কবিতা
মৰি গৈছিল বুকুৰ গছজোপা মোৰ,
খৰাঙত মৰি গৈছিল বুকুৰ দূবৰি বন,
ৰ’দত হঠাৎ অদ্ভুত ৰাতিৰ নিদ্ৰা ভাঙি
সাৰ পাই দেখিলো গছজোপাত
দুখিলা পাত ঠন ধৰি উঠা
দূবৰি বনত দুটোপাল নিয়ৰ জানো,
তুমি বৰষুণ হৈ নামিছিলা জানো,
তুমি নিয়ৰ হৈ সৰিছিলা যোৱা ৰাতি
মোৰ মৃত্যুক ভেটি।
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক