ড° হীৰেন গোহাঁই আচলতে এজন অতি প্ৰগতিবাদী মনৰ লোক। তেওঁক সকলো ধৰণৰ সংকীৰ্ণতাৰ ঊৰ্ধ্বত বুলিব পাৰি। অগাধ পাণ্ডিত্যৰ অধিকাৰী ড° গোহাঁই কেৱল তাত্ত্বিক চিন্তা-চৰ্চাৰে বিদ্বান সমাজত বিচৰণ কৰি ফুৰা জনপ্ৰিয় আৰু সভাশুৱনি লোক নহয়। তেওঁ দৰিদ্ৰ নিপীড়িত, বঞ্চিত কোটি কোটি মানুহৰ ন্যায় বিচাৰি বোকা-পানী গচকি দৌৰি ফুৰা সপোনপিয়াসী, উদ্যমী আৰু তেনেই সৰল মনৰ লোক। গণতন্ত্ৰত অগাধ বিশ্বাসী, দেশত ধৰ্মনিৰপেক্ষ প্ৰশাসন, সংবিধানৰ শাসন আৰু সমবিকাশ নিশ্চিত হৈ থাকিবৰ বাবে অহৰহ যুঁজি থকা হিমালয়ৰ দৰে দৃঢ় মনৰ মানুহজন বিগত পাঁচটা দশকে ৰাজ্যৰ ক্ষমতাসৰ্বস্ব শাসক, মুনাফালোভী পুঁজিপতি গোষ্ঠী আৰু ধৰ্মোন্মাদ শ্ৰেণীটোৰ বাবে চকুৰ কুটা দাঁতৰ শূল স্বৰূপ হৈ আহিছে। উত্তৰ স্বাধীনতা কালত এনে এখন চৰকাৰ নাই বা এনে এজন ৰাজনৈতিক নেতা নাই, যি তেওঁলোকৰ জনবিৰোধী কথা-কৰ্মৰ বাবে ড° গোহাঁইৰ ক্ষুৰধাৰ সমালোচনাৰ সন্মুখীন হোৱা নাই। কাৰণ তেওঁ এদিনৰ বাবেও কোনো ৰাজনৈতিক দল বা কোনোখন চৰকাৰৰে অন্ধ ভক্ত হ’ব নোৱাৰিলে। তেওঁ যে কাৰোবাক কিবা কথাত তোষামোদ কৰিব বা কাৰোবাৰ পৰা কিবা অনুগ্ৰহ প্ৰাৰ্থনা কৰিব— সেয়া পৰ্বতত কাছ কণী বিচৰা সদৃশ অসম্ভৱ-অবাস্তৱ কথা। তেওঁ যদি চৰকাৰ বা ক্ষমতাশালী কাৰোবাৰ পৰা কিবা বিচাৰিছে, তেন্তে জানিব— সেয়া সংবিধান প্ৰদত্ত ৰাইজৰ ন্যায্য অধিকাৰ বা প্ৰাপ্যৰ বাদে আন একো নহয়। দেশৰ দৰিদ্ৰ আৰু বঞ্চিত ৰাইজৰ স্বাৰ্থ সুৰক্ষাৰ বাবে আজি চাৰিকুৰি পাঁচ বছৰ বয়সতো তেজাল ডেকাৰ দৰে এখনৰ পাছত আন এখন গণসমাৱেশত তেওঁ যুক্তিসিদ্ধ ভাষণ দি গৈছে, প্ৰতিবাদী সমদলৰ নেতৃত্ব লৈ ৰাজপথত পদযাত্ৰা কৰিছে, ধৰ্ণা দিছে, সংবাদমেল সম্বোধন কৰিছে। জনতাৰ স্বাৰ্থত এই অশীতিপৰ বয়সতো পীড়াদায়ক প্ৰতিবাদী কাৰ্যসূচীবোৰ তেওঁ নিৰ্বিঘ্নে কৰি গৈছে। ইয়াৰ উপৰি কাকত-আলোচনীলৈ চিৰাচৰিতভাৱেই মৌলিক প্ৰবন্ধ-নিৱন্ধ লিখি গৈছে, গ্ৰন্থ অধ্যয়ন কৰিছে, নতুন লেখকৰ গ্ৰন্থ পঢ়ি পাতনি লিখি দিছে, সমালোচনা লিখিছে, শুভেচ্ছাবাণী প্ৰেৰণ কৰিছে, সংবাদ মাধ্যমত সাক্ষাৎকাৰ দিছে, দেশ-বিদেশৰ খবৰ-বাতৰি ৰাখিছে, সাহিত্যিকৰ সভাত অংশগ্ৰহণ কৰিছে, সুহৃদজনৰ বিয়া-সকাম খাইছে, মৃতকৰ অন্তিম যাত্ৰাত অংশ লৈছে, আনকি পৰিবাৰ ৰাণী গোহাঁইক ঘৰুৱা দুই-এখন কামত হাতউজান দিয়ালৈকে কি কৰা নাই? সকলোবোৰ কাম নিয়মীয়াকৈ আৰু নিয়াৰিকৈ কৰি গৈছে। কি অদ্বিতীয় কৰ্মস্পৃহা আৰু ধীশক্তি ধাৰণ কৰি আছে এই আজীৱন সমাজহিতৈষী পুৰুষজনে, ভাবিলে আচৰিত নালাগেনে? স্বাৰ্থান্বেষী মহলৰ নিৰন্তৰ কটু-সমালোচনা, গালি-শপনি, শাওপাত, ষড়যন্ত্ৰ ইত্যাদি কোনোটো অভিসন্ধিক পৰোৱাই নকৰি স্বচ্ছন্দে নিজৰ ৰাস্তাত কাম কৰি যোৱা অকৃত্ৰিম দেশপ্ৰেমী আৰু মানৱদৰদী এই দুঃসাহসী লোকজন জীৱন কালতে কিংবদন্তি হৈ পৰিছে।
সৰুৰ পৰাই প্ৰবল অসম প্ৰেম আৰু জাতীয়তাবাদী চিন্তাৰে উদ্বুদ্ধ ড° গোহাঁইক ৰামজাছ কলেজত পঢ়ি থকা কালতে ১৯৬০ চনত অসমত আৰম্ভ হোৱা ৰাজ্যভাষা আন্দোলনে গভীৰভাৱে প্ৰভাৱিত কৰিছিল। অসমত অসমীয়া ভাষা কিয় ৰাজ্যভাষা নহ’ব— সেই প্ৰশ্নই তেতিয়া ড° গোহাঁইকো উত্তেজিত কৰিছিল। কেইবামাহো পঢ়াশুনা বাদ দি দিল্লীৰ অসমীয়া ছাত্ৰসমাজক সংগঠিত কৰি ‘অসমীয়া ছাত্ৰ সন্মিলন’ প্ৰতিষ্ঠা কৰিছিল আৰু ৰাজ্যভাষা আন্দোলনত উঠিপৰি লাগিছিল। তেওঁলোকে হেম বৰুৱা, আমজাদ আলি আদি অসমৰ সাংসদসকলক লগ ধৰি সংসদত ৰাজ্যভাষাৰ দাবীটো সজোৰে উত্থাপন কৰিবলৈ খাটিছিল। ৰাজ্যভাষা আন্দোলনত অংশগ্ৰহণ কৰাৰ মাজেৰেই ড° গোহাঁইয়ে জীৱনত প্ৰথম ৰাজনীতিৰ সোৱাদ লাভ কৰিছিল বুলি নিজে লিখিছে। ভাষা আন্দোলনৰ অজুহাতত ৰাজ্যৰ চুকে-কোণে অনাকাংক্ষিত হিংসা আৰু প্ৰতিহিংসাৰ জুই জ্বলি উঠিছিল আৰু একাংশ নিৰপৰাধী লোকৰ ঘৰ-দুৱাৰ জাহ যোৱাৰ লগতে জীৱন হানি হৈছিল— যিখিনি খবৰ পাই ড° গোহাঁইৰ মানৱতাবাদী মনটো একেবাৰে ভাগি পৰিছিল। উপলব্ধি কৰিছিল, ন্যায্য অধিকাৰ লাভৰ বাবে কৰা আন্দোলনৰ বিধ্বংসী ৰূপ। অৱশ্যে তেতিয়াও তেওঁ মনৰ পৰা জাতীয়তাবাদী চিন্তা-চৰ্চা পৰিত্যাগ কৰা নাছিল। ১৯৬২ চনৰ চীন-ভাৰতৰ যুদ্ধৰ সময়ত ড° গোহাঁইয়ে জীৱনত প্ৰথমবাৰৰ বাবে দুজনমান আৰ এছ এছ বা হিন্দু মহাসভাপন্থী লোকক লগ পাইছিল আৰু তেওঁলোকৰ দেশপ্ৰেমৰ আৱেগময়তাত তেওঁ কিছু পৰিমাণে আকৃষ্টও হৈছিল। কিন্তু, অতি সোনকালেই হিন্দুত্ববাদীসকলৰ উৎকট সাম্প্ৰদায়িক ৰূপ আৰু অগণতান্ত্ৰিক কথা-কৰ্ম তথা উগ্ৰ ৰাজনৈতিক মতাদৰ্শ প্ৰত্যক্ষ কৰি ড° গোহাঁইৰ মন চিৰদিনৰ বাবে সেইটো শিবিৰৰ পৰা আঁতৰ হৈ আহিছিল।
‘আকুল পথিক’ চন্দ্ৰপ্ৰভা
ড° পৰমানন্দ মজুমদাৰ
ইংৰাজী সাহিত্যৰ ছাত্ৰ ড° গোহাঁই গৱেষণাৰ বাবে কেম্ব্ৰিজ বিশ্ববিদ্যালয়লৈ গৈছিল। কেম্ব্ৰিজৰ উচ্চ মানৰ শিক্ষাই ড° গোহাঁইৰ শিক্ষা-দীক্ষা আৰু পাণ্ডিত্যক পূৰ্ণতা দান কৰিছিল। তাত তেওঁ দেশ-বিদেশৰ অসংখ্যজন গুণী-জ্ঞানী ছাত্ৰ-ছাত্ৰী আৰু পণ্ডিত অধ্যাপক তথা জ্ঞানতপস্বীৰ সান্নিধ্যত সময় কটাইছিল। বিভিন্ন বৌদ্ধিক তৰ্ক-বিতৰ্কত অংশ লৈছিল। জন নিউটন, জৰ্জ ৱাটচন, বিশ্ববিশ্ৰুত পণ্ডিত ৰেইমণ্ড উইলিয়ামছ, এল চি নাইৎছৰ দৰে পণ্ডিতৰ লগত তেওঁ বৌদ্ধিক আলচত সমানে অংশ ল’ব পাৰিছিল। ইয়াৰ উপৰি, তেওঁ তাত য়ুৰোপীয় প্ৰখ্যাত লেখক-সাহিত্যিকৰ দুৰ্লভ গ্ৰন্থবোৰ অধ্যয়ন কৰি পৰিপক্ব হৈ উঠাৰ সুযোগ পাইছিল। তেনেকৈয়ে ১৯৬১ চনত