসমূহ: আজিৰ কৃত্ৰিম বুদ্ধিমত্তাৰ আধুনিক যুগত এখন শক্তিশালী ভাৰত গঢ়াৰ বাবে যুৱক-যুৱতীসকলৰ সবলকৰণৰ বাবে কিছুমান চৰ্ত অপৰিহাৰ্য হৈ পৰিছে। তাৰে কেইটামান চৰ্তৰ ভিতৰত: প্ৰথমতে, শক্তিশালী গৱেষণাৰ সুযোগ বৃদ্ধি কৰিব লাগিব। কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু আই আই টিসমূহত উন্নত গৱেষণাৰ পৰিৱেশ সৃষ্টি কৰাটো যুৱ প্ৰতিভাক উদ্ভাৱনৰ সৈতে সংযোগ কৰাৰ বাবে বৰ্তমান সময়ত অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰিছে। দ্বিতীয়তে, নিয়োগ সুযোগৰ ক্ষেত্ৰত চৰকাৰে যথেষ্ট কাম কৰিব লাগিব। শিক্ষিত যুৱক-যুৱতীসকলৰ বাবে যোগ্যতা আৰু দক্ষতাৰ ভিত্তিত স্বচ্ছ নিয়োগ ব্যৱস্থা নিশ্চিত কৰাটো প্ৰয়োজন। UPSC, SSC বা ৰাজ্যিক লোকসেৱা আয়োগৰ পৰীক্ষাত স্বচ্ছ আৰু নিৰপেক্ষ প্ৰক্ৰিয়াই যুৱ প্ৰাৰ্থীসকলৰ মাজত প্ৰতিষ্ঠানৰ প্ৰতি আস্থা বৃদ্ধি কৰিছে হয়, কিন্তু তাৰ সমান্তৰালকৈ তেওঁলোকৰ institutional আস্থাত আঘাতো হানিছে। গতিকে এই প্ৰতিষ্ঠানিক ব্যৱধান দূৰ কৰাটো সময়ৰ আহ্বান। তৃতীয়তে, দক্ষতাভিত্তিক ব্যৱহাৰিক শিক্ষাৰ প্ৰতি ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাই গুৰুত্ব দিব লাগিব আৰু এইক্ষেত্ৰত New Education Policy 2020-ৰ পূৰ্ণ কাৰ্যকৰীকৰণ অত্যন্ত আৱশ্যক। সেয়ে পৰীক্ষামুখী শিক্ষা ব্যৱস্থাতকৈ বিদ্যালয় পৰ্যায়ৰ পৰাই Coding, Robotics, Financial Marketing, Communication আৰু vocational skill-ৰ দৰে ব্যৱহাৰিক শিক্ষাৰ ওপৰত শিক্ষা মন্ত্ৰ্যালয়ে গুৰুত্ব দিব লাগিব। কিয়নো এইধৰণৰ প্ৰশিক্ষণে ছাত্ৰ-ছাত্ৰীক ভৱিষ্যতৰ প্ৰযুক্তি নিৰ্ভৰ কৰ্মসংস্থাপনৰ বাবে প্ৰস্তুত কৰিব পাৰিব। চতুৰ্থতে, ঔদ্যোগীকৰণৰ ব্যৱস্থা দৃঢ় কৰাটো প্ৰধান চৰ্ত। বৰ্তমান সময়ত নব্য-উদাৰীকৰণ আৰু গোলকীকৰণে যুৱক-যুৱতীসকলক কেৱল চাকৰি বিচৰা ব্যক্তি হিচাপে নহয়, চাকৰি সৃষ্টি কৰিব পৰা উদ্যোগী হিচাপে গঢ়ি তোলাৰ দাবী কৰিছে। এইক্ষেত্ৰত Startup India-ৰ পদক্ষেপত কেন্দ্ৰীয় চৰকাৰে বাজেটৰ পৰিমাণ বৃদ্ধি কৰি লিংগ বৈষম্য নকৰাকৈ যুৱ-উদ্যোগীসকলক পুঁজি, সু-পৰামৰ্শ আৰু প্ৰযুক্তিগত দিশত সহায় কৰিলে নতুন উদ্যোগ আৰু কৰ্মসংস্থাপনৰ সুযোগৰ সংখ্যা দুগুণে বৃদ্ধি পাব। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ’ল, শিক্ষা আৰু উদ্যোগৰ মাজত সংযোগ স্থাপন কৰা। কিয়নো উচ্চ শিক্ষাৰ পাঠ্যক্ৰমক উদ্যোগ আৰু শ্ৰমবজাৰৰ পৰিৱৰ্তিত প্ৰয়োজনৰ সৈতে সংযোগ কৰাটো গুৰুত্বপূৰ্ণ হৈ পৰিছে। ভাৰতবৰ্ষৰ প্ৰতিখন বিশ্ববিদ্যালয়ত internship-ৰ সুযোগ বৃদ্ধি কৰিলে শিক্ষাৰ্থীসকলে তেওঁলোকৰ শৈক্ষিক জ্ঞানক বাস্তৱ কৰ্মক্ষেত্ৰত প্ৰয়োগ কৰাৰ সুযোগ লাভ কৰিব পাৰে। পঞ্চম চৰ্তটো হৈছে, AI দক্ষতা বিকাশ। কৃত্ৰিম বুদ্ধিমত্তাৰ দ্ৰুত বিকাশৰ সময়ত যুৱক-যুৱতীসকলক নতুন প্ৰযুক্তিৰ সৈতে খাপ খুৱাব পৰাকৈ প্ৰস্তুত কৰাটো অপৰিহাৰ্য। সেয়ে AI, Data Entry আৰু Cyber Security-ৰ প্ৰশিক্ষণে যুৱক-যুৱতীসকলক ভৱিষ্যতৰ labour market বা শ্ৰমবজাৰৰ বাবে অধিক উপযোগী কৰি তুলিব পাৰে। ষষ্ঠ চৰ্তটো হৈছে গ্ৰাম্য আৰু পিছপৰা অঞ্চলত সম-সুযোগ গঢ়ি তোলা। কিয়নো গ্ৰাম্য অৰ্থনীতি ভাৰতবৰ্ষৰ অৰ্থনীতিৰ মূল ভেটি। সেয়ে নিয়োগৰ সুবিধা কেৱল চহৰকেন্দ্ৰিক হোৱাটো অৰ্থনীতিৰ বাবেই বিপজ্জনক। চৰকাৰে গ্ৰাম্য আৰু পিছপৰা অঞ্চলৰ স্নাতক ডিগ্ৰী লাভ কৰা যুৱক-যুৱতীসকলৰ বাবেও কাৰিকৰী শিক্ষা, ইণ্টাৰনেটৰ ফলপ্ৰসূ ব্যৱহাৰ, দক্ষতা বিকাশ আৰু নিয়োগৰ সম-সুযোগ নিশ্চিত কৰিব লাগিব। গ্ৰাম্য অঞ্চলত Digital Learning Centre আৰু Skill Development Centre স্থাপন কৰি সুযোগৰ বৈষম্য হ্ৰাস কৰিব পৰা যাব। ইয়াৰ উপৰি village based industry-ত তেওঁলোকক কেনেকৈ অন্তৰ্ভুক্ত কৰিব পাৰি, সেই দিশটোও চৰকাৰে গুৰুত্ব সহকাৰে চোৱা উচিত।
যিহেতু বিকশিত ভাৰত ২০৪৭-ৰ বিভিন্ন কাৰ্যসূচীয়ে ভাৰতীয় জ্ঞান ব্যৱস্থা (Indian Knowledge System)-ক শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰিছে, সেয়েহে ইয়াৰ বাবে তৃণমূল পৰ্যায়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে অধিক জনসাধাৰণৰ অংশগ্ৰহণৰ প্ৰয়োজন। যুগ যুগ ধৰি ভাৰতৰ জ্ঞান ব্যৱস্থাই ভাৰতীয় সমাজক কৃষি, চিকিৎসা আৰু বহুতো ক্ষেত্ৰত গঢ় দি আহিছে। সেয়েহে, গুণগত শিক্ষা, গৱেষণাৰ সুযোগ, দক্ষতা বিকাশ, সম-নিয়োগ, ঔদ্যোগীকৰণ আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ স্বচ্ছতা— এই সকলোবোৰ দিশ একেলগে নিশ্চিত কৰিলেহে ভাৰতৰ যুৱ শক্তিক জাতি গঠন (nation building)-ৰ এক শক্তিশালী সম্পদলৈ ৰূপান্তৰ কৰিব পৰা যাব।
অসমক এটা জাতীয় মাছ লাগে
মানস প্রতিম দত্ত

বাঁহ অসমৰ সাহ হৈ থাকিবনে?
ৰূপজ্যোতি গোস্বামী

জাতিৰ উন্নতি আৰু বিজ্ঞানৰ সম্বন্ধ
ড° পৰমানন্দ মজুমদাৰ

ডাঙৰীয়া আহিছে, আঁতৰি দিয়ক!
হিমাংশু ৰণ্জন ভূঞা

সদাগৰ ভোলানাথ বৰুৱা
প্ৰফুল্ল চন্দ্ৰ কলিতা
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক


