জীৱনে মৰণে মই চিৰদিন অসমীয়া
ৰচনা: চৈয়দ আব্দুল মালিক
কণ্ঠ: সংগীতা বৰঠাকুৰ
জীৱনে মৰণে মই চিৰদিন অসমীয়া…
…
জীৱনে মৰণে মই
চিৰদিন অসমীয়া
অসমীয়া দেহে-প্রাণে মই
জীয়াই থাকোঁতে
মই অসমৰে অসমীয়া
মৰিলেও বৰি ল’ম
অসমৰ অমিয়া মৰণ।
অসমৰ হকে যুঁজি
অসমৰ হকে মৰোঁ
ধৰ্ম মোৰ জাতি মোৰ
অসমীয়া প্রাণৰ আপোন।
অসমীয়া ভাষা মোৰ,
কথা মোৰ, গীত মোৰ
অসম প্রকৃতিয়ে ৰচা
চিনি পাম বুজি পাম
অমৰণ সৰগতো
মোৰ এই ভাষা অসমীয়া।
❧ | আৰু পঢ়ক: চৈয়দ আব্দুল মালিকৰ ‘মই অসমীয়া’
ছবি: সুজিত দাস
এই লেখকৰ সকলো লেখা চাওক →HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক