কোনো নহ’লেও
‘সকলো’ হ’ব পৰা মানুহ
নিচেই কম।
দোকোলটঁকা দুখত
প্ৰতিনিয়ত স্নান কৰা,
ফাগুনতকৈয়ো উকা,
ধূলিয়ৰি প্ৰাণহীন জীৱনৰ
বসন্ত হোৱা মানুহ
নিচেই কম।
ছাঁ দিব পৰা
এনে আপুৰুগীয়া মানুহ থাকে
মানুহৰ হৃদয়ত,
মানুহৰ প্ৰাৰ্থনাত,
মানুহৰ স্বপ্নত
অশৰীৰী ৰূপত।
❧ | অধিক কবিতা:
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক