অ সমৰ বিভিন্ন জাতি-জনগোষ্ঠীসমূহে নিজস্ব গীত-মাত, পূজা-পাতল, বিশ্বাস-পৰম্পৰা, আচাৰ-ব্যৱহাৰৰ বৈচিত্ৰ্যময় প্ৰকাশেৰে বৃহত্তৰ অসমীয়া সংস্কৃতিক বৰ্ণাঢ্য আৰু গৰিমামণ্ডিত তুলিছে৷ অসমৰ আদিতম খিলঞ্জীয়া জনগোষ্ঠীৰ অন্যতম কাৰ্বিসকলৰ ধৰ্মীয় দৈৱিক শক্তিত বিশ্বাসৰ দেহাল পূজা অন্যতম গুৰুত্বপূৰ্ণ লোকসাংস্কৃতিক উপাদান। কাৰ্বি সমাজত দেহাল পূজাৰ এক বিশেষ তাৎপৰ্যপূৰ্ণ স্থান আছে।
দেহাল পূজা কাৰ্বি সমাজ জীৱনৰ সৈতে নিবিড়ভাৱে জড়িত পৰম্পৰাগত অনুষ্ঠান। কাৰ্বিসকলে ব্যৱহাৰ কৰা ‘দেহাল’ বা ‘দেহাল কাচিৰ্দম’ শব্দটো আৰ্য ভাষাৰ ‘দেও+শাল’ (দেওশাল)ৰ অপভ্ৰংশ ৰূপ। এই দেওশালেই কাৰ্বি লোক সমাজৰ মাজত মুখ বাগৰি ‘দেহাল’ শব্দলৈ সলনি হ’ল। দেহাল বুলি ক’লে কাৰ্বি ভাষাত কোনো ধৰণৰ অৰ্থ বিচাৰি পোৱা নাযায় যদিও কোনো কোনোৱে দেও-দেৱতা পালন কৰাৰ কাৰণে দেওশালে দেহাল ৰুপ ল’লে বুলি কয়। দেহাল পূজাক কাৰ্বি সমাজত ‘ৰংকেৰ’ উৎসৱ বুলিও কোৱা হয়। ৰং মানে গাঁও আৰু আকেৰ মানে মংগল, অৰ্থাৎ গাঁওবাসীৰ মংগল কামনা কৰি পূজা দিয়াৰ উৎসৱেই হ’ল ৰংকেৰ উৎসৱ।
কাৰ্বিসকলে এই দেহাল পূজা বা থান পূজা অথবা দেহাল কাচিৰ্দম বছৰত এবাৰকৈ গাওঁবাসীৰ মংগলৰ বাবে পালন কৰি আহিছে। কাৰ্বি আংলঙত এই থান পূজাক ‘ৰংকেৰ’ আৰু কামৰূপত ‘দেহাল কাচিৰ্দম’ বা ‘দেহাল পূজা’ বুলি কয়। এই পূজা বিশেষকৈ শিৱক উদ্দেশ্য কৰি পালন কৰে, যাতে বছৰটোত গাঁওবাসীৰ কোনোধৰণৰ অপায়-অমংগল নহয়। কাৰ্বিসকলে গাঁওখনৰ সীমাৰ ভূ-খণ্ডত এক গাঁও ৰক্ষক শক্তি থকা বুলি বিশ্বাস ৰাখি সেই ঠাইত থান এখন স্থাপন কৰি প্ৰতি বছৰে সেই থানত মূল গোঁসাই হিচাপে শিৱৰ লগতে বিভিন্ন দেৱ-দেৱী, ওচৰে পাজৰে থকা পৰ্বত-পাহাৰ, বিল-খাল আদিক উদ্দেশ্য কৰি নৈবেদ্য আগবঢ়ায়। এই পূজা কাৰ্বি সমাজে ৰাজহুৱাভাবে পালন কৰি আহিছে।

দেহাল পূজাত বলি-বিধানৰ ব্যৱস্থা আছে। এই পূজা বিশেষকৈ ফাগুন মাহৰ প্ৰথম সপ্তাহত পালন কৰা হয়। কাৰ্বিসকলে ফাগুন মাহৰ প্ৰথম সপ্তাহৰ মঙ্গলবাৰটিক পৱিত্ৰ দিন হিচাপে গণ্য কৰে। সেই নিৰ্দিষ্ট দিনটোত বছৰটোৰ মঙ্গলৰ কামনাৰ্থে উপাস্য দেৱতা শিৱক মূল হিচাপে আৰু ওচৰ-পাজৰে থকা পৰ্বত-পাহাৰ, নদ-নদী, নিজৰা, বিল-খাল আদিৰ নামতো পূজাৰ চৰাই, ছাগলীৰ বলি আগবঢ়ায়। লগতে বিভিন্ন দেৱ-দেৱী, ডাক-ডাকিনী, যখ-যখিনী, দীঘল-ঠেঙীয়া (কাৰ্বিসকলে বিশ্বাস কৰা এক বিশেষ শক্তি) আদিৰ বাবেও ৱ’ (চৰাই), বি (ছাগলী), ফাক (গাহৰি) বলিৰে পূজা উছৰ্গা কৰে। মূল দেহাল দেৱতা শিৱক দুটা ছাগলী বলি দিয়ে,— এটা ক’লা আৰু এটা বগা। আকৌ বামুণ-বামুণীৰ বাবে পৃথকে চুলাং (গাখীৰ)-এৰে পূজা-উপাসনা কৰে।
ডিমৰীয়া অঞ্চলৰ প্ৰত্যেক কাৰ্বি সমাজৰ গাঁৱতে একোখনকৈ দেহাল থান আছে। এই থানবোৰত ১২টা বিভিন্ন নামত পূজা-অৰ্চনা কৰি আহিছে। সেইবোৰ হ’ল— বুঢ়া গোঁসাই, নোৱা গোঁসাই, বামুণ গোঁসাই, মহাদেউ, পাতুক, তামুলং, বলিয়া, জহং নামচেং, বাৰগোপাল, সজাই আৰু কলিয়া বাবা। দেহাল পূজাৰ এসপ্তাহৰ আগেয়ে কাৰ্বি সমাজৰ পুৰুষসকলে থানৰ হাবি-বন চাফ-চিকুণ কৰি খৰি কাটি থৈ আহে। এই পূজা তিনি দিনীয়াকৈ সম্পন্ন কৰা হয়। প্ৰথম দিনটো ‘যগান কিঠন’ (যাগ দিয়া), দ্বিতীয় দিনা মূল পূজা আৰু তৃতীয় দিনা সমূহীয়া ভোজ হয়।
প্ৰথম দিনা অৰ্থাৎ যগান কিঠনৰ দিনা গধূলি কাৰ্বি সমাজে দেউৰীৰ ঘৰৰ পৰা সন্মান সহকাৰে দা-দাখৰ, ঢোল, কালী আদি বাংঠাইৰ ঘৰলৈ আনি নিবত (শৰাই) আগবঢ়ায়। আগলতি কলপাতত ফুল, তুলসী, ধূপ, সেন্দূৰ, তামোল-পাণ, মাহ-প্ৰসাদ, বিভিন্ন ফল-মূলেৰে নৈবেদ্য আগবঢ়ায়। শৰাই আগবঢ়াওঁতে দেউৰীজনে এনেদৰে মন্ত্ৰ উচ্চাৰণ কৰে— “হেম্ হেম্ হেম্ থান কিথে থলি কিথে নিবত আৰনিচি বলি নাংপিয়ে বেথা নাংপিয়ে দুৱাৰী কিমে সমাৰি কিমে বলীয়া চাৰপে বলীয়া চাৰপ’।” (ভাবাৰ্থ: হে ঈশ্বৰ আপোনাৰ লগতে দেৱ-দেৱী সকলোকে বলি-বিধান দি শৰাই উছৰ্গা কৰিছোঁ।)

দ্বিতীয় দিনা অৰ্থাৎ মঙ্গলবাৰৰ মূল পূজাৰ দিনটোত গাঁৱৰ ৰাইজে ঢোল, কালী, দা-দাখৰবোৰ বিভিন্ন ফুলেৰে সজাই তোলে। কাৰ্বি সমাজে গাঁৱৰ মুখীয়াল বাংঠে (মূল বাংঠে), ৰিচ’ (ডেকা বাংঠে), কাথাৰ (গাঁওবুঢ়া) আদিৰে সৈতে ফুল, তুলসী, বেলপাত মূৰত পিন্ধি আৰু স্ব-জাতীয়, স্ব-ধৰ্মীয় সাজ পৰিধান কৰি ঢোল, কালী বজাই গীত গাই গাই দেহাল থানলৈ আগবাঢ়ে। দলধৰা বা দেনধাজনে (বলি দিওঁতে সহায় কৰা লোক) লোটা এটাত ফুল আৰু পানী লৈ থানলৈ যোৱা ৰাস্তাটোত ছটিয়াই যায়। ইয়াৰ উদ্দেশ্য হ’ল— পৱিত্ৰ হৈ থানলৈ গোঁসাই আদৰি নিয়া। দেহাল থানত উপস্থিত হৈ আগ কলপাত (পাতলি পাত)ত তামোল-পাণ, ভিন্ন ৰঙী ফুল, তুলসী, মাহ-প্ৰসাদ, বিভিন্ন ফলেৰে নৈবেদ্য আগবঢ়ায়। ঠাই বিষেশে আখৈ, চিংচিৰি (ভজা পিঠাগুড়ি) আদিও অৰ্পণ কৰে। থানৰ দেৱ-দেৱী, পৰ্বত-পাহাৰ, নৈ-বিল, বতাহ-বৰষুণ আদিৰ বাবে বলি উছৰ্গাৰ নিমিত্তে ঠাইখিনি পিঠাগুৰি ছটিয়াই পৱিত্ৰ কৰি ৫০খনৰো অধিক (ঠাই বিশেষে কম-বেছি) বেদী স্থাপন কৰে। এই বেদীসমূহত গাঁৱৰ প্ৰতি ঘৰে আগবঢ়োৱা চৰাই আৰু সমজুৱাভাৱে ছাগলীৰে বলি উছৰ্গা কৰে। আকৌ কাৰ্বি ধৰ্মীয় পৰম্পৰা জড়িত দেহাল পূজাত বামুণ- বামুণীৰে কাৰণে পৃথকে পূজা কৰি আহিছে। কাৰ্বি লোকবিশ্বাস মতে, বামুণ-বামুণীয়ে বলি গ্ৰহণ নকৰে, এই দুগৰাকী দেৱ-দেৱীৰ বাবে গাখীৰ অৰ্পণ কৰে। পূজা-উছৰ্গা শেষ হোৱাৰ পাছত আগবঢ়োৱা শৰাইৰ প্ৰসাদ বিতৰণ লগতে কাৰ্বিসকলৰ ধৰ্মীয় আৰু সমাজ জীৱনত ব্যৱহৃত চাউল আৰু বিবিধ গছৰ পাতেৰে তৈয়াৰী পানীয় (হাৰলংৰ)ৰে অপ্যায়িত কৰে।

দেহাল পূজাৰ তৃতীয় দিনা গাঁৱৰ বাংঠেৰ ঘৰত সমূহীয়া ভোজ হয়। বলি উছৰ্গা কৰা চৰাই, ছাগলী আদিৰে ৰাইজে ভাত এখাজ খায়। ঢোল, কালী বজাই আনন্দ কৰি শেষত সকলো ঘৰা-ঘৰি হয়। উল্লেখযোগ্য যে কাৰ্বি সমাজৰ কোনো কোনো গাঁৱৰ দেহাল পূজাত মহিলাসকলে অংশগ্ৰহণ কৰিব নোৱাৰে। দেউৰীৰ ঘৰত তেওঁলোকৰ কাৰণে দেহাল থানৰ পৰা প্ৰসাদ কঢ়িয়াই আনি দিয়ে।
❧ | আৰু পঢ়ক: অসমীয়া সাহিত্যলৈ চাহ জনজাতি সমাজৰ বৰঙণি
কাৰ্বিসকলে এইদৰে এক দৈৱিক শক্তিক বিশ্বাস ৰাখি স্বকীয় বৈশিষ্ট্যৰে ধৰ্মীয় পৰম্পৰা জড়িত দেহাল পূজা পালন কৰি আহিছে। এই উৎসৱ অনুষ্ঠানে কাৰ্বি সমাজখনক একত্ৰিত কৰি ৰখাৰ লগতে কাৰ্বিসকলৰ জাতীয় জীৱনৰ সামগ্ৰিক সত্তাৰ বৈচিত্ৰ্যপূৰ্ণ চিত্ৰখনিও তুলি ধৰিছে।