অম্বিকাগিৰী ৰায়চৌধুৰীৰ কবিতা

অম্বিকাগিৰী ৰায়চৌধুৰীৰ কবিতা

মানুহ হ মানুহ হ

মানুহ হ মানুহ হ কথাই-কামে, চিন্তা-ভাবে, সাজে-কাছে মানুহ হ—
মানুহ যদি নোৱাৰ হ’ব, বাঘ নহবি শগুন হ।

বাঘ হলে তই নিৰীহ জীৱক হত্যা কৰি
ৰক্ত পি, গোটেইখনক আৰ্তনাদৰ বিভীষিকাত বুৰাই দি,
বতাহৰ গাত গেলা-পচাৰ বিহ-বাষ্প উদ্‌গাৰি,
জীয়াৰ আশাত বৰ্তি থকা স্বাস্থ্য-ধনৰ কণ মাৰি,
আৰু কাৰ ক’ত ৰুধিৰ পিবি লুকাই ৰবি নেজ পাৰি।

শগুণ হ’লে মৰা-গেলাৰ গ্লানি ঠোঁটত কোচাই ল’ই,
পোনে পোনে পাখি মেলি শূন্যত গ’ই থিতি হ’ই,
আনন্দেৰে উৰি উৰি ভাহি ভাহি ঘূৰি ঘূৰি
গেলা-পচাৰ স্বাস্থ্য হৰা ৰোগ-বীজাণুৰ মূল তুলি,
স্বস্তি লভি সুখ পাবি নৰ-সমাজ ৰক্ষা হ’ল বুলি,—
মানুহ যদি নোৱাৰ হ’ব বাঘ নহবি শগুণ হ—
শগুণো যদি নোৱাৰ হ’ব কুলি নহবি কাউৰ হ।

কুলি হ’লে তই মুখত মিহি প্ৰতাৰকৰ কুঁহু গাই
আনৰ অধিকাৰ লুটিবি দগ্ধা-চোৰৰ কিটিপ চাই,—
কাউৰ হ’লে তই পূবত বগা ফুট দিওঁতেই বাহ এৰি,
ৰাতিৰ বাহী-পচা ঠুটাই চোতাল-কাথি শুধ কৰি,
কা-কা গাই ঘৰ-লখিমীক ৰাতি পুওৱাৰ কথা ক’ই,
উৰি যাবি সেৱা কৰা মৰমৰ নিৰ্মালী ল’ই,—
মানুহ যদি নোৱাৰ হ’ব, কুলি নহবি কাউৰ হ।

কাউৰো যদি নোৱাৰ হ’ব, শিয়াল নহবি কুকুৰ হ,
শিয়াল হ’লে খোখা ভাঙি হাঁহ-পাৰবোৰ চুৰ কৰিবি,
কুকুৰ হ’লে চোৰ খেদি দি গিৰিহঁতৰ ঘৰ ৰখিবি,—
নোৱাৰ যদি মানুহ হ’ব, শিয়াল নহবি কুকুৰ হ।

কুকুৰো যদি নোৱাৰ হ’ব, সাপ নহবি কেঁচু হ—
সাপ হ’লে তই খেদি খাবি হিংসাৰ বিহ-দাঁত বহাই,
কেঁচু হ’লে উখৰা মাটিত সাৰ যোগাবি ৰস জমাই,
মানুহ যদি নোৱাৰ হ’ব, সাপ নহবি কেঁচু হ।

সিও যদি নোৱাৰ হ’ব, জোক নহবি মাগুৰ হ,
জোক হ’লে তই যাকে-তাকে মাৰিবি তেজ চুহি খাই,—
মাগুৰ হ’লে ৰোগীৰ দেহত শক্তি দিবি তেজ যোগাই,
মানুহ হ মানুহ হ— মানুহ যদি নোৱাৰ হ’ব, জোক নহবি মাগুৰ হ।

মাগুৰ যদি নোৱাৰ হ’ব, ধূৰ্ত নহবি সৰল হ—
সিও যদি নোৱাৰ হ’ব, একো নহবি— কিবা হ।

(ৰচনা কাল: ১৯৫৭)

এই লেখকৰ সকলো লেখা চাওক →
অম্বিকাগিৰী ৰায়চৌধুৰীৰ কবিতা | অম্বিকাগিৰী ৰায়চৌধুৰী

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

আপুনি হয়তো ভাল পাব: