জাতিৰ উন্নতি আৰু বিজ্ঞানৰ সম্বন্ধ

জাতিৰ উন্নতি আৰু বিজ্ঞানৰ সম্বন্ধ
  • 24 Jun, 2023

জা তিৰ উন্নতিত প্ৰত্যক্ষ প্ৰভাৱ পেলায় বিজ্ঞানেহে, দৰ্শনে নহয়। বিজ্ঞানে প্ৰচলিত বহু ধাৰণাকে ন উদ্ভাৱনেৰে নাইকিয়া কৰে। তাৰ পাছতো যদি আমি আঁকোৰগোজ স্থিতি লৈ পূৰ্বৰ ধাৰণাকে খামুচি ৰাখোঁ, সেয়া হ’ব বিজ্ঞানৰ প্ৰতি বিৰাগ। এই বিৰাগে জাতিৰ উন্নতিত কোনোৰকমে অৰিহণা নোযোগায়, বৰং তাৰ বিপৰীতমুখী ক্ৰিয়া-প্ৰতিক্ৰিয়াহে অনুভূত হয়। মন কৰিবলগীয়া কথা এয়ে যে আমি প্ৰতিমুহূৰ্ততে বিজ্ঞানৰ সমল ব্যৱহাৰ কৰোঁ, আনকি ধৰ্মীয় উৎসৱ-পাৰ্বন পালনতো বিজ্ঞানৰ সঁজুলি ব্যৱহাৰ কৰোঁ, কিন্তু বিজ্ঞানৰ অগ্ৰগতিক স্বীকাৰ নকৰোঁ, পৰম্পৰাৰ দোহাই দি মত প্ৰকাশ কৰোঁ অথবা চলি অহা ধৰ্মীয় বিশ্বাসকে সাবটি ধৰি আনন্দ লভোঁ। পুৰোহিতৰ দল আনি ব্ৰহ্মপুত্ৰৰ বুকুত পূজা পাতোঁ বিশাল আয়োজনেৰে, কিন্তু ব্ৰহ্মপুত্ৰই অনা বান আৰু গৰাখহনীয়া নিৰাময়ৰ বৈজ্ঞানিক সমাধানৰ কথা নাভাবোঁ। পূজাই যে তাৰ সমাধান দিয়া নাই, তাক আমি দেখিও নেদেখাৰ ভাও জোৰোঁ। আমি চিকিৎসা বিজ্ঞানৰ প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন বা মুকলি কৰা অনুষ্ঠানতো পূজা পাতি ধনৰ অপচয় কৰিবলৈ লজ্জাবোধ নকৰোঁ। আমাৰ বিজ্ঞান চেতনাৰ দৌৰ ইমানেই। অদৃষ্ট আৰু বিজ্ঞানৰ মাজত জানো সমন্বয় সম্ভৱ? সম্প্ৰতি দেশত অৱশ্যেই ধৰ্মবিশ্বাসকে তুলি ধৰাৰ আয়োজন চলিছে। ৰাষ্ট্ৰ নিজেই তাৰ পৃষ্ঠপোষকতাৰ কৃতিত্বৰ অধিকাৰী হৈছে।

‘আৱাহন’ৰ পাতৰ এখন ৰচনাৰ কথা ক’বলৈ ওলাইছোঁ। লেখকগৰাকী— জীৱনৰাম ফুকন। ৰচনাৰ শিৰোনাম— ‘জাতিৰ উন্নতিৰ স’তে বিজ্ঞানৰ সম্বন্ধ ক’ত’। ওলাইছিল আলোচনীখনৰ চতুৰ্থ বছৰৰ সপ্তম সংখ্যাত। তাত বিজ্ঞানে কি ধৰণে জাতিক আগুৱাই লৈ যায় ব্যাখ্যা কৰা হৈছে। সেই কালতে এনেধৰণে বিজ্ঞানৰ ভূমিকাক তুলি ধৰিবলৈ কৰা প্ৰয়াস নিঃসন্দেহে মন কৰিবলগীয়া। তাত লেখক ফুকনে লিখিছে— শিল্প-বাণিজ্য হ’ল জাতিৰ উন্নতিৰ আধাৰ। শিল্প-বাণিজ্যৰ গতি নিৰ্ধাৰক শক্তি হ’ল বিজ্ঞান। তেওঁ চীনা সভ্যতা, ভাৰতীয় সভ্যতাত থকা বিজ্ঞানৰ অৰিহণাৰ কথা উনুকিয়াইছে। চীনৰ প্ৰাচীৰৰ তুলনাত চাইবিৰিয়ান ৰেলৱেৰ কাৰুকাৰ্য তেনেই সৰু কথা। আনহাতে চেংগিজ খাঁৰ সাম্ৰাজ্য সকলোবোৰ সাম্ৰাজ্যতকৈ ডাঙৰ আছিল, তিস্থি আছিল শতাব্দীজুৰি। তুলনাত আলেকজেণ্ডাৰৰ সাম্ৰাজ্য আছিল সৰু। তথাপি উন্নতিৰ সকলো পিছলি গৈ পশ্চিমৰ মানুহৰ হাতত ৰ’লগৈ কিয়? কিয় য়ুৰোপ উজলি উঠিল সকলোৰে আগত?

জীৱনৰাম ফুকনে লিখিছে— য়ুৰোপৰ উন্নতিৰ মাত্ৰ এটাই কাৰণ বিচাৰি পোৱা যায়, সেয়া হ’ল য়ুৰোপৰ উন্নত ধৰণৰ শিল্প-বাণিজ্য। শিল্প-বাণিজ্যৰ গুৰিতে আছে বিজ্ঞানৰ কল্পনা আৰু চিন্তা। বিজ্ঞানৰ কল্পনা আৰু চিন্তাৰ ব্যাখ্যা কৰিছে তেওঁ এনেদৰে— “পৃথিৱীৰ গতি কোন সূত্ৰত চলিব লাগিছে আৰু তাৰ ওপৰত মানুহৰ কি হাত ৰাখিব পাৰি ইত্যাদি কথাৰ অনুসন্ধানে এশাৰী কথাত ক’বলৈ গ’লে বিজ্ঞানৰ চিন্তা বা কল্পনা বুলি ক’ব পাৰি। লিয়নাৰ্ডো, কেপলাৰ, গেলিলিয়, নিউটন, ডাৰউইন আদি মনীষীসকলে এনেধৰণৰ চিন্তা কৰি জগতক বহুত অতুলনীয় দান দি থৈ গৈছে।… এই পণ্ডিতসকলৰ চিন্তা-চৰ্চাই য়ুৰোপৰ চিন্তা প্ৰগতিক আমাতকৈ এটা বেলেগ গঢ় দিলে। বিজ্ঞানৰ বহুল উৎকৰ্ষ সাধনত যিদিনাই য়ুৰোপে মনোনিবেশ কৰিলে, সিদিনাই তেওঁলোকে আমাৰ হাতৰ পৰা যে অকল পৃথিৱীৰ নায়কৰ বাবকে কাঢ়ি ল’লে, এনে নহয়। দৰাচলতে সেইদিনাই লখিমীয়েও তেওঁলোকৰ ভঁৰাল ঘৰতেই স্থিতি ল’লেগৈ।”

লেখকে নিজকে প্ৰশ্ন কৰিছে, আমি কি কৰিব পাৰিছোঁ আৰু য়ুৰোপে কি কৰিছে আৰু জাপানে কি কৰিছে? নিজৰ জোখাৰে ৰাখিও পৰক যোগাব পৰাৰ ক্ষমতা এই জাতিবিলাকক কিহে দিলে? লেখকৰ মতে ইয়াৰ উত্তৰ এটাই— ব্যৱসায়ত পৰিৱৰ্তন আৰু এই পৰিৱৰ্তন সম্ভৱ হৈছে প্ৰধানতঃ বিজ্ঞানৰ সহায়ত। তেওঁৰ স্পষ্ট মত: উন্নত শিল্প-বাণিজ্যই জাতিৰ উন্নতি।

ফুকনে লিখিছে— আমাৰ দৈনন্দিন জীৱন বিজ্ঞানৰ সৈতে শামুকীয়া গাঁথিৰে অঁটা। বিজ্ঞানৰ স্থিতিৰ বিষয়ে আঙুলিয়াই দি তেওঁ এনেদৰে লিখিছে— “অলপ ভাবি চালেই বুজা যায় যে জগতৰ সকলো বস্তুকে বিশ্বাসৰ চকুৰে চাব পৰাতেই ইয়াৰ (বিজ্ঞানৰ) স্থিতি। দুহেজাৰ বছৰ আগয়ে মানুহৰ মনত এই বিশ্বাস জন্মা নাছিল, গতিকেই মানুহে ভাবিছিল জগতৰ ক্ৰিয়া-কাণ্ড মাত্ৰ দেৱতাসকলৰ ইচ্ছা অনুযায়ী হয়। তেতিয়া মানুহৰ বিশ্বাস আছিল—
ৰাখে হৰি মাৰে কোনে
মাৰে হৰি ৰাখে কোনে।”

ফুকনে ৰচনাখনত বজ্ৰপাতৰ উদাহৰণ দিছে। বজ্ৰপাতে খেতিয়কৰ ভঁৰাল পুৰি ছাই কৰিলে খেতিয়কে ইন্দ্ৰ দেৱতাক পূজা-পাতল দিছিল যাতে ভবিষ্যতে আৰু তেনে ঘটনা নঘটে। কিন্তু বজ্ৰপাতৰ হাত সাৰিবলৈ দুই-এডাল বিজুলী ধৰা লোহাৰ ৰডেই যথেষ্ট। আজি সেই বিদ্যুতক পোহ মনাই লৈ সেই শক্তিৰেই মানুহে অসম্ভৱক সম্ভৱ কৰিব পৰা হৈছে। মানুহে দাঙিব নোৱৰা বোজা এই বৈদ্যুতিক শক্তিৰ সহায়ত কঢ়িয়াব পৰা হৈছে। বিজ্ঞানৰ এই স্থিতিৰ কথা ক’বলৈ গৈ ফুকনে ৰচনাখনত সেয়ে লিখিছে— “এনে শক্তি আজি দুহেজাৰ বছৰৰ ভিতৰত মানুহে ক’ৰ পৰা পালে? জগতক বিশ্বাসৰ চকুৰে চাব পৰাতেই ক্ষণ ধৰি এই শক্তিয়ে মানুহৰ গাত স্থিতি নল’লেনে? দুহেজাৰ বছৰৰ পাছত আজি জগতৰ অদ্ভুত পৰিৱৰ্তনত আমি ডাঠি ক’ব পৰা হৈছোঁ যে জগতৰ ক্ৰিয়া-কলাপ কোনো দৈৱ শক্তিৰ দ্বাৰা পৰিচালিত নহয়।”

লেখকে উল্লেখ কৰিছে যে অতীজত ভাৰত, চীন, জাপান আদিত বিজ্ঞানৰ চৰ্চা নহৈছিল, এনে নহয়। ভাৰতবৰ্ষত বিজ্ঞান চৰ্চা আটাইতকৈ আগেয়ে হোৱাৰ প্ৰমাণ আছে। কিন্তু সেয়া সঁচা হ’লেও ভাৰতৰ শিল্প-বাণিজ্যই বিজ্ঞানৰ সহায় নাপালে। ইয়াৰ কাৰণ হিচাপে তেওঁ কৈছে— অতীজত ভাৰতত বিজ্ঞানতকৈ দৰ্শনৰ চৰ্চা বেছিকৈ হৈছিল। অৰ্থাৎ তেওঁৰ মতে জাতিৰ উন্নতি যে উন্নত ধৰণৰ শিল্প-বাণিজ্যই আৰু এই শিল্প-বাণিজ্যৰ উন্নতিৰ প্ৰত্যেক খোজতে বিজ্ঞানৰ সহায় দৰকাৰ, তাক য়ুৰোপৰ জীৱনৰ ইতিহাস (life history)ৰ পৰা পোৱা গ’ল আৰু পূবত সেয়ে নহ’ল বাবে আমাৰ দেশ আজিও দাৰ্শনিকৰ দেশ (land of philosophers) হৈয়েই থাকিল।

লেখকৰ সেই দাৰ্শনিকৰ দেশ ভাৰতবৰ্ষৰ আজি যিটো ৰূপ, তাক চাই লেখকে কি ক’লেহেঁতেন? এতিয়া ৰাষ্ট্ৰই বিজ্ঞানক তুলি ধৰা দূৰৈৰ কথা, প্ৰতি মুহূৰ্ততে বিজ্ঞান বিৰোধী চেতনাকহে ৰোপণ কৰাৰ যত্ন কৰা হৈছে।

অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ আৱৰ্ততে শাসন গজগজীয়া কৰাৰ যত্ন কৰা হৈছে। যুগান্তকাৰী ডাৰউইনৰ তত্ত্বক পাঠ্যপুথিৰ পৰা বাদ দিয়া হৈছে। যুক্তিবাদী চেতনাক পুলিয়ে-পোখাই উঘালি ধৰ্মীয় সংস্কাৰক সিঁচি দি মানুহক আবেগবিহ্বল কৰি তোলা হৈছে অহৰ্নিশে। তাত ভাৰতীয় উচ্চ দৰ্শনৰ চিন-মোকাম ক’ত? তেনেহলে ভাৰতীয় দৰ্শনৰ অন্তিম পৰিণতি: ধৰ্মৰ ৰাজনীতিকৰণেৰে ভাৰতীয় ঐতিহ্যখিনিকো বিনাশ কৰা? দৈৱবিশ্বাসক পুনৰ প্ৰতিষ্ঠা কৰা? আমি কেনেকৈ ভৰসা কৰোঁ— বিজ্ঞান অবিহনে আমি আগবাঢ়িম?

❧ | আৰু পঢ়ক:

জাতিৰ উন্নতি আৰু বিজ্ঞানৰ সম্বন্ধ | ড° পৰমানন্দ মজুমদাৰ

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক