মন পথাৰৰ বঙিয়াইদি
অগা-ডেৱা কৰি থকা কিছুমান কথা
কেতিয়াবা বুকুত বাজি ৰয়।
আচলতে এইবোৰ…
এইবোৰ যেন কথা নহয়,
নিৰ্জন পাহাৰৰ পৰা
বৈ অহা কুলু কুলু জুৰিহে…
যিয়ে বুকু ভৰাই তুলিব পাৰে
শান্ত-সমাহিত প্ৰশান্তিৰে।
বৰষুণ হৈ
জীপাল কৰি তুলিব পাৰে
ছিঁৰালফটা হৃদয়
আৰু কিছুমান কথা…
যেন কানাইৰ বাঁহীৰ মধুৰ সুৰ
যি সুৰত থাকে কেৱল ৰাধা
তেতিয়া…
এনে লাগে
উশাহবোৰ আৰু দীঘলীয়া হওক।
প্ৰাণভৰি যেন
উদ্যাপন কৰিম প্ৰতিটো ক্ষণ।
কিন্তু কেতিয়াবা…
চেতনাত ৰৈ যায়
অতি ধাৰাল কিছু কথা
যাৰ তীব্ৰ ধাৰে নিঃশেষ কৰি দিয়ে
জীৱনৰ সকলো উচাহ।
বুকুৰ অভ্যন্তৰত বৈ থকা
নদীখন মৰাসুঁতি হয়
বিহসনা কথাৰ আঁচোৰত
চকুলোবোৰ বৰফ হয়
দুভৰি থমকি ৰয়
দুখৰ আঁচলত
সুখৰ ফুল বাচি
আখৰাহে কৰা হয়
মাথোঁ জী থকাৰ…
❧ | অধিক কবিতা:
এই লেখকৰ সকলো লেখা চাওক →HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক