“He who is useful is infinite, He who is infinite is immune, He who is immune is immortal.” —Lao Tzu
১ ৯৬৯ চনৰ জুন মাহতে বিষ্ণু ৰাভাৰ মৃত্যু হৈছিল। আৰু তাৰ পাছতেই তেজপুৰৰ মৰাভৰালীৰ পাৰত বিষ্ণু ৰাভাৰ মৃতদেহ একুৰা জুয়ে আলিঙ্গন কৰি ছাইত পৰিণত কৰিছিল। পিছে, বিষ্ণু ৰাভা বুলিলে যি ব্যক্তিত্ব মনলৈ আহে, যি ভাবমূর্তি ভাহি উঠে, যি দর্শন বা ‘বাদ’ৰ ছবি চকুত পৰে, সেই সকলোবোৰ জানো তেজপুৰৰ মৰাভৰলীৰ পাৰে চিৰদিনৰ বাবে গ্রাস কৰিব পাৰিলে?
এতিয়া বিষ্ণু ৰাভাক সোঁশৰীৰে আমি ৰাইজৰ মুখলৈ আনি দিব নোৱাৰোঁ। কোনেও নোৱাৰে। কিন্তু যি বিষ্ণু ৰাভা জীৱিতকালতে এটি institution বা সংস্থা হৈ গৈছিল, সেই চিৰজীৱন্ত ভাবমূর্তিক জানো আজিৰ চাম ডেকা-গাভৰুৰ মাজত জীয়াই ৰাখিব নালাগে?
আজিৰ নতুন পুৰুষে যিখিনি বিচাৰিব বা বিচাৰিছে, সেইখিনি বিচৰাৰ পথত প্ৰেৰণা জানো বিষ্ণু ৰাভাৰ জীৱনটোৱে যােগাব নােৱাৰে? কিঞ্চিৎ ভাবি চালে, কিঞ্চিৎ ফঁহিয়াই চালে, তেওঁৰ জীৱনত কি পাওঁ?
আজিৰ ডেকা-গাভৰুৱে বিচাৰে, অধ্যয়নকালতো ছাত্র-ছাত্ৰীয়ে সমাজ-সচেতনতাক ক্ষুৰধাৰ কৰি ৰাখিব লাগে। বিষ্ণু ৰাভাই ছাত্ৰাৱস্থাতে সামন্তবাদ, সাম্রাজ্যবাদৰ বিৰুদ্ধে নির্ভীকভাৱে যুঁজিছিল। কলিকতাৰ চেন্ট জেভিয়াৰ্চ কলেজ আৰু কোচবিহাৰৰ কলেজৰ প্ৰতিটো ইটাই আজিও সেই ধুমুহাৰ গতিৰ দৰে বিপ্লৱী মন থকা ‘বিষ্টু’ৰ কথা ক’ব পাৰিব।
কিছু তথাকথিত ডিগ্ৰী নহ’লেও, বিষ্ণু ৰাভাই মানসিক আৰু বৌদ্ধিক উৎকর্ষ সাধনৰ বাবে অতি আগ্ৰহেৰে ক্লাছিক গ্রন্থাদি পঢ়ি, তাৰ পুৰণি তত্ত্বকো (ভাল হ’লে) গ্ৰহণ কৰি নতুন দিনৰ নতুন মানুহৰ মঙ্গলার্থে কামত লগাব খুজিছিল।
শাৰীৰিক শক্তিৰ বাবে খেলপথাৰত তেজী অশ্বৰ দৰে ৰাভাই দৌৰিছিল। বিষ্ণু ৰাভা সদায় বেগী চেণ্টাৰ ফৰৱার্ড। চিন্তাৰ জগততো।
বিষ্ণু ৰাভাই লোক কৃষ্টিত ‘পি এইচ ডি’ ডিগ্ৰীৰ বাবে চেষ্টা নকৰি তেওঁৰ জীৱনটোকেই সেই বিষয়ে এটি জীয়া গৱেষণাগাৰ কৰি তুলিছিল।
স্বাধীনতাৰ পাছতো শ্রেণী সংঘর্ষ দেখি তাৰ বিৰুদ্ধে বৈপ্লৱিক অস্ত্র হাতত লৈছিল। এতিয়াৰ দিনত ‘নক্সালবাদী’ বোলোতে যি ক্ৰোধৰ ছবি ভাহি উঠে, দ্বিতীয় মহাসমৰৰ পাছতেই আৰ চি পি আইৰ কর্মী বিষ্ণু ৰাভাই ঠিক তেনে ছবিকে ৰাইজৰ মনলৈ আনিছিল।
বিষ্ণু ৰাভাৰ জীৱনৰ সবাতোকৈ সবল সৌন্দর্য আছিল— জীয়া জীৱনৰ পৰা, জীয়া মানুহৰ সৈতে হোৱা সান্নিধ্যৰ পৰা, সাধাৰণ মানুহৰ কৃষ্টি প্রকাশৰ পৰা তেওঁ জ্ঞান অর্জন কৰিব পৰাটো। নিলিখিলেই বা কেইখনমান গ্রন্থ! নিলিখিলেইবা এহেজাৰ গীত!
আজিৰ অসমখনত জনজাতীয়সকলৰ বিষয়ে জনাৰ, তেওঁলোকক বুজাৰ, তেওঁলোকৰ নোপোৱাৰ বেদনাক সন্মান কৰাৰ, তেওঁলােকৰ ভাষা-কৃষ্টিৰ স্বকীয় স্বৰূপক স্বীকৃতি দিয়াৰ, অথচ বিভেদকামী শক্তিক যুক্তিৰে লাই নিদিয়াৰ যি জীৱন-দর্শন বিষ্ণু ৰাভাই তেওঁৰ প্ৰতিটো কামতে, প্ৰতিটো কথাতে প্রমাণ দিছিল, সেইখিনিয়েই অসমীয়া জাতিক আজিও বহুতো উপকাৰ সাধিব নোৱাৰিবনে?
প্রতি বছৰত, আজি অসমত শিল্পী দিৱস পতা হয়— ৰূপকোঁৱৰৰ চিন্তাক সম্মান কৰিবলৈ ১৭ জানুৱাৰীত। জুনৰ কুৰি তাৰিখেও প্রতি বছৰতে, সদৌ অসমজুৰি বিষ্ণু ৰাভা দিৱস পাতি সমগ্ৰ অসমতে বিষ্ণু ৰাভাৰ জীৱন-দৰ্শনৰ চৰ্চা হ’ব পাৰে, সেইদিনা অ-জনজাতীয়সকলে অসমৰ জনজাতীয়সকলৰ ভাষা-সংস্কৃতি শিকা, আলোচনা চক্র, জনজাতীয় কৃষ্টিক প্রাধান্য দিয়া সাংস্কৃতিক সন্ধিয়া, সাংস্কৃতিক প্রতিযোগিতা আদি পাতিব পাৰি। কোনে কি লিপি গ্রহণ কৰে, কোন দিনা কি কি আৰু বেলেগ ৰাজ্য হয়, কি কি ‘…চল’ হয়, তাৰ সৈতে বিষ্ণু ৰাভাবাদক নেসাঙুৰিও— বিষ্ণু ৰাভাক উদাৰ সাংস্কৃতিক দর্শনৰ এটি প্রতীক কৰি তুলিব নোৱাৰিনে?
✽ | পঢ়ক: বিষ্ণুপ্ৰসাদ ৰাভা সম্পৰ্কীয় অন্যান্য লেখা
মোৰ এই প্রশ্ন— ৰজাঘৰ-প্ৰজাঘৰ দুয়োলৈকে; কাৰণ বিষ্ণু ৰাভা নামৰ প্রতীক এটাৰ শৰীৰটো একুৰা জুইত তুলি আনি নিঃশেষ কৰি দিছিলো মৰাভৰলীৰ পাৰত। অসমীয়া জাতীয় জীৱনৰ মৰাভৰলীত পুনৰ জীয়াধল আনিব নোৱাৰিনে— এই প্রতীকেৰে?
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক