…বিহুগীতসমূহত তাঁতশালৰ কথা নিখুঁতভাৱে বৰ্ণিত হৈছে। অসমীয়া জীয়ৰীয়ে তাঁতৰ পাতত ভৱিষ্যতৰ সপোন ৰচে। এই তাঁতশালখন অসমীয়া নাৰীৰ অতি হেঁপাহৰ।…
লোকগীতৰ মাজেৰে ভাহি অহা তাঁতশালৰ শব্দ
সূচী
আৰম্ভণি
অ তি পুৰণি কালৰ পৰাই অসমীয়া সমাজ-সংস্কৃতিৰ সৈতে কিছুমান কুটীৰ শিল্পৰ এৰাব নোৱৰা সম্পৰ্ক। অসমৰ সমাজ ব্যৱস্থাত, উৎসৱ-পাৰ্বনসমূহৰ লগত এই কুটীৰ শিল্পসমূহ অতি নিবিড়ভাৱে জড়িত হৈ আছে। তাঁতশাল তাৰ মাজৰে এক অন্যতম কুটীৰ শিল্প, যাৰ সৈতে অসমীয়া পুৰুষ-তিৰোতাৰ আবেগ জড়িত হৈ থাকে। অসমীয়া লোকসাহিত্যৰ ৰাজহাঁড় স্বৰূপ অসমীয়া লোকগীতসমূহৰ মাধ্যমত তাঁতশালৰ ব্যৱহাৰ সম্পৰ্কে বিভিন্ন কথা আদিম চহা দিনৰে পৰা বৰ্তমান পৰ্যন্ত মুখ বাগৰি ফুৰিছে।
বিহুগীতত তাঁতশাল
অসমীয়া লোকগীতসমূহৰ অধিকাংশ ঠাই বিহুগীতসমূহে অধিকাৰ কৰি আছে। এই বিহুগীতসমূহত তাঁতশালৰ কথা নিখুঁতভাৱে বৰ্ণিত হৈছে। অসমীয়া জীয়ৰীয়ে তাঁতৰ পাতত ভৱিষ্যতৰ সপোন ৰচে। এই তাঁতশালখন অসমীয়া নাৰীৰ অতি হেঁপাহৰ। বয়ন শিল্পক সজীৱ কৰি ৰখাৰ মানসিকতাৰে মৰমৰ দীঘেৰে, চেনেহৰ বাণিৰে মনৰ মানুহজনলৈ বছৰেকৰ বিহুৰ দিনা হাতে বোৱা বিহুৱানখন ডিঙিত পিন্ধাই দিবলৈ ৰচকী-পখিলীহঁতে যি আকুলতা দেখুৱায়, তাৰ নিদৰ্শন বিহুগীতত পোৱা যায় এইদৰে—
“মৰমৰ দীঘে দি চেনেহৰ বাণিৰে
বিহুৱান এজুতি ব’লো,
চেগ চাই বাছিলো চকুত লগাখিনি
তোমালৈয়ে বুলি থ’লোঁ।”
ইফালে চেনেহৰ বিহুটিত ৰচকীৰ গাত তৎ নাইকিয়া হোৱা দেখি গৰখীয়া ডেকাসকলে পথাৰত বিহুগীত গায় এইবুলি—
“এইবেলি বিহুটি ৰমকে জমকে
নাহৰ ফুল ফুলিবৰ বতৰ,
নাহৰৰ গোন্ধে পাই চেনেহীৰ ততে নাই
গচকত ভাঙি যায় যঁতৰ।”
দূৰৰ পৰা ঢোল-পেঁপাৰ শব্দত ৰচকীৰ ঘৰত মন নবহা হোৱাত শালৰ কাপোৰ শালতে এৰি মাকৰ এসাজকে গাত মেৰিয়াই ঢপলিয়াই আহি এইদৰে গায়—
“ঢোলো বাজিছে, পেঁপাও বাজিছে
কপৌ ফুল ফুলিবৰ বতৰ,
ঢোলৰ মাতে শুনি ৰ’বকে নোৱাৰোঁ
গচকত ভাঙি যাওঁ যঁতৰ।”
দূৰত থকা প্ৰিয়জনক বহাগৰ বিহুৰ দিনা লগ পাবলৈকে কৰবী, শেৱালিহঁতে তাঁতৰ শালত বহি গুণা-গথাঁ কৰি কৰি এইদৰে বিহুনাম গায়—
“তাঁতৰ পাতত বহি
ভৰি গৰকাতে,
তই চেনাই আহিবি
এইবাৰ বহাগতে।”
এই বিহুৱান কেৱল প্ৰিয়জনৰ বাবেহে যে বয়, সেয়া নহয়। বছৰেকৰ বিহুৰ দিনা জ্যেষ্ঠজনক বিহুৱান এখন দিয়াটো অসমীয়া সমাজৰ এক পৰম্পৰা। বিহুৰ দিনা সন্ধ্যা গাঁৱৰ ৰাইজে হুঁচৰি গাবলৈ আহিলে শালেকটা বিহুৱান এখন দি আশীৰ্বাদ ল’লেহে ঘৰৰ শিপিনী-বোৱাৰী-জীয়ৰীৰ মান থাকে। হুঁচৰিত এইদৰে গায়—
“হাতে মেলি মেলি ব’লা ঐ আইদেউ
ভৰি মেলি মেলি ব’লা;
বছৰকেৰ বিহুটিত ৰাইজক নিদিলা
কালৈ সামৰি থ’লা।”
কেৱল বিহুৱানেই নহয়, আগৰ দিনত প্ৰায়বোৰ গাঁৱৰ গৃহস্থী ঘৰত পৰিয়ালৰ কাপোৰসমূহ ঘৰৰ তাঁতশালত বোৱাৰ নিয়ম আছিল। প্ৰবাদ মতে, একালত অসমীয়া তিৰোতাই ৰাতিটোৰ ভিতৰতে ‘ছাঁতে শুকুওৱা, মুঠিতে লুকুওৱা’ কবচ কাপোৰ বৈ আপোনজনক পিন্ধাই ৰণলৈ পঠিয়াইছিল। ৰণলৈ যাবলৈ হ’লেই ঘৰৰ মানুহজনীক অসমীয়া ৰণুৱাই কাপোৰ এখন বৈ দিবলৈ কোৱাৰ কথা বিহুগীতত এইদৰে উল্লেখ আছে—
“সান্দহ খুন্দি দিয়া খাওঁ প্ৰাণেশ্বৰী
চিৰা খুন্দি দিয়া খাওঁ,
ৰাতিৰ ভিতৰতে কাপোৰ বৈ দিয়া
বঙাল মাৰিবলৈ যাওঁ।”
আনহাতে তাঁতশাল পাতিব নজনা ডেকা ল’ৰাবোৰক তাহানি কালত সমাজে অতি কেলেহুৱা বুলি ভাবিছিল। কিছুমান গৃহস্থী ঘৰত আকৌ তাঁতশাল এখন পাতি দিয়াৰ অভাৱত ঘৰৰ শিপিনীগৰাকীৰ ভিতৰি প্ৰকাশ কৰিব নোৱৰা যি দুখে দোলা দি থাকে, সেই বিষয়ে বিহুগীতত এইদৰে বৰ্ণিত হয়—
“দিখৌ নৈ ইপাৰে, দিখৌ নৈ সিপাৰে
কোনে দিয়ে যাব মাকো,
কোনে দিয়ে যাব ৰাঁচ দোৰেপতি
কোনে দিয়ে যাব সাঁকো।”
আনহাতে যি শিপিনীয়ে কাপোৰ ব’ব নাজানে, তেনে তিৰোতাক ঘৰৰ বাকী সদস্য বা গাঁৱৰ ৰাইজে ‘থুপুৰী’ বুলি ঠাট্টা কৰে। এই ঠাট্টাবোৰ বিহুগীতত এইদৰে পোৱা যায়—
“ব’বও নাজানে, কাটিবও নাজানে
লোকৰ শালে শালে ফুৰে,
ৰান্ধিব নাজানে, বাঢ়িব নাজানে
খৰি মুঠা মুঠা পোৰে।”
শ্ৰীমন্ত শঙ্কৰদেৱৰ সময়ত তাঁতশাল
অসমৰ তাঁতিকুচি ঠাইখন শ্ৰীমন্ত শঙ্কৰদেৱৰ দিনৰে পৰা বস্ত্ৰশিল্পৰ দ্বাৰা পৰিচিত বুলি বিভিন্ন চৰিত পুথি বা অন্য পুথিতো পোৱা যায়। শ্ৰীমন্ত শঙ্কৰদেৱে এই তাঁতিকুচিত তাঁতীসকলৰ হতুৱাই ১২০ হাত দীঘল, ৬০ হাত বহল বৃন্দাবনী বস্ত্ৰ তৈয়াৰ কৰাইছিল। এই বিষয়ে ঝুনাগীতসমূহত কিছু ইংগিত পোৱা যায়। শঙ্কৰদেৱে তাঁতীসকলক বৃন্দাবনী বস্ত্ৰ ব’বলৈ দি এই বস্ত্ৰখন কেনেকৈ ব’ব লাগিব তাৰ যি ব্যাখা আগবঢ়াইছিল, সেয়া তাঁতীঝুনাত এইদৰে পোৱা যায়—
“দীঘলে সাৰংগ পুতলে বৰ।
তাৰ আগে দিবা গুণা বিস্তৰ।।
শিৰত লিখিবা বসুদেৱ পিতা,
ওৰণিত লিখিবা দৈৱকী মাতা।।
আঁচুতে লিখিবা আকাশী তৰা।”
এয়া আছিল এগৰাকী তাঁতীক বস্ত্ৰখন কিদৰে বৈ উলিয়াব, সেই বিষয়ে দিয়া নিৰ্দেশ বা উপদেশ।
বিয়ানামত তাঁতশাল
বিহুগীতৰ উপৰিও অসমীয়া সমাজত বহুলভাৱে প্ৰচলিত বিয়ানামবোৰতো তাঁতশালৰ বৰ্ণনা পোৱা যায়। নিদৰ্শন স্বৰূপে—
“বৰঘৰত কান্দিলে মাকে-বাপেকে
মাৰলত কান্দিলে ভনী,
বাৰীৰ পিছফালে কান্দে তাঁতশালে
আইদেউক বিয়া দিব শুনি।”
একেদৰে—
“বাৰীৰ পিছফালে আইদেউৰ তাঁতশালে
বহি বৈ আছিলে তাঁত,
কিয়নো মাতি থাকা হেৰা ৰামচন্দ্ৰ
মহুৰাৰ হেৰাইছে আঁত।”
ছোৱালী পুষ্পিতা হ’লে সাত দিনৰ দিনা নিয়ম-নীতিৰে গা ধুৱাই সজাই-পৰাই গাঁৱৰ আয়তীসকলে যি নাম গায়, সেই নামবোৰতো তাঁতশালৰ বৰ্ণনা পোৱা যায়।
“গলতে আঁৰিলা চেলেং সাতোকাঠী
যঁতৰত এৰিলা পাঁজি,
এই সাতোদিন ক’তনো আছিলা
কপৌ বাহ এখনি সাজি।”
মণিৰাম দেৱানৰ গীতত তাঁতশাল
বিয়ানামবোৰৰ দৰে অসমীয়া লোকগীতৰ অন্যতম উপাদান মণিৰাম দেৱানৰ গীততো তাঁতশালৰ বিৱৰণ পোৱা যায়।
“ৰূপৰ টোলোঠা সোণৰ দোৰ্পতি
বহি বৈ আছিলোঁ তাঁত,
লাহে লাহে কৰি মণিৰাম দেৱানে
লগাই পটেশ্বৰীক মাত।”
ফুলকোঁৱৰৰ গীতত তাঁতশাল
একেদৰে ফুলকোঁৱৰৰ গীততো তাঁতশালৰ বিভিন্ন আহিলাৰ কথা এইদৰে উল্লেখিত হৈছে—
“হেঁচুকি ভাঙি যাওঁ ৰূপহী যঁতৰে
মুচুকাই ভাঙি যাওঁ মাকো,
ঠানুৱা কোঁৱৰে ঐ পানীত পৰি হেৰালে
অকলে কেনেকৈ থাকোঁ।”
❧ | আৰু পঢ়ক: কোচ-ৰাজবংশী লোকগীতত নাৰী-প্ৰসংগ
বনঘোষাত তাঁতশাল
অসমীয়া গীতি-সাহিত্যত বনঘোষাৰো এক সুকীয়া মৰ্যাদা আছে। এই বনঘোষাতো শিপিনী আৰু তাঁতশালৰ উল্লেখ পৰিলক্ষিত হয়।
“তাঁত-বাটি কৰিব নেলাগে সাদৰী
ব’ব ঐ নেলাগে তাঁত,
মোৰ বৰঘৰতে ওলাবি সোমাবি
মুখেৰে লগাবি মাত।”
জনজাতীয়সকলৰ গীতত তাঁতশাল
উল্লেখযোগ্য যে অসমৰ বিভিন্ন জনগোষ্ঠী,— ডিমাচা, মিচিং, বড়ো, নগা, কাৰ্বি আদি জনগোষ্ঠীৰ মহিলাসকলো কাপোৰ বোৱা কলাত অতি পাৰ্গত। কাৰ্বি মহিলাসকলে কাপোৰ বোৱাৰ উপৰিও সূতা কটা, কপাহ নেওঠা, পাঁজি বটা কামবোৰ ৰাতি ৰাতি সম্পন্ন কৰে। ৰাতিৰ সূতা কটা কামখিনি কাৰ্বি মহিলাসকলে গীতে-মাতে পাৰ কৰি দিয়ে। অসমীয়া সমাজত আগতে যি দৰে বৈ দিয়া কবচ কাপোৰখন মানুহজনক পিন্ধাই পঠিয়ালেহে ৰণত জয় হ’ব বুলি বিশ্বাস কৰিছিল, ঠিক সেইদৰে কাৰ্বি বোৱনীয়েও ‘মোকৰ্দমা’ ফুল তুলি মেললৈ যোৱা জনক, ক’ৰ্ট-কাছাৰীলৈ যোৱা জনক দিব পাৰিলে মেলত জয় হয় বুলি বিশ্বাস কৰে। সেই মোকৰ্দমা ফুলৰ উল্লেখ থকা কাপোৰ বোৱা গীত বা কাৰ্বি ভাষাত ‘পেকিথাকআলুন’এটিৰ উদাহৰণ এনেধৰণৰ—
“থাক্ কচং থাক্ কচং থাকনাং (শালৰ শব্দ)
ফল’ ফানচি আহনে
পেৰিকচি থাকনাং
ইপাক্ পাকনি থাক্ থাকনে
পে-প’ পাজিৰ নাং
ইলিতা চি এন নাং
পেৰিক কিথাক ইলিতা চিৰ্লিলাং
নি-অপ-নিতম চি এন নাং
কিচুম ফাংঅ’ক চিৰাল নাং
তাংহাল আলং ইনিংনে
আহি আপান চিৰ্লি নাং
মকৰতমা আহিনে
ইমেক আবুৰ পা প্ৰাং নাং।”
ইয়াৰ ভাৱাৰ্থ হ’ল,— আহাঁ, আমি কপাহ-সূতা কাটি কাপোৰ বওঁ। নিজে পিন্ধাৰ লগতে মা-দেউতাকো পিন্ধাওঁ, শীতৰ পৰা হাত সাৰোঁ…।
শিশুক মানুহৰূপে গঢ়ি তোলাৰ প্ৰধান আধানটিয়েই হ’ল অপত্য অনুৰাগ। এই অনুৰাগ পৰিস্ফুট হয় নিচুকনি গীতসমূহৰ মাজত। ডিমাচা ভাষাত প্ৰচলিত কেতবোৰ নিচুকনি গীতত তাঁতশালৰ কথা উপস্থাপন কৰা হৈছে। তাৰে এটা গীতৰ ভাবাৰ্থ এনেধৰণৰ—
“বাবাই সোণমণি, কেলেইনো ফেকুৰি কান্দিছা?
কেলেইনো চকুলো টুকিছা?
শুই শুই টোপনি যোৱা সোণ/ বোপাই ধুনমণি।
বাবাইক বুকুতে ল’ম বুলি/ শালৰ তাঁতত বহা নাই
লতাৰ দৰেনো নকঁপে/ বোপাইৰ বুদ্ধিকণ নাপাবা
আমাৰ বাবাই শুব/ আয়ে ভজা ডিমা খাব।”
আধুনিক গীতত তাঁতশাল
লোকসাহিত্যৰ ভিতৰুৱা পুৰণি লোকগীতসমূহৰ বাদেও আধুনিক অনেক গীততো তাঁতশালখনক উপস্থাপন কৰা পৰিলক্ষিত হয়। উদাহৰণস্বৰূপে, গীতিকাৰ কেশৱ মহন্তৰ দ্বাৰা ৰচিত এটি মনপৰশা গীত—
“শালিকী অ’ অবুজন চৰাইজনী
তৰা তাঁতৰ পাটত বহি কিয় ছিঙিলিহি সূতা।”
লুইত-কোঁৱৰ ৰুদ্ৰ বৰুৱাৰ দ্বাৰা ৰচিত গীততো তাঁতশালৰ বৰ্ণনা পোৱা যায়। উদাহৰণস্বৰূপে—
“তাঁতৰ দোৰেপতি চলায় ঘনেপতি
পলকত টোলোঠা ঘূৰে।”
❧ | আৰু পঢ়ক: ভৈয়ামৰ কাৰ্বি সমাজৰ দেহাল পূজা
সামৰণি
মুঠতে অসমীয়া লোকগীতসমূহৰ অনেক ঠাইৰ পৰা তাঁতশালৰ শব্দবোৰ ভাহি আহে। তাঁত ব’ব জনাটো অসমীয়া তিৰোতাৰ এক সুকীয়া গৌৰৱ। কিন্তু বৰ্তমানে এই তাঁতশালৰ শব্দ যেন সময়ৰ তাগিদাত হেৰাই যাব ধৰিছে! প্ৰায় সকলেই এতিয়া বজাৰমুখী হৈ পৰিছে। তাঁতশালত অত্যধিক সময় খৰচ কৰি কাপোৰ বোৱাৰ হেঁপাহবোৰ লাহে লাহে নাইকিয়া হোৱাৰ দৰে হৈ পৰিছে। তদুপৰি হস্ততাঁত কাপোৰৰ মূল্য মেচিনত বোৱা কাপোৰতকৈ বেছি হোৱা বাবে ইয়াৰ বজাৰ মূল্য পোৱা নাযায় বা গ্ৰাহকৰো আগ্ৰহ কম হয়। ফলস্বৰূপে শিপিনীসকলো কিছু অনুৎসাহিত হোৱাৰ দৰে হৈ পৰিছে। জাতিৰ পিতা মহাত্মা গান্ধীয়ে কৈছিল, অসমীয়া শিপিনীয়ে কাপোৰত সপোন বাছিব পাৰে! শিপিনীসকলৰ এই সপোনক জীপাল কৰি ৰাখিবলৈকে তাঁতশালখনৰ উচিত আদৰ আৰু ব্যৱহাৰ অতিকৈ আৱশ্যকীয়। নহ’লে তাঁতশালখন দেখুৱাবলৈ ভৱিষ্যতৰ প্ৰজন্মক সংগ্ৰহালয়লৈকে নিবলগীয়া হ’ব!
❧ | আৰু পঢ়ক: