লোক-সংস্কৃতিত ন-খোৱা পৰম্পৰা

লোক-সংস্কৃতিত ন-খোৱা পৰম্পৰা
  • 08 Feb, 2022

ভা ৰতৰ প্ৰায় সকলো ঠাইতে কৃষিকেন্দ্ৰিক ন-খোৱা পৰম্পৰাৰ প্ৰচলন আছে। অতি প্ৰাচীন কালৰে পৰাই প্ৰায় সকলো সম্প্ৰদায়ৰ লোকে নিজৰ নিজৰ ৰীতি অনুসৰি ইষ্টদেৱতাক আগ কৰি আত্মীয়-কুটুম্বৰ উপস্থিতিত এই ন-খোৱা অনুষ্ঠানটিৰ আয়োজন কৰে। এই অনুষ্ঠানটিক ভিন্ন ভাষা আৰু পৰম্পৰাত ন-খোৱা, নয়া বা নোৱান খোৱা, নৱান্ন, ন-ভাত খোৱা ইত্যাদি নামেৰে কোৱা হয়।

ন-খোৱা পৰম্পৰা

অসমীয়া লোক-সংস্কৃতিত ন-খোৱা এটা আনন্দপূৰ্ণ কৃষি উৎসৱ। লোকবিশ্বাস মতে পুহ মাহত ন-খোৱা পতিব নোৱাৰে, এই উৎসৱ সাধাৰণতে আঘোণ মাহত পতা হয়। ন ধানৰ চাউলেৰে কেতিয়াবা গৃহস্থঘৰে সমূহীয়াভাৱে নামঘৰত বা আত্মীয়-কুটুম, বন্ধু-বান্ধৱক মাতি গাইগুটীয়াকৈ নিজৰ ঘৰতে এসাঁজ ভাত খাই আনন্দ লভে। মুঠতে অসমীয়া সমাজত কৃষিজীৱী লোকসকলে পৰিয়ালৰ সকলোৱে মিলি কৃষি কাৰ্য সৃষ্টিক আদৰণি জনাই এক নতুন উৎসাহেৰে ন-খোৱা অনুষ্ঠানটি পালন কৰে।

ন-খোৱা অনুষ্ঠিত কৰা দিনা গৃহস্থ ঘৰে ৰাতিপুৱাই ভঁ‌ৰালঘৰ মচি চাফ-চিকুণ কৰি থয়। দুপৰীয়া চোতালত থকা তুলসীৰ তলত বন্তি জ্বলাই নৈবেদ্য আগবঢ়াই দোণ এটাত ন ধান লৈ লখিমীক সেৱা জনায়। লখিমীক সেৱা জনোৱাৰ পাছত দোণটোৰ পৰা ধান তিনি আঁ‌জলি ভঁ‌ৰালত ভক্তিসহকাৰে থৈ দিয়ে। ইয়াৰ পাছতহে বাকী ধান অন্য পাত্ৰ, যেনে পাচি আদিৰে ভঁ‌ৰালত থয়। ধানবোৰ থোৱাৰ পাছত তুলসীৰ তলত আগবঢ়োৱা প্ৰসাদ, নৈবেদ্য আদি ভগাই খায়। সেইদিনা নিশা বা কোনো কোনো ঠাইত দিনৰ ভাগতেই সকলোৱে মিলি ন ধানৰ চাউলৰ ভাত খায়। ন চাউলৰ ভাতৰ লগত মাছ, মাংস আদিৰ যোগাৰ কৰে। ন চাউলৰ পিঠা-পনা কৰি গুৰু-ভকতলৈ আগবঢ়ায়। কোনো কোনো অঞ্চলত মহিলাসকলে ন-খোৱা পালন কৰা দিনা লখিমী আদৰা গীত গায়। লখিমী আদৰাৰ মাংগলিক চিনস্বৰূপে পদূলিত কলপুলি লগায় আৰু বন্তি জ্বলায়।

টাই আহোমসকলৰ পৰম্পৰা

টাই আহোমসকলে আঘোণ মাহত (ডিনচিঙ) ন-খোৱা অৰ্থাৎ ‘খাও অন মৌ’ পাতে। আঘোণ মাহত ন-খোৱা নহ’লে পুহ মাহত (মতা মাহ ধৰে) ন-খোৱা নাপাতে। তেতিয়া মাঘ বিহুত ন-খোৱা পাতে। ন-খোৱা উপলক্ষে পাঁচজন দেৱতা— ফা নু ৰু লেঙডন, লাৰেঙ, লাঙকুৰি, জানছাইহুম আৰু জাছিঙফালৈ পূজা অৰ্পণ কৰে। ডাম্ ফীলৈ পিঠা-পনাৰে নৈবেদ্য আগবঢ়াই টাই ভাষাৰ মন্ত্ৰ উচ্চাৰণ কৰে।

এক উৎসৱমুখৰ পৰিৱেশত ন-খোৱা আনুষ্ঠিত কৰি প্ৰতি ঘৰতে গৃহ ডাম্ উপৰিপুৰুষক খেনখাওক দি ন-ভাত, কচু-মাছৰ আঞ্জা, চেৱা দিয়া ভাত, চুঙা চাউল আদি প্ৰস্তুত কৰি ওচৰ-চুবুৰীয়াক নিমন্ত্ৰণ কৰি খায়। মৃতকৰ নামতো ন-চাউলৰ ভাত, কচু শাকৰ মাছ দিয়া আঞ্জা, খৰিচা আঞ্জা, খৰিকা দিয়া কাৱৈ মাছ (নহ’লে অন্য মাছ), পানী দিয়া লাও, নতুন তামোল-পাণ, চিঙকৰা ফুল, আগলি কলপাত, কলপটুৱাৰ লাওৰ থুলা আদি দিয়া হয়। ন-খোৱাৰ বাবে আগতীয়াকৈ ন চাউলৰ ভাত আৰু বৰা ধানৰ চাউলৰ লগত মিহলাই লাওপানী তৈয়াৰ কৰি থয়। আহোমসকলে আহু ধানৰ ন-খোৱা অনুষ্টুপীয়াকৈ পাতি থয়, কিন্ত শালি ধানৰ ন-খোৱাত আলহী-অতিথি, ওচৰ চুবুৰীয়াক মাতি আনি আনন্দময় পৰিৱেশত পালন কৰে।

দেউৰীসকলৰ পৰম্পৰা

উজনি অসমত দেউৰীসকলে বছৰত দুবাৰকৈ ন-খোৱা পাতে— এবাৰ শালি ধানৰ ন-খোৱা আৰু এবাৰ আহু ধানৰ ন-খোৱা। শালি ধানৰ ন-খোৱা কাতি-আঘোণত অৰু আহু ধানৰ ন-খোৱা আহাৰ-শাওণ মাহত অনুষ্ঠিত কৰে। শালি ধানৰ ন-খোৱা ব্যক্তিগতভাৱে পাতে যদিও আহু ধানৰ ন-খোৱা দেউৰী সমাজত সমজুৱাভাৱে ৰাইজে বৰ পূজা থান বা গোসাঁনীৰ ঘৰত অনুষ্ঠিত কৰে। আহু ধানৰ সমজুৱা ন-খোৱাৰ দিনা ৰাইজৰ পূজাত সকলোৱে নিজ নিজ ঘৰত প্ৰস্তুত কৰা ন-চাউলৰ খাদ্যবস্তু আদি আগবঢ়ায়। পূজাৰ শেষত সকলোৱে আটাইবোৰ বস্তু ভগাই খায়।

মায়ামৰাসকলৰ পৰম্পৰা

নৈবেদ্য

নৈবেদ্য | ছবি: পূৰবী বৰদলৈ

মায়ামৰাসকলৰ ন-খোৱা উৎসৱত সত্ৰ বা সচঙত ন-লগোৱা পৰম্পৰা আছে। ন-গোছা লওঁ‌তেই দেৱ-গুৰু-গোসাঁইলৈ বুলি আছুতীয়া ধান কেইগুছি ৰুই থোৱাৰ নিয়ম। সেই ধান সময়ত ন-লগাই বাকীখিনি আত্মীয়সকলৰ সৈতে ন-খোৱাত ব্যৱহাৰ কৰে। মায়ামৰা ভক্তসকলে আঘোণ মাহৰ প্ৰথম দেওবাৰে ন-লগোৱা উৎসৱটি শস্য চপোৱাৰ পাছত পালন কৰে। গায়নে-বায়নে শোভাযাত্ৰা কৰি ভক্তগণে মাহ-প্ৰসাদ লৈ ন-লগাবলৈ শালি চাউলৰ পিঠাগুড়ি ভাৰ বৈ গাঁৱৰ মুখিয়ালজনৰ তত্ত্বাৱধানত বৰভেটিলৈ আহি নিজ নিজ খেলৰ মানুহখিনি ঘূৰণীয়াকৈ বহে। বগা কাপোৰেৰে ভাগৱত প্ৰতিষ্ঠা কৰি তামোল-পাণৰ বটা আগবঢ়ায়। নতুন চাউলৰ পিঠাগুড়ি, গাখীৰ, গুৰ মিশ্ৰণ কৰি মিঠৈ তৈয়াৰ কৰে, মাহ-প্ৰসাদ, কল-কুঁহিয়াৰ আদি কলপাতত সজায়। ভক্তসকলে গায়ন বায়ন গাই শেষত বিতৰণ কৰি খায়।

নামনি অসমৰ ৰাভাসকলৰ পৰম্পৰা

নামনি অসমৰ ৰাভাসকলৰ ন-চাউলৰ মাৰভাত ৰান্ধি কলপাতত টোপোলা কৰি প্ৰথমে গৰুহালকহে খুওৱা নিয়ম। কৃষিকাৰ্যৰ লগত জড়িত নাঙল-যুঁৱলি, এছাৰি-ওখোনি, দা-কোৰ আদি সা-সঁ‌জুলিসমূহকো পূজা এভাগ দিয়ে। ন-খোৱা ভোজৰ পৰা আগ কৰি খাদ্যবস্তু দিয়ে। পৰিয়ালৰ পূৰ্ব-পুৰুষ আৰু মৃতককো সেই খাদ্যবস্তু আগবঢ়ায়।

টোটলা ৰাভাসকলৰ পৰম্পৰা

শোণিতপুৰ-কামৰূপ জিলাৰ টোটলা ৰাভাসকলে আঘোণ মাহত এদিন পাৰিবাৰিকভাৱে আৰু এদিন গাঁৱৰ সমূহ ৰাইজে মিলি ন-খোৱা (নোৱান খাৱা) পালন কৰে। ঘৰুৱাভাৱে পালন কৰা দিনা গৃহস্থ আৰু গৃহিণীগৰাকীয়ে উপবাসে থাকিব লাগে। সেইদিনা গৃহস্থই ৰাতিপুৱাই গা ধুই ধূপ-চাকি জ্বলাই পথাৰৰ পৰা ধান এবোজা কাটি আনি থয়। সেই ধানখিনি খেতিৰ অন্যতম অংশ গৰু-গাইক সন্ধিয়া খাবলৈ দিয়া হয়।

কৃষিকাৰ্যত ব্যৱহৃত সা-সঁ‌জুলিবোৰ থাপনাত পাতি ভোগ-নৈবেদ্য আগবঢ়ায়। পুৱাতে গৃহস্থই ভঁ‌ৰালঘৰ মচি থয়। দুপৰীয়া ভঁ‌ৰালঘৰটোৰ সন্মুখত থাপনা পাতি বন্তি জ্বলাই মাহ-প্ৰসাদ, নৈবেদ্য আগবঢ়ায়। দোণ এটাত ন-ধান লৈ ভক্তি ভাবেৰে ভঁ‌ৰালঘৰত তিনি মুঠি ধান থোৱাৰ পাছত বাকীবোৰ ধান থয়। ৰাজহুৱাভাৱে আঘোণৰ প্ৰথম দেওবাৰে নতুবা আঘোণৰ ৯ তাৰিখে ‘নোৱান খাৱা’ পালন কৰে। ৰাজহুৱা নোৱান খাৱাৰ দিনা ভিন ভিন সম্প্ৰদায়ক আমন্ত্ৰণ কৰি নৃত্য-গীতৰ লগতে সম্প্ৰীতিৰে ভোজৰ ব্যৱস্থা কৰে। সিদিনা টোটলা ৰাভাসকলৰ উপাস্য ‘মেৰু গোসাঁই’ৰ নামত এটি শিল পুতি তাৰ চাৰিউফালে মহাদেৱ-পাৰ্বতী (বুঢ়া-বুঢ়ী), গনেশ-কাৰ্তিক আদিক উদ্দ্যেশি প্ৰসাদ আগবঢ়ায়।

কামৰূপৰ তামুলপুৰ অঞ্চলৰ টোটলা ৰাভাসকলৰো কিছুমান লোকাচাৰ আছে। বাৰীৰ চৌহদত নিৰ্দিষ্টকৈ ৰখা কলগছ বা বাঁহ গছৰ গুৰিত তিনিখন থাপনা স্থাপন কৰে। মাজৰখন থাপনা ‘বুঢ়া-ধৰ্ম’ৰ নামত, আন দুখন ‘গোসাঁনী’ আৰু ‘সভাচনী’ নামত পাতে। গোসাঁনী, সভাচনীৰ নামত বগা পাৰ বা বগা পঠাৰ বলি দিয়া হয়, বুঢ়া-ধৰ্মৰ নামত কোনো বলি দিয়া নহয়। মাজ চোতালত আকৌ ওঠৰগৰাকী অন্যান্য দেৱ-দেৱীক উদ্দ্যেশি ওঠৰখন আসন পাতি পূজা দিয়ে। গৃহস্থই ৰঙা কুকুৰাৰ বলি দি তেজ থাপনাত আগবঢ়ায়। ৰান্ধনীঘৰৰ লখিমী থাপনাত বা চৌকাৰ কাষত ন-চাউল এমুঠি ভক্তিৰে আগবঢ়ায়, সেই আগবঢ়োৱা চাউলখিনি ভোজত ৰন্ধা চাউলত যোগ কৰা হয়। ন- ভাতৰ কিছু অংশ মৃত পূৰ্বপুৰুষৰ নামত চোতালৰ এচুকত (দোহোৰা বা আতুলা) আগবঢ়ায়। ন-খোৱা ভোজৰ মাছ-মাংস-ভাত আগতীয়াকৈ অপদেৱতা, ডাইনী-ভূতুনীৰ নামতো কল দোনাত লৈ কুকুৰক মাতি পদূলিমূখত দিয়ে। ইয়াৰ পাছত আলহী-অতিথিয়ে মিলি ন-খোৱাৰ ভোজ-ভাত খায়।

কাৰবিসকলৰ পৰম্পৰা

কাৰবিসকলৰ ন-খোৱা ‘আকিমি আনকিছ’ অনুষ্ঠানটি এক দীঘলীয়া পৰিক্ৰমাৰে পালন কৰে। ধান কটাৰ আগতে লক্ষ্মী আইৰ পূজা দি লয়। ধানৰ আগ আনিবলৈ যোৱা গীত— ‘আতাম-পাতাম’ গায়। পথাৰত বিজুলী বাঁহৰ ঝিকনী (জেং) পুতি থৈ লক্ষ্মীবাঁহৰ প্ৰতীক হিচাপে কল্পনা কৰে। ‘যাঠি কিয়াৰ’ উৎসৱৰ মজেদি ডেকা-গাভৰু আৰু গৰখীয়াই গীত গাই গাই ধান কাটি-মাৰি ন-ধানৰ আখৈ ভাজি, পিঠাগুৰি খুন্দি পিঠা-পনা তৈয়াৰ কৰি খায়। এভাগ ‘খোকখ্ৰে দেহাল’ (গৰখীয়া দেওশাল) লৈ উছৰ্গা কৰে। বেলি লহিওৱাৰ পৰত ন-খোৱা ভোজৰ আয়োজন কৰে, গৃহস্থ ঘৰে মদ-পানীৰ যোগাৰ কৰি থয়। প্ৰতিজন অতিথিকে কলপাতত ন-ভাত বাঢ়ি দিয়াৰ পাছত বুঢ়াসকলে লক্ষ্মীদেৱীক স্তুতি কৰাৰ অন্ততহে ন-ভাত মুঠি গ্ৰহণ ক’ৰে।

কোচ-ৰাজবংশীসকলৰ পৰম্পৰা

কোচ-ৰাজবংশীসকলৰ ‘নয়া খাওৱা’ত গৰখীয়াক পূজা-সেৱা কৰে, লগতে ৰোৱনী-দাৱনীক আমন্ত্ৰণ জনাই নাম-কীৰ্তন কৰি পালন কৰে। ‘নয়া খাওৱা’ৰ বাবে আঘোণ মাহৰ শুক্ল পক্ষৰ যিকোনো এটা শুভ দিন ঠিক কৰি লয়। প্ৰথম মৰণা মৰা ধানখিনিৰ প্ৰস্তুত হোৱা চাউলহে ‘নয়া খাওৱা’ অনুষ্ঠানত ব্যৱহাৰ কৰাৰ নিয়ম। সেইদিনা বিভিন্ন দেৱ-দেৱীক পূজা-সেৱা কৰে; আই বিষহৰি, আই ভগৱতী, লক্ষ্মী দেৱী আদিৰ উপৰিও সাত পুৰুষক ন-ধানৰ আলোৱা চাউল আৰু নতুন তামোল-পাণ আদি আগবঢ়ায়। ন-ধানৰ চাউলৰ সৈতে মগুমাহ, কাণসিসা, বথুৱা (ভতুৱা) শাক, মূলাপাত, ধনিয়া পাত একেলগে দি ভাত ৰান্ধি লয়। ঘিউ বন্তি, ধূপ-ধূনা জ্বলাই তামোল-পাণ এযোৰে সৈতে কলপাতত সেই ভাত গৰুক ভৰি ধুৱাই খাবলৈ দিয়া হয়। ইয়াৰ পাছত ৰাখাল ঠাকুৰৰ নামত কলৰ দোনাত নয়া ভাত আগবঢ়ায়। সন্ধ্যা হালোৱা-ৰোৱনী, গাঁৱৰ মানুহক মাতি গৃহস্থ ঘৰত নাম-কীৰ্তন কৰি ন ন বিবিধ পাচলি, মাছ-মাংসৰে একেলগে নয়া খায়।

গোৱালপৰীয়া লোক সমাজতো নয়া ধানৰ প্ৰসাদ দিয়া আৰু নৱান্ন খোৱাৰ এটি পুৰণি পৰম্পৰা আছে। সেই উপলক্ষে নতুন খেতি চপোৱাৰ সময়ত কোনোবাই দেৱ-দেৱীৰ নামত ভৰ দিয়া, ফাৰাল পূজা পতা আৰু অঞ্চল বিশেষে ৰাজহুৱাভাৱে জাগৰ পূজা পাতে আৰু আঘোণ মাহত প্ৰত্যেক পৰিয়ালতে নতুন ধানৰ (নয়া ধানৰ) প্ৰসাদ দিয়ে। নতুন ধানৰ চাউল, চিৰা, কাৰাই, পিঠা, লাডু আদি প্ৰসাদ দিয়াৰ পাছতহে খাব পাৰে। অন্যথা লখিমী বিতুষ্ট অৰু বিষহৰিৰ কোপ-দৃষ্টি পৰিব বুলি বিশ্বাস কৰে। পূজাত হাঁহ-পাৰ উছৰ্গা কৰা হয়। দেউৰীগৰাকীয়ে পূজাৰ যাৱতীয় কামখিনি কৰে। গৃহস্থই কুলা এখনত কলপাত পাৰি সেন্দূৰৰ ফোঁট দি চাকি-ধূপ জ্বলাই লৈ আহে। দেউৰীয়ে গোহালিৰ গৰু অনুপাতে নিৰ্মালি, প্ৰসাদ, ফল-মূল আদি খুৱাবলৈ গৃহস্থক কয়; গৃহস্থই গৰুৰ ঠেং ধুৱাই ভক্তিভাৱেৰে আগবঢ়াই দিয়াৰ পাছত গৰুৱে সেই প্ৰসাদ খোৱাৰ পাছতহে উপস্থিত থকা জ্ঞাতি-কুটুমৰ সৈতে নৱান্ন বা নয়া খোৱা হয়।

এনেদৰে কৃষিজীৱী অসমীয়া লোকসমাজত কৃষিকাৰ্য সৃষ্টিক আদৰণি জনাই এক নতুন উদ্যমেৰে সকলো সম্প্ৰদায়ৰ লোকে স্বকীয় ৰীতি -নীতিৰে ন-খোৱা উৎসৱ পালন কৰি আহিছে। এই উৎসৱে লোকজীৱনত কৃষি কৰ্মৰ প্ৰতি নতুন প্ৰৰণা আৰু ন-উৎসাহৰ সৃষ্টি কৰে।

সহায়ক গ্ৰন্থপঞ্জী

১. বৰ অসমৰ বৰ্ণিল সংস্কৃতি, ড° উপেন ৰাভা হাকাচাম, বীণা লাইব্ৰেৰী, ২য় সংস্কৰণ, ছেপ্তেম্বৰ ২০১৪
২. অসমৰ সংস্কৃতি-কোষ, ড° নাৰায়ণ দাস(মুখ্য সম্পাদক), অসমীয়া বিভাগ, প্ৰাগজ্যোতিষ মহাবিদ্যালয়, প্ৰথম প্ৰকাশ, ২০০৯
৩. ভৈয়াম কাৰবি লোক-সংস্কৃতিত এভুমুকি, মুৰুলীধৰ দাস, প্ৰথম প্ৰকাশ, জুন ২০০১

❧ | আৰু পঢ়ক:- বৰষুণ কামনাৰ লোকসাংস্কৃতিক অনুষ্ঠান ‘উৰল টনা’ আৰু ‘ঢেঁকী পোতা’

ফিচাৰড্ ইমেজ: পূৰবী বৰদলৈ (ইন্সটাগ্ৰাম: on_my_plateee)

লোক-সংস্কৃতিত ন- খোৱা পৰম্পৰা | উৰ্বশী টুমুং