‘ডা ঙৰীয়া আহিছে আঁতৰি দিয়ক’— সম্প্ৰতি অসমত বহুল চৰ্চিত এটি বাক্য। এই বাক্যশাৰী নুশুনা বা নজনা মানুহ হয়তো বৰ্তমান অসমত নাই। গহপুৰৰ ওচৰৰ জালুকবাৰী নামৰ এখন গাঁৱত কিছুদিনৰ আগতে ‘আই’ লম্ভা (! ) কেইগৰাকীমান মহিলাই কৰা অদ্ভুত আচৰণ, তাৰে এগৰাকীয়ে বগা ঘোঁৰাৰ ৰূপত ডাঙৰীয়াৰ (বুঢ়া ডাঙৰীয়া) আৱিৰ্ভাৱ হ’ব বুলি কৰা ভৱিষ্যদ্বাণী, সেই কথা মতেই দুটি বগা ঘোঁৰাৰ হঠাৎ আৱিৰ্ভাৱ হোৱা আৰু অৱশেষত ঘোঁৰাৰ মালিক মমিন আলিয়ে ঘোঁৰা বিচাৰি গৈ গোটেই ঘটনাটো গোমৰ ফাঁক কৰাতহে ৰাইজে বুজি উঠিল ঘটনাৰ ৰহস্য কি!
তাৰ পাছতে আকৌ ঘটনাই অন্য ৰূপ ল’লে। মহিলাকেইগৰাকীক সমালোচনাৰে থকা-সৰকা কৰা হ’ল আৰু এতিয়া ঘটনাটোৰ সৈতে সম্পৰ্কিত ওপৰ্যুক্ত বাক্যটিয়ে সৰুৰ পৰা ডাঙৰলৈকে সকলোকে যথেষ্ট আমোদ প্ৰদান কৰিছে। বাক্যটিক আলম কৰি ব্যংগাত্মকভাৱে তৈয়াৰ কৰা সমলে সামাজিক মাধ্যমত অতি ব্যাপক ৰূপত প্ৰচাৰ লাভ কৰিছে। গোটেই ঘটনাটোৰ প্ৰচাৰ-প্ৰসাৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিলে তথাকথিত এচাম সংবাদ মাধ্যমে। আচলতে ইতিমধ্যে প্ৰায় সকলো লোকেই বুজি উঠিছে এয়া চৰম পৰ্যায়ৰ ভণ্ডামিৰ বাদে আন একো নহয়। এয়া অন্ধবিশ্বাসৰ চূড়ান্ত ৰূপৰ প্ৰতিফলন। শিক্ষিত ভদ্ৰ সমাজৰ বাবে এয়া চৰম লাজৰ বিষয়।
এনেধৰণৰ অন্ধবিশ্বাস অসমত এয়ে প্ৰথম নহয়। গণেশৰ মূৰ্তিয়ে গাখীৰ খোৱাৰ কাহিনী নিশ্চয় মানুহৰ মনতআছে। ফেচবুক, হোৱাটচএপত এতিয়াও প্ৰায়ে আহে কোনোবা এজন বিশেষ দেৱ-দেৱীৰ ফটো সন্নিৱিষ্ট কৰি— ‘এই ফটোখন ইমানজন লোকলৈ প্ৰেৰণ কৰিলে তিনিদিনৰ ভিতৰত আপোনাৰ মনোকামনা পূৰণ হ’ব’, ‘আজি নিশা এক বজাত ৮ প্ৰাবল্যৰ ভূমিকম্পই অসম জোকাৰি যাব’ আদি অনেক উৰাবাতৰি। বহু উচ্চশিক্ষিত, বৈজ্ঞানিক মানসিকতাৰে পৰিপুষ্ট বুলি পৰিচয় দিয়া লোকেও তাকে বিশ্বাস কৰি আন এজনলৈ প্ৰেৰণ কৰে। এনেদৰেই এজনে আন জনলৈ প্ৰেৰণ কৰোঁতে কৰোঁতে এনে অপপ্ৰচাৰে ৰাজ্যখনৰ সৰ্বত্ৰ গ্ৰাস কৰি পেলায়।
সপোনত ভগৱানে দেখা দিয়া কথা আজিৰ নহয়। স্বয়ম্ভূ ভগৱান হোৱাৰ বাসনাত এচাম ভণ্ডই কি কি যে নকৰে! আমাৰ সমাজৰে এচামে সততে নিজেই ভগৱানৰ অৱতাৰ লৈ লয় বা ভগৱানৰ দূত বুলি মন্দিৰ পাতি নিজৰ ন্যস্তস্বাৰ্থ পূৰণ কৰিবলৈ আৰম্ভ কৰি দিয়ে। তাকে সঁচা বুলি আন এচামে আৰম্ভ কৰিলেই নহয় পূজা-পাঠ! তেনে স্বয়ম্ভূ মন্দিৰলৈ দৈনিক হাজাৰ হাজাৰ ভক্তৰ আগমন ঘটে। লাখ লাখ টকাৰ এক ৰমৰমীয়া বেপাৰ আৰম্ভ হয়। জালুকবাৰীৰ ঘটনাটোত ঘোঁৰাৰ মালিকে আহি আচল কথাটো গোমৰ ফাঁক নকৰা হ’লে, তাতো হয়তো কম দিনতে মন্দিৰ বা তেনে কোনো অনুষ্ঠান গঢ় লৈয়ে উঠিলহেঁতেন আৰু ৰাইজৰ বিপুল সমাগম ঘটিলহেঁতেন। অতি ভকতিত নিমজ্জিত ৰাইজেও ঘোঁৰা দুটাকে ডাঙৰীয়া বুলি পূজা-পাতল আৰম্ভ কৰিলেইহেঁতেন।
আমি নিজকে এহাতে উচ্চশিক্ষিত বুলি দাবী কৰি আহিছোঁ, কিন্তু নিতৌ এনেবোৰ অপপ্ৰচাৰ, অন্ধবিশ্বাস, উৰাবাতৰিক প্ৰশ্ৰয় দি সমাজখনক এলান্ধুকলীয়া চিন্তাৰে পৰিচালিত কৰাত, এনে বিষবাষ্প বিয়পোৱাত অৰিহণা যোগাই আহিছোঁ। এনেধৰণৰ উৰাবাতৰি এটা লাভ কৰাৰ পাছত সত্যাসত্য কি, সেই কথা চিন্তা নকৰি এজনে আনজনলৈ প্ৰেৰণ কৰি দিছোঁ। গতিকে কথাবোৰ এবাৰ দকৈ চিন্তা-চৰ্চা কৰা ভাল।
অতি সৰুৰ পৰাই আমাৰ মন মগজুত ৰোপিত কৰা হয় অন্ধবিশ্বাস আৰু যুক্তিহীন, ভিত্তিহীন চিন্তাৰ বীজ। আমাৰ সমাজত সোপাধৰা, ভূত-পিশাচ, অশৰীৰী আত্মা আদিৰ বীজবোৰ শৈশৱতে ৰোপণ কৰা হয়। অমুকলৈ নাযাবা— সোপাধৰা ওলাব, তমুকলৈ গ’লে ভূত ওলাব! আজি অমুক ঠাইত ভূত ওলাইছে। অমুক ৰাস্তাত ৰাতি সেইখিনি ঠাইত অকালতে দুৰ্ঘটনাত মৃত্যু হোৱা ল’ৰা এটা ওলাই সেইপিনে যোৱা পথচাৰীক অত্যাচাৰ কৰে বা তমুকৰ ঘৰটোত পূৰ্বে আত্মহত্যা কৰা ছোৱালী এজনী ওলায়,— মুঠতে ভয় দেখুৱাবলৈ ভূতৰ মুখৰোচক সাধু! হাত চোৱা, মঙল চোৱা, ৰাশিফল আদিবোৰতো আছেই। ভাগ্যফল জানিবলৈ সকলোৰে অদম্য হেঁপাহ। পুৱাই কাকতখনত ৰাশিফলটো নোচোৱাকৈ বহু লোক ঘৰৰ পৰাই নোলায়, জানোচা অমংগল হয়! সংবাদ মাধ্যমেও এনেবোৰ অন্ধবিশ্বাস দূৰ কৰাৰ পৰিৱৰ্তে বেছিকৈহে প্ৰচাৰ-প্ৰসাৰ কৰি আহিছে। পুৱাই বেছিভাগ চেনেলতে আপোনাৰ দিনটো কেনেদৰে যাব বুলি জ্যোতিষী মাতি ৰাশিফলৰ অনুষ্ঠান পতা বা সূৰ্য গ্ৰহণ বা তেনে কোনো মহাজাগতিক ঘটনাৰ সময়ত সেইসমূহৰ বৈজ্ঞানিক বিশ্লেষণ প্ৰচাৰ কৰাৰ পৰিৱৰ্তে দুই-তিনিজন জ্যোতিষীৰ দ্বাৰা কোন ৰাশিৰ ওপৰত কি প্ৰভাৱ পৰিব, কি কৰিব লাগিব আদি অনেক অযুক্তিকৰ, এলান্ধুকলীয়া ব্যাখ্যাৰে অনুষ্ঠিত কৰে টক্ শ্ব’। সেই ক্ষেত্ৰত নিশ্চিতভাৱে জড়িত হৈ থাকে চেনেলৰ টি আৰ পি বা ভিউৱাৰ্চৰ সংখ্যাৰ অংক। মানুহ তেনে অনুষ্ঠানৰ প্ৰতি বেছি আগ্ৰহী। বৈজ্ঞানিক ব্যাখ্যাৰে যদি তেনে অনুষ্ঠান পাতে, তেন্তে চেনেলৰ টিআৰপি যে কমি যাব, সেয়া ধুৰুপ। গতিকে সমাজৰ পৰা যিমানেই চেষ্টা কৰা নহওক কিয়, অন্ধবিশ্বাস, অতিবিশ্বাস, গোড়ামি এইবোৰ নোহোৱা কৰা কঠিন হৈ পৰা পৰিলক্ষিত হৈছে। কাৰণ একাংশ শিক্ষিত মানুহেই এইবোৰ অন্ধবিশ্বাস বাঢ়ি যোৱাত প্ৰত্যক্ষ বা পৰোক্ষভাৱে উদগনি যোগাই আহিছে।
অতি শেহতীয়াকৈ, সামাজিক মাধ্যমত প্ৰতিনিয়ত যি ধৰণে ভগৱান বিষয়ক কথা-বতৰা, বিশ্বাস-অবিশ্বাস, বাবা-ফকীৰ, ধৰ্মীয় ব্যাখ্যাকাৰীৰ ভিডিঅ’ ভাইৰেল হৈছে, কোনো এক বিশেষ মন্দিৰৰ মহিমা প্ৰচাৰ হৈ আহিছে আৰু আমাৰ তথাকথিত শিক্ষিত ৰাইজৰ অতিভক্তিৰ প্ৰকোপ বাঢ়িব ধৰিছে, চিন্তাই হৈছে— আমি কোন যুগত আছোঁ, কোন দিশে সমাজখন ধাৱিত হৈছে, উঠি অহা চামটোৱে কি শিকিবলৈ গৈ আছে!
এটা কথা সকলোৱে স্বীকাৰ কৰিবই লাগিব যে সমাজক আজি প্ৰয়োজন হৈছে বৈজ্ঞানিক মানসিকতাৰ। সুউচ্চ চিন্তা-চেতনাৰে উঠি অহা প্ৰজন্মক বৈজ্ঞানিক মানসিকতাৰে গঢ় দিয়াৰ প্ৰয়োজনীতা নিশ্চিতভাৱে আছে। তাৰ বিপৰীতে আমি এলান্ধুকলীয়া অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ সমাজখনক তেনেধৰণৰ চিন্তা-চেতনাৰে পৰিচালিত কৰিব বিচৰাটো এক ভয়াৱহ ব্যাধি হৈ পৰিছে। আজিকালি মানুহৰ বিশ্বাস আৰু আস্থাৰ সুযোগ লৈ এচামে ধৰ্মৰ নামত ৰমৰমীয়া বেহা আৰম্ভ কৰিছে। তাৰ ঢাল হিচাপে লৈছে সামাজিক মাধ্যমক। সামাজিক মাধ্যমত এনেধৰণৰ ভিডিঅ’, কথা-বতৰা ভাইৰেল কৰি মানুহৰ চিন্তা-চেতনাক কৌশলপূৰ্ণভাৱে ক্ৰমান্বয়ে অতিভক্তিলৈ ধাৱিত কৰি নিজৰ মুনাফা আদায় কৰি আহিছে এইচাম ভণ্ডই। আজিকালি ইউটিউব ফেচবুক মেলিব নোৱৰা পৰিস্থিতি,— হয় কোনোবা দেৱ-দেৱীৰ মহিমাৰ কথা, নহ’লে ধৰ্মীয় ব্যাখ্যা কৰা ইউটিউবাৰৰ ভিডিঅ’, ৰিলচৰ পয়োভৰ! এইবোৰ আমাৰ মানুহবোৰেও ইমানেই শ্বেয়াৰ কৰে যে একোটা ভিডিঅ’ত বহু মিলিয়ন ভিউজ আলাসতে আহি যায়। কিন্তু বৈজ্ঞানিক দৃষ্টিভংগীৰ, সমাজৰ বাবে প্ৰয়োজনীয় ইতিবাচক চিন্তাৰ ভিডিঅ’ এটা ভাইৰেল হোৱাটো বহু দূৰৰ কথা, তীব্ৰ সমালোচনাৰ সন্মুখীন হৈ দিওঁতাজনে সেইটো আঁতৰাবলৈ বাধ্য হয়।
পৰিতাপৰ কথা যে মানৱতাক কুঠাৰাঘাত কৰি একমাত্ৰ অন্ধবিশ্বাস, কুসংস্কাৰৰ পৰিণতিতে আমাৰ ৰাজ্যখনত দৈনিক বহু অসহায় পুৰুষ-মহিলাক ডাইনী সজাই অমানুষিক অত্যাচাৰ কৰি হত্যা কৰা হৈয়ে আছে। বহু পাছ পৰা অঞ্চলত বেমাৰ-আজাৰ হ’লে আজিও চিকিৎসকৰ ওচৰলৈ নিয়াৰ সলনি ৰোগীক নিয়া হয় কোনোবা কবিৰাজ বা বেজৰ ওচৰলৈ। জৰা-ফুকা কৰা পানী খাবলৈ দিয়া হয়। কিবা অচিন ৰোগ হ’লেই গাত দেও-ভূত বা আই লম্ভা বুলি বেজ মাতি ৰোগীক মাৰধৰ কৰি তথাকথিত চিকিৎসা চলোৱা হয়। বিভিন্ন পাছপৰা গাওঁ, চাহবাগিচা, চৰ অঞ্চল আদি এতিয়াও অন্ধবিশ্বাসৰ অটল গহ্বৰতে আছে। সেইবোৰৰ ক্ষেত্ৰত কিন্তু আজিও সচেতন সমাজ মৌন। সোপাধৰাৰ অপপ্ৰচাৰৰ ফলত কিছু বছৰৰ আগতে ঘটি যোৱা অভি-নীল কাণ্ডৰ কথা ৰাইজে নিশ্চয় পাহৰা নাই।
কথা হ’ল, এনেধৰণৰ কুসংস্কাৰ, অন্ধবিশ্বাস, অপপ্ৰচাৰৰ পৰা হাত সাৰিবৰ বাবে একমাত্ৰ উপায় হ’ল সকলো লোককে উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি তোলা। সচেতনতা বৃদ্ধি কৰা। আজিও অসমৰ পাহাৰীয়া দুৰ্গম অঞ্চল, পিছপৰা গ্ৰামাঞ্চল, চাহবাগিচা আৰু চৰ-চাপৰি অঞ্চলত বাস কৰা লোকসকল শিক্ষাৰ ক্ষেত্ৰত অতিকে পিছপৰি আছে। সভ্যতাৰ পোহৰ পৰাই নাই এনে বহু অঞ্চলত। এনে অঞ্চলৰ লোকসকলে এতিয়াও তেওঁলোকৰ সন্তানসকলক উচ্চশিক্ষাৰে শিক্ষিত কৰিব পৰা নাই। ৰাজনৈতিক মুনাফা আদায়ৰ বাবেই বিভিন্ন সা-সুবিধা, শিক্ষানুষ্ঠান, চিকিৎসালয়, ৰাস্তা-ঘাট আদিৰ সুবিধাৰ পৰা তেওঁলোকক বহু পৰিমাণে বঞ্চিত কৰি সভ্য হ’বলৈ দিয়া হোৱা নাই। ফলত তেওঁলোক এতিয়াও বহু পৰিমাণে আদিম হৈয়ে আছে। ডাঙৰীয়া ওলোৱা, আই লম্ভা, ডাইনী, বেজ, ভূত-প্ৰেত আদিক সহজে বিশ্বাস কৰে এইসকল অশিক্ষিত লোকে।
গহপুৰৰ জালুকবাৰীৰ ঘটনাৰ কোনোকালে যাতে পুনৰাবৃত্তি নহয়, তাৰ বাবে এনেবোৰ পাছপৰা অঞ্চলত শিক্ষাৰ পোহৰ বিলাব লাগিব। সেইবোৰ অঞ্চলত অন্ধবিশ্বাস আঁতৰাবৰ বাবে চৰকাৰী-বেচৰকাৰী সকলো পক্ষই প্ৰচেষ্টা হাতত ল’ব লাগিব। অন্ধবিশ্বাস, অতিবিশ্বাস, অপপ্ৰচাৰ, উৰাবাতৰিৰ বিৰুদ্ধে সকলো লোক সচেতন হৈ মাৰ বান্ধি ওলাই আহিব লাগিব। তেতিয়াহে আমাৰ সমাজৰ পৰা এনেবোৰ অমূলক অন্ধবিশ্বাস, অতিবিশ্বাস নিৰ্মূল কৰিব পৰা যাব।
❧ | আৰু পঢ়ক: