বিষ্ণু ৰাভা: প্রতীক আৰু প্ৰতিমা

বিষ্ণু ৰাভা: প্রতীক আৰু প্ৰতিমা
  • 14 Jun, 2018

ন্নদাশঙ্কৰ ৰায়ে বিষ্ণু ৰাভাক তুলনা কৰিছিল ইউৰোপৰ নৱন্যাস যুগৰ জীৱনধর্মী আবেগিক ব্যক্তিসকলৰ লগত, যিসকলে তৰোৱালৰ লগতে কলম আৰু তুলিকা চলাইছিল, বা, তুলি-কলম আৰু তৰোৱাল অর্থাৎ কলাবিদ্যা আৰু যুদ্ধ— দুয়োটাই তেওঁলােকৰ জীৱন আৰু চিন্তাৰ উপাদান আছিল। সেই ধাৰণাতেই আমি এতিয়া কোৱা শুনো: সৈনিক-শিল্পী বিষ্ণু ৰাভাৰ এখন হাতত চিফুং, আনখন হাতত ষ্টেনগান। কিন্তু দুয়ােখন হাত ব্যৱহাৰ নকৰিলে চিফুঙো নাবাজে, ষ্টেনগানৰ গুলিও নিচানত লগাব নােৱাৰি। আচলতে চিফুং আৰু বন্দুক— দুয়ােটাই প্রতীক। আমি কেৱল তাৰে প্রতিমা নির্মাণ কৰিছোঁ। চিফুং তেওঁৰ সংস্কৃতিৰ প্রতীক আৰু ষ্টেনগান সশস্ত্ৰ সংগ্রামৰ। কিন্তু তেওঁৰ ষ্টেনগানৰ পৰা কেতিয়াবা গুলী ওলাইছিল নে নাই, সেই কথা তেওঁৰ সমসাময়িক ইতিহাসে স্পষ্টকৈ নকয়। সম্ভৱতঃ ওলােৱা নাছিল। তেওঁ এটা প্রকৃত ট্রেজিক চৰিত্ৰ; বিশ্বাসৰ ভিত্তিত কাম কৰা লােকসকলৰ জীৱন সদায়ে ট্রেজিক। তেওঁ ছহিদো নহয়, আততায়ীও নহয়, তেওঁ সাংস্কৃতিক আৰু ৰাজনৈতিক ক্ষেত্ৰৰ এজন স্বপ্নদ্ৰষ্টা লােক।

এতিয়া ষ্টেনগান বা তাতোকৈ উন্নত এচল্ট ৰাইফল, এ কে ৪৭-৫২…, ক্ৰমে সমৰ সংস্কৃতি চলিছে— ৰজাঘৰে, প্ৰজাঘৰে। চিফুং যেন হৈ পৰিছে এটা এথনিক প্রতীক।

কিন্তু বিষ্ণু ৰাভা? এই প্রবাদ পুৰুষজন? তেওঁ গণদেৱতা গণেশ নে লােকদেৱতা লোকনাথ শিৱৰ মানস আৰু মানৱ পুত্ৰ? বিশ্বৰ ছন্দে ছন্দে তমোহৰ দেৱক আহ্বান কৰা মানুহজন কোন? তেওঁৰ উপাধি আছিল— ৰাভা, কিন্তু সকলোৱে এতিয়া জানে, নৃত্তত্ববিদৰ বা চৰকাৰী তালিকাত তেওঁ বড়াে বা কছাৰীহে। ৰাভা নহয়। বহুভাষী এই লােকজনে বড়ো ভাষাত কথা ক’ব আৰু লেখিব পাৰিছিল; কিন্তু কোনটো ফৈদৰে ৰাভা ভাষাৰ লগত তেওঁৰ প্ৰত্যক্ষ যোগাযােগ, সেই কথা আমি নাজানো। এই এনিগমেটিক প্ৰহেলিকাময় মানুহজনৰ জীৱন অৰ্পিত হৈছিল যিটো ভাষাৰ কল্পে, সেই ভাষাটো আছিল অসমীয়া। তেওঁৰ তেজৰ সোঁতেৰে অৰ্থাৎ জেনেটিকেলি কোনাে ভাষাই অহা নাছিল। কোনাে নৱজাত শিশুৰে নাহে। নাক, মুখ, চকুৰ ৰং, চুলিৰ ৰং, গাৰ ৰং— এইবোৰ জন্মসূত্ৰে পাব পাৰি, কিন্তু ভাষা নোৱাৰি। সামাজিক পৰিৱেশেহে শিশুক ভাষা শিকায় আৰু সি ক্ৰমে ব্যাপক হৈ যায় আৰু ভাষাই দিব পৰা সংস্কৃতিও সি আয়ত্ত কৰে। বিভিন্ন পৰিৱেশত, বিভিন্ন প্ৰয়োজনত এই মানুহজনে বিভিন্ন ভাষা আয়ত্ত কৰি লৈছিল। শৈশৱতেই পূব বাংলাৰ ভাষা আৰু গানৰ লগত পৰিচিত হৈছিল, যিটো একান্তভাৱে অসমীয়া বা বড়াে গাঁৱত সম্ভৱ নহলহেঁতেন। কিন্তু পাছৰ কর্মক্ষেত্ৰই— সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক— তেওঁক অসমীয়া ভাষাৰ লেখক-গীতিকাৰ ৰূপেই পৰিচিত কৰালে।

এতিয়া গােষ্ঠীয়ে গােষ্ঠীয়ে সংঘৰ্ষৰ দিনত মনত পৰে এই প্ৰহেলিকাময় যেন লগা অথবা সম্পূর্ণ বাস্তৱ আৰু ঐতিহাসিকভাৱে আত্মনির্মিত এই মানুহজনলৈ— যিজন আছিল নামে-কামে সমন্বয়ৰ প্ৰতীক। নামটো বাৰু আনে দিয়া, কামখিনি তেওঁৰ নিজৰ।

❧ | আৰু পঢ়ক: ড° ভূপেন হাজৰিকাৰ ‘জাতীয় জীৱনৰ প্ৰতীক বিষ্ণু ৰাভা’

মােৰ মনলৈ আহে পঢ়াশলীয়া বিদ্যা— প্রতীক আৰু প্ৰতিমা— এই দুটা শব্দ। তাৰ পার্থক্য লিখিলো বিদ্যালয়ত। কিন্তু এতিয়া অনুভব কৰোঁ যেন প্রতীক আৰু প্রতিমা দুয়ােটা একেটা মুদ্ৰাৰে দুটা পিঠি… এটাত থাকে পৰিচয় আৰু আনটোত মূল্য… ওহোঁ ওহোঁ, এই বেপাৰীৰ ভাষা ব্যৱহাৰ কৰিবৰ মন যােৱা নাই— মােৰ আইতাৰ দিনৰ সােণৰ যেন এফাল মিনা কৰা, আনফালটো বাখৰুৱা।

বিষ্ণু ৰাভা: প্রতীক আৰু প্ৰতিমা | নৱকান্ত বৰুৱা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক