পুষণা: গোৱালপাৰা অঞ্চলৰ মাঘ বিহু উৎসৱ

পুষণা: গোৱালপাৰা অঞ্চলৰ মাঘ বিহু উৎসৱ
  • 02 Feb, 2022

মাহৰণৰ উৎসৱ ‘বিহু’ প্ৰতিজন অসমীয়াৰ বুকুৰ কুটুম। জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোৱে অংশগ্ৰহণ কৰা এই উৎসৱৰ পৰম্পৰা অতি প্ৰাচীন। অথৰ্ব বেদ তথা ঐতৰেয় ব্ৰাহ্মণত থকা উল্লেখ অনুসৰি ‘বিষুৱণ’ যাগ-যজ্ঞ সম্পাদন কৰা এটা পৱিত্ৰ দিন। এই ‘বিষুৱণ’ শব্দৰ পৰাই ‘বিহু’ শব্দৰ উৎপত্তি বুলি পণ্ডিতসকলে ঠাৱৰ কৰিছে।

অসমৰ আন আন ঠাইত পালন কৰা বিহু উৎসৱৰ লগত গোৱালপাৰা (অবিভক্ত) জিলাত পালন কৰা বিহু উৎসৱৰ এক পাৰ্থক্য অনুভূত হয়। আন আন অঞ্চলত চ’ত-ব’হাগ, আহিন-কাতি আৰু আঘোণ-পুহৰ সংক্ৰান্তিৰ দিনকেইটাক যথাক্ৰমে ব’হাগ বিহু, কাতি বিহু, মাঘ বিহু নামেৰে নামকৰণ কৰি এক উৎসৱচক্ৰৰ ভিতৰুৱা কৰি লোৱা হয়। ইয়াৰ পৰিৱৰ্তে অবিভক্ত গোৱালপাৰা জিলাত ইয়াক ক্ৰমে ‘বিষুৱা’ বা ‘বেষমা’ বা ‘বেষোমা’ বোলা হয়। সেইদৰে পুহ-মাঘৰ সংক্ৰান্তিৰ দিনটো পশ্চিম খণ্ডত ‘পুষণা’, মধ্য খণ্ডত ‘দামাছী’ আৰু পূব খণ্ডত ‘মাঘৰ দোমাহী’ নামেৰে জনাজাত।

অবিভক্ত গোৱালপাৰা জিলাৰ মধ্য আৰু পশ্চিম অঞ্চলৰ বিহুৰ লগতো অসমৰ অন্যান্য অঞ্চলৰ বিহুৰ কিছু প্ৰভেদ পৰিলক্ষিত হয়। এই অঞ্চলত গো-কেন্দ্ৰিক আচাৰাদি ব’হাগ বিহুৰ পৰিৱৰ্তে পুষনা বা দোমাসীৰ অন্তৰ্গত।১ গো-কেন্দ্ৰিক আচাৰসমূহৰ ভিতৰত আছে গৰুক গা-ধুওৱা, খুৰা আৰু শিঙত তেল ঘঁহা, মালা পিন্ধোৱা আৰু গৰুৰ গাত চিত্ৰ-বিচিত্ৰ চাব দিয়া। গৰুৰ গাত চিত্ৰ-বিচিত্ৰ চাব দিয়া আৰু ফোট দিয়া অনুষ্ঠানটোক ‘গৰু চিতিওৱা’ বুলি কোৱা হয়।২ এই চাব বাঁহৰ চুঙাৰে দিয়া হয়। ৰং হিচাপে বহুতে মেজি পোৰা ছাই ব্যৱহাৰ কৰে যদিও প্ৰকৃততে ইকৰাৰ পৰা উলিওৱা ঘেঁসুলী, পানীলাউৰ কোমল পাত আৰু তেল মিহলাই এই ৰং প্ৰস্তুত কৰা হয়। কিছু কিছু অঞ্চলত পিঠাগুৰি আৰু সৰিয়হৰ ফুলেৰে এই ৰং প্ৰস্তুত কৰে। গৰুৰ গাত ফোঁট দিয়াৰ উপৰি বৰঘৰতো দিয়ে আৰু মানুহেও ফোঁট পিন্ধে।

মেজিৰ ছবি পুষণা-মাঘবিহু-গোৱালপাৰা

মেজি | অংকন: দোকমোকালি গোস্বামী (৮ বছৰ)

গোৱালপাৰাৰ বিহুৰ আন এটা অপৰিহাৰ্য অঙ্গ হ’ল ‘ধুনি’ প্ৰজ্জ্বলন। ই সমূহীয়া অনুষ্ঠান। প্ৰতিখন গাঁৱৰ প্ৰতিখন সমাজেই সুকীয়াকৈ ধুনি জ্বলায়। সংক্ৰান্তিৰ আগদিনা ৰাতি গাঁৱৰ মুৰব্বীজনে স্নান কৰি উঠি এই ধুনি জ্বলায় আৰু গোটেই ৰাতি গাঁৱৰ ৰাইজে ধুনিৰ ওচৰত বহি নাম-কীৰ্তন কৰে। ৰাতিপুৱা গা-পা ধুই গাঁৱে গাঁৱে কীৰ্তন কৰে। ই তিনি-চাৰি দিন পৰ্যন্ত চলে। শেষৰ দিনা ঘৰে ঘৰে ‘ঠগী’(চিৰা, মাহ-কড়াই আদি) তোলে। ধুনিৰ ওচৰতে গাঁৱৰ পঞ্চায়ত বহে। ঠগী তোলাৰ আগদিনা গাঁৱৰ বিভিন্ন দিশ ইয়াত পৰ্যালোচনা কৰা হয়। কোনোবাই পঞ্চায়তৰ নিয়ম অমান্য কৰিলে পাছদিনা তেওঁৰ ঠগী গ্ৰহণ কৰা নহয়।

লোকবিশ্বাস মতে, উত্তৰায়ণত ভীষ্মই শৰ-শয্যাত দেহ-ত্যাগ কৰাৰ সময়ত খৰি দিয়াৰ স্মৃতি সুঁৱৰি এই ধুনি পোৰা হয়। কিন্তু লোক-পৰম্পৰাৰ লগত ইয়াৰ মিল দেখা নাযায়। আদিম যুগত শীতৰ প্ৰকোপ বেছি থকাৰ সময়ত চিকাৰ কৰি পোৱা বস্তুৰে জুইৰ ওচৰত বহি আনন্দ মনেৰে নাচ-গান কৰি যি ভোজ খাইছিল, তাৰে প্ৰতীকী ৰূপো হ’ব পাৰে।৩

মেজি, ভেলাঘৰ, পিঠা-কড়াই, ভোজ-ভাতেৰে এই বিহু ভোগৰ বিহু হোৱাৰ লগতে কিছু পৰিমাণে ৰঙালীও হয়। কাৰণ এই সময়ত মানুহৰ ভঁৰাল পূৰ হৈ থাকে, অভাৱ-অনাটন নাথাকে। পৰম্পৰা আৰু পৰিৱৰ্তনৰ ৰীতি মানি আজিও ই চলি আহি আছে।

❧ | আৰু পঢ়ক: উজনি আৰু পশ্চিম অসমৰ বিয়ানাম: এক আলোকপাত

তথ্যসূত্ৰ:
১. প্ৰফুল্লদত্ত গোস্বামী (সম্পা.), ব’হাগ বিহুৰ বাৰেবৰণীয়া ছবি
২. বইটামাৰী অঞ্চলৰ দ্বিজেন নাথৰ বৰ্ণনা অনুসৰি
৩. ধুনি সম্পৰ্কীয় আটাইখিনি কথা ১৯৯২ চনত বইটামাৰী অঞ্চলৰ ধীৰেন নাথ আৰু দ্বিজেন নাথৰ পৰা সংগ্ৰহ কৰা হৈছিল

ফিচাৰড ইমেজ: নিকিতা বৰা আৰু উইকিমেডিয়া কমন্স

❧ | আৰু পঢ়ক: লালিলাং গীতৰ বিশেষ উল্লেখেৰে ডিমৰীয়া অঞ্চলৰ মাঘ বিহুৰ পৰম্পৰা সম্পৰ্কে কিঞ্চিৎ

পুষণা: গোৱালপাৰা অঞ্চলৰ মাঘ বিহু উৎসৱ | ড° ৰীতা শৰ্মা

Follow Nilacharai on Facebook