লো কসংস্কৃতি লোকজীৱনৰ অলিখিত পৰম্পৰাগত কাৰ্য প্ৰণালীৰ অকৃত্ৰিম আত্মপ্ৰকাশ। একোটা জাতি অথবা একোটা অঞ্চলৰ ঐতিহ্যময় জীৱন প্ৰণালীৰ সাক্ষ্য বহন কৰা লোকসংস্কৃতিত বিভিন্ন জনগোষ্ঠীয় ৰীতি-নীতি, আচাৰ-অনুষ্ঠান তথা বৈচিত্ৰ্যময় কৃষ্টি-সংস্কৃতিয়ে স্বকীয় বৈশিষ্ট্যৰে পৰিস্ফূত হৈ উজ্জ্বল মাত্ৰা প্ৰদান কৰিছে।
বৰষুণ কামনা কৰি পালন কৰা লোকসাংস্কৃতিক আচাৰ-অনুষ্ঠানে অসমীয়া লোক জীৱনত বিশেষ তাৎপৰ্যপূৰ্ণ স্থান দখল কৰি আহিছে। উদাহৰণ স্বৰূপে ‘ভেঁকুলীৰ বিয়া’, কোচ-ৰাজবংশী মহিলাসকলে পালন কৰা ‘হুদুমদেও পূজা’ আদিৰ উল্লেখ কৰিব পাৰি। সাধাৰণতে গাঁৱলীয়া কৃষিজীৱী লোক সমাজত এই অনুষ্ঠানবোৰৰ প্ৰচলন আছে। বিশেষকৈ খেতিৰ সময়ত বৰষুণ অবিহনে পানীৰ অভাৱত পথাৰত হাল মাৰি শস্য ৰোপণ ক’ৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়, সেইবাবে চহা কৃষিজীৱী লোক সমাজত বৰষুণৰ কামনাৰ্থে প্ৰকৃতিক সন্তুষ্ট কৰিবলৈ বিভিন্ন পূজা, আচাৰ-অনুষ্ঠান পালন কৰে। তেতিয়া প্ৰকৃতি সন্তুষ্ট হৈ বৰষুণৰ প্ৰবল ধাৰা পৃথিৱীৰ বুকুলৈ বোৱাই আনে বুলি লোকবিশ্বাস আছে। তেনে লোকবিশ্বাস জড়িত আচাৰানুষ্ঠান হৈছে ‘উৰাল’ বা ‘উৰল টনা’ আৰু ‘ঢেঁকী পোতা’ অনুষ্ঠান। অৱশ্যে এই অনুষ্ঠানসমূহ সম্প্ৰতি লুপ্ত হৈ পৰিছে।
আগৰ দিনবোৰত ঢেঁকী দৈনন্দিন কৰ্ম জীৱনৰ উল্লেখযোগ্য আহিলা হিচাপে পৰিগণিত হৈছিল। কাৰণ তেতিয়া ধান বানিবলৈ প্ৰধানভাৱে ঢেঁকীৰ ব্যৱহাৰ আছিল। সেয়েহে প্ৰত্যেক ঘৰতে একোটাকৈ ঢেঁকী থকাটো বাঞ্ছনীয় আছিল। ধান বনাৰ উপৰিও পিঠাগুড়ি খুন্দা, চিৰা-সান্দহ খুন্দা, মা-মচলা খুন্দা আদি কামতো ঢেঁকীৰ ব্যৱহাৰ আছিল। আজিকালি ধান বনা মেছিন, গ্ৰাইণ্ডাৰ মেছিনবোৰে ঢেঁকীৰ বহুল প্ৰয়োজনক হ্ৰাস কৰি পেলাইছে যদিও অসমীয়া সাংস্কৃতিক জনজীৱনত বিহুয়ে-তিথিয়ে, উৎসৱে-পাৰ্বণে, বিয়া-বাৰু আদি আনুষ্ঠানত মহিলাসকলে ইয়াৰ ব্যৱহাৰ কৰি আহিছে। একেদৰে উৰলো ধান বনা, মা-মচলা খুন্দা আদিৰ ক্ষেত্ৰতে ব্যৱহৃত এটি প্ৰয়োজনীয় আহিলা। এই দুয়োবিধ আহিলাকে বৰষুণৰ প্ৰতীক হিচাপে অনেকে গণ্য কৰে আৰু ইয়াৰ জৰিয়তে প্ৰকৃতিক সন্তুষ্ট কৰিবলৈ প্ৰয়াস কৰে।
ঢেঁকী পোতা আৰু উৰল টনা— এই দুটা অনুষ্ঠান মূলতঃ জনগোষ্ঠীয় লোকসকলৰ মাজত পৰিলক্ষিত হয়। কোনো কোনো গাঁৱত এই অনুষ্ঠানত পুৰুষৰ দল আৰু মহিলাৰ দল বেলেগ বেলেগকৈ থাকে। খৰাং বতৰত বৰষুণ কামনা কৰি ৰাতি ভাত খাই-বৈ গৃহস্থ টোপনি যোৱাৰ পিছত এই কাৰ্য কৰে। সাধাৰণতে উৰল টনা অনুষ্ঠানত মহিলাসকলে অংশ লয়। কেইগৰাকীমান মহিলা-যুৱতী লগ হৈ গাঁৱৰ প্ৰত্যেক ঘৰতে গীত গায়। এই অনুষ্ঠানত কোৰৰ ব্যৱহাৰ আছে। গীত জোৰাৰ লগে লগে কোৰেৰে গৃহস্থৰ চোতাল বখলা-বখলে খান্দিবলৈ ধৰে। দলটিৰ দুগৰাকী প্ৰধানে মাজ চোতালত গাঁত এটি খান্দি লয়। তামোলৰ ঢকুৱা এখনৰ মাজত অকণমান ফুটা কৰি এডাল ঘৰ সৰা বাঢ়নীৰ আগত জোখমতে বাঁহৰ সৰু টুকুৰা এটি বান্ধি দি ঢকুৱাখনৰ সেই ফুটাটোৰ মাজেৰে পাৰ কৰি খান্দি থোৱা গাঁতটিত বাঢ়নীৰ সৈতে স্থাপন কৰে। ঢকুৱাখনৰ দুই ফালে মূৰত দুগৰাকীয়ে ভৰিৰে গচকি থাকে। অন্য এগৰাকীয়ে বাঢ়নীডাল টানিবলৈ ধৰে। বাঢ়নীডাল বাঁহৰ টুকুৰাটিত লাগি থকাত সম্পূৰ্ণকৈ ওলাই আহিব নোৱাৰে। সেই সময়তে আন এগৰাকী মহিলাই গীত গাই গাই পানী আনি সেই গাঁতটিত ঢালি দিয়ে আৰু বাাঢ়নী টানি থকা মহিলাগৰাকীৰ ওপৰতো পানী ঢালি দিয়াত মহিলাগৰাকী তিতি জুৰুলি-জুপুৰি হয়। পানী পৰাত আৰু বাঢ়নীডাল টানি থকাত ভেঁকুলীৰ মাতৰ দৰে শব্দৰ সৃষ্টি হয়। এইখিনি সময়তে দুগুণ উৎসাহেৰে গীত গাই গাই গোটেই চোতালখন খান্দি পেলায়। এইদৰে গাঁৱৰ প্ৰতিঘৰতে কোৰেৰে চোতালৰ মাটি খান্দি এঘৰৰ নঙলা-জপনা-জেওৰা আদি অন্য এঘৰৰ সৈতে সলনা-সলনি কৰে। গৃহস্থৰ ঘৰত থকা ফল-মূল— তিয়ঁহ, বাঙি, মধুৰিয়াম, কঁঠাল আদি খাই আনন্দ কৰি গোটেই নিশাটো আনুষ্ঠান কৰে। এই অনুষ্ঠান প্ৰথম অৱস্থাত উৰলৰ ব্যৱহাৰ কৰিয়ে কৰা হৈছিল যদিও ইঘৰৰ পৰা সিঘৰলৈ লৈ ফুৰাবৰ অসুবিধাৰ বাবে ঢকুৱা আৰু বাঢ়নীৰে পাছলৈ কৰিবলৈ ধৰে।
পুৱা গৃহস্থ উঠি ঘৰৰ নঙলা-জপনা ঠিক মতে নোপোৱাত আৰু চোতালখন বখলা-বখলিকৈ খন্দাত উৰল টনা দলটিক নানান গালি-গলাজ পাৰে। গাঁৱৰ প্ৰতিঘৰৰে গালি-শপনিত বৰুণ দেৱতাই উৰল টনা দলটিৰ ওপৰত সন্তুষ্ট হৈ দুই তিনি দিনৰ ভিতৰতে বৰষুণ দিয়ে বুলি প্ৰবল জনবিশ্বাস আছে।
ঢেঁকী পোতা আনুষ্ঠানত নিশা ঢেঁকী চুৰ কৰি আনি পথাৰ, খাল, দোং, পুখুৰী আদিত পুতি থয়। বিশেষকৈ পূবা-পশ্চিমাকৈ পতা ঢেঁকীহে চুৰি কৰি পোতাৰ নিয়ম যদিও ঠাই বিশেষে সুবিধা অনুযায়ী গৃহস্থই গম নোপোৱাকৈ যিটো ঢেঁকী সহজতে উলিয়াব পাৰি, সেই ঢেঁকীয়ে চুৰ কৰি পোতে। বৰষুণৰ প্ৰতীক হিচাপে ঢেঁকীটো নি ফুলৰ মালা এডাল পিন্ধাই পূব মুৱাকৈ বোকাৰে লুতুৰি-পুতুৰি কৰি থয়। ঢেঁকী পোতাৰ ক্ষেত্ৰতো দুই বা তিনিদিনৰ ভিতৰতে বৰষুণ হয় বুলি লোকবিশ্বাস আছে। এই অনুষ্ঠানত মহিলা আৰু পুৰুষৰ দল বেলেগ বেলেগকৈ থাকে। কোনো কোনো অঞ্চলৰ মহিলা দলৰ প্ৰধানগৰাকীয়ে বিবস্ত্ৰা হৈ এইখিনি কাৰ্য সমাপন কৰে। ইয়াৰ লগত পশ্চিম গোৱালপাৰা অঞ্চলত প্ৰচলিত হুদুমদেও পূজাৰ কিছু সাদৃশ্য আছে। ঢেঁকী চুৰ কৰাৰ বাবে কেতিয়াবা গৃহস্থৰ অকথ্য গালি-গলাজ খাব লগা হয় আৰু হাস্যৰসাত্মক ঘটনাৰো সন্মুখীন হ’বলগীয়া হয়। খৰাং বতৰৰ দিনবোৰত কেতিয়াবা ঢেঁকীৰ ফিচাত গৃহস্থই মূৰ থৈ শুই থাকি পহৰা দিয়ে। সিদিনা ঢেঁকী চুৰ কৰিবলৈ গৈ এন্ধাৰত ঢেঁকী বুলি পহৰা দিয়া ব্যক্তিগৰাকীক দাঙিবলৈ লওঁতেই ধৰা পৰি যায়। তেতিয়া লৰি-ধাপৰি ঢেঁকী চুৰ কৰা দলটিয়ে অইন ঘৰত চেষ্টা কৰে। কোনো কোনো অঞ্চলত উৰল টনা আৰু ঢেঁকী পোতা একেনিশাই কৰে। এফালে উৰল টনাৰ বাবে চোতালত থকা সময়তে তিনি-চাৰিজনে লগ হৈ গৃহস্থই গম নোপোৱাকৈ ঢেঁকীটোও চুৰ কৰি নিয়ে।
❧। আৰু পঢ়ক: ভৈয়ামৰ কাৰ্বি সমাজৰ দেহাল পূজা
কৃষিজীৱী লোকসমাজত আজিও দৃষ্টিগোচৰ নোহোৱা কিছুমান আচাৰ-অনুষ্ঠান আছে। ইয়াৰে কিছুমান শিষ্ট সংস্কৃতিৰ প্ৰতি ধাৱিত হৈ পৰিৱৰ্তনৰ পথত অগ্ৰসৰ হৈ পৰিছে আৰু আন কিছুমান সময়ৰ লগে লগে বিলুপ্ত হৈ পৰিছে। অদ্যাপি আন্ধাৰতে থকা তেনে ধৰণৰ আচাৰ-অনুষ্ঠানবোৰ উদ্ধাৰ কৰিব পাৰিলে লোকসংস্কৃতিৰ ভঁৰাল চহকী আৰু পৰিব্যাপ্ত হ’ব বুলি আশা কৰিব পাৰি।
ছবি লেখকৰ সৌজন্যত।
Follow Nilacharai on Facebook