চৰাই আৰু আকাশ
চৰাইজনী আকাশৰ।
যেতিয়া ক’ৰবাৰ পৰা উৰি আহি তাই ডালত পৰি জিৰাইহি
তেতিয়া গছজোপাই ভাবে যেন তাই কেৱল গছজোপাৰেই
চৰাইজনী আকাশৰ।
সযতনে বাহ সাজি তাই কণী পাৰে, উমনি দিয়ে
যাতে তাই উছৰ্গা কৰিব পাৰে নিজ বুকুৰ সন্তানকেইটাক
আকাশখনৰ বাবে
তাই জানে যে এদিন তাই আকাশখন হেৰুৱাব
যদি তাই বেছি সময় কটায়
পাতৰ আঁৰৰ ছায়াত; তাই এইটোও জানে যে
ফলবোৰে মাথোঁ তাইক উৰি যোৱাৰ জোখাৰেহে শক্তি যোগায়।
চৰাইজনী আকাশৰ।
ভাষা তাইৰ অসীমৰ
কথা পাতে তাই বতাহ আৰু ডাৱৰৰ লগত
মাথোন এটি-দুটি কাকলিৰে।
বেলিটোৱে ৰ’দায় তাইৰ ডেউকা দুখনক
জোনটো ওলমি থাকে তাইৰ ঠোঁটৰ পৰা
তৰাবোৰ নামি আহে পৰিবলৈ তাইৰ পাখিবোৰত
পাখি দুখন কাটি তাইক সঁজাত বন্দী কৰি থ’ব পাৰা তুমি
তথাপি তাই দেখিব আকাশখনৰেই সপোন
আৰু সেই সপোনতে মুক্তি লাভ কৰিব
লাগিলে তুমি তাইক গাখীৰ খুওৱা অথবা ফলমূল
তথাপি তাই আকাশখনৰেই গান গাব।
সাৰে থাকক অথবা টোপনিত, তাই কিন্তু উৰিয়েই থাকিব।
অলপ ভাবাচোন; আকাশখন বাহিৰত নাই
বৰঞ্চ ই আছে চৰাইজনীৰ ভিতৰত।
ভালকৈ চালে আমি ইয়াক
আমাৰ ভিতৰতো দেখা পাম।
✽
কে সচ্চিদানন্দন

মালায়ালম ভাষাত আধুনিক কবিতাৰ বাটকটীয়া কে সচ্চিদানন্দন (Koyamparambath Satchidanandan) মালায়ালম আৰু ইংৰাজী ভাষাৰ এগৰাকী শক্তিশালী কবি, নাট্যকাৰ, প্ৰাৱন্ধিক, সমালোচক আৰু অনুবাদক। তেখেত ‘ইণ্ডিয়ান লিটেৰেচাৰ’ পত্ৰিকাৰ প্ৰাক্তন সম্পাদক। তেখেতে সাহিত্য অকাডেমিৰ সম্পাদক হিচাপেও (১৯৯৬-২০০৬) কাৰ্যনিৰ্বাহ কৰিছিল। কে সচ্চিদানন্দনৰ জন্ম হৈছিল ১৯৪৬ চনৰ ২৮ মে’ত কেৰালাৰ ত্ৰিচুৰ জিলাৰ পুলূট (Pulloot) নামৰ গাঁৱত।
চৰাইবোৰে মোক খেদি ফুৰে
মমতাজ আনচাৰি

এজন মানুহ আৰু এখন দুৱাৰ
মমতাজ আনচাৰি

কে সচ্চিদানন্দনৰ কবিতা: দেহ, ৰাষ্ট্ৰ
প্ৰকল্প ৰঞ্জন ভাগৱতী

গান্ধী আৰু কবিতা
পল্লৱপ্ৰাণ গোস্বামী

এগৰাকী নাৰীৰ প্ৰেমত পৰিবলৈ
উৎপল দত্ত
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক
