এজনেই নন্দ তালুকদাৰ

এজনেই নন্দ তালুকদাৰ
  • 13 Nov, 2025

জিৰ পৰা প্ৰায় পাঁচ বছৰৰ আগেয়ে অসমত জীৱনীকাৰ বুলিলে এটা নামেই মনলৈ আহিছিল,— নন্দ তালুকদাৰ (১৯৩২-১৯৮৩); ঊনবিংশ শতিকাৰ অসমীয়া ভাষা-সাহিত্যৰ বিষয়ে নিৰৱচ্ছিন্নভাৱে চিন্তা-চৰ্চা কৰোঁতা বুলিলে এজনলৈকে বিশেষকৈ আঙুলিয়াবলগীয়া হৈছিল, নন্দ তালুকদাৰলৈ; পুৰণি অসমীয়া কিতাপ বা আলোচনী এখনৰ সন্ধান কৰোঁতেও এজনৰ নামকে মাত্ৰ ল’বলগীয়া হৈছিল, নন্দ তালুকদাৰৰ। অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰত অৰিহণা যোগাওঁতাসকলক জাতিটোৰ হৈ কৃতজ্ঞতা জনোৱাই আছিল যাৰ লক্ষ্য, ঊনবিংশ শতিকাৰ অসমীয়া ভাষা-সাহিত্যৰ মণি-মুকুতা উদ্ধাৰেই আছিল যাৰ ব্ৰত, অসমীয়া ভাষা-সাহিত্যৰ সেৱা-সাধনাই আছিল যাৰ স্বপ্ন, সেইজনেই আছিল নন্দ তালুকদাৰ। স্থিৰ লক্ষ্যেৰে আপোন ব্ৰত সাধন কৰি গৈছিল নন্দ তালুকদাৰে; কিন্তু তেখেতৰ স্বপ্নহে ৰৈ গ’ল অতিশয় কৰুণভাৱে অসম্পূৰ্ণ হৈ।

নন্দ তালুকদাৰৰ সপোন আছিল— অসমীয়া ভাষাৰ সকলো কিতাপ-পত্ৰ, কাকত-আলোচনী সংগ্ৰহ আৰু সংৰক্ষণ কৰি অসমীয়া জাতিৰ কল্যাণ সাধন কৰা, তেখেতৰ ব্যক্তিগত গ্ৰন্থাগাৰটো ব্যক্তিগত প্ৰচেষ্টাৰেই গঢ়ি তুলি কালক্ৰমত জাতীয় সম্পত্তিত পৰিণত কৰা, “মৃত্যুৰ আগমুহূৰ্তলৈকে” সংগ্ৰহ-কাৰ্য অব্যাহত ৰাখি “ৰাইজৰ হাততে” তেখেতৰ সেই অমূল্য সম্পদটি অৰ্পণ কৰি যোৱা। (দ্ৰষ্টব্য: প্ৰান্তিক, ১ম বছৰ, ১০ম সংখ্যা) সঁচা কথা, “মৃত্যুৰ আগমুহূৰ্তলৈকে” তেখেতে সংগ্ৰহ কৰি গ’ল দুই হাতেৰে; পিছে “ৰাইজৰ হাততে গতাই” যাবলৈ তৰা আঁচনি বাস্তৱায়িত কৰিবলৈ তালুকদাৰ যে “মৃত্যুৰ আগমুহূৰ্তলৈকে” জীয়াই নাথাকিল। “মৃত্যুৰ আগমুহূৰ্তলৈকে” শব্দকেইটা ইমানেই নিষ্ঠুৰ হ’ব পাৰে বুলি, শব্দকেইটাৰ ব্যঞ্জনা ইমানেই কৰুণ হ’ব পাৰে বুলি বক্তাজনে জানো জানিছিল?

প্ৰখ্যাত-স্বল্পখ্যাত বহুতো লোকৰ জীৱনীকাৰ নন্দ তালুকদাৰে এই কথাও জানো জানিছিল যে ইমান সোনকালে তেখেতৰেই জীৱনৰ কথা লিখিব লাগিব প্ৰখ্যাত-স্বল্পখ্যাত বহুতো লোকে? এই কথাও জানো তেখেতে জানিছিল যে বিভিন্ন লোকৰ জীৱনৰ খুটি-নাটি সংবাদ শুদ্ধ ৰূপত সংগ্ৰহ কৰোঁতা নন্দ তালুকদাৰৰ গ্ৰন্থকেইখনৰ নামকেইটাও তেখেতৰ দেহাৱসানৰ সংবাদত শুদ্ধ ৰূপত নোলাব পাৰে? অসমৰ যিকোনো প্ৰখ্যাত লোকৰ মৃত্যু-সংবাদ পৰিৱেশন কৰোঁতে অসমৰ প্ৰায়কেইটা সংবাদ-প্ৰতিষ্ঠানেই ততাতৈয়াকৈ যিজন নন্দ তালুকদাৰৰ সহায় লাভ কৰিছিল, সেইজন নন্দ তালুকদাৰৰ বিষয়ে জনাব পৰা ব্যক্তি এজন যে যথা সময়ত নোলাব পাৰে, সেই কথা সঁচাকৈয়ে নন্দ তালুকদাৰে জনা নাছিল।

নন্দ তালুকদাৰৰো বহুতো কথা অসমৰ মানুহে নাজানিছিল। বৰ্তমান অসমৰ জাতীয় জীৱনৰ লগত জড়িত বহুতো লোকৰে ব্যক্তিগত আৰু পাৰিবাৰিক জীৱনৰ লগত তালুকদাৰ কিমান নিবিড় আৰু গভীৰভাৱে জড়িত হৈ পৰিছিল, অতীত অসমৰ জাতীয় জীৱন সমৃদ্ধ কৰোঁতা বহুতো লোকৰ জীৱন আৰু প্ৰতিভাৰ সংবাদ তেখেতে কি পৰিমাণে সংগ্ৰহ কৰিছিল, এনেবোৰ উপাদান সংগ্ৰহত অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে, আনকি অসমৰ বাহিৰতো ঘূৰি-পকি কেনেকৈ আত্ম-নিয়োগ কৰিছিল, তেনে বহুতো কথা, নিজকে বাদ নিদিয়াকৈ কৈছোঁ, অসমৰ মানুহে এতিয়াও নাজানে।

কিন্তু অসমীয়া মানুহে নজনা বহুতো কথাকে নন্দ তালুকদাৰে জনাই থৈ গ’ল তেখেতৰ অক্লান্ত পৰিশ্ৰমেৰে। তালুকদাৰ আছিল, এক কথাত, ঊনবিংশ শতিকাৰ অসমীয়া ভাষা-সাহিত্য সংস্কৃতিৰ সাংবাদিক। কিন্তু নগৈ গড়গাঁৱৰ বতৰা কোৱা সাংবাদিক নাছিল তালুকদাৰ। সাহিত্যিক জীৱনৰ সৰহছোৱা কাল নন্দ তালুকদাৰে অতিবাহিত কৰিছিল ঊনবিংশ শতিকাৰ মাজত, আৰু সদায় ব্যস্ত হৈ আছিল সেই শতিকাটোৰ অসমীয়া ভাষা-সাহিত্য সম্পৰ্কীয় সম্ভাৱ্য সকলো উৎসৰ সন্ধানত। সেই ব্যস্ততাৰ দাম দিবলগীয়া হৈছিল ব্যক্তিগত আৰু পাৰিবাৰিক বহুতো ক্ষতিৰে। সীমিত উপাৰ্জনৰ কিমান পৰিমাণৰ অৰ্থ যে এইবোৰ কামত তালুকদাৰে বিনিয়োগ কৰিব লগা নহৈছিল! পাৰিবাৰিক ক্ষেত্ৰত যেনেকৈ আছিল নন্দ তালুকদাৰ স্ব-প্ৰতিষ্ঠিত, সাহিত্যৰ ক্ষেত্ৰতো তেনেকৈ আছিল তেখেত আত্মনিৰ্ভৰশীল। সাম্প্ৰতিক কালৰ অসমত কাৰোবাৰ লেখাৰ পাদটীকালৈকে ঋণ কৰ্জা কৰি উপাধি গোটোৱা গৱেষকে (? ) “মান্য সতকাৰ” দাবী কৰা বা “আপোনাৰ মহত্ত্ব বখানি” ফুৰা দৃষ্টান্ত মুঠেই বিৰল নহয়। সেই দিশৰ পৰা চালে ঊনবিংশ শতিকাৰ অসমীয়া ভাষা-সাহিত্যৰ সংবাদ পৰিৱেশনত নন্দ তালুকদাৰ সঁচাকৈয়ে অনন্য; তেখেতৰ কাৰ্য সঁচাকৈয়ে প্ৰকৃত অৰ্থত সাংবাদিকৰ কৃচ্ছ্ৰ্ৰ সাধনৰ পৰিচায়ক। তালুকদাৰৰ লেখাত কেতিয়াবা তথ্যৰ অপূৰ্ণতা ওলাব পাৰে; কিন্তু তথ্যৰ বিকৃতি নাই। অপূৰ্ণতাৰ বাবেও জগৰীয়া সাংবাদিক তালুকদাৰ নহয়, উৎসহে। এই দিশৰ বহুতো কামতেই তালুকদাৰৰ ভূমিকা আছিল বাটকটীয়াৰ, আৰু সেই ভূমিকায়েই তালুকদাৰক দান কৰিছিল অসমীয়া সাহিত্য ক্ষেত্ৰত এক অবিচল প্ৰতিষ্ঠা। তাৰ বাবে, কৃপাবৰে কৈ যোৱাৰ দৰে— “মোৰ নামটো ভোটা তৰা, মোৰ যহটো ৰৌ” কৰিবলৈ আপোন বা পাৰস্পৰিক বাদ্য-বাদনৰ প্ৰয়োজন নন্দ তালুকদাৰ অনুভৱ কৰা নাছিল কেতিয়াও; “কৃটিক হৈ বৰক গালি ছপাই উলিওৱা”ৰ প্ৰয়োজনো তালুকদাৰৰ জীৱনত হোৱা নাছিল কেতিয়াও। যশ আৰু অৰ্থৰ আকাংক্ষাই নন্দ তালুকদাৰক প্ৰলোভিত কৰিব পৰা নাছিল। এইবোৰৰ মূলীভূত কাৰণটো নিশ্চয় এয়ে নহয় জানো যে সাহিত্যিক নন্দ তালুকদাৰতকৈ সাহিত্য-সেৱক নন্দ তালুকদাৰজন আছিল বহুত বেছি শক্তিশালী, বহুত বেছি ব্যক্তিত্বসম্পন্ন? আমাৰ সমাজ জীৱনৰ সকলো স্তৰতেই সেৱাৰ মনোবৃত্তি যি সময়ত মহঙা, আপুৰুগীয়া; যি সময়ত “সেৱা” অভিধানৰ ৰস-গন্ধবিহীন এটা শব্দমাত্ৰ হৈ পৰিছে, সেই সময় বা পৰিপ্ৰেক্ষিতত অসমীয়া ভাষা-সাহিত্যৰ একশৰণীয়া সেৱক নন্দ তালুকদাৰ সঁচাকৈয়ে প্ৰেৰণাৰ এক উৎস।

ব্যক্তিগতভাৱে মই নিজেও নন্দ তালুকদাৰৰ পৰা প্ৰেৰণা লাভ কৰিছিলো। ম‍ই জনাত তালুকদাৰৰ বন্ধু নাছিলেই। সাহিত্যৰ ক্ষেত্ৰত যেনেকৈ তালুকদাৰৰ সম্পৰ্ক আছিল ঊনবিংশ শতিকাৰ লগত, ব্যৱহাৰিক ক্ষেত্ৰতো তেনেকৈ তেখেতে সদায়েই সংযোগ ৰাখিছিল নিজতকৈ বয়োজ্যেষ্ঠসকলৰ লগতহে। গতিকে ময়ো তেখেতৰ বন্ধু আছিলো বুলি দাবী কৰিব নোৱাৰোঁ। কিন্তু এতিয়াৰ পৰা প্ৰায় ডেৰ কুৰি বছৰৰ পূৰ্বে তেখেতৰ লগত ঘটা মোৰ পৰিচয় ‘পৰিচয়’ৰ মাত্ৰাৰ বহুত ওপৰলৈ উঠি গৈছিল বুলিব লাগিব। নন্দ তালুকদাৰৰ সমানকৰ্মা মই নাছিলো যদিও মোক বোধহয় তেখেতে সমানধৰ্মা বুলি ভাবিছিল, আৰু সেইবাবেই একাধিক ক্ষেত্ৰত তেখেতে মোক সহায় কৰিছিল অকৃপণভাৱে। আজিৰ পৰা সাতাইছ বছৰৰ পূৰ্বে নগাঁৱৰ বঢ়মপুৰৰ পৰা প্ৰকাশিত ‘আকাশী গংগা’ নামৰ দুমহীয়া আলোচনীখন মই সম্পাদনা কৰোঁতে বঢ়মপুৰৰ ল’ৰা এজনৰ বাবে অসমৰ সাহিত্য-সংস্কৃতিৰ স্নায়ুকেন্দ্ৰ গুৱাহাটীত নন্দ তালুকদাৰেই আছিল একমাত্ৰ নিৰ্ভৰ। নিজে প্ৰৱন্ধ লিখি যোগান ধৰাৰ উপৰি কেইবাজনো বৰেণ্য লেখকৰ প্ৰৱন্ধ-পাতি সংগ্ৰহ কৰি আলোচনীখনলৈ নিয়মিতভাৱে পঠিয়াই তালুকদাৰে নিজৰ স্বভাৱজাত সেৱা আগবঢ়াইছিল। ‘ৰত্নকান্ত বৰকাকতীৰ গদ্য সম্ভাৰ’ আৰু ‘ৰত্নেশ্বৰ মহন্ত ৰচনাৱলী’ সংকলনৰ বেলিকাও তেখেতে মোলৈ আগবঢ়োৱা সহায়ৰ চিন গ্ৰন্থ দুখনত ৰৈ গৈছে।

ষাঠি চনৰ কোনোবা এটা দিনত মোক তেখেতে কবি ৰঘুনাথ চৌধাৰী, নলিনীবালা দেৱী আৰু হেম বৰুৱাৰ ঘৰলৈ লৈ গৈছিল চিনাকি কৰি দিবলৈ। তালুকদাৰৰ প্ৰতি থকা এই বৰেণ্য ব্যক্তিকেইগৰাকীৰ আন্তৰিকতাৰ উমান পাই মোৰ মনত তালুকদাৰৰ প্ৰতি শ্ৰদ্ধা আৰু ঈৰ্ষা সমানে উপজিছিল। নন্দ তালুকদাৰ প্ৰতি সেইসকলৰ আশীৰ্বাদ আছিল অপৰিমেয়। আনহাতে, সেইসকলৰো মনৰ ৰসায়ন স্বৰূপে নন্দ তালুকদাৰৰ ভূমিকা আছিল অপৰিমিত।

চৌসত্তৰ চনত অনুষ্ঠিত অসম সাহিত্য সভাৰ মঙলদৈ অধিৱেশনৰ উদ্বোধক প্ৰখ্যাত ওড়িয়া সাহিত্যিক কালিন্দীচৰণ পাণিগ্ৰাহীৰো সান্নিধ্য আকস্মিকভাৱে লাভ কৰিছিলো নন্দ তালুকদাৰৰ যোগেদিয়েই। অসম সাহিত্য সভাৰ হৈ সাহিত্যিকগৰাকীক বৰঝাৰত বিমানত উঠাই দি বিদায় সম্ভাষণ জনোৱাৰ দায়িত্ব আছিল তালুকদাৰৰ ওপৰত। কেনেবাকৈ পাণিগ্ৰাহীয়ে কিবা অসুবিধা পাব পাৰে বুলি, অসম সাহিত্য সভাৰ কেনেবাকৈ কিবা দুৰ্নাম হয় বুলি, অসমীয়া মানুহৰ আতিথ্যৰ কিবা অপযশ হয় বুলি তালুকদাৰৰ যে কিমান উদ্বিগ্নতা! সেই কামটোক জাতীয় কৰ্তব্য বিবেচনা কৰি, মঙলদৈৰ পৰা উভতি অহাৰ বাটত মোকো তেখেতে এদিন এৰাতি তেখেতৰ ঘৰতে থাকিবলৈ বাধ্য কৰিলে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ তেতিয়াৰ সঞ্চালক অৱনী দাসৰ বাসভৱনৰ পৰা (দাসকো লগত লৈ) আমি দুয়ো এখন গাড়ীৰে সাহিত্যিকগৰাকীক নি বৰঝাৰত বিদায় সম্ভাষণ জনাই আহিছিলো। বিদায় লোৱাৰ আগে আগে পাণিগ্ৰাহী ডাঙৰীয়াই বিচৰা মতে, দুদিন মানৰ পাছত এখন চিঠিৰে অসম সাহিত্য সভাৰ পতাকা উত্তোলনৰ গীতটি তেখেতলৈ ম‍ই প্ৰতিলিপি কৰি পঠিয়াইছিলো। কেইদিনমানৰ পাছত বৰেণ্য সাহিত্যিকগৰাকীৰ পৰা ওড়িয়া লিপিৰে তলৰ চিঠিখন আহিল:

Kalindicharan Panigrahi
‘Swapnapuri’,
Pithapur,
Cuttack-1, Phone: 1586

কটক— ১
২৩-২-১৯৭৪

পৰম স্নেহাস্পদ শ্ৰীযুক্ত ভূঞা মহাশয়,

ওড়িয়া লিপিৰে আপনংক স্নেহাঙ্কিত পত্ৰখণ্ডি পাই অত্যন্ত প্ৰীত হেলি। সেথি সহিত আসাম সাহিত্য সভাৰ পতাকা উত্তোলনৰ সম্পূৰ্ণ গীতটি পাই গত ১১ তাৰিখ ফেব্ৰুৱাৰী গৌহাটী বিমান ঘাটীৰে আপনংক সহিত শুভ সাক্ষাতৰ চিত্ৰটি মোৰ চিত্তপটৰে ফুটি উঠিলা। আসামৰ অপূৰ্ব মধুময় স্মৃতি সহিত আপনংক গভীৰ স্নেহ-মমতা মোতে অভিভূত কৰি পকাইছি।

তাহাৰ প্ৰতিদান লাগি মোৰ কিছিমাত্ৰ সম্বল নাহি। এথৰ আসাম-দৰ্শন ও বন্ধুমানংক সহিত মিলন মোৰ হৃদয়কো গভীৰতৰ ও প্ৰশস্ততৰ কৰিছি। আপন মোৰ আন্তৰিক ক্ৰুতজ্ঞতা গ্ৰহণ কৰিবে।

আশা, সৰ্বশুভৰে এ পত্ৰ আপনাংক হস্তগত হেব।

একান্ত স্নেহাধীন
কালিন্দীচৰণ পাণিগ্ৰাহী।”

কোৱা বাহুল্য, মোলৈ অহা এই চিঠিৰ মূলত নন্দ তালুকদাৰ। অসমীয়া মানুহৰ প্ৰতি কালিন্দীচৰণ পাণিগ্ৰাহীয়ে জনোৱা কৃতজ্ঞতাত, তেখেতৰ হৃদয়ত বৈ যোৱা “আসামৰ অপূৰ্ব মধুময় স্মৃতিত”, অসম-দৰ্শন আৰু বন্ধুসকলৰ সৈতে হোৱা মিলনে তেখেতৰ হৃদয়ক গভীৰতৰ আৰু প্ৰশস্ততৰ কৰা কাৰ্যত নিশ্চয় নন্দ তালুকদাৰৰ সেৱাৰ মনোভাবৰ পৰা ওপজা অন্তৰৰ উদ্বিগ্নতাও বহু পৰিমাণে জড়িত। নন্দ তালুকদাৰৰ নামটো পৰ্যন্ত উল্লেখ নথকা এই চিঠিখন ইয়াত উদ্ধৃত কৰি দিয়া কথাটো কাৰোবাৰ মনত অপ্ৰাসংগিক যেন লাগিব, কিন্তু মোৰ বাবে চিঠিখনৰ লগত এতিয়ালৈকে জড়িত হৈ আছে নন্দ তালুকদাৰৰ স্মৃতিহে। অন্যথা, কালিন্দীচৰণ পাণিগ্ৰাহীৰ লেখীয়া এগৰাকী ব্যাক্তিয়ে মোলৈ চিঠি এখন লিখাৰ প্ৰাসংগিকতা মোৰ ক্ষেত্ৰত এতিয়ালৈকে কিজানি নোলালহেঁতেন।

অসম সাহিত্য সভাৰ এজন ভীমকৰ্মা প্ৰাক্তন প্ৰধান সম্পাদক হৰিপ্ৰসাদ নেওগৰ কথা মনত পৰিছে। উজনি-নামনিৰ দুজন সুযোগ্য লোকক হৰিপ্ৰসাদ নেওগে অসম সাহিত্য সভাৰ মাজ-মজিয়ালৈ আনিলে। নেত্তগৰ কাৰ্যকালত সহকাৰী সম্পাদক আছিল যোৰহাট কাৰ্যালয়ৰ বাবে নগেন শ‍ইকীয়া, আৰু গুৱাহাটী কাৰ্যালয়ৰ বাবে নন্দ তালুকদাৰ। অসম সাহিত্য সভাৰ বিষয়ববীয়া এজনে কিমান নিষ্ঠাৰে অনুষ্ঠানটোৰ কৰ্তব্য পালন কৰিব লাগে, সেই কথায়েই প্ৰকাশ পাইছিল নন্দ তালুকদাৰৰ কামৰ মাজেদি। অৱশ্যে, শেহলৈ তালুকদাৰে সাহিত্য সভাৰ সেৱা-কৰ্মৰ পৰা আঁতৰি আহি সাহিত্যৰ সেৱা-কৰ্মতহে আত্মনিয়োগ কৰিবলৈ ধৰিলে। আনুষ্ঠানিক বিষয়বাবৰ প্ৰতি তালুকদাৰৰ ৰতি আছিল নিচেই কম। ‘অসম সাহিত্য সভা পত্ৰিকা’ সম্পাদনা কৰিবৰ নিমিত্তে তালুকদাৰৰ যোগ্যতা আছিল তৰ্কাতীত। কিন্তু বিষয়বাব এটা লোৱাৰ বেলিকা; তাকো আকৌ নিৰ্বাচন-প্ৰক্ৰিয়াৰ মাজেদি, তেখেতৰ অনীহাৰ অন্ত নাছিল; আৰু সেইবাবেই বাৰে বাৰে অনুৰোধ জনোৱা সত্ত্বেও আলোচনীখন সম্পাদনা কৰাৰ দায়িত্ব তেখেতে এবছৰলৈও গ্ৰহণ নকৰিলে। অথচ, আন বহুতৰ দৰেই, অসম সাহিত্য সভা আছিল নন্দ তালুকদাৰৰ প্ৰাণৰ বস্তু।

নিজৰ চুটি জীৱন-কালত অসমীয়া ভাষা সাহিত্যৰ বহুতো দীঘল কামৰে পাতনি মেলি গ’ল নন্দ তালুকদাৰে। পিছে, তেখেতে মেলি থৈ যোৱা পাতনিতকৈ তৰি থৈ যোৱা আঁচনি বহুত বেছি। এজন নন্দ তালুকদাৰেহে সেই আঁচনিসমূহ বাস্তৱায়িত কৰিব পাৰিলেহেঁতেন। কিন্তু আমাৰেই দুৰ্ভাগ্য, অসমীয়া জাতিৰেই দুৰ্ভাগ্য যে অসমত নন্দ তালুকদাৰ মাত্ৰ এজনেই আছিল। সেইজন নন্দ তালুকদাৰ আমাৰ মাজৰ পৰা আঁতৰি যোৱা পাঁচ বছৰ হ’বৰ হ’লহি। এই পাঁচোটা বছৰত বাৰু তেখেতৰ স্মৃতিও আমাৰ মনৰ পৰা আঁতৰি গৈছে নেকি? তালুকদাৰৰ স্মৃতিত এইকেইটা বছৰত আমি বাৰু কি কৰিলো ? জীৱনীকাৰ নন্দ তালুকদাৰৰ জীৱনী এখনকে আমি উলিয়ালোনে? তেখেতে মৃত্যুৰ আগমুহূৰ্তলৈকে সংগ্ৰহ কৰি যোৱা অসমীয়া কিতাপ-আলোচনীৰ ভঁৰালটো সংৰক্ষণ কৰাৰ কিবা ব্যৱস্থা হ’লনে? তেখেতৰ মৃত্যুৰ লগে লগে কাকত-আলোচনীত প্ৰকাশ পোৱা আৱেগ-উষ্মাতেই যদি আমাৰ কৰ্তব্য সীমাবদ্ধ হৈ থাকে, আমাৰ ভাষা-সাহিত্যৰ নিঃস্বাৰ্থ সেৱক এজনেনো প্ৰেৰণা পাব ক’ৰ পৰা?

ৰচনাকাল: ১৯৮৮, পূৰ্ব প্ৰকাশ: কলীয়াভোমোৰা (সম্পা: উপেন্দ্ৰ বৰকটকী), প্ৰথম সংখ্যা, ১৯৮৮

❧ | আৰু পঢ়ক:

ছবি সৌজন্য: নন্দ তালুকদাৰ ফাউণ্ডেশ্যন

এজনেই নন্দ তালুকদাৰ | ড° যোগেন্দ্ৰ নাৰায়ণ ভূঞা

Follow Nilacharai on Facebook