আ ধুনিক অসমীয়া নাট্য-সাহিত্যৰ ইতিহাসত নাট্যকাৰ, অভিনেতা তথা নাটসমালোচক সত্যপ্ৰসাদ বৰুৱা এক উল্লেখযোগ্য নাম। নাটক আৰু অভিনয়কে জীৱনৰ মূলবস্তু কৰি লোৱা সত্যপ্ৰসাদ বৰুৱাই ঐতিহাসিক, সামাজিক, পৌৰাণিক আদি বিবিধ বিষয়বস্তুৰ বহুকেইখন নাটক ৰচনা কৰে। মৌলিক নাট্যসৃষ্টিৰ সমান্তৰালভাৱে তেওঁ বহুকেইখন দেশী-বিদেশী বিখ্যাত নাটকৰ অসমীয়া অভিযোজনা তথা অনুবাদো কৰিছিল। তেখেতে আঠখন পূৰ্ণাংগ নাট, সাতখন চুটিনাট আৰু একাংকিকা, একাধিক অনুবাদ নাট, কেইবাখনো নাটিকা আদি ৰচনাৰে অসমীয়া নাট্য আন্দোলনক সমৃদ্ধ কৰি থৈ গৈছে। তেওঁ ১৯৪৮ চনত অল ইণ্ডিয়া ৰেডিঅ’ৰ অনুষ্ঠান কাৰ্যবাহী হিচাপে কৰ্মজীৱনৰ পাতনি মেলি পৰৱৰ্তী ১৯৬৫ চনত অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ যুটীয়া সঞ্চালক হিচাপে যোগদান কৰি ১৯৭০ চনত বিভাগটোৰ সঞ্চালক হয়। ১৯৭২ চনত সাংস্কৃতিক সঞ্চালকালয়ৰ প্ৰতিষ্ঠাপক সঞ্চালক ৰূপে দায়িত্ব গ্ৰহণ কৰি ১৯৭৪ চনত চাকৰিৰ পৰা অৱসৰ লয়। গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰৰ লগত ওতপ্ৰোতভাৱে জড়িত হৈ থকা সত্যপ্ৰসাদ বৰুৱাই সমসাময়িক অসমীয়া ৰক্ষণশীল সমাজত নাৰীক পুৰুষৰ সৈতে অভিনয় কৰোৱাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। ফলস্বৰূপে অসমৰ নাট্যক্ষেত্ৰত সহ অভিনয়ৰ দিশত মহিলাই পুৰুষৰ সমানে সমানে অভিনয়ৰ সুবিধা লাভ কৰে। ইয়াৰ উপৰি তেখেতে পাঁচশতকৈও অধিক অনাতাঁৰ নাটকত অংশগ্ৰহণ কৰিছিল। সত্যপ্ৰসাদ বৰুৱাই লিখা ‘ধৰালৈ যিদিনা নামিব সৰগ’ নাটকখন আছিল অনাতাঁৰ যোগে প্ৰচাৰ হোৱা প্ৰথম অসমীয়া নাটক (৬ জুলাই ১৯৪৮)। সত্যপ্ৰসাদ বৰুৱাই সংস্কৃত, প্ৰাকৃত আদি প্ৰাচীন ভাৰতীয় ভাষাৰ লগতে বাঙালী, পঞ্জাৱী, ওড়িয়া আদি আধুনিক ভাৰতীয় ভাষাৰ নাটকৰ উপৰি ইংৰাজী, গ্ৰীক, নৰজেৰিয়ান, ৰুচ আদি ভাষাৰ বিশ্ববিখ্যাত নাট্যকৰ্মসমূহ অধ্যয়ন কৰি সেই সমূহৰ অনুবাদৰ লগতে সেই নাটকসমূহ সম্পৰ্কে বিভিন্ন গ্ৰন্থ, প্ৰবন্ধ ৰচনা কৰি অসমীয়া নাট্য-সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। তেওঁ ‘দ্য আছাম ট্ৰিবিউন’ কাকতত ‘ছাইক্ল’ৰামা’ নামৰ শিতানৰ লগতে বিভিন্ন ইংৰাজী তথা অসমীয়া বাতৰি কাকত-আলোচনীত নাটকৰ লগতে বিভিন্ন সাংস্কৃতিক দিশত আলোকপাত কৰি বহুসংখ্যক প্ৰবন্ধ ৰচনা কৰিছিল। ১৯৭৮ চনত তেখেতে ‘ইডিপাচ’ নাটকত কৰা অভিনয়ৰ বাবে সৰ্বভাৰতীয় সমালোচক সংস্থাৰ ‘শ্ৰেষ্ঠ অভিনেতাৰ বঁটা’ লাভ কৰে। মঞ্চ সম্পৰ্কে থকা বাস্তৱ অভিজ্ঞতা আৰু নাটক সম্পৰ্কে থকা তাত্ত্বিক জ্ঞানে তেওঁৰ নাটকসমূহক অভিনৱত্ব প্ৰদান কৰিছিল। ‘নায়িকা নাট্যকাৰ’ নাটখন তেওঁৰ দুখন একাংকিকাৰ একত্ৰিত ৰূপ। একাংকিকা দুখন হৈছে ‘ভাস্বতী’ আৰু ‘শাশ্বতী’। নাটকখন প্ৰথমবাৰ মঞ্চস্থ কৰোঁতে নাম আছিল ‘দুই ধাৰা’। কিন্তু নাটকৰ মূল সংঘাত যোগে নাট্যকাৰ আৰু নায়িকা ভাস্বতীয়ে প্ৰাধান্য লাভ কৰাত নাটকখনৰ পাছলৈ নাম দিয়া হ’ল— ‘নায়িকা নাট্যকাৰ’। এই নাটকখন তেওঁ পৰৱৰ্তী কালত ‘ক্ৰছ ফায়াৰ’ নামেৰে ইংৰাজীলৈও অনুবাদ কৰে।
বিষয়বস্তু, চৰিত্ৰ সৃষ্টি, ভাষা তথা পৰিৱেশন পদ্ধতিৰ ওপৰত ভিত্তি কৰি সত্যপ্ৰসাদ বৰুৱাৰ নাটকসমূহৰ ভিতৰত ‘নায়িকা নাট্যকাৰ’খনকেই শ্ৰেষ্ঠ নাটক হিচাপে অভিহিত কৰিব পৰা যায়। ‘নায়িকা নাট্যকাৰ’ নাটখনৰ বিষয়বস্তু নিৰ্মিত হৈছে বিবাহ আৰু বৈবাহিক জীৱন সম্পৰ্কে সম্পূৰ্ণ বিপৰীত ধাৰণা পোষণ কৰা ভাস্বতী আৰু শাশ্বতী নামৰ দুগৰাকী নাৰীৰ সমান্তৰাল কাহিনীৰ মাজেদি। দুয়োগৰাকী নাৰীয়েই বিবাহিতা , দুয়োৰে বৈবাহিক জীৱন সুখৰ নহয়। দুয়ো বিয়াৰ পাছত নিজৰ নিজৰ দেউতাকৰ ঘৰত আছে। কিন্তু দুয়োজনীৰ মাজত পৰিস্থিতিজনিত সাদৃশ্যৰ বাদে আন কোনো কথাৰ মিল নাই। নাটখনৰ নায়িকা হৈছে ভাস্বতী। নাটৰ অন্য এটা চৰিত্ৰ ‘নাট্যকাৰ’ৰ মতে ভাস্বতী সাধাৰণ নিয়মৰ ব্যতিক্ৰম, কাৰণ তাইৰ দৰে বুদ্ধিমতী ছোৱালী সমাজত পোৱা টান। বিবাহিতা হৈও ভাস্বতীয়ে গিৰীয়েক জীয়াই থাকোঁতেই অন্য এজনলৈ বিয়া হ’বলৈ ওলাইছে। অসমীয়া সমাজত ই সাধাৰণ ঘটনা নহয়। সৰু কালতে বিয়া হোৱা ভাস্বতীয়ে বিয়াৰ পাছত স্বামীঘৰলৈ নগৈ দেউতাকৰ ঘৰতে থাকি পঢ়া-শুনা কৰি উচ্চ শিক্ষাৰ ডিগ্ৰী ল’লে। ইতিমধ্যে তেওঁলোকৰ বৈবাহিক জীৱনত খেলিমেলি আৰম্ভ হৈছে। উচ্চ শিক্ষা গ্ৰহণ কৰাৰ লগে লগে ভাস্বতী পুৰণি কলীয়া সামাজিক নীতি-নিয়মৰ প্ৰতি বিদ্ৰোহী হৈ উঠে। ইয়াৰ মাজতে স্বামী বিমলে তাইক কেইবাবাৰো নিবলৈ আহে যদিও তাই স্বামীগৃহলৈ যাবলৈ অস্বীকাৰ কৰে। বিবাহ কি বুজি পোৱাৰ আগতেই জোৰকৈ বান্ধি দিয়া সম্পৰ্কটোক ভাস্বতীৰ পৰিপক্ক মগজুৱে তেতিয়া মানি ল’বলৈ টান পালে। তদুপৰি শাৰীৰিক দূৰত্বইও তেওঁলোকৰ সম্পৰ্ক দৃঢ় হ’বলৈ নিদিয়াত দুয়ো দুয়োৰ বাবে অচিনাকি হৈয়ে ৰ’ল। ইফালে ভাস্বতীৰ স্বামী বিমল টিবি বেমাৰী আৰু উপাৰ্জনহীন। তেনে পৰিস্থিতিতে পিতৃগৃহত থকা ভাস্বতীৰ ডেকা অধ্যাপক হিমাংশু শইকীয়াৰ সৈতে প্ৰীতিৰ সম্পৰ্ক গঢ়ি উঠিছে। পৰিস্থিতিৰ হেঁচাত বিমলে দ্বিতীয় বিবাহ কৰে। বিমলৰ দ্বিতীয় বিবাহক ভাস্বতীয়ে সহজভাৱে ল’ব পৰা নাই । ভাস্বতী বৰ জেদী চৰিত্ৰ। স্বামী বিমলে দ্বিতীয়বাৰ বিয়া কৰোৱাৰ পাছতে তাইৰ মনত জেদ বাঢ়িছিল। ভাস্বতীয়ে নিজেই ঘোষণা কৰিছিল— ‘বিবেক-বুদ্ধিয়ে যিটো কৰিবলৈ সকিয়াই দিছে, সেইদৰে মই কৰিমেই।’ তাই হিমাংশুৰ সৈতে বিবাহত সোমাবলৈ সিদ্ধান্ত লয় আৰু তাই এই সিদ্ধান্তৰ কথা মাক, দেউতাক আৰু পূৰ্বৰ স্বামী বিমলকো স্পষ্টভাৱে জনাই দিয়ে। পুৰুষ-শাসিত সমাজখনত নাৰীৰো সমান অধিকাৰ আৰু সমান মৰ্যাদা বিচৰা ভাস্বতীয়ে তথাকথিত সমাজৰ নিয়মক প্ৰত্যাহ্বান জনাইছিল। কাৰণ ভাস্বতীৰ দ্বিতীয় বিবাহক লৈ আপত্তি কৰা সমাজখনে কিন্তু বিমলৰ দ্বিতীয় বিবাহত কোনো আপত্তি কৰা নাছিল।
ইফালে, নাটকখনৰ আন এটি চৰিত্ৰ শাশ্বতী আছিল ইয়াৰ সম্পূৰ্ণ বিপৰীত। শাশ্বতী এগৰাকী কন্যা সন্তানৰ মাতৃ। গিৰীয়েক ৰমণীৰঞ্জন এগৰাকী মানসিক ৰোগী। তেনে পৰিস্থিতিত শাশ্বতী দেউতাকৰ ঘৰত আছে। শাশ্বতীৰ ককায়েকৰ মতে ৰমণীৰঞ্জনৰ সেইবোৰ ফাকিবাজী। ককায়েকে বাৰে বাৰে তাইক স্বামীৰ সৈতে বিবাহ বিচ্ছেদ ঘটাবলৈ পৰামৰ্শ দিয়ে যদিও তাই মানি নলয়। স্বামী ৰমণীৰঞ্জনৰ অসহায় দৃষ্টি আৰু জীয়েক নিৰুৰ কৰুণ মাতে শাশ্বতীক আত্মবিশ্লেষণ কৰি চাবলৈ বাধ্য কৰাইছে। তাইৰ মতে যিখন সমাজে তাইক নীতি-নিয়মৰে এজনৰ সৈতে এক পৱিত্ৰ বান্ধোনত বান্ধি দিছে, মানসিক ৰোগী হ’লেও তাই তেওঁক এৰিব নোৱাৰে। আনহাতে, তেওঁলোকৰ বিবাহৰ সাক্ষী হিচাপে এটি কন্যা সন্তানো আছে, যাক বুকুত বান্ধি লৈয়ে তাই ওৰে জীৱন পাৰ কৰিব বিচাৰে। এইদৰেই শাশ্বতীৰ মাজেৰে নাট্যকাৰে পতিপ্ৰাণা, আত্মসুখৰ প্ৰতি উদাসীন, সীতা-সাৱিত্ৰীৰ ঐতিহ্য অনুসৰণকাৰী নাৰীৰ চৰিত্ৰ দাঙি ধৰিছে। সমাজৰ পৰম্পৰাগত নিয়মত বিশ্বাসী শাশ্বতীয়ে কৈছে— ‘মোক আজি আন একো নালাগে। তোমালোকে আইনৰ সহায়ত দিব খোজা মুক্তি, নালাগে দেউতাই সজাই দিয়া অট্টালিকা। স্বামী আৰু ছোৱালীকণক লৈ সৰু জুপুৰি ঘৰতে আৰম্ভ হ’ব মোৰ নতুন জীৱন।’ এনেদৰে শাশ্বতীয়ে ককায়েকৰ উপদেশক অগ্ৰাহ্য কৰি ৰুগীয়া স্বামীৰ সৈতে সুখে-দুখে কটাবলৈ পিতৃগৃহৰ পৰা আঁতৰি আহে। তাইৰ এই সিদ্ধান্তই দেউতাককো সুখী কৰি তোলে।
প্ৰকৃতপক্ষে তথাকথিত উচ্চ শিক্ষা আৰু নগৰকেন্দ্ৰীক জীৱনৰ দ্বন্দ্বক উপজীৱ্য কৰি নাটকখনৰ কাহিনীভাগ ৰূপায়িত হৈছে। সমাজমুখী আৰু সমাজবিমুখী দুয়োটা আদৰ্শ প্ৰতিফলিত কৰি ৰচনা কৰা নাটখনত ভাস্বতীৰ বৈবাহিক জীৱনৰ সমস্যাকে প্ৰধানভাৱে দেখুৱাবলৈ চেষ্টা কৰা হৈছে যদিও আদৰ্শ স্বৰূপে শাশ্বতীৰ বৈবাহিক জীৱনৰ আলেখ্যও দাঙি ধৰা হৈছে। বিষয়বস্তু আৰু তাক উপস্থাপন কৰা পদ্ধতিত নাটখনে মৌলিকতা দাবী কৰিব পাৰে। বিবাহ আৰু দাম্পত্য জীৱন সম্পৰ্কে বিপৰীত ধাৰণা পোষণ কৰা দুটা নাৰী চৰিত্ৰৰ অভিব্যক্তিৰ দুটা সমান্তৰাল ঘটনা প্ৰৱাহৰ মাজেদি কাহিনীৰ গতি নিৰ্ধাৰিত হৈছে। কিন্তু নাটকখনৰ প্ৰকৃত নায়ক হৈছে নাট্যকাৰ। অংকীয়া নাটৰ সূত্ৰধাৰ চৰিত্ৰৰ আদৰ্শত নাটখনিত নাট্যকাৰ চৰিত্ৰটো গঢ়ি তোলা হৈছে। অংকীয়া নাটত সূত্ৰধাৰে সূচনা কৰি দিয়াৰ পাছতহে নাটকীয় চৰিত্ৰবোৰ মঞ্চত প্ৰৱেশ কৰাৰ নিচিনাকৈ ইয়াতো নাট্যকাৰে নাম লোৱাৰ লগে লগে নিৰ্দিষ্ট চৰিত্ৰৰ মঞ্চত আৱিৰ্ভাৱ ঘটিছে আৰু চৰিত্ৰবোৰে দেখা দি নিজৰ ক’বলগীয়াখিনি কৈছে। নাট্যকাৰৰ চৰিত্ৰৰ প্ৰাধান্যৰ বাবেই নাটখনত আন আন চৰিত্ৰৰসমূহ কিছু কিছু ক্ষেত্ৰত নিষ্প্ৰভ হৈ পৰিছে। নাটখনৰ চৰিত্ৰসমূহ পৰ্যৱেক্ষণ কৰিলে দেখা যায়— শাশ্বতী হ’ল ভাৰতীয় পৰম্পৰাত আস্থাশীল চিৰন্তন নাৰীৰ প্ৰতীক। তাৰ ঠিক বিপৰীতে ভাস্বতী পুৰুষৰ প্ৰাধান্য থকা সমাজ-ব্যৱস্থাত বীতশ্ৰদ্ধ আৰু আত্মস্বাতন্ত্ৰ্যৰ প্ৰতি সদা সচেতন তথা পুৰুষৰ সমানে খোজ মিলাই আগবাঢ়িব খোজা আধুনিক ভাৱধাৰৰ প্ৰতিভূ। এই দুয়োটা অৱস্থাৰ মধ্যত নাট্যকাৰক স্থাপন কৰি তেওঁৰ সৃষ্টিৰ প্ৰক্ৰিয়া নাটখনত প্ৰদৰ্শিত হৈছে। নাটখনত নাট্যকাৰৰূপে তেওঁ চৰিত্ৰবোৰৰ মনোজগতত বিচৰণ কৰিছে আৰু তেওঁলোকক চালি-জাৰি চাইছে। তেওঁৰ মনৰ মাজতে চৰিত্ৰবোৰে আত্মপ্ৰকাশ কৰিছে। এক কথাত, নাটখনক ‘চৰিত্ৰৰ অন্বেষণত নাট্যকাৰ’ আখ্যা দিলেও ভুল নহ’ব।
‘নায়িকা নাট্যকাৰ’ নাটখনত নাট্যকাৰ, ভাস্বতী আৰু শাশ্বতীৰ বাহিৰেও আন কেইবাটাও চৰিত্ৰৰ সমাৱেশ ঘটিছে। তাৰ ভিতৰত বিমল, হিমাংশু, ৰেৱতী, ৰমণীৰঞ্জন, ভাস্বতীৰ দেউতাক, ভাস্বতীৰ মাক, বিভূতি বৰুৱা (শাশ্বতীৰ দেউতাক), নীৰু (শাশ্বতীৰ কন্যা) আদি। ভাস্বতীৰ স্বামী বিমলক পৰম্পৰাগত ৰক্ষণশীল পুৰুষ সমাজৰ প্ৰতিনিধি কৰি অংকিত কৰা হৈছে। এহাতে বিমলে আন এগৰাকীক বিয়া কৰোৱাৰ পাছতো ভাস্বতীৰ ওপৰত নিজৰ কৰ্তৃত্ব আৰোপ কৰিব বিচাৰিছে, আনহাতে হিমাংশু প্ৰস্তুত হৈছে ইতিমধ্যে বিবাহিতা ভাস্বতীক বিয়া কৰাই সমাজৰ তথাকথিত ৰক্ষণশীলতা ওফৰাই এক নতুন বাৰ্তা দিবলৈ। নাটখনত হিমাংশুক শিক্ষিত নতুন প্ৰজন্মৰ বাৰ্তাবাহক হিচাপে উপস্থাপন কৰিছে। নাটখনত ভাস্বতীৰ দেউতাকক এগৰাকী কন্যাদায়গ্ৰস্থ পিতৃ হিচাপে অংকিত কৰিছে। সমাজৰ নিয়মক উপেক্ষা কৰিব নোৱাৰি জীয়েকক বিয়া দিব লগীয়া হ’লেও গাঁৱৰ ঘৰত জীয়েক মিলিব নোৱাৰিব বুলি তেওঁ সচেতন হৈ উঠিছে। বিমলে বহুবাৰ নিবলৈ অহাৰ পাছতো ভাস্বতীক নপঠিয়াই উচ্চ শিক্ষা লাভৰ বাবে অনুপ্ৰাণিত কৰা বিষয়টোৱে তেওঁৰ উদাৰ মন, অফুৰন্ত পিতৃস্নেহ আৰু এক প্ৰগতিবাদী আদৰ্শ প্ৰতিভাত কৰি তুলিছে। আনহাতে শাশ্বতীৰ দেউতাক বিভূতি বৰুৱাও এগৰাকী দায়িত্বশীল মৰমীয়াল পিতৃ। জীয়েকৰ বিবাহৰ বান্ধোন ভাঙি যোৱাটো তেওঁ কামনা কৰা নাছিল। অৱশ্যে তাইৰ দুখৰ কথা অনুধাৱন কৰি তাইৰ বাবে এটা নতুন ঘৰো সজাই দিব খুজিছিল, কিন্তু শাশ্বতীৰ শেষ সিদ্ধান্তত তেওঁ অত্যন্ত সুখী হৈছিল আৰু হিয়া উজাৰি আশীৰ্বাদ জনাইছিল। ইফালে শাশ্বতীৰ ককায়েক ৰেৱতীৰ মাজত এক বস্তুবাদী মানসিকতা দেখিবলৈ পোৱা যায়। ৰেৱতীৰ কথাত যুক্তি থাকিলেও সমমৰ্মিতা নাছিল। ভনীয়েকৰ মনটো অনুভৱ নকৰি বাৰে বাৰে ৰমণীৰঞ্জনৰ সৈতে বিবাহ-বিচ্ছেদ কৰাত জোৰ দিছিল। আন এটি চৰিত্ৰ ৰমণীৰঞ্জনক মানসিক ৰোগী হিচাপে উপস্থাপন কৰা হৈছে। নাটখনত চৰিত্ৰটিৰ বিশেষ ভূমিকা নাথাকিলেও অংকৰ অনাৰ্চ, ইউনিভাৰ্চিটিৰ ৰেকৰ্ড ৰমণীৰঞ্জন কি পৰিস্থিতিত মানসিক ৰোগী হ’বলগীয়া হ’ল, সেয়া স্পষ্ট নহয় যদিও জীৱন যুদ্ধত যুঁজিহে মানসিক বিকাৰগ্ৰস্থ হ’ল, সেই কথাৰ উমান পোৱা যায়। অন্যান্য চৰিত্ৰসমূহো নাটখনত যথাযথভাৱে উপস্থাপন কৰাত নাট্যকাৰ সফল হৈছে বুলিব পাৰি।
সংলাপ প্ৰয়োগৰ ক্ষেত্ৰত ‘নায়িকা নাট্যকাৰ’ নাটখনৰ বেছিভাগ সংলাপেই ওজস্বী, সমালোচনাধৰ্মী আৰু নিৰ্দেশমূলক। বিশেষকৈ সমাজৰ ৰক্ষণশীলতাৰ পৰা মুক্তি বিচৰা ভাস্বতীৰ বলিষ্ঠ সংলাপসমূহে নাটকখনক আকৰ্ষণীয় ৰূপ দিছে। সমাজৰ প্ৰতি উষ্মা থকা ভাস্বতীয়ে সমাজব্যৱস্থাক গালি পাৰি কৈছে— “সমাজৰ কথা মোক নক’ব। আমাৰ বেলিকাহে সমাজ সদায় সজাগ। কিন্তু পুৰুষৰ বেলিকা সমাজ শুই থাকে। পুৰুষে গঢ়া নীতি-নিয়মবোৰৰ কথা ক’লে মোৰ মনটো বিদ্ৰোহী হৈ উঠে। সমাজে সদায়ে আমাক নিষ্পেষণ কৰাটো আমি সহ্য কৰি নাথাকোঁ।” আনহাতে শাশ্বতীৰ সংলাপসমূহৰ মাজত নাৰীসুলভ কোমলতা, সহনশীলতা আৰু মানৱীয় আবেদন লক্ষ্য কৰা যায়। এটি বিশেষ মুহূৰ্তত শাশ্বতীয়ে ককায়েকক কৈছে— “মোক ক্ষমা কৰা ককাইদেউ, মই আৰু নোৱাৰিম। ইমান অসহায় মানুহ এজনক মই নিথৰুৱাকৈ এৰি যাব নোৱাৰিম। মোৰ বাহিৰে তেওঁৰ কোনো নাই। কোনে জানে, হয়তো তেওঁৰ এনে অৱস্থাৰ কাৰণে আমিয়েই দায়ী।”
❧ | আৰু পঢ়ক: ড° মদন শৰ্মাৰ ‘মহেন্দ্ৰ বৰঠাকুৰৰ নাটক’
‘নায়িকা নাট্যকাৰ’ নাটখনি এখন অত্যধুনিক সামাজিক নাটক। আধুনিকতাৰ আতিশয্যৰ বাবে কেতিয়াবা ইয়াক এখনি আলেখ্য যেনহে লাগে। ‘নাট্যকাৰ’ চৰিত্ৰটো অৱতীৰ্ণ হোৱা বাবেই নাটখনে এটা আধুনিক ৰূপ পোৱাটো পৰিলক্ষিত হৈছে। নাটখনত কোনো দৃশ্য বিভাজন কৰা হোৱা নাই। সমগ্ৰ নাটখন একেটা দৃশ্যৰে, একেটা মঞ্চসজ্জাৰে উপস্থাপন কৰা যেন বোধ হয়। তদুপৰি কাহিনী উপস্থাপনত পাৰ্শ্ব অৱলোকন (ফ্লেছ বেক্) পদ্ধতিৰ ব্যৱহাৰ কৰা হৈছে। নাটকখনত চেতনাপ্ৰৱাহ আৰু অধিৱাস্তৱবাদী ভাৱধাৰাৰ লগতে প্ৰগতিশীল চিন্তাধাৰাৰ সংমিশ্ৰণ ঘটিছে। নাট্যকাৰ ইবচেনৰ নাট্যৰীতিৰ প্ৰভাৱ ‘নায়িকা নাট্যকাৰ’ নাটখনত পৰা বুলি ক’ব পাৰি। প্ৰখ্যাত সমালোচক ড° শৈলেন ভৰালীয়ে নাটখন সম্পৰ্কত মতপোষণ কৰিছিল— “আধুনিক জীৱনৰ জটিলতা আৰু নতুন চিন্তাচৰ্চাৰ পৰিপ্ৰেক্ষিতত ব্যক্তিমনৰ অনুভূতি প্ৰদৰ্শন কৰাৰ চেষ্টাৰে চৰিত্ৰৰ মনোবিশ্লেষণ কৰা হৈছে সত্যপ্ৰসাদ বৰুৱাৰ ‘নায়িকা নাট্যকাৰ’ৰ দৰে নাটকত। বিবাহ আৰু স্বামী সম্পৰ্কত ভিন্ন সুৰীয়া ধাৰণা গ্ৰহণ কৰা দুগৰাকী নাৰীৰ বিবেকৰ প্ৰৱাহ ইয়াত দাঙি ধৰা হৈছে। এগৰাকী প্ৰাচীন মূল্যবোধত বিশ্বাসী, সমাজে বান্ধি দিয়া নীতি-নিয়ম অনুসৰি ব্যক্তিগত সুখ-স্বাচ্চন্দ্যৰ কাৰণে দাম্পত্য জীৱনৰ বন্ধন ছিন্ন কৰাৰ বিৰোধী আৰু আন গৰাকী সমাজৰ নীতি-নিয়মবোৰৰ নামত ভণ্ড দাম্পত্য জীৱন যাপন কৰি ব্যক্তিগত সুখ পৰিত্যাগ কৰাতকৈ বিবাহ বন্ধন ছিন্ন কৰাৰ পক্ষপাতী। আচলতে বিবাহ আৰু স্বামীৰ সম্পৰ্কত দুটা বিপৰীত দৃষ্টিভঙ্গীয়ে নাট্যকাৰৰ মনত সৃষ্টি কৰা সংঘাত চৰিত্ৰ দুটাৰ মাজেৰে প্ৰদৰ্শন কৰা হৈছে।” নিঃসন্দেহে নাট্যকাৰ সত্যপ্ৰসাদ বৰুৱাৰ সু-পৰিকল্পিত কাহিনী বিন্যাস, চৰিত্ৰৰ যথাযথ ব্যৱহাৰ, আংগিক আৰু সংলাপৰ ক্ষেত্ৰত লোৱা উচিত পদক্ষেপে ‘নায়িকা নাট্যকাৰ’ নাটখনক এখন উৎকৃষ্ট, সমস্যাবহুল, আধুনিক সামাজিক নাটক হিচাপে প্ৰতিপন্ন কৰিছে। অসমীয়া নাট্য সাহিত্যত ‘নায়িকা নাট্যকাৰ’ এক অভিনৱ সংযোজন বুলি আখ্যা দিব পাৰি।
তথ্যসূত্ৰ:
১. ‘নাট্যপ্ৰভাকৰ সত্যপ্ৰসাদ বৰুৱাৰ স্ব-নিৰ্বাচিত ত্ৰিশখন নাটক’, কনকচন্দ্ৰ ডেকা (সম্পাদনা)
২. ‘অসমীয়া নাট্য-সাহিত্য’, ড° সত্যেন্দ্ৰনাথ শৰ্মা
৩. ‘অসমৰ নাট্য সংস্কৃতি, ঐতিহ্য আৰু আধুনিকতা’ (প্ৰবন্ধ), ড° শৈলেন ভড়ালী, গৰীয়সী, ২০০১
৪. ‘এখন ব্যতিক্ৰমী নাটক: সত্যপ্ৰসাদ বৰুৱাৰ নায়িকা নাট্যকাৰ’ (প্ৰবন্ধ), চাহিন জাফ্ৰি, ফটাঢোল ই আলোচনী
Follow Nilacharai on Facebook