অ সমীয়া সাহিত্যত আধুনিকতাবাদী ধাৰাটোৰ অন্যতম প্ৰবক্তা ‘ৰামধেনু’ আলোচনীৰ প্ৰভাৱ স্তিমিত হ’বলৈ ধৰাৰ সময়ত আত্মপ্ৰকাশ কৰা এগৰাকী মননশীল গল্পকাৰ হ’ল ড° নগেন শইকীয়া (জ. ১৯৩৯)৷ ‘ৰামধেনু’ৰ লেখক-গোষ্ঠীটোৱে অগ্ৰচেতনাৰে অসমীয়া সাহিত্যৰ ক্ষেত্ৰলৈ পশ্চিমীয়া আধুনিকতাবাদী ধ্যান-ধাৰণাবোৰৰ আমদানি ঘটাইছিল৷ পৰৱৰ্তী প্ৰজন্মৰ ড° নগেন শইকীয়াকে ধৰি মুখ্য গল্পকাৰসকলে ‘ৰামধেনু’ৰ উক্ত ঐতিহ্যটোকে আগুৱাই লৈ গৈছিল৷
নগেন শইকীয়াৰ প্ৰথমখন গল্প সংকলন ‘কুবেৰ হাতীবৰুৱা’ প্ৰকাশ পাইছিল ১৯৬৭ চনত৷ ইয়াৰ পাছত তেওঁৰ অন্য নখন গল্প সংকলন প্ৰকাশ পায়৷ তেওঁৰ তৃতীয়খন গল্প সংকলন ‘বন্ধ কোঠাত ধুমুহা’ ১৯৭১ চনত প্ৰকাশ পায়৷ গোলাঘাটৰ সাঁচিপাত নামৰ প্ৰকাশন প্ৰতিষ্ঠানটোৰ পৰা প্ৰকাশ পোৱা সংকলনটিত নটা গল্পই স্থান পাইছিল৷ ২০২১ চনত সংকলনটি প্ৰকাশৰ পঞ্চাছ বছৰ পূৰ হয়৷
শইকীয়াদেৱৰ প্ৰথম গল্প পঞ্চাছৰ দশকত কলেজীয়া ছাত্ৰ হৈ থাকোঁতে প্ৰকাশ পাইছিল৷ ২০০৯ চনত তেওঁৰ ‘ষ্টুডিঅ’ ইমেজ প্ৰিণ্ট’ শীৰ্ষক গল্পটো শোণিত বিজয় দাসৰ সম্পাদনাত প্ৰকাশ পোৱা ‘গুৱাহাটী’ নামৰ আলোচনীখনত প্ৰকাশ পাইছিল৷ এইটো তেওঁৰ শেষ গল্প বুলি ভাবিছিলো, কিন্তু লেখকে জনোৱা মতে ইয়াৰ পাছতো তেওঁ হোমেন বৰগোহাঞিৰ অনুৰোধত আন এটা গল্প লিখিছিল৷ সেইটোৱেই তেওঁৰ অন্তিম গল্প৷ পাঁচটা দশক ধৰি গল্পৰ চৰ্চা কৰা নগেন শইকীয়াৰ তৃতীয়খন গল্প সংকলন ‘বন্ধ কোঠাত ধুমুহা’ৰ বিষয়ে তলত চমুকৈ আলোচনা কৰিব বিচাৰিছোঁ৷ উল্লেখযোগ্য যে আলোচ্য গল্প সংকলনটি লেখকে হোমেন বৰগোহাঞিলৈ উছৰ্গা কৰিছিল৷
ড° নগেন শইকীয়াৰ সৃষ্টিশীলতাৰ আধাৰ মূলতঃ অন্তৰ্জগত৷ সেয়ে অৱধাৰিতভাৱে তেওঁৰ গল্পসমূহত চেতনাস্ৰোত ৰীতিৰ প্ৰতিফলন দেখিবলৈ পাওঁ৷ চেতনাস্ৰোত ৰীতিত লেখকসকলে বহিৰ্বাস্তৱতকৈ মানৱ-মনৰ ৰহস্যময় জগতখন চিত্ৰময় ভাষাৰে বিশ্লেষণ কৰিব বিচাৰে৷ পৰম্পৰাগত কাহিনী কথনৰ পৰিৱৰ্তে মন আৰু চেতনাৰ জগতখন তেওঁলোকে উন্মোচন কৰিব বিচাৰে৷ নগেন শইকীয়াৰ উক্ত সংকলনটিৰ গল্পবোৰত আমি চেতনাস্ৰোত ৰীতিৰ প্ৰয়োগ দেখিবলৈ পাওঁ৷
চেতনাস্ৰোত এক সাহিত্যিক ৰীতি৷ ইয়াৰ ঘাই বৈশিষ্ট্য হ’ল আত্মকথন (Interior Monologue)৷ বৰ্ণিত সকলো ঘটনা মনৰ মাজতে ঘটি থাকে৷ ‘এটা আকাংক্ষিত শব্দৰ প্ৰতীক্ষাত’ শীৰ্ষক গল্পটোত এই ৰীতিৰ সাৰ্থক প্ৰয়োগ দেখিবলৈ পোৱা যায়৷ গল্পটোত ষ্ট্ৰ’ক হৈ শয্যাশায়ী হৈ থকা এগৰাকী ষাঠি বছৰীয়া ব্যক্তিয়ে আত্মমন্থন কৰিছে৷ গল্পটোৰ কথকগৰাকীয়ে এটা হেৰাই যোৱা শব্দৰ বাবে আকুলতাৰে প্ৰতীক্ষা কৰিছে৷ কথকগৰাকীৰ বিশ্বাস, শব্দটো আহিলেই তেওঁৰ পুনৰুজ্জীৱন হ’ব৷ কিন্তু সেই শব্দটো কি, তাৰ ৰূপ, তাৰ অৰ্থ কি, সেই বিষয়ে কথকৰ একো ধাৰণা নাই৷ হৃদয়ৰ শব্দৰ মাজত ধৰিবলৈ গৈ কথকে বাৰে বাৰে শব্দটো হেৰুৱাইছে৷ কথকৰ অনুভৱ হৈছে যে শব্দটোৰ অস্তিত্বৰ মাজতে নিজৰ অস্তিত্বক বিচাৰি পাব৷ কিন্তু কথকে শব্দটো আচলতে শব্দ হয়নে নহয় তাকো ক’ব নোৱাৰে৷ তথাপি কথক আশাবাদী, প্ৰেমৰ কামনাৰ অনুভূতি অহাৰ দৰে শব্দটো আহিব আৰু তেওঁৰ পুনৰুজ্জীৱন হ’ব৷
গল্পটোত প্ৰকাশ পোৱা পুনৰুজ্জীৱন (Resurrection)ৰ এই ধাৰণা নিশ্চয় খ্ৰীষ্টান ধৰ্মত বৰ্ণিত পুনৰ্জন্মৰ ধাৰণা নহয়৷ গল্পটোত কথকে পুনৰুজ্জীৱনৰ জৰিয়তে পাৰ্থিৱ যন্ত্ৰণাৰ পৰা মুক্তি লাভৰ আশাহে ব্যক্ত কৰিছে৷ ষ্ট্ৰ’ক হোৱাৰ বাবে পক্ষাঘাত হৈ বিছনাত পৰি থাকিবলগীয়া যন্ত্ৰণাৰ পৰা মুক্তি বিচাৰিছে৷ মন কৰিবলগীয়া কথাটো হ’ল, চেতনাৰ নিৰন্তৰ প্ৰৱাহৰ ইংগিত দিবলৈ গল্পকাৰে গল্পটোত কোনো যতি-চিহ্ন ব্যৱহাৰ কৰা নাই৷ বাক্যবোৰৰ অন্তৰাল বুজাবলৈ কেৱল সঘনে ডেশ্ব্ চিন ব্যৱহাৰ কৰা হৈছে৷
‘বন্ধ কোঠাত ধুমুহা’ শীৰ্ষক গল্পটোত অধিবাস্তৱবাদী উপাদান আছে৷ কিন্তু সেয়া অৱচেতন মনৰ স্বয়ংক্ৰিয় বস্তু নহয়৷ বৰঞ্চ ই গল্পকাৰৰ সচেতন মনৰহে চিন্তা৷ ঘটনাবোৰ লেখকৰ মনৰ ভিতৰতহে ঘটিছে৷ কথকে এটা অকলশৰীয়া কোঠাত বাস কৰে৷ তেওঁৰ কোঠাটোত কোনোবাই কোৰাছ গাইছে৷
“শব্দবোৰে মোৰ কাণৰ পৰ্দা ফালি ভিতৰ সোমাবলৈ ধৰিলে, মোৰ চকুৰ মণি ফালি ভিতৰ সোমাবলৈ ধৰিলে…”,
“এচুকত দ’মাই থোৱা পুৰণি বাতৰি কাকতবোৰৰ মাজত হাত ভৰালো আৰু তাৰ পৰা পুৰণি খবৰবোৰে শৰীৰী ৰূপ ধাৰণ কৰি বিক্ষুব্ধ হৈ উঠি আহি মোক ভৎৰ্সনা কৰিবলৈ ধৰিলে…”,
“লৰালৰিকৈ মই স্তূপীকৃত কিতাপবোৰ আঁতৰাবলৈ ধৰিলো আৰু তাৰ মাজৰ পৰা পঁইতাচোৰা, নিগনি আৰু মকৰাৰ এটা সমদল বাহিৰ হৈ মোক ভৎৰ্সনা কৰি, শ্ল’গান দি আঁতৰি যাবলৈ ধৰিলে৷ যাওঁতে তীব্ৰ ৰোষৰ দৃষ্টিৰে সিহঁতে মোক ঘূৰি ঘূৰি পিৰিক-পাৰাককৈ চাই যাবলৈ ধৰিলে৷…”
—এই অধিবাস্তৱবাদী উপাদানবোৰে কথকৰ মনোজগতত চলি থকা দ্বন্দ্ব আৰু সংঘাতৰ ছবিখন দাঙি ধৰিছে৷
‘মই এটা জেঠিয়ে কৈছোঁ’ গল্পৰ কথকগৰাকী হ’ল পত্নী, সন্তান আৰু অফিচৰ কামৰ মাজত দিকহাৰা এগৰাকী পঞ্চলিছ বছৰীয়া লোক৷ পত্নীৰ ৰঙা চকু, ল’ৰা-ছোৱালীৰ ওজৰ-আপত্তি আৰু অফিচৰ স্তূপীকৃত ফাইলৰ গতানুগতিক বিৰক্তিদায়ক জীৱনৰ পৰা মুক্তি বিচাৰি দুই বন্ধুৰ সৈতে নৈশ যাপন কৰিবলৈ আহিছে— লগত তাছপাত, মদ-মাংস, জাজ সংগীত আদি৷ কিন্তু আনন্দৰ উত্তেজনাত আড্ডাৰ থলীৰ পৰা বাহিৰলৈ ওলাই আহোঁতে আশী কিলোমিটাৰ বেগত অহা ট্ৰাকৰ তলত পৰি কথকৰ মৃত্যু ঘটে৷ যেন মৃত্যুৰে ঘৰ-সংসাৰৰ তিতা-কেঁহাবোৰৰ পৰা তেওঁ মুক্তি লাভ কৰিলে৷ কথকৰ শৰীৰৰ পৰা প্ৰাণবায়ু ওলাই গৈ এটা জেঠিলৈ ৰূপান্তৰ হয়৷
গল্পটোৰ সামৰণি মন কৰিবলগীয়া৷ কথকে জেঠিৰ ৰূপ লাভ কৰি চকুৰ আগত ঘটি থকা অবিশ্বাসৰ ঘটনাবোৰ দেখি ‘ধিক ধিক ধিক’ বুলি ধিক্কাৰ দিয়া নাই, অথবা ‘ঠিক ঠিক ঠিক’ বুলি শলগাও নাই, কেৱল ‘টিক-টিক-টিক’ বুলি এক যন্ত্ৰবৎ শব্দহে কৰিছে৷
‘বন্ধ কোঠাত ধুমুহা’ সংকলনটোত ‘কবৰতলীত আৰ্তস্বৰ’ শিৰোনামৰ এটি গল্প আছে, যিটোক গল্পকাৰে ‘গল্পাংকিকা’ বুলি কৈছে৷ এই শব্দটো তেওঁ গল্প আৰু একাংকিকা শব্দৰ ধবনিগত আৰু প্ৰকৃতিগত সমন্বয়েৰে নতুনকৈ গঢ়ি লোৱা৷ গল্পটোত প্ৰথম পুৰুষৰ আত্মকথন যিদৰে আছে, ঠিক একেদৰে নাটকীয় সংলাপো আছে, আৰু আছে তৃতীয় পুৰুষৰ বৰ্ণনা৷ গল্পৰ শৈলীৰ এই সম্পৰীক্ষা নিঃসন্দেহে সংকলনটিৰ এক আকৰ্ষণীয় দিশ৷ সংকলনটোৰ বাকী গল্পকেইটা হ’ল— ‘শেষ গাড়ীৰ অপেক্ষাত’, ‘নদীৰ বুকুত স্তব্ধতা’, ‘হঠাৎ এদিন’, ‘উৰিবৰ সময়’ আৰু ‘চৌব্বিশ ঘণ্টাত’৷ ‘বন্ধ কোঠাত ধুমুহা’ গল্প সংকলনটিয়ে পঞ্চাছ বছৰ সম্পূৰ্ণ কৰা উপলক্ষে ড° নগেন শইকীয়া ছাৰক অভিনন্দন যাঁচিলো৷
❧ | আৰু পঢ়ক: