নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

ই-বুক ডাউনলোড: বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘অসমীয়া কৃষ্টিৰ চমু আভাস’

ই-বুক ডাউনলোড: বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘অসমীয়া কৃষ্টিৰ চমু আভাস’

ক লাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই কনিহা ছাত্ৰ সন্মিলনীৰ সভাপতি হিচাপে প্ৰদান কৰা ভাষণটি পাছত ‘অসমীয়া কৃষ্টিৰ চমু আভাস’ নামেৰে পুস্তিকা আকাৰে ছপা হৈ ওলাইছিল। পুস্তিকাখনিত ৰাভাদেৱে অসমীয়া কৃষ্টিৰ ভিন্ন স্বৰূপ উন্মোচন আৰু বিশ্লেষণৰ প্ৰয়াস কৰিছে।

ৰাভাদেৱৰ পুস্তিকাখনি ‘নীলা চৰাই’ত ধাৰাবাহিক ৰূপত প্ৰকাশ কৰি অহা হৈছিল। এই প্ৰসংগতে প্ৰণিধানযোগ্য যে বৰ্তমানে ৰাভাদেৱৰ ৰচনা আৰু সৃষ্টিসমূহৰ স্বত্ত্ব উকলি যোৱা নাই; তথাপি জাতীয় স্বাৰ্থত বৰ্তমানে প্ৰায় দুষ্প্ৰাপ্য হৈ পৰা পুস্তিকাখনি ‘নীলা চৰাই’ত প্ৰকাশ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল আৰু এই সম্পৰ্কত কাৰোবাৰ কিবা আপত্তি থাকিলে আমাক জনাবলৈয়ো আহ্বান জনাই থোৱা হৈছিল। অপেছাদাৰী এই প্ৰকল্পত আমি পাঠক ৰাইজৰ পৰা উৎসাহেই লাভ কৰিবলৈ সক্ষম হৈছিলো। সেই সাহসেৰেই পুস্তিকাখনি সকলোৰে হাতৰ ওচৰতে থাকক বুলি ইয়াৰ ই-বুক সংস্কৰণ এটি তৈয়াৰ কৰি আগবঢ়োৱা হ’ল।

‘অসমীয়া কৃষ্টিৰ চমু আভাস’ ই-বুক হিচাপে আমি তিনিটা ফৰ্মেটত উপলব্ধ কৰাইছোঁ— মোবাইল ডিভাইচত পঢ়াৰ উপযোগী কৰি ‘ই-পাব’ (Epub), ‘মবি’ (Mobi) আৰু ডেস্কটপত পঢ়াৰ সুবিধা কৰি ‘পিডিএফ’ (PDF)।

ডাউনলোড:

ই-বুক ডাউনলোড: বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘অসমীয়া কৃষ্টিৰ চমু আভাস’
এই লেখকৰ সকলো লেখা চাওক →
ই-বুক ডাউনলোড: বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘অসমীয়া কৃষ্টিৰ চমু আভাস’ | সম্পাদনা কক্ষ

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...