অ সমত বৈষ্ণৱ ধৰ্মৰ অবিনাশী বীজ কেনেকৈ ৰোপণ হৈছিল, সেই বিষয়ে সঠিককৈ কোৱা টান। প্ৰাচীন কালৰে পৰা অসমত প্ৰচলিত বিষ্ণু পূজাৰ সাক্ষ্য বহন কৰি আহিছে অসমৰ বিভিন্ন স্থানত পোৱা অসংখ্য বিষ্ণুমূৰ্তি আৰু বাসুদেৱ মূৰ্তিসমূহে। অসমৰ পটভূমিত ৰচিত প্ৰাচীন তথা প্ৰসিদ্ধ গ্ৰন্থ কালিকাপুৰাণ আৰু যোগিনীতন্ত্ৰয়ো অসমৰ বিষ্ণুপূজাৰ প্ৰাচীনতাক সমৰ্থন আগবঢ়ায়। কালিকাপুৰাণত বিষ্ণুৰ প্ৰাধান্য মন কৰিবলগীয়া। কেইবাটাও অধ্যায়ত ভগৱান শ্ৰীবিষ্ণু আৰু বৰাহ অৱতাৰৰ মহত্ত্ব বৰ্ণন কৰাৰ উপৰিও এই পুৰাণৰ অষ্টাশীতিতম অধ্যায়ত বিষ্ণু যজ্ঞৰ এক বহল বিধি বৰ্ণিত হৈছে। কালিকাপুৰাণে দেৱীক স্তুতি কৰোঁতে ‘বিষ্ণুমায়া’ বুলি কোৱাটোও যথেষ্ট তাৎপৰ্যপূৰ্ণ (তত্ৰ-তত্ৰ জগদ্ধাত্ৰীং বিষ্ণুমায়া জগন্ময়ীম, ৫/১৪; ততঃ প্ৰত্যক্ষতো দৃষ্টবা বিষ্ণুমায়াং জগন্ময়ীম, ৮/৮)। এনেবোৰ কাৰণতে বহু সূক্ষ্মদৰ্শী লোকে কালিকাপুৰাণক বৈষ্ণৱ-শাস্ত্ৰ বুলিবৰ অৱকাশ পায়। কালিকাপুৰাণত থকা এই বিষ্ণুপ্ৰাধান্যৰ সম্ভাৱ্য কাৰণ সম্পৰ্কে সাহিত্যাচাৰ্য ড° হৰিনাথ শৰ্মাদলৈয়ে অনুমান কৰিছে, “কালিকাপুৰাণৰ ৰচকজন খুব সম্ভৱ শক্তিপূজা আৰু শক্তি সাধনৰ বিভিন্ন তাত্ত্বিক দিশৰ বিশেষজ্ঞ, অথচ বৈষ্ণৱ ভাৱাপন্ন কোনোবা ব্ৰাহ্মণ পণ্ডিত আছিল।”
কালিকাপুৰাণৰ দৰে যোগিনীতন্ত্ৰয়ো বিষ্ণুপূজাৰ প্ৰতি সমৰ্থন আগবঢ়ায়। পূৰ্ণৰূপত এখন শাক্ত-তন্ত্ৰ হোৱা সত্বেও ইয়াৰ ভিতৰত পাণ্ডুনাথ বিষ্ণুৰ পূজা বিধি (২/৫/৩০), কল্কিৰূপী জনাৰ্দনৰ অৱস্থিতি (২/৩/৩০), চন্দ্ৰকূট-শৈলত মাধৱ আৰু জনাৰ্দনৰ অৱস্থিতি (২/৩/৬) আদি ভালেমান হৰিকথাৰ সম্ভেদ পোৱা যায়। তন্ত্ৰশাস্ত্ৰখনিৰ কেইবাঠাইতো (২/৬/২২, ২৩; ২/৩/২১, ৫১ আদি) ইপ্সিত হিচাপে বিষ্ণুলোক প্ৰাপ্তিৰ কথা কোৱা হৈছে। তদুপৰি যোগিনীতন্ত্ৰৰ উত্তৰখণ্ডৰ নৱম পটলৰ শেষৰফালে মহাবিষ্ণুৰ হয়গ্ৰীৱ-মাধৱ ৰূপৰ পূজাৰ এক বহল বিধান উপলব্ধ। শাক্ত-তন্ত্ৰ এখনত এই ধৰণৰ বিষ্ণু-মহাত্ম্য-প্ৰকাশ হোৱা কথাবিলাকে প্ৰাচীন অসমত বিষ্ণু-ভক্তিৰ কথা নিশ্চিতভাৱে স্পষ্ট কৰি তোলে।
ইতিহাসে ঢুকি নোপোৱা কালতে অসমত আৰম্ভ হোৱা বিষ্ণুভক্তিৰ ধাৰাই বা বৈষ্ণৱ সাধনাই ভাৱঘন বিস্তৃতি লাভ কৰে মহাপুৰুষ শঙ্কৰদেৱ, মাধৱদেৱ আৰু দেৱদামোদৰৰ হাতত আৰু এওঁলোকৰ স্পৰ্শতে প্ৰাণ পায় উঠে অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ ধাৰাই। এই নৱৱৈষ্ণৱ ধৰ্ম মতৰ অন্যতম অৱদান হ’ল সত্ৰ ব্যৱস্থা।
অসমৰ প্ৰেক্ষাপটত বৈষ্ণৱ অনুষ্ঠান বা প্ৰতিষ্ঠানক সুচোৱাৰ ক্ষেত্ৰত ‘সত্ৰ’ শব্দটোৰ প্ৰয়োগ হোৱা দেখা যায়। সংস্কৃত ‘সত্ৰ’ শব্দটোৰ অৰ্থ হৈছে দীৰ্ঘকালীন যজ্ঞ। এই অৰ্থটোৰ লগত সংগতি ৰাখিয়ে অসমীয়া ভাষাত নৱ-বৈষ্ণৱ অনুষ্ঠানক ‘সত্ৰ’ বোলা হৈছে বুলি ড° নবীন চন্দ্ৰ শৰ্মা, ড° নাৰায়ণ দাসকে প্ৰমুখ্য কৰি বহুজন গৱেষক-পণ্ডিতে ক’ব খোজে। বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্যই তেওঁৰ ‘শৰণমালিতা’ গ্ৰন্থত সত্ৰ সম্পৰ্কে যিটো সূত্ৰ আগবঢ়াইছে, সেইটোৱেই সত্ৰ সম্পৰ্কে প্ৰাচীনতম সংজ্ঞা—
“যত্ৰাচৰন্তি সদ্ধমাৰ্ন কেৱলা ভগৱত প্ৰিয়াঃ, নৱধা ভগৱদ্ভক্তিঃ প্ৰত্যহং যত্ৰৱৰ্ততে। তৎ সত্ৰমুত্তমং ক্ষেত্ৰং বৈষ্ণৱং সুৰ-বন্দিতম্, তত্ৰস্থা বৈষ্ণৱাঃ সৰ্বে হৰি নাম পৰায়ণঃ॥”
অৰ্থাৎ, সত্ৰ হৈছে ভগৱৎ প্ৰিয়সকলে য’ত সৎধৰ্ম আচৰণ কৰে, সেই উত্তম ক্ষেত্ৰত বৈষ্ণৱ আৰু দেৱতাসকল বন্দিত হয়। তাত থকা বৈষ্ণৱসকল সদায় হৰিনামপৰায়ণ।
আউনীআটি সত্ৰৰ বুৰঞ্জী প্ৰণেতা তীৰ্থনাথ শৰ্মাদেৱে সত্ৰৰ সংজ্ঞা এনেদৰে দাঙি ধৰিছে, “মুঠ কথাত, অসমীয়া বৈষ্ণৱ ধৰ্মৰ দেৱ, গুৰু, নাম আৰু ভকত— এই চাৰি মহাবস্তুৰ মহিমাময় একত্ৰ অৱস্থানেই সত্ৰ।” জয়জয়তে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে সত্ৰানুষ্ঠানৰ লাইখুঁটা পুতিছিল যদিও পৰৱৰ্তী কালত মহাপুৰুষ দামোদৰদেৱৰ হাতত ই পূৰ্ণ পৰ্যায়ৰ আদৰ্শনীয় ৰূপ পৰিগ্ৰহ কৰাৰ সুযোগ পায়। সকলো ফালৰ পৰা পাছৰ পূৰ্ণ পৰ্যায়ৰ সত্ৰৰ পূৰ্বৰূপ মহাপুৰুষ দামোদৰদেৱৰ দ্বাৰা প্ৰতিষ্ঠিত পাটবাউসীতে প্ৰথম দেখা যায়। ৰামৰায়ৰ মতে, শঙ্কৰদেৱেও সত্ৰৰ সেই ৰূপ দেখি পৰম আনন্দিত হৈছিল (দামোদৰে সেহিস্থানে সত্ৰ বান্ধিলন্ত, শঙ্কৰেও দেখি মহা আনন্দ লভিলা— গুৰুলীলা, পদ ২১০)। তদুপৰি, লক্ষ্মীনাথ বেজবৰুৱাৰ ‘শ্ৰীশ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱ’ গ্ৰন্থত নাৰায়ণ ঠাকুৰৰ দ্বাৰা দৃষ্ট সপোন এটাৰ বৰ্ণনা দিয়াৰ প্ৰসংগত মহাপুৰুষ মাধৱদেৱক এনেদৰে কৈছে, “সখি, দামোদৰদেৱে কেনেকৈ সকলোৰে দৰ্শনীয় কৰি নামঘৰ-মণিকূট আদি সজাই ধৰ্মৰ দোকান জ্বলাই চাৰিউফালৰ পৰা সকলোকে আকৰ্ষণ কৰি আনিছে; আৰু আপোনাৰ থান-থিতি একো নাই। আপুনি হাটীবাটী, নামঘৰ, মণিকূট সজাই লৈ ভালকৈ বহক, সেৱকসকলৰ সৈতে ধৰ্মৰ বিচাৰ আলোচনা কৰক, এনে কৰিলে দেখিব দশোদিশৰ পৰা লোকসকল আপোনাৰ ওচৰলৈ ধৰ্মক ধৰিবলৈ আহিব; মই চাৰিউফালৰ পৰা লোকসকলক গোটাই আনি আপোনাৰ ওচৰ পোৱাই দিম। আপুনি বহি সেইসকলক ধৰ্ম দি ধৰ্ম প্ৰচাৰ কৰিব।” (পৃষ্ঠা-১৩৮)।
নাৰায়ণ ঠাকুৰৰ পৰামৰ্শ অনুসৰি মহাপুৰুষ মাধৱদেৱে মাধৱ মৰলক মাতি আনি নামঘৰ, মণিকূট, হাটী-বাটী আদি নিৰ্মাণ কৰিবলৈ নিৰ্দেশ দিয়ে। মাধৱ মৰলে সেই নিৰ্দেশ পালন কৰিলে আৰু মহাপুৰুষ মাধৱদেৱে শুভ ক্ষণ আৰু শুভ তিথিত তাত প্ৰৱেশ কৰে আৰু নামঘৰত ভাগৱত শাস্ত্ৰ প্ৰতিষ্ঠা কৰে।
ওপৰৰ কথাখিনিৰ পৰা আমি সিদ্ধান্তত উপনীত হ’ব পাৰোঁ যে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে সিঁচা সত্ৰৰ বীজ পত্ৰে-পুষ্পে বিকশিত হৈ মহাপুৰুষ দেৱদামোদৰৰ হাততে আদৰ্শনীয় ৰূপ পৰিগ্ৰহ কৰে। এনেবোৰ দিশৰ পৰা বিচাৰ কৰিয়ে ড° নবীন চন্দ্ৰ শৰ্মাদেৱে দামোদৰ দেৱক ‘পূৰ্ণ অৱয়ব বিশিষ্ট প্ৰকৃত সত্ৰৰ জন্মদাতা’ বুলিছে।
‘কৃষ্ণস্তু ভগৱান স্বয়ম’ৰ শ্ৰেষ্ঠত্ব প্ৰতিপাদনৰ উদ্দেশ্যেই শঙ্কৰদেৱ, মাধৱদেৱ, দামোদৰদেৱ, হৰিদেৱ, গোপালদেৱ, বংশীগোপালদেৱ, ভট্টদেৱ আদি সন্তসকলে সত্ৰানুষ্ঠানৰ মাধ্যমেৰে নৱবিধা ভক্তিক প্ৰচাৰ কৰিছিল। শঙ্কৰদেৱৰ তিৰোধানৰ পাছত অসমৰ নৱবৈষ্ণৱ সম্প্ৰদায়— ব্ৰহ্ম, কাল, নিকা আৰু পুৰুষ— এই চাৰিটা সংহতিত বিভক্ত হৈ পৰে। এই সংহতি কৃত্ৰিম আৰু ভেদভাৱৰ পৰা উদ্ভৱ হোৱা বুলি ড° মহেশ্বৰ নেওগে তেখেতৰ ‘শ্ৰীশ্ৰীশঙ্কৰদেৱ’ গ্ৰন্থত উল্লেখ কৰিছে (পৃঃ-১৪৯)।
সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ‘শ্ৰীশ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱ’ গ্ৰন্থোক্ত বৰ্ণনা অনুসৰি মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ প্ৰথম মাহেকীয়া শ্ৰাদ্ধত মাধৱদেৱৰ নিমন্ত্ৰণ পায় ব্ৰাহ্মণ, সজ্জন, ভক্ত, সেৱক সকলো আহিল, কিন্তু দামোদৰদেৱ নাহি বহু দ্ৰব্যবস্তু নাৱত ভৰাই দি পঠিয়াই দিলে। মাধৱদেৱে দামোদৰদেৱ নহা দেখি সোধাই পঠিয়ালত দামোদৰদেৱে ক’লে, “মাধৱদেৱ যেনেকৈ শঙ্কৰদেৱৰ বাক্যত ধৰ্মাধিকাৰ, ময়ো তেনে। সেই দেখি মই তেওঁৰ নিমন্ত্ৰণত শ্ৰাদ্ধলৈ নগৈ শ্ৰাদ্ধৰ নিমিত্তে দ্ৰব্যবস্তু নাৱত ভৰাই দি পঠিয়াই দিলো।” এই উত্তৰ শুনি ৰামানন্দ ঠাকুৰদেৱে ক্ৰোধ কৰি দামোদৰদেৱে পঠিওৱা বস্তুবোৰ মাধৱদেৱৰ আজ্ঞা লৈ নৈত বুৰাই দিলে। সেইদিনৰে পৰা দামোদৰদেৱ এৰা পৰি মহাপুৰুষীয়া সম্প্ৰদায়ত বিভেদ হয় আৰু এই দামোদৰদেৱেই ব্ৰহ্ম সংহতিৰ আৰম্ভণি কৰে।
মন কৰিবলগীয়া কথাটো হ’ল, মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে তেওঁ জীৱিত থকা কালত দামোদৰদেৱৰ বাহিৰে আন কাকো শৰণ দিবলৈ বা শিষ্য ভজিবলৈ আজ্ঞা দিয়া নাছিল। মাধৱদেৱকো প্ৰয়াণ কালতহে সেই বাব দি গৈছিল। কিন্তু মহাপুৰুষজনা পাটবাউসীত থকা কালতে দেৱদামোদৰৰ নিষ্ঠা, কৰ্তব্যৰতি আৰু শুদ্ধ-সত্ত্ব জীৱনৰ প্ৰতি শ্ৰদ্ধাশীল হৈ শঙ্কৰদেৱে দামোদৰদেৱক আজ্ঞা কৰিছিল—
ব্ৰাহ্মণ সজ্জনলোক যতেক আছয়।
ভজায়ো সবাকে তুমি নাহিকে সংশয়॥ (নীলকণ্ঠ, ২৭১)
মহাপুৰুষ দামোদৰদেৱ, হৰিদেৱ অথবা তেওঁলোকৰ শিষ্যসকলৰ দ্বাৰা প্ৰৱৰ্তিত সত্ৰসমূহেই ব্ৰহ্ম সংহতিৰ সত্ৰ স্বৰূপে পৰচিত। ব্ৰহ্ম সংহতি সম্পৰ্কে ড° মহেশ্বৰ নেওগে মণিৰাম দেৱানৰ ‘বুৰঞ্জী বিবেক ৰত্ন’ৰ পৰা উল্লেখ কৰিছে— “বৈদিক আচাৰ-কৰ্ম, নামধৰ্ম দুটিতে সমানে বিশ্বাস ৰাখি হ’ল ব্ৰহ্ম সংহতি— উজনি অসমৰ চাৰিসত্ৰীয়া সকল।” কোনো কোনো পণ্ডিতৰ মতে ব্ৰহ্ম সংহতিত নাম বা শৰণ নিদিয়ে, দীক্ষা বা ভাগৱতোক্ত মন্ত্ৰ গ্ৰহণ পদ্ধতিৰে কৃষ্ণমন্ত্ৰ দান কৰে। ভক্ত, ভাগৱত, গুৰু আৰু মূৰ্তি— এই চাৰিবস্তুৰ প্ৰাধান্য ব্ৰহ্ম সংহতিত স্পষ্ট।
ব্ৰহ্ম সংহতিৰ সত্ৰসমূহত পঞ্চদেৱতা (আদিত্য, গণেশ, দুৰ্গা, শিৱ আৰু বিষ্ণু) পূজা আৰু বেদোক্ত কৰ্মাদিৰ স্থান লক্ষণীয়। বিষ্ণুৰ চিন্ময় মূৰ্তি ৰূপে শালগ্ৰাম পূজা কৰা দামোদৰ গুৰুৱে বিধিসন্মত বুলি গণ্য কৰিছিল আৰু তেৰাই নিজেও শালগ্ৰাম পূজা কৰিছিল। মূৰ্তি পূজাৰ ব্যৱস্থাও তেওঁৰ ধৰ্মনীতিৰ বিৰুদ্ধ নাছিল। সেয়েহে ব্ৰহ্ম সংহতিৰ সত্ৰসমূহত মহাপ্ৰভুৰ বিগ্ৰহ বেদীত প্ৰতিষ্ঠা কৰা হয়। নিজে এজন নৈষ্ঠিক ব্ৰাহ্মণ হিচাপে বৈদিক ৰীতি-নীতি বাহাল ৰখাটো অপৰিহাৰ্য কৰ্তব্য বুলি বিবেচনা কৰিছিল। গতিকে পৰীক্ষিত নাৰায়ণৰ ৰাজসভালৈ ৰাওনা হোৱাৰ আগেয়ে তেওঁৰ প্ৰপন্ন শিষ্য ভট্টদেৱক উপদেশ দিয়াৰ বিষয়ে ৰামৰায়ে গুৰুলীলাত উল্লেখ কৰিছে—
“ব্ৰাহ্মণৰ নিত্য নৈমিত্তিক নেৰুৱাবা।
আপুনিও স্নান সন্ধ্যা পূজা আছাৰিবা॥”
ব্ৰহ্ম সংহতিৰ সত্ৰসমূহত নিত্যপ্ৰসংগ স্বৰূপে দ্বাদশ প্ৰসংগৰ পৰিক্ৰমা আজিও আউনীআটি, দক্ষিণপাট আদি সত্ৰত সমাপন কৰা হয়। মহাপুৰুষ দামোদৰদেৱে ৰজা পৰীক্ষিত নাৰায়ণৰ ৰাজসভালৈ যাবলৈ ওলোৱা সময়ত তেওঁৰ ভক্তসকলক উপদেশ দি কৈছিল—
“তিনিগুটি প্ৰসংগ কৰিবা সতত।
দ্বাদশ প্ৰসংগ আছে তাৰ অন্তৰ্গত॥
একাদশী সংক্ৰান্তিত ষোড়শ প্ৰসংগ।
কিন্তু অন্যে অন্যে প্ৰীতি নকৰিবা ভংগ॥”
(ৰামৰায়, গুৰুলীলা, পদ – ৩৪৪-৩৪৫)
প্ৰত্যহ প্ৰধান তিনিটা প্ৰসঙ্গ ৰাতিপুৱা, আবেলি আৰু গধূলি কৰা হৈছিল। প্ৰত্যেক প্ৰসংগকে আকৌ চাৰিটা ভাগত বিভক্ত কৰি মুঠ দ্বাদশ প্ৰসংগ কৰাৰ ব্যৱস্থা আছে। একাদশী তিথিত আৰু সংক্ৰান্তিত ষোল্লটা প্ৰসংগ কৰাৰ বিধান দামোদৰদেৱে দিছে। স্বনামধন্য বুৰঞ্জীবিদ বেণুধৰ শৰ্মাদেৱৰ ‘দক্ষিণপাট সত্ৰৰ বুৰঞ্জী’ শীৰ্ষক গ্ৰন্থখনিত উল্লেখ থকা অনুসৰি ব্ৰহ্মসংহতিৰ এখনি অন্যতম প্ৰধান সত্ৰ শ্ৰীশ্ৰীদক্ষিণপাট সত্ৰত এই দ্বাদশ প্ৰসংগৰ পৰিক্ৰমা এনেধৰণৰ—
“১/ জয়ে জয়ে ভোৰ (ভোট) তালেৰে বহি গোৱা নাম
২/ ৰামতাল-কৰতালেৰে গোৱা বৰাগী নাম, তাকে বৃন্দাৱনীয়া নামো বোলে
৩/ ভাগৱত কোৱা
৪/ পদপাঠ
৫/ গায়ন-বায়নে গোৱা নাম
৬/ পালনাম
৭/ ভোৰ তালেৰে বহি গোৱা নাম
৮/ বিয়লিৰ ভাগৱত কোৱা
৯/ পদপাঠ
১০/ সন্ধ্যা ভোৰতালেৰে বহি গোৱা নাম
১১/ পদ পাঠ
১২/ ওজা-কীৰ্তনীয়াৰ কীৰ্তন।”
❧। আৰু পঢ়ক: খটৰা সত্ৰৰ ঐতিহ্য আৰু পৰম্পৰা
ড° প্ৰফুল্ল চন্দ্ৰ ভূঞাদেৱৰ মতে, “শ্ৰীমদ্ভাগৱতৰ প্ৰতিপাদ্য বিষয় একশৰণ নামধৰ্মই দেৱদামোদৰ গুৰুৰ দ্বাৰা প্ৰচাৰিত ভাগৱতী বৈষ্ণৱ ধৰ্মৰো মূল দৰ্শন।” মহাপুৰুষ শঙ্কৰদেৱৰ দৰেই মহাপুৰুষ দামোদৰদেৱৰো ভজনীয় দেৱতা আছিল ‘একমেবাদ্বিতীয়ম’ ব্ৰহ্ম। অৱশ্যে সাকাৰ ব্ৰহ্মৰ জৰিয়তে নিৰাকাৰ ব্ৰহ্মৰ আৰাধনাতো দেৱদামোদৰ গুৰুৱে গুৰুত্ব আৰোপ কৰিছিল। ভগৱান বিষ্ণুকে পৰম ভজনীয় দেৱতাৰূপে স্বীকাৰ কৰা দামোদৰদেৱে সকলো দেৱতা যে বিষ্ণুৰ অধীন, এই কথাও মানি লৈছে। তথাপি দামোদৰদেৱে আন দেৱী-দেৱতাৰ পূজাতো কোনো বাধা আৰোপ কৰা নাই। তীৰ্থনাথ শৰ্মাদেৱে এই প্ৰসংগতো ইন্দ্ৰাদি দেৱতাসকলক বিষ্ণুৰ সেৱক বা বিভূতিৰে এনেদৰে ব্যাখ্যা কৰিছে— “’সেৱকে যদি কৰে অপকাৰ, চোৱে অপযশে স্বামীক তাৰ’, এই বাক্যষাৰ যদি সঁচা হয়, তেনেহ’লে ‘সেৱকে যদি কৰে উপকাৰ, চোৱন্ত সুযশে স্বামীক তাৰ’, এনেকৈ বুলিলেও মিছা নহ’ব। দামোদৰদেৱে এই অৰ্থতে পঞ্চদেৱতাৰ পূজাৰ বিৰোধিতা নকৰাকৈ একশৰণ ধৰ্ম প্ৰৱৰ্তাব পাৰিছিল।” শৰ্মাদেৱে মহাপুৰুষ দামোদৰদেৱে যে ভাগৱতোক্ত ‘তৰুমূল শ্লোক’কো উপেক্ষা কৰা নাছিল, সেই কথা গছৰ ডাল-পাত চিকুণাই দিলে বা পোক-পৰুৱা গুচাই দিলে গুৰিৰ বা মূলৰ একো অপকাৰ সাধন নহয়, এই কথাৰে সৈতে ৰিজাই প্ৰতিপন্ন কৰিছে।
ব্ৰহ্ম সংহতিৰ সত্ৰসমূহৰ দুই মাৰ্গ— দামোদৰী আৰু হৰিদেৱী, সম্পূৰ্ণৰূপে দুই পৃথক মাৰ্গ নহয়, এটা আনটোৰ পৰিপূৰক স্বৰূপ। এই সম্পৰ্কে ড° নবীন চন্দ্ৰ শৰ্মাদেৱে কৈছে, “দামোদৰী, হৰিদেৱী সুকীয়া সুকীয়া মাৰ্গ নহয়, দামোদৰী মাৰ্গৰেই আন এটা উল্লেখযোগ্য শাখা হ’ল হৰিদেৱী। দামোদৰী মাৰ্গই যুক্তি আৰু আৱেগৰ ওপৰত সমানে গুৰুত্ব দিয়ে, কিন্তু হৰিদেৱীয়ে আৱেগতকৈ যুক্তিৰ ওপৰত তুলনামূলকভাৱে অধিক গুৰুত্ব দিয়ে।”
❧। আৰু পঢ়ক: শ্ৰীশ্ৰীমধুপুৰ সত্ৰ
বৰ্তমানে অসমৰ সত্ৰীয়া সমাজৰ ধ্বজাবাহী চাৰি ৰাজসত্ৰৰ লগতে বিভিন্ন প্ৰান্তত সিঁচৰতি হৈ থকা অন্যান্য ব্ৰহ্ম সংহতিৰ সত্ৰসমূহে ব্ৰহ্ম সংহতিৰ স্বকীয় ঐতিহ্য, পৰম্পৰা আৰু মৰ্যাদা আজিও অক্ষুণ্ণ ৰাখিছে। অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ জ্ঞানৰ মহাসমুদ্ৰৰ পৰা এচলুমাত্ৰ পানীও ভালকৈ আয়ত্ত কৰিব নোৱৰা সত্বেও মনৰ তাগিদাত অপ্ৰমাদী কবি মাধৱ কন্দলিৰ “সমস্ত ৰসক কোনে জানিবাক পাৰে। পখীসৱ উৰয় যেন পখা অনুসাৰে” বোলা কথাষাৰকে সাৰোগত কৰি এই প্ৰবন্ধটিত হাত দিলো। অনাকাংক্ষিত ভুল-ত্ৰুটিৰ মাৰ্জনা বিচাৰি এই বৰ্ণনাটি সামৰিছোঁ।
সহায়ক গ্ৰন্থপঞ্জী:
১. অসমৰ বৈষ্ণৱ দৰ্শনৰ ৰূপৰেখা: মনোৰঞ্জন শাস্ত্ৰী, বাণী প্ৰকাশ প্ৰাইভেট লিমিটেড, ২০০২
২. আউনীআটি সত্ৰৰ বুৰঞ্জী: তীৰ্থনাথ শৰ্মা, আউনীআটি সত্ৰ, প্ৰথম তাঙৰণ, আগষ্ট, ১৯৭৫
৩. শ্ৰীশ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱ: লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতি প্ৰকাশন, নতুন সংস্কৰণ, ২০১৬
৪. শ্ৰীশ্ৰীশঙ্কৰদেৱ: ড° মহেশ্বৰ নেওগ, চন্দ্ৰ প্ৰকাশ, নৱম প্ৰকাশ, জানুৱাৰী ২০১৬
৫. মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ: ড° নবীন চন্দ্ৰ শৰ্মা, বনলতা, প্ৰথম সংস্কৰণ, নৱেম্বৰ ২০১৪
৬. সংস্কৃতি আৰু ধৰ্ম: ড° প্ৰফুল্ল চন্দ্ৰ ভূঞা, ষ্টুডেণ্টচ্ ষ্ট’ৰচ্, প্ৰথম প্ৰকাশ, অক্টোবৰ ২০১৫
৭. অসমৰ সংস্কৃতি কোষ: ড° নাৰায়ণ দাস (সম্পাঃ), জ্যোতি প্ৰকাশন, দ্বিতীয় প্ৰকাশ, জুলাই ২০১৪
৮. কালিকাপুৰাণ
৯. যোগিনীতন্ত্ৰ