এ নে এটা সময় আছিল, অসমৰ মানুহে বেহা বেপাৰ কৰাতো দূৰৰে কথা, সেই বিষয়ে ভাবিবও পৰা নাছিল। ঠিক তেনে দিনতে নগাঁও জিলাৰ পুৰণিগুদামৰ এটা পৰিয়ালত কেইজনমান ব্যৱসায়ী লোকৰ জন্ম হৈছিল। তেওঁলোকৰ পৰিয়ালটো আহোম স্বৰ্গদেউসকলৰ দিনৰ পৰাই খড়ঙী বৰুৱাৰ পৰিয়াল বুলি জনাজাত। খড়ঙী শব্দৰ অৰ্থ হৈছে পাইক। এই পৰিয়ালতেই ১৮৫৩ চনত মৌজাদাৰ ঘনশ্যাম বৰুৱাৰ ঔৰসত আৰু মাতৃ ভোগদৈৰ গৰ্ভত জন্ম হৈছিল বিখ্যাত সাউদ ভোলানাথ বৰুৱাৰ।
নিচেই সৰু কালতেই ভোলানাথৰ চোকা বুদ্ধিৰ পৰিচয় পোৱা গৈছিল। শৈশৱৰ পৰাই কঠোৰ পৰিশ্ৰম কৰি ভাল পোৱা এই ল’ৰাজন শিক্ষাৰ প্ৰতিও বৰ আগ্রহী আছিল। পুৰণিগুদামৰ পৰা ৮ মাইল দূৰত থকা নগাঁও চৰকাৰী হাইস্কুলত পঢ়িবলৈ তেওঁ ঘৰৰপৰাই নিতৌ খোজকাঢ়ি অহাযোৱা কৰিছিল। আজিৰ হিচাবত নগাঁও আৰু পুৰণিগুদামৰ মাজত ১৩ কিলোমিটাৰৰ ব্যৱধান। পিতাক ঘনশ্যাম বৰুৱাই মৌজা হেৰুৱাব লগা হোৱাত তেওঁলোকৰ আৰ্থিক অৱস্থা অতি শোচনীয় হৈ পৰিছিল। তেতিয়া ভোলানাথে ছাত্ৰাৱস্থাতেই সৰু-সুৰা ব্যৱসায় কৰি বা অন্য কোনো সৎ উপায়ে পইছা উপাৰ্জনৰ কথা চিন্তা কৰিব লগা হৈছিল। এনেদৰে অশেষ কষ্ট স্বীকাৰ কৰি একাগ্ৰতাৰে অষ্টম শ্ৰেণীলৈকে পঢ়ি, তেওঁৰ পৰিয়ালৰ ফটিকচন্দ্ৰ আৰু মাণিকচন্দ্ৰ বৰুৱাৰ আশ্ৰয়ত গুৱাহাটীলৈ যায়। তাতেই তেওঁ এণ্ট্ৰেন্স ক্লাছলৈকে পঢ়িছিল।
ইয়াৰ পাছতেই ভোলানাথ বেহা-বেপাৰৰ প্ৰতি আকৃষ্ট হয়। ১৮৯১ খৃষ্টাব্দত এজন সফল ব্যৱসায়ী হোৱাৰ সপোন লৈ ভোলানাথ কলিকতা পালেগৈ। তেওঁ জানিছিল, ‘বাণিজ্যে বসতি লক্ষ্মী’। যোৱাৰ পৰত ফটিকচন্দ্ৰ বৰুৱাৰ পত্নীয়ে দিয়া পাঁচশ টকাৰেই তেওঁ আৰম্ভ কৰিলে আজীৱন বাণিজ্য যাত্ৰাৰ। কলিকতা বিশ্ববিদ্যালয়ৰ আইনৰ ছাত্র লক্ষ্মীনাথ বেজবৰুৱাও আছিল কলিকতাতেই। ভোলানাথে একেটা ঘৰতে থাকি নিজৰ লক্ষ্য স্থিৰ কৰিলে। বেজবৰুৱাক লগ পাই ভোলানাথৰ মনৰ উৎসাহ দুগুণে চৰিল। প্রথমে আৰম্ভ কৰিলে কপাহৰ ব্যৱসায়। ব্যৱসায় ক্রমান্বয়ে আগুৱাই নিওঁতে প্ৰথমে বি ব্ৰাডাৰ্ছ কোম্পানী আৰু শেষত বি বৰুৱা কোম্পানী হ’লগৈ। ভোলানাথে ৰেলৰ শ্লীপাৰ, ষ্টিলৰ বাকচ, আলমাৰী বিক্ৰীৰ উপৰিও চাহপাত, শিলগুটি, কেৰাচিন, কয়লা আনকি বিদ্যুতৰ ব্যৱসায়তো হাত দিলেগৈ। এইবোৰ কামত ভোলানাথে ভাৰতবৰ্ষৰ বিভিন্ন প্রধান প্রধান ঠাইত খোপনি পুতি সুদূৰ লণ্ডনতো ভৰি থ’বলৈ সমৰ্থ হ’ল।
সাউদ ভোলানাথ বৰুৱা যে এজন বাণিজ্যবীৰেই আছিল, এনে নহয়। তেওঁ আছিল এজন দানবীৰো। জাতীয় চেতনাৰে চহকী তেওঁৰ উদাৰ মনত ‘পৰোপকাৰায় ধনম্’— এই আপ্তবাক্য সন্ধিয়াৰ ভোটা তৰাৰ দৰেই জিলিকি আছিল। অসমীয়া সাহিত্য-সংস্কৃতিৰ বিকাশৰ কাৰণে তেওঁ যথেষ্ট অৰ্থ ব্যয় কৰিছিল। তাৰ ভিতৰত, বেজবৰুৱাদেৱে লিখা ‘শ্রীশ্রীশংকৰদেৱ আৰু মাধৱদেৱ’, হেমচন্দ্ৰ গোস্বামীৰ ‘অসমীয়া সাহিত্যৰ চানেকি’ আৰু ‘পুৰণি অসমীয়া পুথি’ৰ প্ৰকাশ আৰু ‘অৰুণ’ নামৰ শিশু আলোচনী প্রকাশ উল্লেখযোগ্য।
অগ্নিকবি কমলাকান্ত ভট্টাচার্যই কৈছিল— “অসমত অসমীয়া ভাষাৰ পুনর্বাসন ঘটোৱা সম্পৰ্কত ঊনবিংশ শতিকাৰ ৬০ দশকৰ শেষৰফালে কলেজিয়েট স্কুলৰ যিকেইজন ছাত্ৰই অহোপুৰুষাৰ্থ কৰিছিল, ভোলানাথো আছিল সেইকেইঝনৰে এজন। পাছৰ জীৱনত অসমৰ পৰা দূৰত থাকিও অসমীয়া ভাষা আৰু জাতিক প্ৰকৃততে ভাল পাইছিল তেওঁ।” কলিকতা বিশ্ববিদ্যালয়, কাশী হিন্দু বিশ্ববিদ্যালয় আদি বিভিন্ন শিক্ষানুষ্ঠানলৈ আৰু অসমৰ অনেক সংগঠনৰ লগতে কাৰিকৰী শিক্ষা বিস্তাৰৰ কাৰণেও স্ব-উপাৰ্জিত লক্ষ লক্ষ টকাৰ দান আগবঢ়াইছিল। অনেক স্থানত চিকিৎসালয় আদিও পাতি দিছিল। ৰোগীৰ সুবিধাৰ বাবে সেই চিকিৎসালয়বোৰত বিদ্যুৎ চাকি আৰু পাংখাৰ যোগানৰ বাবেও অৰ্থ ব্যয় কৰিছিল।
