নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

এগৰাকী নাৰীৰ প্ৰেমত পৰিবলৈ

এগৰাকী নাৰীৰ প্ৰেমত পৰিবলৈ
কে. সচ্চিদানন্দন
মূল (ইংৰাজী: To Fall in Love with a Woman) কে. সচ্চিদানন্দন
অনুবাদ
13 Feb, 2018

এগৰাকী নাৰীৰ প্ৰেমত পৰা মানে তেওঁক পাষাণমুক্ত কৰা১
মূৰৰ পৰা ভৰিলৈ, মৰম কৰি কৰি অভিশাপত গোট মৰা
তেওঁৰ তেজক এটা সপোনৰে উষ্ণ কৰি দিয়া।

এগৰাকী নাৰীৰ প্ৰেমত পৰা মানে
তেওঁৰ এলান্ধু লগা দিনবোৰক
সলনি কৰি দিয়া গান গোৱা এটা চৰাইলৈ
যিয়ে উশাহ লয় সৰগৰ পুষ্পৰেণুৰ;
নিজকে সলনি কৰি দিয়া পূৰ্ণ পল্লৱিত বৃক্ষলৈ
যাতে নিশা তাইৰ ভাগৰুৱা ডেউকাই জিৰাব পাৰে তাত।

এগৰাকী নাৰীৰ প্ৰেমত পৰা মানে
মেঘ-আন্ধাৰ আকাশৰ তলত ধুমুহাই সাৰি নিয়া সাগৰত
নাও মেলি দিয়া এখন নতুন দেশৰ সন্ধানত;
এটা তুলসী পুলি তুলি নিয়া নিজৰ চোতালৰ পৰা
এক অচিন সমুদ্র তটলৈ
ৰোপণ কৰা তাত।

এগৰাকী নাৰীৰ প্ৰেমত পৰা মানে
তোমাৰ মাংসপেশীৰ কাঠিন্য সলনি কৰি লোৱা
ফুলৰ কোমলতাৰ লগত২
মুক্ত কৰা নিজকে বর্ম আৰু মুকুটৰ পৰা,
নগ্ন কৰা, অতিক্ৰম কৰা আৰু এখন আকাশ
অন্য এটা প্ৰহৰ, অন্য এটা জলাশয়ৰ আৰু
বতাহৰ বাবে এৰি দিয়া দেহৰ সকলো মঙহ।

এগৰাকী নাৰীৰ প্ৰেমত পৰা মানে
সুতীক্ষ্ণ তৰোৱালেৰে মচি দিয়া তেওঁৰ দেহৰ সমগ্র প্রাচীন দাগ
আৰু কলিজাটো হেচি ধৰা তৰোৱালৰ ধাৰত
যেতিয়ালৈকে নিগৰি শেষ নহয় তোমাৰ সকলো তেজ।

মই কোনো নাৰীৰেই প্ৰেমত পৰিব নোৱাৰিলো।

(১) অহল্যাৰ কাহিনী। গিৰীয়েক বিশ্বামিত্ৰৰ শাপত তেওঁ শিল হৈ গৈছিল। পাছত ৰামৰ স্পৰ্শই তেওঁক পুনৰ মানৱী জীৱন দিয়ে।
(২) পঞ্চপাণ্ডৱৰ আটাইতকৈ শক্তিশালী ভীমক দ্ৰৌপদীয়ে ‘সৌগন্ধিকা’ ফুল আনিবলৈ পঠিয়াইছিল আৰু বহু বাধা অতিক্ৰম কৰি তেওঁ কামটো সম্পূৰ্ণ কৰিছিল।

✽

কে সচ্চিদানন্দন

কে সচ্চিদানন্দন

মালায়ালম ভাষাত আধুনিক কবিতাৰ বাটকটীয়া কে সচ্চিদানন্দন (Koyamparambath Satchidanandan) মালায়ালম আৰু ইংৰাজী ভাষাৰ এগৰাকী শক্তিশালী কবি, নাট্যকাৰ, প্ৰাৱন্ধিক, সমালোচক আৰু অনুবাদক। তেখেত ‘ইণ্ডিয়ান লিটেৰেচাৰ’ পত্ৰিকাৰ প্ৰাক্তন সম্পাদক। তেখেতে সাহিত্য অকাডেমিৰ সম্পাদক হিচাপেও (১৯৯৬-২০০৬) কাৰ্যনিৰ্বাহ কৰিছিল। কে সচ্চিদানন্দনৰ জন্ম হৈছিল ১৯৪৬ চনৰ ২৮ মে’ত কেৰালাৰ ত্ৰিচুৰ জিলাৰ পুলূট (Pulloot) নামৰ গাঁৱত।

Featured Image: K Satchidanandan with his wife Tulasi Devi, Images courtesy: K Satchidanandan’s Facebook profile

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...

আপুনি হয়তো ভাল পাব:

হীৰুদাৰ কবিতা

হীৰুদাৰ কবিতা

কৃষ্ণ আৰু কংস
  • কবিতা
    • ডা° হেমন্ত কুমাৰ গোস্বামী

কৃষ্ণ আৰু কংস