তেওঁ ক্ৰিষ্টফাৰ মৰিছৰ তত্ত্বাৱধানত সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ ইংৰাজ কবি মিল্টনৰ মহা কাব্যিক কবিতা সংকলন ‘পেৰাডাইজ লষ্ট’ৰ বিষয়ে গৱেষণা কৰি পিএইচডি উপাধি লাভ কৰিছিল। অধ্যয়নৰ সমান্তৰালভাৱে বৰ্ধিত অৰ্থসংকটৰ জোৰা মাৰিবলৈ তাত তেওঁ কাৰখানাত শ্ৰমিকৰ কামো কৰিব লগাত পৰিছিল। দুই-এদিন লঘোনেও কটাব লগা হৈছিল বা লাজ-মান কাটি কৰি কোনোবা লগৰীয়াৰ টেবুলত অতিৰিক্ত ভাত খাবলৈয়ো বাধ্য হৈছিল। জীৱনৰ বাটত সন্মুখীন হোৱা এনেবোৰ বিক্ষিপ্ত অভিজ্ঞতাই ড° গোহাঁইক বাস্তৱ জগতখনত থিয় দিবলৈ আৰু অধিক পৈণত কৰি তুলিছিল। অদমনীয় মনৰ এই যুৱকজনে এবাৰ শ্ৰমিকৰ গোট এটা গঠন কৰি মালিক পক্ষৰ অন্যায়ৰ বিপক্ষে ষ্ট্ৰাইক খাৰা কৰি দিছিল। ইয়াৰ পৰা শ্ৰমিকসকলে সুফল লাভ কৰিছিল ঠিকেই, কিন্তু এই ঘটনাৰ দুদিনমানৰ পাছতে তেওঁক মালিক পক্ষই মাতি নি যথেষ্ট প্ৰশংসা কৰিছিল আৰু এটোপোলা পুৰস্কাৰ আগবঢ়াইছিল। আৰু তেওঁৰ দৰে প্ৰতিভাৱান লোকে সাধাৰণ শ্ৰমিকৰ কাম কৰি সম্ভাৱনাবোৰ মিছাতে নষ্ট কৰিব নালাগে বুলি তেতিয়াই কামৰ পৰা অব্যাহতি দি বিদায় দিছিল। প্ৰতিবাদী শ্ৰমিক স্বৰূপ ড° গোহাঁইক এনে অভিনৱ কৌশলেৰে আঁতৰাই মালিকপক্ষ নিষ্কণ্টক হোৱা কথাটোত তেওঁ নিজে তবধ মানিছিল। শাসক, শোষক আৰু সামন্তবাদী শক্তিবোৰৰ বিপক্ষে প্ৰতিবাদী আন্দোলনৰ নেতৃত্ব দি পাছত তাৰ পৰা নিজে বাদ পৰাৰ অভিজ্ঞতা ড° গোহাঁইৰ জীৱনত অনেক আছে বুলি তেওঁ নিজে উল্লেখ কৰিছে।
যি নহওক, অনেক গুজব-অপলাপ চলি থকাৰ মাজতে তেওঁ অভীষ্ট কৰ্মবোৰ সিদ্ধি কৰি যথাসময়ত জন্মভূমি পাইছিলহি। ঘূৰি আহিয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কিছুদিন পাঠদান কৰিছিল, কিন্তু বিভাগীয় প্ৰধানৰ লগত কোনো কথাত মতানৈক্য হোৱাত স্বাভিমানী ডেকাজনে সেই কাম বাদ দিয়ে। ১৯৬৯ চনমানৰ পৰা চি পি আই (এম) দলৰ কিছুমান ৰাজনৈতিক কাৰ্যসূচীত তেওঁ সহযোগ কৰিবলৈ লৈছিল। উল্লেখযোগ্য যে, বাঁওপন্থী আদৰ্শৰ প্ৰতি কেম্ব্ৰিজত থকা কালতে ড° গোহাঁই আকৃষ্ট হৈছিল। ব্যক্তিগত আৰু সামাজিক জীৱনত সদায়ে গণতান্ত্ৰিক সমাজবাদী আদৰ্শৰ অনুগামী ড° গোহাঁই কিন্তু দেশৰ বাঁওপন্থী ৰাজনৈতিক দলবোৰৰ পাৰ্টি সদস্য বা অন্ধ অনুগামী কোনো কালে হোৱা নাছিল। বৰং সেইবোৰ দলৰ নেতৃবৃন্দৰ সমাজবাদ বা সাম্যবাদ আদৰ্শবিৰোধী কৰ্মকাণ্ড, নেতাবোৰৰ ক্ষমতালিপ্সা, অভ্যন্তৰীণ কন্দল আৰু বিলাসী জীৱন চৰ্যাক লক্ষ্য কৰি তেওঁ কঠোৰ সমালোচনা কৰি গৈছিল। আনহাতে, প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ আমোলৰ পৰা পুঁজিবাদী অৰ্থনৈতিক আদৰ্শৰ লগতে সমাজবাদী আদৰ্শইয়ো দেশৰ অৰ্থনীতিত সম-মৰ্যাদা লাভ কৰিবলৈ সক্ষম হোৱাত ঐতিহ্যমণ্ডিত কংগ্ৰেছ দলটোৰ প্ৰতি ড° গোহাঁইৰ মনোভাব আজিও যথেষ্টখিনি ইতিবাচক। নেহৰু আৰ্হিৰ সমাজবাদ আৰু মিশ্ৰ অৰ্থনীতিৰ পৰিকাঠাম, পঞ্চবাৰ্ষিক পৰিকল্পনাৰ নীতি, গোষ্ঠী নিৰপেক্ষ স্থিতি আৰু বৈদেশিক নীতি, ধৰ্মনিৰপেক্ষতা, পিছপৰা শ্ৰেণী আৰু সম্প্ৰদায়ৰ উন্নতিৰ বাবে গ্ৰহণ কৰা সময়োচিত পদক্ষেপ, সামাজিক শোষণ-অৱদমনৰ বিৰোধিতা ইত্যাদি অনেক আদৰ্শ আৰু কাৰ্যপন্থাৰ বাবে দলটো ড° গোহাঁইৰ দৃষ্টিত আজিও তুলনামূলকভাৱে দেশৰ ভিতৰতে উৎকৃষ্ট দল বুলি বিবেচিত। অৱশ্যে, পৰৱৰ্তী কালত স্বৈৰতান্ত্ৰিক শাসন আৰু হিন্দু সাম্প্ৰদায়িক শক্তিবোৰলৈ দেখুওৱা অহেতুক প্ৰীতিৰ বাবে প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধী আৰু তেওঁৰ চৰকাৰখন তথা তদানীন্তন অসমৰ হিতেশ্বৰ শইকীয়া নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে ড° গোহাঁইৰ পৰা কঠোৰ নিন্দা পাইছিল। একেধৰণৰ নিন্দাৰ মুখামুখি হৈছিল মুক্ত অৰ্থনীতিৰ নামত বিদেশী পুঁজিপতি গোষ্ঠীক দেশৰ দুৱাৰ দুফালকৈ মেলি দিয়া প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাৱেও। আচলতে ড° গোহাঁয়ে সদায় ৰাষ্ট্ৰ আৰু ৰাইজৰ বৃহত্তৰ স্বাৰ্থত মাত মাতি আহিছে। বিশেষকৈ শ্ৰমজীৱী ৰাইজ, সংখ্যালঘু সম্প্ৰদায়, সম-মৰ্যাদাহীন অনুসূচিত জাতি আৰু জনজাতিসকলৰ উন্নয়নত ব্যাঘাত জন্মোৱা শক্তিবোৰৰ বিপক্ষে ড° গোহাঁই প্ৰতিমুহূৰ্ততে সৰৱ। তেওঁ তত্ত্ববিদ বা নীতিবাগীশসকলৰ দৰে কেৱল ভাষণ দি বা প্ৰবন্ধ লিখিয়ে দায়িত্ব সামৰা নাই, সমান্তৰালভাৱে নিৰ্ভীক ৰণুৱাৰ দৰে গণ-আন্দোলনবোৰত নিজে জঁপিয়াই পৰিছে। সেয়ে তেওঁ কি কংগ্ৰেছ, কি অগপ, কি বিজেপি— সকলো দলৰ চৰকাৰৰ আমোলতে বাৰম্বাৰ শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ বলি হ’ব লগা হৈ আহিছে। আনকি, তথাকথিত জাতীয় দল-সংগঠন, ধৰ্মীয় সংস্থা-সংঘবোৰৰো ত্ৰুটি-বিচ্যুতি আৰু ভণ্ডামিবোৰ আঙুলিয়াই দি তেওঁ বহু প্ৰতিপত্তিশালী লোকৰ অপ্ৰীতিভাজন হৈছে। ছবছৰীয়া অসম আন্দোলনৰ দোষবোৰ দেখুৱাই দিয়াত তেওঁ নিজৰে ছাত্ৰ-ছাত্ৰীৰ হাতত নিৰ্যাতিত হৈছিল। আজি সেই সেই নেতাবোৰ নিজৰ আদৰ্শত কোনো নাই। কিন্তু, চৌদিশৰ পৰা অহা সংঘবদ্ধ আক্ৰমণ, কটু-সমালোচনা, ভয়-ভাবুকি, প্ৰলোভন— সকলোবোৰ অগ্ৰাহ্য কৰি ড° হীৰেন গোহাঁই আজিও নিজৰ স্থিতিতে অলৰ-অচৰ হৈ আছে।
‘জয়ন্তী’ৰ দুগৰাকী লেখকৰ কণ্ঠস্বৰ
ড° পৰমানন্দ মজুমদাৰ
ইতিমধ্যে দেশত ধৰ্মনিৰপেক্ষ শক্তিসমূহৰ পতন আৰু কট্টৰ হিন্দুত্ববাদী ৰাজনৈতিক দল বিজেপি আৰু ইয়াৰ সহযোগী আৰ এছ এছ আৰু ভাতৃ সংগঠনবোৰৰ উত্থান দেখি ড° গোহাঁই শংকিত হৈ পৰিছে। ক্ৰমাগতভাৱে বিজেপি মিত্ৰ মৰ্চাই একাধিকবাৰ দেশ শাসনৰ জনাদেশ লাভ কৰিবলৈ সক্ষম হোৱা বিষয়টো বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক দেশখনৰ ভৱিষ্যতৰ বাবে অশনি সংকেত বুলি তেওঁ ব্যক্ত কৰিছে। অদূৰ ভৱিষ্যতত দেশৰ পৰা সাংবিধানিক শাসন উফৰি পৰিব বুলি ৰাইজক সতৰ্ক কৰি দি ঘোৰ সাম্প্ৰদায়িক বিজেপি দলক অচিৰেই ক্ষমতাৰ পৰা উচ্ছেদ কৰিব লাগে বুলি তেওঁ বাৰম্বাৰ ভোটাৰ ৰাইজক আহ্বান জনাই আছে। ক্ষমতাৰ ৰাজনীতিত টিকি থকাৰ স্বাৰ্থত বিজেপিয়ে দেশৰ গণতান্ত্ৰিক, ধৰ্মনিৰপেক্ষ সমাজখনক ধৰ্মীয় মেৰুকৰণেৰে বহুধাবিভক্ত কৰি পেলাইছে। তীব্ৰ ঘৃণা আৰু বিদ্বেষ সঞ্চাৰ কৰি বহুত্ববাদী ভাৰতীয় সমাজৰ আটিল সম্বন্ধ এওঁলোকে ছিঙি পেলাইছে। হিন্দুৰ বৰ্ণব্যৱস্থা, জাতিভেদ, অস্পৃশ্যতা, উচ্চ জাতৰ সামাজিক শোষণ-অৱদমনক এওঁলোকে পুনঃ ন্যায্য বুলি প্ৰতিষ্ঠা কৰিবলৈ উঠিপৰি লাগিছে। অতিকেন্দ্ৰিক শাসন ব্যৱস্থা কায়েম কৰি ৰাজ্যবোৰৰ স্বতন্ত্ৰতাক উলংঘা কৰিছে। কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ বাতিল কৰা, অসমত এন আৰ চি উন্নীত কৰাৰ নামত জধেমধে সংখ্যালঘু ৰাইজক বিদেশী ঘোষণা কৰা, বাবৰি মছজিদৰ ঠাইত ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰা, তিন তালাক নিষিদ্ধ কৰা, ক’ৰোনাকালীন সময়ত জামাতিসকলক হাৰাশাস্তি কৰা ইত্যাদি সকলোবোৰ কাৰ্যসূচী বিজেপি চৰকাৰৰ পৰিকল্পিত মুছলমান বিদ্বেষ বুলি ড° গোহাঁয়ে ব্যক্ত কৰিছে। দেশত মুছলমানসকলক এঘৰীয়া কৰিবলৈ গৈ থকা বিজেপি আৰু হিন্দুত্ববাদী শিবিৰটোৰ অন্তিম লক্ষ্য হ’ব দেশৰ অনুসূচিত জাতি আৰু জনজাতিসকল। সৰ্বশেষত, হিন্দুত্বৰ নামত ব্ৰাহ্মণ্যবাদী একাংশ ধৰ্মান্ধ লোকৰ স্বৈৰতান্ত্ৰিক শাসনহে দেশত বলৱৎ হ’বগৈ বুলি তেওঁ জনতাক সজাগ কৰি দিছে। দেশৰ আঞ্চলিক আৰু সাংস্কৃতিক বিভিন্নতা তথা ভৌগোলিক বিচিত্ৰতাক আওকাণ কৰি ‘এক দেশ-এক ভাষা-এক ধৰ্ম-এক পৰিচয়’ প্ৰতিষ্ঠা কৰিবলৈ গৈ শাসক পক্ষই কেৱল সংবিধানৰ নীতিকে ভংগ কৰা নাই, ধ্বংস কৰিছে দেশৰ একতা আৰু আৱেগিক সংহতিও। বৈচিত্ৰ্যৰ মাজত ঐক্য প্ৰতিষ্ঠা কৰাৰ যি চিৰাচৰিত ৰীতি দেশত চলি আছিল, তাক ক্ষমতাৰ বলেৰে আওকাণ কৰি ওপৰৰ পৰা একতাৰ সাজ এজোৰ পিন্ধাই দিবলৈ কৰা অপচেষ্টাৰ ফল যে হিতে বিপৰীত হ’ব, সেয়া অচিৰেই পৰিস্ফুট হৈ উঠিব। দেশী-বিদেশী পুঁজিপতি গোষ্ঠীবোৰৰ হাতত দেশৰ সমস্ত সম্পদ আৰু অনুষ্ঠান-প্ৰতিষ্ঠানৰ অধিকাৰ গতাই দিবলৈ গৈ থকা এই চৰকাৰখনে কোটি কোটি দৰিদ্ৰ ৰাইজক অচিৰেই একাংশ বহুজাতিক কোম্পানীৰ গোলামত পৰিণত কৰাব। ভাৰত এখন কল্যাণকামী গণতান্ত্ৰিক গণৰাজ্য হৈ উঠাৰ বাট চিৰদিনৰ বাবে বন্ধ হৈ পৰিব আৰু অনাকাংক্ষিতভাৱে ভাৰতত হিন্দু মৌলবাদী আৰু পুঁজিপতিৰ শাসন চলিব। বাক স্বাধীনতাক ক্ৰমে সংকুচিত কৰি অনা চৰকাৰে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভখ্যাত দেশৰ সৰহভাগ সংবাদ গোষ্ঠীক কৌশলেৰে নিজৰ ফলীয়া কৰি লৈছে। পুঁজিপতিৰ নখৰ আঁচোৰত ইতিমধ্যেই দেশৰ প্ৰাকৃতিক পৰিৱেশ, অৰণ্য, কৃষিভূমি, থলুৱা উদ্যোগ-উৎপাদন-ব্যৱসায় ক্ষতিগ্ৰস্ত হৈ পৰিছে। কৃষক আৰু শ্ৰমিকৰ স্বাৰ্থতকৈ বণিকগোষ্ঠীৰ স্বাৰ্থই অগ্ৰাধিকাৰ পাইছে। শিক্ষা, স্বাস্থ্য আৰু জনস্বাস্থ্য খণ্ডৰ চৰম বিপৰ্যয় চলি আছে। ৰাষ্ট্ৰীয় শিক্ষা ব্যৱস্থাৰ বৰণ ক্ৰমে গেৰুৱা হৈ গৈ আছে। বাহিৰে ৰং চং ভিতৰি কোৱাভাতুৰি সদৃশ ব্যৱস্থা এটা দেশজুৰি তৈয়াৰ কৰি সাধাৰণ জনতাক আভুৱা ভাৰিছে শাসকপক্ষই। দেশৰ অৰ্থ ব্যৱস্থা একেবাৰে বিধ্বস্ত। বহুচৰ্চিত বিমুদ্ৰাকৰণ ব্যৰ্থ। কৰৰ বোজাত কোঙা হৈ পৰিছে সাধাৰণ জনতা। দুৰ্নীতি আৰু কমিছনৰাজে সকলো বিভাগক অচল কৰি পেলাইছে। দ্ৰব্যমূল্য আকাশলংঘী হৈছে। হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লৈ দেশ আৰু ৰাজ্যবোৰ চলি আছে। উৎপাদনহীন কামত ৰাজকোষৰ ধন অপব্যয় কৰি গৈছে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰবোৰে। পূজা-পাৰ্বণৰ নামত, মন্দিৰ আৰু মূৰ্তি নিৰ্মাণৰ নামত ধৰ্মনিৰপেক্ষ দেশখনৰ ৰাজকোষ উদং কৰিছে। ভোট লাভৰ আশাত হকে-বিহকে হিতাধিকাৰী তৈয়াৰ কৰি জনতাক সোৰোপা কৰিছে। অদূৰদৰ্শী এনে আঁচনিবোৰৰ পৰা একাংশ ৰাইজে সাময়িক সকাহ লাভ কৰিছে যদিও দেশৰ জনতা যে এদিন ঘোৰ অৰ্থনৈতিক সংকটত পৰিবগৈ, সেয়া নিশ্চিত। তেতিয়া কোনো শক্তিয়ে দেশ বচাব নোৱাৰিব, বিক্ৰী যাব দেশ। ড° গোহাঁয়ে নিৰন্তৰ এই কথাবোৰকে কৈ কৈ জনতাক বিজেপি মিত্ৰজোঁটৰ বিপক্ষে মাৰবান্ধি থিয় দিবলৈ উদগনি দি থকাৰ বাবেই শাসকীয় পক্ষৰ দৃষ্টিত তেওঁ আজি ঘোৰ শত্ৰু।
পণ্ডিতপ্ৰৱৰ কৃষ্ণকান্ত সন্দিকৈৰ ব্যক্তিত্ব আৰু প্রতিভা
বিপুলচন্দ্ৰ ভট্টাচাৰ্য
শেহতীয়াকৈ, ড° গোহাঁয়ে অসমৰ আঞ্চলিক স্বাৰ্থ সুৰক্ষিত কৰিবৰ বাবে অবিৰতভাৱে কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি মিত্ৰশক্তিৰ বিৰুদ্ধে যুঁজি আছে। যিটো সময়ত তথাকথিত প্ৰতিজন আঞ্চলিকতাবাদী আৰু জনগোষ্ঠীয় নেতা, দল, সংগঠন নিজৰ নিজৰ ক্ষুদ্ৰ স্বাৰ্থ পূৰণ কৰিবৰ বাবেই শাসকীয় বিজেপি মিত্ৰজোঁটৰ শৰণাপন্ন হৈছেগৈ, সেই সময়ত ড° গোহাঁই নিজেই আঞ্চলিকতাবাদৰ মুখ্য প্ৰবক্তাৰ ৰূপ লৈ ৰাইজৰ সন্মুখলৈ ওলাই আহিছে। শাসকীয় শক্তিৰ প্ৰত্যক্ষ উদ্যোগত প্ৰচাৰ হোৱা হিন্দু মৌলবাদী চিন্তা-চৰ্চাৰ ব্যাপক প্ৰসাৰ ৰোধ কৰিবলৈ তেওঁ অবিৰতভাৱে কলম চলাই গৈছে। ভিন্ন জাতি-ধৰ্ম-ভাষাৰ আৱাসভূমি অসমত সাম্প্ৰদায়িক সম্প্ৰীতি আৰু আৱেগিক সংহতি দূৰ ভৱিষ্যতলৈ নিশ্চিত হৈ থকাটো জৰুৰী বুলি তেওঁ কৈছে। সেয়া বিঘ্নিত হ’লেই অসমীয়া ভাষা আৰু জাতীয় পৰিচয় চিৰদিনৰ বাবে নষ্ট হৈ পৰিব। হিন্দুত্ববাদীসকলে তাকেই কৰি আছে। অসমীয়া ভাষাৰ ঠাইত হিন্দী বা ইংৰাজী ভাষাৰ প্ৰসাৰ আৰু অসমীয়া পৰিচয়ৰ ঠাইত হিন্দু-মুছলমান পৰিচয়েৰে মানুহবোৰ চিনাক্ত হোৱাটোহে তেওঁলোকে বিচাৰে। বাৰেৰহণীয়া আৰু উদাৰ অসমীয়া সংস্কৃতিৰ ঠাইত উত্তৰ ভাৰতীয় কট্টৰবাদী হিন্দু সংস্কৃতি জাপি দি অসমীয়াৰ ঐতিহাসিক পৰিচয়ক বিকৃত কৰাত তেওঁলোক উঠিপৰি লাগিছে। শ্ৰীমন্ত শংকৰদেৱৰ উদাৰ আধ্যাত্মিক দৰ্শনক ব্ৰাহ্মণ্যবাদী বোকাৰে লেপি পেলাইছে। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱক ‘বাবা চংকৰ’ সাজিছে। যাগযজ্ঞ, পূজা-পাৰ্বণৰ পোহাৰ মেলি মূলসুঁতিৰ নামঘৰকেন্দ্ৰিক অসমীয়া সমাজখনক পথচ্যুত কৰাবলৈ লাগিছে। অসম বুৰঞ্জী বিকৃত কৰি লাচিতক হিন্দু বীৰ সজাইছে। বাঘ হাজৰিকাক লৈ উদেশ্যপ্ৰণোদিত বিতৰ্ক প্ৰচাৰ কৰিছে। ৰাজ্যখনৰ দীৰ্ঘদিনীয়া বিদেশী সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দি ক্ষমতালৈ অহা দলটোৱে ‘কা’ (Citizenship Amendment Act, 2019— CAA) আইন বলৱৎ কৰি ধৰ্মৰ ভিত্তিত লাখ লাখ হিন্দু বিদেশীক ৰাজ্যখনত সংস্থাপিত কৰিবলৈ ওলাইছে। আইনৰ দোহাই দি ৰাজ্যৰ সংখ্যালঘু মুছলমান ৰাইজক যেনিতেনি হেঁচা দিছে। চেপা উত্তেজনা, আতংক সিঁচি দি ৰাজ্যৰ এক তৃতীয়াংশ জনতাক প্ৰতিমুহূৰ্ততে শংকাৰ মাজত থাকিবলৈ বাধ্য কৰাইছে। প্ৰত্যক্ষভাৱেই চৰ-চাপৰিৰ অভিবাসী মুছলমানক বাংলাদেশী বুলি তিৰস্কাৰ কৰিছে, মিঞা বুলি বিদ্ৰূপ কৰিছে, হকে-বিহকে উচ্ছেদ চলাইছে, বুলড’জাৰ চলাইছে। যেন সকলো দোষ নন্দঘোষ— ৰাজ্যখনৰ সকলো দুৰৱস্থাৰ বাবে একমাত্ৰ ‘মিঞা’ই দায়ী বুলি নেৰেটিভ প্ৰচাৰ কৰিছে। বিপৰীতে, ড° গোহাঁয়ে বংগমূলীয় বৃহত্তৰ মুছলমান জনগোষ্ঠীটোক গভীৰ আস্থাত লৈছে আৰু অসমীয়া ভাষা আৰু জাতীয় জীৱনলৈ আগবঢ়োৱা তেওঁলোকৰ অৱদানক স্বীকৃতি দিছে। তুলনামূলকভাৱে ইছলামিক সন্ত্ৰাসবাদ আৰু অপৰাধীৰ বিপক্ষে নৰম মনোভাব গ্ৰহণ কৰা ড° হীৰেন গোহাঁইক হিন্দুত্ববাদীসকলে পক্ষপাতিত্বৰ দায় ধৰে যদিও তেওঁৰ প্ৰত্যুত্তৰ হ’ল— দেশত সুস্থ গণতন্ত্ৰ নিশ্চিত কৰি ৰাখিব পাৰিলে আৰু সংখ্যাগুৰু হিন্দুসকলক বিজেপি আৰু সংঘ পৰিবাৰৰ ৰাজনৈতিক উদেশ্যসম্বলিত হিন্দুত্বৰ গ্ৰাসৰ পৰা ৰক্ষা কৰি ৰাখিব পাৰিলে কোনোকালে ইছলামিক সন্ত্ৰাসবাদে ভাৰতবৰ্ষত খোপনি পুতিব নোৱাৰিব। ক্ৰমবৰ্ধিত উগ্ৰ হিন্দুত্ববাদ আৰু এচাম দল-সংগঠন আৰু সংস্থাই পূৰ্বৰ পৰাই সংখ্যালঘুসকলৰ প্ৰতি কৰি অহা অহেতুক দুৰ্ব্যৱহাৰে তেওঁলোকক বহু সময়ত আইন ভংগ কৰিবলৈ প্ৰৰোচিত কৰি আহিছে বুলি ড° গোহাঁয়ে বিশ্বাস কৰে। দেশৰ সংখ্যাগুৰু হিন্দুসকলেই সৰ্বপ্ৰথম গণতান্ত্ৰিক মূল্যবোধৰ আদৰ্শ দেখুওৱা উচিত বুলি তেওঁ কয়। হিন্দুত্ববাদৰ আৱেগত ডুবি আজি আমাৰ ৰাজ্যৰ মানুহবোৰো বেছি হিন্দু হৈ পৰিছে। ফলত দেখা গৈছে, তেজ-মঙহেৰে মানুহবোৰ অসমীয়া হৈ আছে যদিও আচাৰ-ব্যৱহাৰ, সাজপাৰ, কথাবাৰ্তা, চিন্তাধাৰা ইত্যাদি ফালৰ পৰা আনকি অসমীয়া গাঁৱলীয়া মানুহবোৰেও ক্ৰমে উত্তৰ ভাৰতীয় মানুহৰ দৰে উঠা-বহা কৰিব লাগিছে। আনকি, হিতাহিত জ্ঞান হেৰুৱাই থলুৱা অসমীয়া মুছলমান মানুহকেইঘৰকো পৰ বুলি ভাবিবলৈ লৈছে। স্বাভিমানহীন অসমীয়াৰ এনে অধোগতি আৰু সাংস্কৃতিক গোলামী দেখি ড° গোহাঁই শংকিত হৈ পৰিছে। ৰাজনৈতিক শক্তিৰ ছত্ৰছায়াত পৰিকল্পিতভাৱে এটা সুচল সামাজিক বাতাবৰণ তৈয়াৰ কৰি হিন্দুত্ববাদী শক্তি আৰু হিন্দী বলয়ৰ বণিক গোষ্ঠীয়ে নিৰ্বিবাদে অসমৰ প্ৰাকৃতিক সম্পদ, ভূমি-ভেটি, উদ্যোগ, ৰাজহুৱা প্ৰতিষ্ঠান, বাণিজ্য কেন্দ্ৰ আদিৰ ওপৰত দখল সাব্যস্ত কৰি পেলাইছে। সেয়ে, জাতি-মাটি-ভেটি সুৰক্ষাৰ ভুৱা প্ৰতিশ্ৰুতি দিয়া চৰকাৰখনৰ বিপক্ষে ড° গোহাঁই তীব্ৰ প্ৰতিবাদতত সোচ্চাৰ হৈছে। সেইহেতু, ড° গোহাঁই শাসক আৰু পুঁজিপতি গোষ্ঠীৰ চকুত আজি ঘোৰশত্ৰু। পুঁজিপতিৰ চৰকাৰক ক্ষমতাৰ পৰা ওফৰাই ৰাজ্যবাসীৰ স্বাৰ্থ সুৰক্ষা দিবলৈ ড° গোহাঁয়ে অবিৰতভাৱে জনজাগৰণ সৃষ্টি কৰি আছে। উপৰ্যুপৰি ব্যৰ্থতাৰ অন্ততো তেওঁ জনদৰদী আৰু প্ৰগতিশীল দলৰ চৰকাৰ এখন প্ৰতিষ্ঠা কৰিবলৈ আজিও বদ্ধপৰিকৰ। প্ৰয়োজন অনুসৰি তেওঁ ৰাজপথৰ আন্দোলনতো জঁপিয়াই পৰিছে। ‘কা’ আন্দোলন কৰিছে, দিল্লীৰ কৃষক আন্দোলনৰ সপক্ষে জনমত গঠন কৰিছে। সেয়ে, চৰকাৰ, হিন্দুত্ববাদী শক্তিবোৰ আৰু সামন্তবাদৰ প্ৰবক্তা— ধৰ্মান্ধসকলৰ দৃষ্টিত তেওঁ শত্ৰু। এইবোৰলৈ পৰোৱাই নকৰি তেওঁ বাৰম্বাৰ বিজেপিক সাম্প্ৰদায়িক আৰু পুঁজিপতিৰ দল বুলি তিৰস্কাৰ কৰিছে আৰু দেশৰ বৰ্তমান পৰিস্থিতিত নিৰ্ভৰযোগ্য বিকল্প স্বৰূপে কংগ্ৰেছকে প্ৰশংসা কৰিছে। নেহৰু আমোলৰ প্ৰগতিশীল আৰু ধৰ্মনিৰপেক্ষ কংগ্ৰেছৰ পুনঃউত্থান হ’ব বুলি তেওঁ দৃঢ় বিশ্বাসী।
মৈহেংদান ডেকাফুকনৰ চৰিত্ৰ
ড° মহেশ্বৰ নেওগ

ধৰ্মীয় মেৰুকৰণৰ কৰাল গ্ৰাসত অসমৰ সমাজ জীৱন: ৰূপান্তৰৰ বাট কেনি?
ড° ইন্দ্ৰজিৎ বেজবৰুৱা

ৰাধাগোবিন্দ বৰুৱা: সপোনক সাকাৰ ৰূপ দিয়া এক বৰ্ণিল যাত্ৰা
দীপাঙ্ক হাজৰিকা

সত্ৰীয়া সংস্কৃতিৰ ওজা জীৱেশ্বৰ গোস্বামী
ড° গকুল গোস্বামী
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক




