আপুনি যুদ্ধভূমিত পদাৰ্পণ কৰা নাই
দেখা নাই কেতিয়াও যুদ্ধৰ কুন্ধচ ৰূপ
য’ত চিপছৰ টুকুৰাৰ দৰে উৰে
বৃক্ষৰ বিধ্বস্ত শিপা আৰু মৃত শিশুৰ ছিন্ন শিৰ
কেঁচা তেজৰ ডোঙাত ওপঙে পুখুৰীৰ চেনিপুঠি
আকাশৰ ছিৰাছিৰ চিৎকাৰ ধোঁৱা ধূলিৰ জাল
এতিয়া, সৰ্বত্ৰে জ্বলি উঠিছে মনুষ্যত্বৰ পৰ্বত
প্ৰেমৰ নৈ শান্তিৰ সাগৰ উৎফুল্ল উপকূল
অথচ, যুদ্ধান্বেষী ভয়ানক তৰ্জন-গৰ্জন নাই ক’ত
আমি সভ্য নাগৰিক নে সাৰমেয় পশু
যেনিয়েই চাওঁ সেইফালেই যুদ্ধৰ বাট
কেঁকুৰিটোত ৰৈ লেখিছোঁ মাথোঁ—
দীঘ-বাণি জীৱনৰ কাৰ কেইহাত!
❧ | অধিক কবিতা:
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক