কেতিয়াবা এক উপস্থিতি
অধিক অনুভৱ হ’ব পাৰে
ইয়াৰ অনুপস্থিতিত
এক বৰ্তমানতকৈ অধিক জীৱনদায়িনী
আৰু গতিময় হ’ব পাৰে ইয়াৰ অতীত
এখন চহৰৰ ব্যস্ত দৈনন্দিনতকৈ
অধিক পঠনীয় হ’ব পাৰে ইয়াৰ
ডায়েৰীৰ পৃষ্ঠা
এক অপৰিচিত ভিৰত হেৰাই যোৱাতকৈ
ৰোমাঞ্চকৰ হ’ব পাৰে
প্ৰাচীনতাৰ বুকুত ৰোৱা পুৰাতন স্মৃতিৰ আমন্ত্ৰণ
বজাৰ জিকমিকাই তোলা সোণালীৰ মাজত
সংগীতৰ এক উদাস ধ্বনিয়ে
উন্মোচিত কৰিব পাৰে
এই বৈভৱৰ অনন্য এক মহীয়ান সত্য
কেতিয়াবা এটি জীৱনতকৈ অধিক অৰ্থবহ হ’ব পাৰে
তাৰ সাৰাংশ
প্ৰেমতকৈ মধুৰ হ’ব পাৰে তাৰ স্মৃতি
এক সম্পূৰ্ণ সভ্যতাৰ জীৱন গাথাতকৈ
অধিক সাৰগৰ্ভ হ’ব পাৰে
ইয়াৰ স্মাৰকৰ সংক্ষিপ্ত ভাষা
কুঁৱৰ নাৰায়ণ

হিন্দী ভাষাৰ প্ৰসিদ্ধ কবি কুঁৱৰ নাৰায়ণৰ জন্ম হৈছিল ১৯২৭ চনত উত্তৰ প্ৰদেশৰ ফৈজাবাদত। সাহিত্য কৰ্মৰ বাবে তেখেত জ্ঞানপীঠ বঁটা, সাহিত্য অকাডেমি বঁটা, কবীৰ সন্মান আদি অনেক বঁটাৰে সন্মানিত হৈছিল। তেখেতৰ মৃত্যু হয় ২০১৭ চনত।
আজহাৰ ইকবালৰ কবিতা: মোৰ সপোনৰ ঘৰ
দিপীমা বুঢ়াগোহাঁই

পৃথিৱীত জীয়েকবোৰেই দেউতাকক বচায়
ময়ূৰী শৰ্মা বৰুৱা

জীবনানন্দ দাশৰ কবিতা: আকাশলীনা
তপোবন মিশ্ৰ

খলিল জিব্ৰানৰ কবিতা: ভয়
ময়ূৰী শৰ্মা বৰুৱা

ভাত দে হাৰামজাদা
পবিত্ৰ হাজৰিকা
পূৰ্ব প্ৰকাশ: ৰাজপথৰ কবিতা। প্ৰয়াগ শইকীয়াই অনুবাদ কৰা কুঁৱৰ নাৰায়ণৰ এই কবিতাটি ‘ৰাজপথৰ কবিতা’ৰ সৈতে বুজাবুজি মৰ্মে পুনৰ প্ৰকাশ কৰা হৈছে।
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক





