আপুনি যুদ্ধভূমিত পদাৰ্পণ কৰা নাই
দেখা নাই কেতিয়াও যুদ্ধৰ কুন্ধচ ৰূপ
য’ত চিপছৰ টুকুৰাৰ দৰে উৰে
বৃক্ষৰ বিধ্বস্ত শিপা আৰু মৃত শিশুৰ ছিন্ন শিৰ
কেঁচা তেজৰ ডোঙাত ওপঙে পুখুৰীৰ চেনিপুঠি
আকাশৰ ছিৰাছিৰ চিৎকাৰ ধোঁৱা ধূলিৰ জাল
এতিয়া, সৰ্বত্ৰে জ্বলি উঠিছে মনুষ্যত্বৰ পৰ্বত
প্ৰেমৰ নৈ শান্তিৰ সাগৰ উৎফুল্ল উপকূল
অথচ, যুদ্ধান্বেষী ভয়ানক তৰ্জন-গৰ্জন নাই ক’ত
আমি সভ্য নাগৰিক নে সাৰমেয় পশু
যেনিয়েই চাওঁ সেইফালেই যুদ্ধৰ বাট
কেঁকুৰিটোত ৰৈ লেখিছোঁ মাথোঁ—
দীঘ-বাণি জীৱনৰ কাৰ কেইহাত!
❧ | অধিক কবিতা:
এই লেখকৰ সকলো লেখা চাওক →HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক
পাঠকৰ মন্তব্য (0)
সদস্যৰ বিশেষ আলোচনা
এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।
মন্তব্যসমূহ লোড হৈ আছে...