সাউদ ভোলানাথ বৰুৱাই ভাৰতবৰ্ষৰ বিভিন্ন প্ৰদেশত নিজৰ আবাস সজাই লৈছিল। সেই ঘৰবোৰৰ অসম ভিলা, নগাঁও ভিলা, কামৰূপ ভিলা আদি নামবোৰ জাতীয় প্রেমৰ সুন্দৰ নিদর্শন। চিলঙত থকা শালভিলা নামৰ ঘৰটোৱে প্রকৃতি প্ৰেমৰো পৰিচয় দিয়ে। তেওঁ সকলো মানুহকে আপোন কৰি ল’ব পাৰিছিল। ভোলানাথ বৰুৱাৰ ৰসিকতাপূর্ণ খুহুতীয়া কথাই ৰসৰাজ বেজবৰুৱাকো বশ কৰিব পাৰিছিল। তেওঁ সোণৰ ঘড়ী আৰু সোণৰ বাও লগোৱা চছমা ব্যৱহাৰ কৰিছিল। ইংৰাজী আদব-কায়দাৰে কোট-পেণ্ট পিন্ধি আৰু দাড়ি ৰাখি ভাল পাইছিল।
নাট্যাভিনয়, চাৰ্কাছ, চিনেমা আদি চাই ভাল পোৱা ভোলানাথ বৰ ৰুচিসম্পন্ন মনৰ গৰাকী আছিল। এজন আগশাৰীৰ পঢ়ুৱৈ হিচাপেও তেওঁৰ সুনাম আছিল। লঘু ৰচনা পঢ়াতকৈ চিন্তাশীল
লিখনি অধ্যয়নত তেওঁৰ ৰাপ আছিল অধিক। কেইজনমান নামজ্বলা লোক আছিল ভোলানাথ বৰুৱাৰ বিশিষ্ট বন্ধু। সেই সকলৰ ভিতৰত বৃটিছ চাহাৰ এড্বার্ড, বিজ্ঞানী জগদীশ চন্দ্ৰ বসু, লোকপ্রিয় গোপীনাথ বৰদলৈ, ছাৰ দেৱপ্ৰসাদ সৰ্বাধিকাৰী আৰু আশুতোষ মুখার্জী অন্যতম। ব্যাঘ্ৰ পুৰুষ আশুতোষ মুখাৰ্জীৰ মতে, সেই সময়ত কলিকতা বিশ্ববিদ্যালয়ৰ এজন হিতৈষী পুৰুষ হিচাপে ভোলানাথ বৰুৱালৈ সন্মানজনক সদস্য পদ আগবঢ়োৱাৰ ব্যৱস্থা কৰিছিল কলিকতা বিশ্ববিদ্যালয়ে। কিন্তু সেই সন্মান ল’বলৈ নাপালে বিখ্যাত সদাগৰজনে।
১৯২৩ চনৰ ৩০ মে’ত ভোলানাথ বৰুৱা ইহজগতৰ পৰা চিৰদিনলৈ আঁতৰি গ’লগৈ। চিৰকুমাৰ ভোলানাথে উপার্জিত সকলোবোৰ এৰি থৈ গ’ল দেশৰ বাবে, জাতিৰ বাবে অর্থাৎ সৰ্বজনৰ কল্যাণৰ বাবে।
বৰ্তমান দেশৰ অৰ্থসংকট মোচনৰ হেতু কৰ্ম সংস্কৃতিৰ বিকাশৰ বাবে সাউদ ভোলানাথে হ’ব পাৰে সৰ্বোত্তম আদর্শ। ড° যোগেন্দ্ৰ নাৰায়ণ ভূঞাই কোৱাৰ দৰে— “আজিৰ এই ব্যৱসায়ৰ যুগত এনে এজন সফল অসমীয়াৰ জীৱন কাহিনী পঢ়িও বহু যুৱ ব্যৱসায়ীয়ে প্ৰেৰণা পাব পাৰে।”
❧ | আৰু পঢ়ক: