গন্ধৰ্বৰ নাট সমাৰোহ, চিত্ৰাংকন আৰু ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ সামৰণি

গন্ধৰ্বৰ নাট সমাৰোহ, চিত্ৰাংকন আৰু ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ সামৰণি
  • 11 Dec, 2024

ডিচেম্বৰৰ পৰা ৮ ডিচেম্বৰ (২০২৪)-লৈ মালিগাঁও বৰিপাৰাৰ কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত অভিনয় আৰু সংগীত প্ৰতিষ্ঠান ‘গন্ধৰ্ব’ই বিংশতিতম বৰ্ষপূৰ্তিত আয়োজন কৰা দুদিনীয়া গন্ধৰ্ব নাট মহোৎসৱ, জীৱনশিল্পী আদ্য শৰ্মা সোঁৱৰণী চিত্ৰাংকন প্ৰতিযোগিতা আৰু চতুৰ্দশ বাৰ্ষিক সদৌ অসম ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ সফল সামৰণি পৰিছে।

দ্বিতীয় বাৰ্ষিক গন্ধৰ্ব নাট মহোৎসৱৰ ৬ ডিচেম্বৰৰ নাট্য সন্ধিয়াৰ মঞ্চ উদ্বোধন কৰি বিশিষ্ট শিক্ষাবিদ, নাট্যকাৰ, পৰিচালক, অধ্যাপক নৰেন পাটগিৰিয়ে তেওঁৰ চমু ভাষণত নাটকৰ সমাজ সংস্কাৰত থকা ভূমিকাৰ বিষয়ে ব্যাখ্যা দাঙি ধৰে। উদ্বোধকগৰাকীয়ে লেখক, নাট সমালোচক অতুল মজুমদাৰৰ ‘নাট্য প্ৰৱাহ’ শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰি লেখকগৰাকীয়ে দীৰ্ঘদিন ধৰি কৰি অহা গৱেষণামূলক তথ্যানুসন্ধানী কৰ্মৰ ভূয়সী প্ৰশংসা কৰে।

নাট সমাৰোহ

নাট্য সন্ধিয়াটিত ৬.৩০ বজাত হিমজ্যোতি বৈশ্য ৰচিত, ধ্ৰুৱজ্যোতি কুমাৰ পৰিচালিত আৰু অখিলেশ হাজাৰী, প্ৰদ্যুৎ বিকাশ দাস, দীপান্বিতা দাস আৰু পাৰ্থপ্ৰতিম পাঠক অভিনীত, গন্ধৰ্বৰ স্ব-প্ৰযোজনাৰ নাট ‘দৃষ্টান্ত’ সফলতাৰে মঞ্চস্থ কৰা হয়। ‘দৃষ্টান্ত’ নাটখনিৰ জৰিয়তে বৰ্তমান সময়ৰ সাংস্কৃতিক (বিশেষকৈ সংগীত) ক্ষেত্ৰখনত ঘটি থকা অৱক্ষয়ৰ প্ৰতিচ্ছবি ব্যঙ্গৰ মাজেৰে দাঙি ধৰি শেষত কেন্দ্ৰীয় চৰিত্ৰৰ মুখত দিয়া সংলাপৰ জৰিয়তে দৰ্শক ৰাইজৰ চেতনা জাগ্ৰত কৰাৰ যি প্ৰয়াস কৰা হৈছে, সি সঁচাকৈ প্ৰশংসনীয়। সময়োপযোগী বিষয়বস্তু উপস্থাপনৰ জৰিয়তে দৰ্শকৰ মনোজগতত ৰেখাপাত কৰিবলৈ নাট্যদলটি যে সক্ষম হৈছে সেই কথা দৰ্শকৰ তাৎক্ষণিক সঁহাৰিত প্ৰতীয়মান হৈছে।

সন্ধিয়া ৭: ৩০ বজাত মঞ্চস্থ কৰা নৰেন পাটগিৰি ৰচিত-পৰিচালিত তথা চাংকু নিৰঞ্জন আৰু নম্ৰতা দাস অভিনীত ভাৰতীয় গণনাট্য সংঘৰ গুৱাহাটী শাখাৰ নাট ‘প্ৰিয়বন্ধু’ৰ মাজেৰে প্ৰকাশ পোৱা অৰ্থপূৰ্ণ বক্তব্যই দৰ্শকক আপ্লুত কৰে।

নাট সমাৰোহ

৭ ডিচেম্বৰৰ সন্ধিয়া মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে উদ্বোধন কৰাৰ পাছতে বিছমিল্লা খাঁ বঁটা বিজয়িনী নৃত্যাংগনা ডিম্পী বৈশ্যৰ সত্ৰীয়া নৃত্যৰ পৰিৱেশনাই দৰ্শকক মুগ্ধ কৰে। নৃত্যানুষ্ঠানৰ পাছতে নটসূৰ্য, গুৱাহাটীৰ দ্বাৰা পৰিৱেশিত অভিজিৎ ৰঞ্জন ভট্টাচাৰ্য ৰচিত, মন্মথ বৰুৱা পৰিচালিত, অমিতাভ ৰাজখোৱা, মন্মথ বৰুৱা, বিজিত দেৱ চৌধুৰী, মীনা ইংতি, মনোজ দাস, ধনজিৎ শৰ্মা আৰু হাৰাধন চৰকাৰ অভিনীত ব্যঙ্গ নাট ‘হালধীয়া মানুহ’ৰ হাস্য-ব্যংগ উপস্থাপনাৰ মাজেৰে সামাজিক অৱক্ষয়ৰ এখন নিভাঁজ ছবি দাঙি ধৰা হৈছে।

নাট সমাৰোহ

নাট্যানুষ্ঠানৰ আগেয়ে অনুষ্ঠিত জীৱনশিল্পী আদ্য শৰ্মা সোঁৱৰণী চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান অধিকাৰ কৰি বঁটা লাভ কৰে যথাক্ৰমে ৰোহন কাশ্যপ (পূৰ্ণকান্ত দাস সোঁৱৰণী বঁটা), সৃষ্টি ধৰ (কমলাকান্ত দাস সোঁৱৰণী বঁটা) আৰু মৃদুল শইকীয়াই (বিমল চন্দ্ৰ হাজৰিকা সোঁৱৰণী বঁটা)।

৮ ডিচেম্বৰৰ ৰাতিপুৱা গন্ধৰ্বৰ চতুৰ্দশ বাৰ্ষিক সদৌ অসম ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা আৰম্ভ হোৱাৰ আগেয়ে গন্ধৰ্বৰ পতাকা উত্তোলন কৰে বিশিষ্ট সংগীত শিল্পী ৰসানন্দ গগৈয়ে। প্ৰতিযোগিতাৰ মঞ্চ মুকলি কৰে আন এগৰাকী বিশিষ্ট সংগীত শিল্পী কমল কটকীয়ে। প্ৰায় চাৰি কুৰি প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত ‘ক’ শাখাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হয় যথাক্ৰমে গুৱাহাটীৰ শাশ্বত দত্ত (যোগমায়া বৈশ্য সোঁৱৰণী বঁটা), নগাঁৱৰ আয়ুশ্ৰী দাস (হৰেকৃষ্ণ কুমাৰ সোঁৱৰণী বঁটা) আৰু সৰুপেটাৰ শ্ববনম য়াচমিনা ৰহমান (সভাপ্ৰিয়া বৈশ্য সোঁৱৰণী বঁটা)। ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ ‘খ’ শাখাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান অধিকাৰ কৰি বঁটা পাবলৈ সক্ষম হৈছে যথাক্ৰমে বিশ্বনাথ চাৰিআলিৰ সম্ৰাজ্ঞী কাশ্যপ (আইকণ ডেকা সোঁৱৰণী বঁটা), নলবাৰীৰ জেনিফাৰ আহমেদ (পুতুল চন্দ্ৰ দাস সোঁৱৰণী বঁটা) আৰু গুৱাহাটীৰ ভাস্বতী ৰাজবংশী (বনফুল ভূঞা সোঁৱৰণী বঁটা)। ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ বিচাৰকৰ আসন শুৱনি কৰে বিশিষ্ট সংগীত শিল্পীদ্বয় ৰসানন্দ গগৈ আৰু কমল কটকীয়ে।

নাট সমাৰোহ

গন্ধৰ্ব নাট মহোৎসৱ, জীৱনশিল্পী আদ্য শৰ্মা সোঁৱৰণী চিত্ৰাংকন প্ৰতিযোগিতা আৰু ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী সমূহ শিল্পীলৈ গন্ধৰ্বৰ সভাপতি গৌতম কুমাৰ আৰু সম্পাদক ধ্ৰুৱজ্যোতি কুমাৰে শলাগৰ শৰাই আগবঢ়ায়। সভাপতি আৰু সম্পাদক দুয়োগৰাকীয়ে সহৃদয় দৰ্শক আৰু বিচাৰক মণ্ডলীৰ আন্তৰিকতাপূৰ্ণ সহযোগৰ বাবেও কৃতজ্ঞতা জনায়।

❧ | আৰু পঢ়ক:

গন্ধৰ্বৰ নাট সমাৰোহ, চিত্ৰাংকন আৰু ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ সামৰণি | ৰূপকাৰ চিনে এণ্টাৰপ্ৰাইজ

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক