নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

গীতৰ আঁৰৰ গদ্য: শৰতৰ শেৱালিৰ নতুন নিয়ৰে

গীতৰ আঁৰৰ গদ্য: শৰতৰ শেৱালিৰ নতুন নিয়ৰে

শ ৰতৰ শেৱালিৰ নতুন নিয়ৰে
শুভ্ৰ শুভ্র কিবা ছবি আঁকে,
শুকুলা ডাৱৰৰ পতাকা উৰুৱাই
মুকুতিৰ গীত গায় শৰালি জাকে।।

নিয়ৰ বিন্দু হল জীৱন দাপোণ
তাতেই দেখোঁ মই আশাৰ সপোন
ক্ষুদ্ৰতে বিশালক যদি বিচাৰা
দেখিবা বিন্দুতে সিন্ধু থাকে।।

শৰতৰ সৰাপাত কিয় বুটলিম?
ৰিক্ত ৰিক্ত মন কিয় আদৰিম?
বন্ধ বন্ধ সীমা কিমান সহিম?
মুগ্ধ, মুগ্ধ মই আকাশ দেখি,
স্নিগ্ধ স্নিগ্ধ ফুল মনেৰে লেখি,
মুক্ত মুক্ত কহুৱাৰ নাচোনে
হঁহুৱায় নিৰাশাৰ ফাঁকে ফাঁকে।

শৰতৰ শেৱালিৰ…

গীতটি: মনৰ কথা— দেখিবা বিন্দুতে সিন্ধু থাকে

এই শৰতত আমি সৰাপাত বুটলিম কিয়? ৰিক্ত ৰিক্ত মনক আমি লাই দিম কিয়? আবদ্ধ পৰিধিত আমি সোমাই থাকিম কিয়? আজি শৰতৰ সুন্দৰ আকাশ দেখি মই ভোল গ’লো, মনেৰেই গণিলো কত শত স্নিগ্ধ স্নিগ্ধ কুসুম। নিৰাশা আমাৰ জীৱনলৈ আহে মাজে মাজে। সকলোৰেই জীৱনলৈ আহে। বহুতো কবিয়ে ‘শৰতেৰ ঝৰাপাতা’ গণি গণি আমন-জিমনকৈ থাকি ভাবে হেৰোৱা দিনৰ কথা। সৰাপাতবোৰ যেন কালিৰ একোটা একোটা অধ্যায়।

আকৌ কোনোৱে ভাবে আন কথা, আজি ময়ো ভাবোঁ মুক্ত কহুৱাৰ নাচোন দেখি। এই কঁহুৱাৰ নাচোনে হঁহুৱায় আমাকো। নিৰাশাৰ ফাঁকে ফাঁকে অহা শাৰদীয় আশাৰ জিলিকনিয়ে চকু চাৎ মাৰি ধৰে। মিঠা মিঠা লাগে শৰালিজাক উৰি যোৱা দেখি। সিহঁতে শৰতৰ শুকুলা ডাৱৰৰ পতাকা সাজি আকাশত কিহৰ সমদল উলিয়াইছে? মুক্তিৰ। সেই শৰালিজাকে কিহৰ গীত গায়? মুক্তিৰ। শৰতৰ যাউতিযুগীয়া এই প্রতীকসমূহ (Symbols)ৰ মাজত মোৰ ভাল লাগে নিয়ৰৰ বিন্দুকেইটিকে। সিহঁতৰ প্রত্যেকেই যেন জীৱনৰ একোখন দাপোণহে। জ্যোতিপ্ৰসাদে এনেয়ে কৈছিল নে— “পুৱতি নিয়ৰে সানে চৰণতে শুকুলা মুকুতা ৰেণু?” এটি এটি নিয়ৰ বিন্দুতকৈ আৰু কিবা মূল্যৱান মুকুতা আছেনে? আজি এই শৰতত ফুলা আলফুলীয়া শেৱালিকেইপাহিৰ গাত মৰমেৰে আঁকোৱালি ধৰা নতুন নিয়ৰৰ টোপালকেইটিয়ে হেজাৰ সুৰত গীত গাইছে। মই মনৰ কাণেৰে শুনিছোঁ। শুভ্র শুভ্র কত ছবি আঁকিছে। মনৰ চকুৰে মই দেখিছোঁ।

❧ | আৰু পঢ়ক: ভূপেন হাজৰিকাৰ নতুন পুৰুষলৈ এখনি সৰু চিঠি

কি কলে? ‘সৰু সৰু’ নিয়ৰ বিন্দু লৈ মই ইমান আত্মহাৰা কিয়? ‘সৰু সৰু’ কথা সদায়েই ‘সৰু’ নহয়। আমাৰ আশে-পাশে থকা সকলো সৰু বস্তুতে বহুতো ডাঙৰ অৰ্থ পাম, যদিহে আমি চাব জানো। আমাৰ দৃষ্টিভঙ্গীৰ ওপৰত সকলো নির্ভৰ কৰে। আমাৰ মনেৰে আমি আকাশৰ তৰাবিলাক ‘সুন্দৰ’ বুলিও ক’ব পাৰোঁ আৰু কোনোবা অসুস্থ মুহূর্তত তৰাৱলীক আকাশৰ মুখত ‘আইৰ দাগ’ বুলিও ঘিণাব পাৰোঁ! দৃষ্টিভঙ্গী Positive হ’লে পৃথিৱীখনেই মিঠা মিঠা লাগে। ক্ষদ্ৰতে বিশালক পাব, সৰু ক্ষণেও ‘বিৰাট’ৰ আভাস দিব পাৰে। সেয়েহে গীতটিত কৈছোঁ নিয়ৰ টোপালৰ কথা।

ক্ষুদ্ৰতে বিশালক যদি বিচাৰা
দেখিবা বিন্দুতে সিন্ধু থাকে।…

এই লেখকৰ সকলো লেখা চাওক →
গীতৰ আঁৰৰ গদ্য: শৰতৰ শেৱালিৰ নতুন নিয়ৰে | ড° ভূপেন হাজৰিকা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...