ৰফিকুল হোছেইনৰ সৈতে অন্তৰংগ সাক্ষাৎকাৰ

ৰফিকুল হোছেইনৰ সৈতে অন্তৰংগ সাক্ষাৎকাৰ
  • 28 Mar, 2021

যো ৱা শতিকাৰ আঠৰ দশকতে ‘শৰবিদ্ধ আকাশ’ কবিতা পুথিৰে অসমীয়া কাব্য জগতত খলকনি তোলা কবি ৰফিকুল হোছেইন এগৰাকী নাট্যশিল্পী হিচাপেহে অধিক জনপ্ৰিয়। বিগত তিনি দশকৰো অধিক কাল অসমৰ দিহিঙে-দিপাঙে নাট্যশিল্পৰ সোণগুটি সিঁচি ভ্ৰমি ফুৰা এই বিশিষ্ট নাট্যশিল্পী, নাট পৰিচালক তথা কবিগৰাকীয়ে কেতিয়াবা নৈৰ ঘাটত থকা নাৱৰ চৈত বহি, কেতিয়াবা চৰ-চাপৰিৰ গৰু-ম’হৰ খুঁটিৰ উৱলা পঁজাত, কেতিয়াবা চাপৰিয়ালৰ বহা নতুবা কোনো জনজাতীয় গাঁৱৰ চাংঘৰ-পঁজাঘৰত অথবা কোনো হোটেলৰ কোঠাত বা কেতিয়াবা কোনোবা পৰিদৰ্শন বঙলাৰ শোৱনী কোঠাত নিৰলে বহি সৃষ্টি কৰিছে মনপৰশা একো একোটা সুন্দৰ কবিতাৰ।

কবিতাকেই জীৱনৰ সূক্ষ্ম অনুসৃষ্টি বুলি অনুভৱ কৰা কবি ৰফিকুল হোছেইনে অসমীয়া কাব্য সাহিত্য জগতক চহকী কৰিছে ‘শৰবিদ্ধ আকাশ’ (১৯৮৪), ‘বিষাদ বসন্ত’ (২০০৯), ‘চাকিৰ চাংঘৰ’(২০১৮) শীৰ্ষক কবিতা পুথি কেইখনৰে। ইয়াৰ উপৰি ১৯৯৫ চনত তেওঁৰ তিনিখন নাটকৰ সংকলন ‘ধোঁৱা-দৈৱকী-জলাশয়’, ২০১৫ চনত তেখেতে নিজৰ নাট্য জীৱনৰ বিভিন্ন অভিজ্ঞতাৰ ভিত্তিত লিখা থিয়েটাৰী গল্প সংকলন ‘এটা পেটিকোটৰ কাহিনী আৰু অন্যান্য’ গ্ৰন্থই প্ৰকাশ লাভ কৰে। উল্লেখযোগ্য যে তেখেতৰ জীৱনৰ প্ৰথমখন কাব্যগ্ৰন্থ ‘শৰবিদ্ধ আকাশ’ৰ বাবে ১৯৯৬ চনত ‘কল অৱ দ্য ব্ৰহ্মপুত্ৰ’ই প্ৰদান কৰা ‘কাব্য হৃদয় বঁটা’, পৰৱৰ্তী সময়ত তেখেতৰ প্ৰথম পূৰ্ণাংগ নাট্য সংকলন ‘ধোঁৱা-দৈৱকী-জলাশয়’ৰ বাবে ১৯৯৬ চনত অসম সাহিত্য সভাৰ ‘তিলক চন্দ্ৰ শৰ্মা সোঁৱৰণী নাট্য বঁটা’ আৰু ২০১৮ চনত বিশিষ্ট কবি প্ৰতিভা ‘শৈলধৰ ৰাজখোৱা বঁটা’, ২০১৭ চনত ‘ক্ৰান্তিকাল সাহিত্য সন্মান’, ২০১৭ চনত অসম নাট্য সন্মিলনৰ ‘সৈনিক-শিল্পী ব্ৰজনাথ শৰ্মা বঁটা’, ২০০৯ চনত সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ ‘অমূল্য কাকতি স্মাৰক বঁটা’ আৰু শেহতীয়াকৈ ২০২০ বৰ্ষত দুলীয়াজানৰ পথাৰ নাট্যগোষ্ঠীৰ ‘পথাৰ প্ৰদীপ্ত বঁটা’ আৰু অসম নাট্য পৰিষদৰ ‘আলি হাইদৰ নাট্যকাৰ বঁটা’ৰে সন্মানিত হোৱাৰ সৌভাগ্যও এই গৰাকী স্বভাৱজাত নাট্যকাৰ, পৰিচালক তথা কবিয়ে লাভ কৰিবলৈ সক্ষম হয়।

১৯৮১-৮২ চনত ‘আজন্ম’ নাটকৰে নাট্যসৃষ্টিৰ পথত খোজ দিয়া ৰফিকুল হোছেইনে ‘উজান’ (১৯৮৫), ‘জলাশয় (১৯৮৬), ‘দৈৱকী’ (১৯৮৭), ‘ধোঁৱা’ (১৯৯২), ‘জলপ্ৰপাত’(২০০০), ‘সপোনৰ বৃন্দাবন’ (২০০২), ‘অৰণ্যত উৰ্মিলা’(২০০৪), আৰু ‘ৰাতিৰ আকাশ’ (২০০৭) শীৰ্ষক পূৰ্ণাংগ নাটকৰ উপৰিও আঠখন একাংক নাটেৰে নাট্য-সাহিত্যক সমৃদ্ধ কৰিছে। তেখেতে বৰ্তমানলৈকে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিভিন্ন নাট্যগোষ্ঠীৰ প্ৰযোজনাত শতাধিক নাট পৰিচালনা কৰাৰ উপৰিও ভালেমান নাট্য কৰ্মশালাত প্ৰশিক্ষণ প্ৰদানৰে ন ন নাট্যশিল্পীৰ সৃষ্টিত প্ৰভূত অৰিহণা আগবঢ়াই আহিছে। বোকাখাটৰ প্ৰখ্যাত নাট্যকাৰ তথা নাট পৰিচালক প্ৰয়াত ধৰ্মেশ্বৰ ঠাকুৰ আৰু প্ৰখ্যাত অভিনেতা হৰিপ্ৰসাদ বৰঠাকুৰৰ পৰা নাট পৰিচালনাৰ আদিপাঠ গ্ৰহণ কৰা ৰফিকুল হোছেইনৰ সম্প্ৰতি জীৱনৰ ব্ৰত হ’ল নাট্যশিল্পক জনগণৰ শিল্প কৰি নাট্যকৰ্মী সৃষ্টি কৰা। এই যশস্বী নাট্যশিল্পী তথা কবিগৰাকীক আমি অলপতে সাক্ষাৎ কৰিছিলো জামুগুৰিহাটত। অতি অন্তৰঙ্গ সাক্ষাতত আমি তেখেতৰ পৰা ভালেকেইটি প্ৰশ্নৰ উত্তৰ বিচাৰিছিলো।

ৰফিকুল হোছেইন

হিমাংশু ৰণ্‌জন ভূঞা: বৰ্তমান সময়ৰ নাট্যকাৰসকলে নাটকৰ মৌলিকতা ৰক্ষাৰ ক্ষেত্ৰত কিমান দূৰ সফল হৈছে বুলি আপুনি ভাবে?
ৰফিকুল হোছেইন: সৃষ্টিশীল শিল্পকলাত মৌলিকতা বুলি কোনো বস্তু নাই। আমি যি সৃষ্টি কৰি আছোঁ, সি আমি বাস কৰি থকা পৃথিৱীখনৰ বহুস্তৰীয় ৰূপৰ অনুবাদহে মাত্ৰ। আৰু সেই অনুবাদকে আমি গভীৰ সূক্ষ্মতাৰে অনুসৃষ্টিৰে সজালেই সি হৈ পৰে শিল্প। নাটকৰ ক্ষেত্ৰতো মৌলিক শব্দটো আঁতৰাই মই দুবিধ নাটকেই চিনি পাঁও— ভাল নাটক আৰু বেয়া নাটক। অসমৰ সাম্প্ৰতিক নাট্যক্ষেত্ৰত ভাল নাটকৰ তুলনাত বেয়া নাটক অথবা অগভীৰ বিষয়বস্তুৰ নাটকৰ ভিৰ অৱশ্যেই বেছি যেন অনুমান হয়।

হি ৰ ভূ: অসমত সম্প্ৰতি ছিৰিয়াছ নাটকৰ সংখ্যা কমি আহিছে নেকি? এগৰাকী নাট্যশিল্পী হিচাপে আপোনাৰ মতামত কি?
ৰ হো: ভাল নাটক সৃষ্টিৰ ক্ষেত্ৰত ‘ছিৰিয়াছ’ বা ‘ফানি’ বুলি কোনো কথা নাই। জীৱনসমৃদ্ধ, গভীৰ আৱেদনপুষ্ট নাট্যসৃষ্টিয়ে এটা জাতিক সমৃদ্ধিশালী কৰি তুলিব পাৰে।

হি ৰ ভূ: এগৰাকী নাট্যকাৰ আৰু পৰিচালক হিচাপে নাটকৰ ক্ষেত্ৰত মনোৰঞ্জন, জনপ্ৰিয়তা নে চিৰিয়াছধৰ্মীতাক আপুনি বেছি গুৰুত্ব দিয়ে?
ৰ হো: ছিৰিয়াছধৰ্মীতা আৰু মনোৰঞ্জনক নাটক মঞ্চায়নত মই বিশেষভাৱে গুৰুত্ব দিওঁ। সৃষ্টিশীল শিল্পকলাৰ ক্ষেত্ৰত মই এই ‘জনপ্ৰিয়তা’ৰ ধাৰণাটোক সততেই সমূলি নাকচ কৰি চলো।

হি ৰ ভূ: বৰ্তমানৰ নাটকসমূহত হিংসা, যৌনতা আদিৰ অবাধ পয়োভৰ ঘটা পৰিলক্ষিত হৈছে। এই সম্পৰ্কত আপোনাৰ বক্তব্য কি?
ৰ হো: নাটক যেতিয়া বাণিজ্যিক শিল্প হৈ পৰে, তেতিয়া এই ধৰণৰ পণ্য উপাদানবোৰ অনিবাৰ্যভাৱেই অতি স্থূল ৰূপত সেই নাটকবোৰত আহি পৰেই। ই এক নাট্য সন্ত্ৰাস। এই সন্ত্ৰাস ৰোধ কৰাৰ পণ লৈ আমি বিপৰীত ধাৰাৰ নাট্যকৰ্মীসকলে আমাৰ প্ৰতিৰোধমূলক যুঁজ অব্যাহত ৰাখিব লাগিব।

হি ৰ ভূ: আপুনি অসমৰ অপেছাদাৰী (এমেছাৰ) নাট্যপৰিমণ্ডলটো জীপাল কৰি ৰাখিবলৈ বিগত বহু বছৰ ধৰি অসমৰ দিহিঙে-দিপাঙে ঘূৰি বিভিন্ন ঠাইত নাট পৰিচালনা, কৰ্মশালা আদিৰে অসমৰ নাট্যশিল্পৰ ক্ষেত্ৰখনত এক নতুন পৰম্পৰাৰ সৃষ্টি কৰিছে। সুদীৰ্ঘ এই নাট্যযাত্ৰাৰ অভিজ্ঞতাৰ কিছু আভাস দিয়কচোন।
ৰ হো: এনে ধৰণৰ বহু সুখ-বিষাদৰ বৰ্ণাঢ্য অভিজ্ঞতাৰ আভাস মই ‘সাদিন’ কাকতৰ মোৰ অনিয়মীয়া কলম ‘থিয়েটাৰী গল্প’ৰ ৰচনা সম্ভাৰত যোৱা বহুদিনৰ পৰাই লিখিত ৰূপত দিয়েই আহিছোঁ। তথাপি চমুকৈ কওঁ। বিগত প্ৰায় পঁচিশ-ত্ৰিশ বছৰত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন অঞ্চলত নাট্যচৰ্চা কৰিবলৈ গৈ আমি লাভ কৰা ৰসঘন অনুভৱবোৰ চমুকৈ এনে ধৰণৰ— ক’ৰবাত মঞ্চ নাই, কিন্তু নাটক আছে; ক’ৰবাত নাটক নাই, কিন্তু নাট্যসন্ধানী নাট্যকৰ্মী আছে; ক’ৰবাত মঞ্চ আছে, কিন্তু নাটক নাই। অন্য অৰ্থত ক’ব পাৰি, বহু অঞ্চলত অতি দুখ লগাকৈ নাট্যচৰ্চাৰ এটি সুস্থ পৰিমণ্ডল নাই।

হি ৰ ভূ: ‌আপুনি নতুন প্ৰজন্মৰ নাট্যকাৰ সকলক কি ক’ব বিচাৰে?
ৰ হো: মই উপদেশ দিয়াৰ পৰিপন্থী। বিপৰীতে কওঁ— আহাঁ, এক জীৱনদায়িনী শক্তিসম্ভাৰ লৈ নিভাঁজ সতীৰ্থসুলভ সমমৰ্মিতাৰে আমাৰ ভৱিষ্যতৰ ৰংগমঞ্চসমূহ হেঙুল-হাইতালেৰে উজলাই তুলিবলৈ একেলগে আগবাঢ়ি যাওঁ।

হি ৰ ভূ: আপোনাৰ প্ৰিয় নাট্যকাৰ, পৰিচালক কোন কোন? এটা প্ৰিয় নাটকীয় চৰিত্ৰৰ সম্পৰ্কে কওকচোন?
ৰ হো: ক’বলৈ গ’লে তালিকাখন যথেষ্ট দীঘল হোৱাৰেই সম্ভাৱনা। তথাপি থোৰতে কওঁ— অসমৰ প্ৰিয় নাট্যকাৰ-পৰিচালকসকলক এই প্ৰসংগত সন্মান সহকাৰে উল্লেখ নকৰিলেও, ভাৰতীয় প্ৰেক্ষাপটত মোৰ এলানি প্ৰিয় নাট্যকাৰ-পৰিচালক হ’ল— হবিব তনবীৰ, বিজয় তেণ্ডুলকাৰ, মোহন ৰাকেশ, গিৰীশ কাৰ্ণাড, মনোজ মিত্ৰ, ঊষা গাংগুলী, ৰুদ্ৰ প্ৰসাদ সেনগুপ্ত, ৰামপ্ৰসাদ বাজাজ, অৱেল ৰয়ষ্টেন আদি। আন্তৰ্জাতিক প্ৰেক্ষাপটত— আলেকজেণ্ডাৰ ডীন, ল’ৰেন্স কাৰাৰ (দুয়ো আমেৰিকান নাট পৰিচালক), এলিয়া কাজান, বাৰ্টল্ড ব্ৰেখ্‌ট, ব্ৰুশ্বু ষ্ট্ৰাউচ্‌, অস্কাৰ ৱাইল্ড, ইব্‌চেন, এণ্টন চেকভ, জৰ্জ বাৰ্ণাৰ্ড শ্ব’ আদি অনেকজন। প্ৰিয় নাটকীয় চৰিত্ৰ বুলি ক’বলৈ গ’লে মোৰ প্ৰায়ে মনলৈ আহি থকা আৰু ভীষণ আমোদ পোৱা চৰিত্ৰটো হ’ল এণ্টন চেকভৰ ‘দ্য বীয়েৰ’ নাটকৰ স্পীৰণ’ভ নামৰ সেই বহুমাত্ৰিক আৰু ভীষণভাৱে অহৌবলীয়া চৰিত্ৰটো।

হি ৰ ভূ: আপোনাৰ নিজা সৃষ্টিৰ কোনখন নাটকক আপুনি সৰ্বশ্ৰেষ্ঠ বুলি ভাবে?
ৰ হো: ‘সৰ্বশ্ৰেষ্ঠ’ ধাৰণাটোত মই বিশ্বাসী নহওঁ। মই বিশ্বাস কৰোঁ, ভাল সৃষ্টিক আৰু সেই দৃষ্টিকোণৰ পৰা অনেক শ্ৰমসমৃদ্ধ চিন্তাৰে সৃষ্টি কৰা মোৰ মুষ্টিমেয় আটাইকেইখন নাটকৰে মই দুৰ্দান্ত প্ৰেমিক।

ছবি

হি ৰ ভূ**: কবি হিচাপে আপোনাৰ জন্ম কেতিয়া?
ৰ হো: মাতৃগৰ্ভৰ পৰাই মই কবি হৈ উপজিছোঁ বোধহয়। নহ’লেনো মোৰ শৈশৱ-কৈশোৰ কালত মই প্ৰচণ্ড ধ্বংসকাৰী হওঁনে? মা-দেউতাৰ দৃষ্টিত মই আছিলো এক প্ৰচণ্ড উপেক্ষাৰ অহৌবলীয়া এটা। উন্মাদনা মোৰ জন্মস্বত্ব। সৰুতে প্ৰায়ে নতুনকৈ প্ৰত্যক্ষ কৰা যিকোনো বস্তু, সি লাগিলে ফুল, চৰাই, পখিলা, জিঞা অথবা পুতলা— হাতৰ কাষত যিয়েই পাইছিলো, প্ৰচণ্ড আবেগেৰে খামুচি ধৰিছিলো আৰু ভাঙি-ছিঙি চুৰ্চুমৈ কৰিছিলো। আৰু পুনৰ সজাইছিলো মোৰ নিজা অন্তৰ্দৃষ্টিৰে অন্য এক নতুন ৰূপত। য’ত সেই খণ্ডিত ৰূপবোৰে অন্য এক ইমেজ লৈ অন্য এক ভিজুৱেলিটি লাভ কৰিছিল। এবাৰৰ এটা ঘটনাৰ কথা কওঁ শুনা— মোৰ নিচেই সৰুকালত দেউতাৰ সৈতে ওদালগুৰি থানাত থাকোঁতে দেউতাই নতুনকৈ কিনি অনা বৰ ধুনীয়া হীৰা এটুকুৰাৰ দৰে কাষতে জিলিকি থকা লাইট এটা সহ সেই তাহানিৰ ফিলিপছ্ কোম্পানীৰ দীঘলীয়া মডেলৰ ৰেডিঅ’টো পৰিয়ালৰ লোকৰ অনুপস্থিতিৰ সুযোগ লৈ ভাঙি চৌচিৰ কৰি পেলাইছিলো। কাৰণটো আছিল এক ধৰণৰ উন্মাদনাভৰা উৎসুকতা। সেই সময়ত, বাজি থকা ৰেডিঅ’টো শুনি থাকোঁতে মোৰ প্ৰায়ে ভাব হৈছিল যে তাৰ অন্তৰ্ভাগত নিশ্চয় কিছুমান সৰু সৰু ৰং-বিৰঙৰ পুতলা সদৃশ মানুহ সোমাই থাকে,— যি বাতৰি পঢ়ে, গান গায়, নাটক কৰে, বাদ্য বজায়। ভূপেন দাকো সেই সময়ত তেনেকুৱা এটা অকণমানি পুতলাসদৃশ গায়ক বুলিয়েই ভাবিছিলো আৰু ধৈৰ্যচ্যুতি ঘটি সেইবোৰ চাবলৈকে এদিন হাতুৰীৰে মাৰ মাৰি সেই ৰেডিঅ’টো…! আচলতে এতিয়া মোৰ ভাব হয়, সৃষ্টিৰ নেপথ্যত সকলো শিল্পী-সাহিত্যিকৰেই হয়তো এক ধৰণৰ সৃষ্টিশীল উন্মাদনা (ক্ৰিয়েটিভ ভায়’লেন্স) আৰু ধ্বংসকাৰী প্ৰৱণতা এটা থাকে।

হি ৰ ভূ: কেনে ধৰণৰ সংগীত শুনি ভাল পায়? প্ৰিয় গায়ক-গায়িকা?
ৰ হো: দেশীয় লোকসংগীত আৰু অন্তৰ্দেশীয় লোকসংগীত। আনহাতে যাৰ কণ্ঠ লিৰিকেলি উদাত্ত, শব্দ কলা আৰু সুৰৰ মাজত যাৰ মগ্নতা অতি কাব্যিকভাৱে ব্লেণ্ডিং হৈ থাকে, সেই গৰাকী গায়ক-গায়িকাই মোৰ অতিকৈ প্ৰিয় কণ্ঠশিল্পী।

হি ৰ ভূ: ভৱিষ্যৎ প্ৰজন্মই আপোনাক কি হিচাপে মনত ৰখাটো বিচাৰে?
ৰ হো: এই সৃষ্টিশীল ক্ষেত্ৰখনৰ এগৰাকী বিশ্বাসী সতীৰ্থ হিচাপে।

❧ | আৰু পঢ়ক: হবিব তনবীৰ: কর্মময় জীৱন আৰু সৃজনশীল কর্ম

হি ৰ ভূ: ইমান ব্যস্ততাৰ মাজতো আমাক এইখিনি সময় দিয়াৰ বাবে আপোনাক আন্তৰিক ধন্যবাদ জনাইছোঁ, লগতে আপোনাৰ এই সৃষ্টিৰ যাত্ৰা অব্যাহত হৈ ৰওক,— এই শুভ কামনাৰে আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ।
ৰ হো: তোমালৈও মোৰ অশেষ শুভ ইচ্ছা জনালো। ধন্যবাদ।

ছবি: ফেচবুক/ৰফিকুল হোছেইন

ৰফিকুল হোছেইনৰ সৈতে অন্তৰংগ সাক্ষাৎকাৰ | হিমাংশু ৰণ্‌জন ভূঞা

Follow Nilacharai on Facebook