নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

অসমীয়া কৃষ্টিৰ চমু আভাস (১)

অসমীয়া কৃষ্টিৰ চমু আভাস (১)

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই কনিহা ছাত্ৰ সন্মিলনীৰ সভাপতি হিচাপে প্ৰদান কৰা ভাষণটি পিছত ‘অসমীয়া কৃষ্টিৰ চমু আভাস’ নামেৰে পুস্তিকা আকাৰে ছপা হৈ ওলাইছিল। বৰ্তমানে প্ৰায় দুষ্প্ৰাপ্য হৈ পৰা পুস্তিকাখনি ধাৰাবাহিক ৰুপত ‘নীলা চৰাই’ত প্ৰকাশৰ পৰিকল্পনা কৰি প্ৰথম খণ্ডটি প্ৰকাশ কৰা হ’ল। যদিও বৰ্তমানে ৰাভাদেৱৰ ৰচনা আৰু সৃষ্টিসমূহৰ স্বত্ব উকলি যোৱা নাই, জাতীয় স্বাৰ্থত পুস্তিকাখনি প্ৰকাশৰ বাবে লোৱা হ’ল। এই সম্পৰ্কত কাৰোবাৰ কিবা আপত্তি থাকিলে অনুগ্ৰহ কৰি আমাক জনালে (editor @nilacharai. com) প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব।— সম্পাদক, নীলা চৰাই

অসমীয়া কৃষ্টিৰ চমু আভাস

এক.
কৌ টিকলীয়া অসমী আইৰ আহল-বহল চেনেহৰ সঁফুৰা, বুকুৰ মাজৰ পৰা কৌটি মানুহৰ ভিতৰত ৰাইজৰ চৰণৰ ধূলি এই নিঃকিনজনে যে আপোনালোকৰ হিয়া চালনীত কেনেকৈ ঠাই পালে, তাক ভাবি উলিয়াবৰ শকতি এই মূৰুখমতিৰ নাই। লুইতপৰীয়া ডেকা এজনক যে আপোনালোকে এনেকৈ চেনেহৰ আগভাগ দি মাতি আনি আপোনালোকৰ বৰ সবাহৰ বৰ পুৰোহিত কেনেকৈ পাতিলে তাৰ কাৰণেও এই অভাজনৰ কল্পনাই ঢুকি নাপায়। এনে বৰ ভাবনাত যদি বহুৱা সাজোঁ, অথবা ভুচং পহু হওঁ তাৰ বাবে যেন মোক হিয়াৰ বান্ধৈ বুলি আপোনালোকে ক্ষমা কৰে। গতিকে এনে সন্মিলনীৰ নিচিনা বৰ সবাহৰ কাম যাতে সুকলমে হয়, তাৰ বাবে লাগে আপোনালোকৰ প্ৰীতি, চেনেহ, আশিস আৰু সহানুভূতি। এই প্ৰীতি, চেনেহ, আশিস আৰু সহানুভূতিয়েই মোৰ পাশুপত অস্ত্ৰ।

পোনপোনতে আপোনালোকক অতিকৈ চেনেহৰ মুগাৰে মহুৰা, অতিকৈ চেনেহৰ মাকো, তাতোকৈ চেনেহৰ ৰঙালী বিহু-ব’হাগীৰ ওলগ জনাওঁ। তাৰ লগে লগে মৰমৰ দীঘ দি চেনেহৰ মাতৰ বাণি লৈ হেঁপাহৰ আঁচুৰে বোৱা হিয়াৰ বিহুৱান গামোচা এখনো আগবঢ়াওঁ। তাৰ লগে লগে চেনেহৰ পেঁপা বজাওঁ, হৃদয়ে হৃদয়ে তাল জুৰি বাওঁ, হিয়াই হিয়াই টকা কোবাওঁ, কামি হাড়ৰ বৰতীৰে সিয়া বুকুৰ কলিজাৰ ঢোলত কোব দিওঁ। সিবিলাকৰ তিঁহিটি তিঁহিটি সুৰীয়া মাতৰ ছেৱে ছেৱে, তালৰ ছাবে ছাবে, টকাৰ তালে তালে, ঢোলৰ কোবে কোবে কনিহা বিহুতলীত দল্দোপ হেন্দোলদোপকৈ নাচি উলহ-মালহ, উখল-মাখল লগাওঁ। লগে লগে চেঙেলীয়া চফল ডেকাসকলৰ লগত পথাৰত, বালি চাপৰিত ঘিলা, ঢোপ হাফলু আদি খেলোঁ। আয়তী ভনীসকলৰ চেনেহ লওঁ, বিহুৱান আদি গ্ৰহণ কৰোঁ, ভাইসকলৰ মৰমৰ সুৱাগ তোলোঁ; বুঢ়া-মেঠাসকলৰ প্ৰতি সেৱা জনাওঁ; নিৰ্দেশ উপদেশ শুনো; শেহত হুঁচৰি গাই বিহুৱা দলৰ মাজত সোমাই নতুন তেজেৰে কৰ্মক্ষেত্ৰত নামো।

এনে যি বিহু, সেই বিহুলৈ যে অসমীয়াৰ ইমান মৰম, ইমান চেনেহ, ইমান ধাউতি আৰু তাৰ কাৰণে যে ইমান যো-যা কিয়? এই বিহু-ব’হাগী ৰঙিলী, ৰাঙলী, তাৰ আগ জাননী দি যায় জটায়ুৰ জীয়াৰী, গৰুণ্ডৰ বোৱাৰী বৰদৈ চিলাই হিল্-দোল্ কোবাই।

তেতিয়াৰ পৰা অসমীয়াই সাজু হয় ন-সাজেৰে সাজি বিহুৰ ওলগ জনাবলৈ। ঘৰৰ চোতালত তাঁতৰ শালৰ ছালি মাৰিৰ তলৰ নাচনীহঁতে নিগৰি খুঁটিত খাপ খাই থকা গৰকাৰ চেৱে চেৱে নাচি জাকি তোলে, জাকিৰ মাজে মাজে অতিকৈ চেনেহৰ মহুৰাৰে সৈতে অতিকৈ চেনেহৰ মাকো, আয়তীসকলৰ চম্পাকলীয়া পাজি সেৰীয়া আঙুলিৰ পৰা উফৰি পৰিবলৈ ধৰে; লগে লগে দোপতিৰ মাজৰ ৰাচৰ তাঁৰ মৰাৰ লগে লগে পুতল দুটা আগুৱাই বগাই যায় আৰু কানমাৰিয়ে পাক দিয়াৰ লগে লগে টুলুঠাও ঘূৰিব ধৰে। ঘৰে ঘৰে চোতালে যঁতৰ শলাৰ ঘৰ্ ঘৰনি উঠে, উঘা, চেৰেকী, লেটাই ঘূৰ্ পাক খায়। চ’তৰ সংক্ৰান্তিত, প্ৰকৃতিক কুঁহি কুঁহি পাতেৰে ৰূপহী ফুল কলিৰে সজাই পৰাই। জানজুৰি নৈৰ পাৰে পাৰে গৰু-ম’হৰ জাকৰসৈতে ল’ৰা-ছোৱালী, ডেকা-তিৰোতা, বুঢ়া-বুঢ়ীসকলে জুম বান্ধে ভেটো গছৰ ডালেৰে, মাখিয়তী দীঘলতী পাতেৰে ‘লাও খা বেঙেনা খা দিনে দিনে বাঢ়ি যা; মাৰ সৰু বাপেৰ সৰু তই হবি বৰ বৰ গৰু’ গাই গৰু, ম’হ, ছাগলীৰ গাত লাও-বেঙেনা ডোখৰেৰে কোবাই নিজে লবনু গাত মাহ হালধি, খলিহৈ ঘঁহি পানীত বুৰমাৰি জুবুৰিয়াই চুৰিয়া, চাদৰ, চেলেং, ভমকা ফুলীয়া মেখেলা, কেচ দিয়া ৰিহা ফুলাম লটিয়াই ঘৰলৈ উভতি ঘৰে ঘৰে, পথাৰে পথাৰে, চাপৰিয়ে চাপৰিয়ে ব্ৰহ্মপুত্ৰৰ পাৰৰ বৰ্হমথুৰি গছৰজোপাবিলাকৰ তলে তলে বিহু খাই, তামোল খাই সেলেঙী লগাই ন-সাজেৰে সাজি-কাচি, নাচি-বাগি খেলি-উমলি ৰঙত দেহা উটুৱাই দিয়ে। গাভৰুসকলৰ ঘিলা খোপাত নেঘেৰী খোপাত কলডিলীয়া খোপাত, কপৌ বিহুৱা আদি নানা তৰহৰ ফুলে শুৱাই ধৰে। বিহগ-বিহগীৰ কাকলি বিতানৰ লগে লগে ডেকাহঁতৰ পেঁপা, ঢোল, তাল, টকা একেলগে বাজি উঠে, শেহত ডেকা-গাভৰুৰ সুৰীয়া মাতৰ অমিয়া নামৰ জাউৰি উঠে। সন্ধিয়াৰ লগে লগে হুঁচৰিদলে “দেউতাৰ পদূলিত গোন্ধাইছে মাধুৰী কেতেকী মলে মলায় ঐ গোবিন্দাই ৰাম” বুলি পদূলিয়ে পদূলিয়ে ঢোল, তাল, টকাৰ ছাবে ছাবে বজাই গাই ফুৰে। সত্ৰ-নামঘৰ বিলাকত খোল, তাল, ডবা, নাগৰাৰে নাম-ঘোষা আদি মুখৰিত হয়। খৈলুৱৈ দলে খেলা কৰে, গোলা হাফলু কচুগুটি, ঢোপ আদি আৰু পচি খেলে, নাৱ খেলে, ম’হ, হাতী যুঁজায়। কেৱল ভৈয়ামৰ বিহুৱাসকলেই যে এনে কৰে, সেয়া নহয়— পৰ্বতীয়া আৰু দাঁতিয়লীয়া ডেকা-গাভৰুসকলেও এনে অতিকৈ চেনেহৰ বিহু পাতে। নগা চাঙত টিংখাং বাজি উঠে, খাচিয়া পাহাৰৰ খাচি “কান্থেই”, অপেচৰীসকলে “উখ্ পিং”, “কাঞ্জৰী তাৰ”, “পান্সিনিহাৎ” আদি গঢ়ানা-গহনা পিন্ধি “কাবাম” ৰ ছেৱে ছেৱে “নংক্ৰেম” নাচ নাচে। দেউৰী চাঙৰ ফালে বিহুৰ তলিত পূজা-পাতল পাতি ডেকা-গাভৰুৱে “দিৰঙীয়া” চুটিয়া ভাষাত নাম গাই নাচে বাগে, মিৰি কণেংচংনেংইহঁতে বনগীত “অ’ নিতম” গাই গাত লহৰ তোলে। মৰাণহঁতৰ মৰাল ঘৰৰ এটা কোঠাত ডেকাদলে, আন এটা কোঠালিত গাভৰু জাকে নাম জুৰি বিহু পাতে, বৰো-কছাৰীসকলৰ মাজত ডেকা ‘ঝহ্ লাও’ ‘লৰাগঠো’সকলে ‘চিফুং’ বাঁহী, জোথা তাল বজায় আৰু “গাভৰু-চিখলা”সকলে নতুন ফুলাম দখনা-মেখেলা, পিন্ধি গংগনা-গগনা বজাই হালে জালে, কাছাৰৰ ডিমাছা-কছাৰীসকলে বসতি কৰা অঞ্চলত মঃৰি পেঁপা খাৰাম ঢোলৰ ছেৱে ছেৱে “ৰিগু” মেখেলা, ‘‘ৰিজাংফাই’’ ৰিহা আৰু ‘‘ৰিখা ওছা’’ চাদৰ পিন্ধি কছাৰী-মাঠলা গাভৰুসকলে নগাসকলৰ লগত হেলাৰঙে নাচে-বাগে, “হাচৰী” হুঁচৰি গাই ওমলে আৰু ‘বিষু’ বিহু মেলা পাতে। মণিপুৰিয়া মৈতে লৈপাক’ৰ (মিশ্ৰিত জাতিৰ দেশৰ) লাইছবি (নাচনী) “মগলৌ’’ কুঁৱৰীসকলে ডেকাসকলৰ লগত ‘থাংজিং’ বৰষুণ দেৱতাৰ উপলক্ষে “লাই-হাৰওবা” নৃত্য কৰে, আৰু কত কি? ইমান যো-যা ইমান আয়োজন কিয়? পুৰণি বছৰৰ সামৰণি আৰু ন-বছৰৰ পাতনিৰ সন্ধিতে এনে প্ৰদৰ্শনী কিয়? এয়া হৈছে অসমীয়াৰ প্ৰাচীন প্ৰথা, প্ৰাচীন কৃষ্টি আৰু প্ৰাচীন সভ্যতাৰ নিদৰ্শনৰ বিৰাট মেলা। এই মেলাতেই বুজা যায় অসমীয়াই অসমীয়াৰ কৃষ্টি, প্ৰথা আৰু সভ্যতা কিমানখিনি ৰাখিব পাৰিছে। এই প্ৰদৰ্শনীতেই ধৰা পৰে অসমীয়াই নিজত্ব বজাই ৰাখি প্ৰগতিশীল কৃষ্টিৰ বাটত নে সৰ্বনাশী বিলীনতাৰ পথত। (ক্ৰমশঃ)

(ছপাৰ ভুল বুলি অনুভৱ কৰা অশুদ্ধি শুধৰোৱাৰ বাহিৰে ৰচনাৰ বানান পদ্ধতিত হাত দিয়া হোৱা নাই)

❧ | পৰৱৰ্তী খণ্ড: অসমীয়া কৃষ্টিৰ চমু আভাস (২)

এই লেখকৰ সকলো লেখা চাওক →
অসমীয়া কৃষ্টিৰ চমু আভাস (১) | বিষ্ণুপ্ৰসাদ ৰাভা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...