মই তোমাক জানো,— যিমান মই নদীক জানো
যিমান মই নদীক ভাল পাওঁ; সিমানেই তোমাকো ভাল পাওঁ।
মই দেখিছোঁ কামাৰ্ত তোমাৰ দুপাহি ওঁঠৰ হালধীয়াখিনি
চুই চাইছোঁ; নাঙঠ, শীতল তোমাৰ দেহ…
আৰু হেঁপাহৰে সঁপি দিছোঁ চুমা
গহীন আন্ধাৰত বুৰ গৈ দেখিছোঁ
জোনৰ মিঠা কোমল মুখ।
ৰাতি হ’লে অৰণ্যখনে মোক মাতে নিৰ্জনতা ফালি,
গছৰ পাতৰ ছাঁ-পোহৰ ফালি মই যাওঁ;
অৰণ্যখনৰ বুকুত সঁপি দিওঁ নিজৰ সমস্ত লাজ!
ৰাতি
শুকান পাতবোৰ কঁপি উঠে ঘন উশাহত,
দূৰৈত শুনো উঁইচিৰিঙাৰ জয়াল মাত,
আৰু এসময়ত
ক্লান্ত উশাহবোৰ শুই পৰে গহীন অৰণ্যৰ বুকুত।
অৰণ্যখনে জানে অৰণ্যৰ নিয়ম।
জোনটোৱে জানে পৃথিৱীৰ নিয়ম।
মই থাকোঁ তোমাৰ পৃথিৱীত; তুমি থাকা মোৰ পৃথিৱীত
ভালপোৱাৰ নিয়মবোৰত নিজকে সঁপি।
❧ | অধিক কবিতা:
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক