আই, তই কৈছিলি—
মাজনী, সদায় মাটিৰ দৰে হ’বি,
হাজাৰ আঘাত পায়ো যি
নীৰৱে থাকে সহি।
মাজনী, লাহে লাহে তই
ডাঙৰ হৈ আহিছ
লগতে ঘাত-প্ৰতিঘাতবোৰো,
চাবি, আঘাতৰ প্ৰতিদান দিবি
মৰমেৰে, মাটিৰ দৰে
মোৰ দৰে।
আই, মই বহুত ডাঙৰ হ’লো
ভবাই নাছিলো,
মোৰ লগতে আঘাতবোৰো
মোৰ সমানেই হ’লচোন
সহিব নোৱাৰাকৈ,
যি আহে, দি যায়
আঘাতৰ উপৰি আঘাত
মৰমৰ চলেৰে।
মই পিছে মাটিৰ দৰে নহওঁ আই,
হ’ব নোখোজোঁ
মাটিৰ দৰে আঘাত সহি
তইনো পালি কি?
উপৰ্যুপুৰি আঘাত
কেতিয়াবা বজ্ৰাঘাত!
তাৰ পাছতো তই মোক
তোৰ দৰে হ’বলৈ কৱ!
মাটিৰ দৰে হ’বলৈ কৱ?
নহয় আই,
মই শিলৰ দৰে হ’ব খোজোঁ
যিয়েই কৰিব খোজে আঘাত
আপুনি উফৰি পৰে
পায় প্ৰতি আঘাত!
মৰমৰ প্ৰতিদান দিম মৰমেৰে
আঘাতৰ প্ৰতিদান দিম আঘাতেৰে
শিলৰ দৰে
মোৰ দৰে…।
এই লেখকৰ সকলো লেখা চাওক →HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক