কলিয়াবৰৰ বাঘ ভেটা পৰম্পৰা

কলিয়াবৰৰ বাঘ ভেটা পৰম্পৰা
  • 06 Feb, 2022

শম শতিকাৰ ইন্দ্ৰপালৰ লিপিত বাঘ ভেটাৰ বিৱৰণ আছে। অসমৰ অন্যান্য ঠাইৰ তুলনাত সম্ভৱতঃ কলিয়াবৰতে বেছি বাঘ ভেটি মৰা হৈছিল। বাঘ ভেটি মৰাটো কলিয়াবৰত এটা সময়ত মহোৎসৱলৈ ৰূপান্তৰিত হৈছিল। চৰকাৰে বাঘক ৰাষ্ট্ৰীয় পশুৰ মৰ্যাদা দি বন্যপ্ৰাণী সংৰক্ষণ আইন প্ৰণয়ন কৰাৰ আগলৈকে কলিয়াবৰত সঘনে বাঘ ভেটি মৰা হৈছিল। কলিয়াবৰৰ কেইটামান অঞ্চল, যেনে— বৰভগীয়া, নলতলি, বাঘৰচুক, জমখলা, চিলাবন্ধা আৰু দেউৰী চিলাবন্ধাৰ ৰাইজৰ বাঘ ভেটাত উৎসাহ বেছি। বাঘ ভেটাৰ বাবে চিলাবন্ধা গাঁৱৰ নাম অসমত জনাজাত। চিলাবন্ধা অঞ্চলটোক কলিয়াবৰৰ ৰাইজে বাঘৰ বধ্যভূমি বুলি গণ্য কৰিছিল। চিলাবন্ধা অঞ্চলত কেনেবাকৈ বাঘ যদি আহি সোমায়, সেই বাঘ উভতি যাব নোৱাৰে, ৰাইজে ভেটিবই। একেটা বাঘৰ চোঙতে জালেৰে ভেটি মাক, পোৱালি সহ চাৰিটাকৈ বাঘ নিধন কৰা ঘটনা কলিয়াবৰৰ বাহিৰে অন্য ঠাইত বিৰল। সেই মৰ্মান্তিক দৃশ্যই অনেকক কন্দুৱাইছিল। মুঠতে কলিয়াবৰত এসময়ত বছৰি গড় হিচাপে ৮-১০টা বাঘ ভেটি মাৰিছিল।

কলিয়াবৰৰ ভৌগোলিক আৰু প্ৰাকৃতিক পৰিৱেশে বন্য প্ৰাণীসমূহক চিৰদিন আকৰ্ষণ কৰি আহিছে। কলিয়াবৰৰ চৌপাশ সৰু-বৰ টিলা, পাহাৰ, বিল, ডোবা, জাৰণি, এৰাণি, কঁহুৱানি বৰতানিৰে ভৰপূৰ আছিল। মাজে মাজে মহাবাহু ব্ৰহ্মপুত্ৰই এৰি যোৱা চৰ-চাপৰি। এইবোৰত আজিৰ দৰে মানুহৰ বসতি নাছিল। কেৱল গৰু-ম’হৰ খুটি কিছুমান আছিল। কলিয়াবৰৰ পূব দিশে থকা কাজিৰঙাৰ পৰা পশ্চিম দিশত থকা লাওখোৱা বনাঞ্চলৰ মাজত অৰণ্য পথৰ সংযোগ থকাৰ বাবে বন্য জন্তুবোৰ অৰণ্য পথেদি সততে বিচৰণ কৰিছিল। আটাইতকৈ ডাঙৰ কথা হ’ল, কলিয়াবৰ অতীতৰে পৰা সাধাৰণতে বানপানী নোহোৱা ঠাই। যেতিয়া চাৰিওফালে বানপানী হয়, বন্য প্ৰাণীবোৰ আহি কলিয়াবৰৰ চৰ-চাপৰিবোৰত সোমাই পৰে। সেয়ে কলিয়াবৰ এতিয়াও বিভিন্ন প্ৰাণীৰ ৰম্যভূমি।

কলিয়াবৰৰ কৃষিজীৱী ৰাইজে জীৱন আৰু জীৱিকাৰ কাৰণে চিৰদিন বন্যপ্ৰাণীৰ লগত সংগ্ৰাম কৰি আহিছে। সেই সংগ্ৰাম আজিও অব্যাহত। জাক জাক বনৰীয়া হাতী, ম’হ, চাপৰি অঞ্চলত— গঁড়, পহু আদিৰ মাজৰ পৰা শস্য চপাই আনিব লাগে। পোহনীয়া জীৱ-জন্তুক ৰক্ষা কৰিবলৈ কেতিয়াবা বাঘৰ মুখামুখি, কেতিয়াবা বাঘৰ লগত হতাহতি হয়। বাঘ, গঁড়, ম’হ আদিয়ে আক্ৰমণ কৰা ভালেমান লোক এতিয়াও জীৱিত। আনকি বাঘৰ লগত থিয় যুঁজ দিয়া, বাঘক বশ কৰি নিজক ৰক্ষা কৰিবলৈ সমৰ্থ হোৱা দুই-চাৰি লোক এতিয়াও কলিয়াবৰত আছে। ১৯৯৭ চনৰ ৮ মে’ত এনিশাৰ ভিতৰতে দুজনৰ প্ৰাণ লৈ চিলাবন্ধা, বাঘৰচুক, যমখলা অঞ্চলৰ ২৪জন লোকক বাঘে আহত কৰিছিল।

বাঘক চিৰদিন মানুহে শত্ৰু বুলি গণ্য কৰি আহিছে আৰু সুযোগ পালে বাঘ নিধন কৰিছিল। বন্দুক-বাৰুদেৰে কলিয়াবৰত অভিজ্ঞ চিকাৰীসকলে অলেখ বাঘ নিধন কৰিলেও ৰাইজে বাঘক ভেটি মাৰিবলৈহে বেছি আগ্ৰহী। কলিয়াবৰত মানুহে সংঘবদ্ধ হৈ বহুবাৰ বিদেশী শত্ৰুৰ লগত যুঁজ কৰিব লগা হৈছিল। এতিয়া তাহানিৰ যুঁজ-বাগৰবোৰ নাই। ফলত সুপ্ত হৈ থকা শক্তিখিনি ক্ষীণভাৱে হ’লেও একেলগে গৈ নৈ-বিলত মাছ ধৰা, বাঘভেটা আদিত প্ৰকাশ পাইছিল। বাঘ ভেটা কাৰ্যটো সৰু-সুৰা এখন যুদ্ধৰ দৰেই ভয়ানক, উন্মাদনাপূৰ্ণ তথা উত্তেজনাপূৰ্ণ।

বাঘ ভেটা অঞ্চলৰ ৰাইজে নিজ নিজ গাঁৱৰ নামঘৰে নামঘৰে সমূহীয়াকৈ বাঘভেটা জাল তৈয়াৰ কৰিছিল। বাঘ ভেটা জালখন গাঁওখনৰ শক্তি আৰু ঐক্যৰ প্ৰতীক। আজিও ভালেমান নামঘৰত বাঘভেটা জাল আঁৰি থোৱা দেখা যায়। ক’ৰবাত বাঘ ভেটিলে গাঁওখনে নিজৰ জালখন লৈ দলেবলে গৈ যোগ দিব পৰাটো এটা ডাঙৰ গৌৰৱ।

জাল গুঠিবৰ বাবে গাঁৱৰ প্ৰতি ঘৰৰ পৰা মৰাপাট সংগ্ৰহ কৰিছিল। ভালেমান গাঁৱে জালৰ কাৰণে মৰাপাট সমূহীয়াকৈ খেতি কৰি লৈছিল। মৰাগছৰ পাট উলিয়াই ৰছী তৈয়াৰ কৰি জাল তৈয়াৰ কৰে। একোখন বাঘভেটা জালৰ দীঘ বিশৰ পৰা ত্ৰিশ হাত। পথালিয়ে নিম্নতম আঠ হাত। ৰছীবোৰৰ আকাৰ ডাঙৰ। এখন জাল গুঠিবলৈ দুই মোন (মোন= ৪০ কিলোগ্ৰাম)ৰ পৰা আঢ়ৈ মোন মৰাপাট লাগে। জালৰ পাহিবোৰ পাঁচ-ছয় ইঞ্চি বৰ্গক্ষেত্ৰাকাৰৰ। জালখনৰ তলে আৰু ওপৰে দুডাল শক্তিশালী ৰছী থাকে। সেই দুডালক জালখনৰ ‘ডন’ বোলে। ডন দুডালত লাগি থকা পাহিবোৰ দীঘল চানেকীয়া আয়তাকাৰ। এই পাহিবোৰক ‘লেৰুৱা’ পাহি বোলে।

জাল হাবিত থিয় কৰোঁতে জোখ মতে বাঁহ কাটি খপ কৰি ওপৰৰ লেৰুৱা পাহিবোৰত পকাই ভিতৰ আৰু বাহিৰে কেৰেপা কৰি বাঁহ দিব লাগে। ইয়াকে ‘টনি’ বোলে। টনিবোৰে ওপৰৰ ডনডালক দাঙি ৰাখিব। এতিয়া মুটুকীয়া বাঁহ আনি আঁখি ওভোতাই দুহাত-আঢ়ৈ হাত দীঘল কৰি পুতি তলৰ ডনডালক মাটিৰ লগত ফিট কৰি ৰাখে। জালখনৰ তলে ওপৰে ফিট হৈ থাকে যদিও মাজৰ অংশ ঢিলা কৰি ৰখা হয়। বাঘে জালত হেঁচা প্ৰয়োগ কৰিলে প্ৰতিবল নেপাবলৈ এই ব্যৱস্থা। জালখন ফিট হৈ থাকিলে বাঘৰ হেঁচাত যিকোনো সময়ত জাল ফালি বাঘ ওলাই যাব পাৰে। এনেকুৱা ঘটনা দুই-এবাৰ কলিয়াবৰতে ঘটি গৈছে।

বাঘ ভেটাৰ সময়ত ৰাইজে এই কামবোৰ যুদ্ধকালীন গতিৰে কৰিব লাগে। কাকো কোনেও পাচিব নেলাগে। ওচৰৰ সুবিধাজনক ঠাইৰ বাঁহ অথবা আৱশ্যক হোৱা যিকোনো বস্তু বাঘ ভেটা ৰাইজে আনিব পাৰে। ইয়াত কোনেও বাধা দিব নোৱাৰে। আনকি বাঘ ভেটোঁতে বহুতৰ দুই-তিনিকঠা মাটিৰ কুঁহিয়াৰণি শেষ হৈ যায়। বহুতৰ দুই-তিনিজোপা বাঁহ শেষ হয়। পাণ-তামোলৰ বাৰী উদং হৈ যায়। ইয়াৰ বাবে গিৰিহঁতে কোনো আক্ষেপ নকৰে, বৰং কৃতাৰ্থবোধ কৰে।

গাঁও বা কোনো এটা অঞ্চললৈ বাঘ আহিলে মানুহে বাঘ কোনখন হাবিত থাকিব পাৰে, সেইটো অনুসন্ধান কৰে। বাঘ ভেটাৰ প্ৰথম ঢাপটো হ’ল বাঘৰ চোঙটো সঠিকভাৱে উলিয়াই লোৱা। কাৰোবাৰ গৰু-ম’হ মৰা নাইবা ৰাতি ফেউৰাই মতাটো বাঘ অহাৰ আগজাননী। ফেউৰাৰ মাতটো কেনেকুৱা সেইটো বুজি ল’ব লাগিব। বহুতো শিয়ালে মল ত্যাগ কৰোঁতে কষ্ট হোৱাৰ বাবেও ‘ফেউ’, ‘ফেউ’কৈ চিঞৰে। বাঘৰ পিছে পিছে যোৱা শিয়ালক বাঘে উভতি ‘ফাক’ বুলি চোঁচা লয়।

বাঘৰ অৱস্থিতি জনাৰ পাছত দুই-এজন অভিজ্ঞ সাহসী মানুহৰ লগত গাঁৱৰ ৰাইজে হাতে হাতে দা, যাঁঠী আদি লৈ বাঘৰ চোং বিচাৰি যাব। যিজন মানুহৰ নিৰ্দেশত ৰাইজে এই কাম কৰিব, সেইজন ‘বাঘচন্দা’ মানুহ। আগতে বাঘ ওলোৱা অঞ্চলৰ প্ৰতিখন গাঁৱতে বাঘচন্দা মানুহ আছিল। গাঁওবোৰৰ চাৰিওফালে হাবি-বননি। বাঘচন্দাজনে ওচৰৰ ডোবা, পিটনি আদিত বাঘৰ খোজ চাই বাঘ ডাঙৰ নে সৰু, মতা নে মাইকী কৈ দিব পাৰে। যদি পোৱালিৰে সৈতে বাঘ আছে, লগত কেইটা পোৱালি তাকো ক’ব পাৰে।

দক্ষ চান্দনীয়ে হাবি এখন চায়েই বাঘ আছে নে নাই ক’ব পাৰে। সকলো হাবিতে বাঘ নাথাকে। বাঘৰ চোঙৰ এটা বেলেগ সৌন্দৰ্য থাকে, লগতে হাবিখনৰ গাম্ভীৰ্যও সুকীয়া। এইখন হাবি লগত অন্য হাবিৰ নিমিলে। বেলেগ আকৰ্ষণ। দুই-এডাল উভালি পৰি থকা গছ, বাঁহজোপা, দুই-চাৰিটা পঁচা মূঢ়া, লতাৰে ভৰি, থকা সৰু-ডাঙৰ জোপোহা, বেতনি, মিটমিতি বন, ওখ-চাপৰ ঠাই— এনেকুৱা হাবিবোৰেই বাঘৰ বাবে আদৰ্শ চোং।

চান্দনীজনে বাঘ থকা ঠাইখনৰ এটা সাধাৰণ ধাৰণা কৰিলে হাবিখনত থকা বিভিন্ন প্ৰাণীৰ আচৰণ লক্ষ্য কৰিব। সাধাৰণতে বাঘ থাকিলে হাবিত থকা কাউৰী, শালিকা, চেক্‌চেকী চৰাই, বান্দৰ, কেৰ্কেটুৱা আদিয়ে কিছু অস্বাভাৱিক আচৰণ দেখুৱায়। এজন অভিজ্ঞ চান্দনীৰ বাবে এইবোৰ অতি মূল্যবান সম্বল।

বাঘৰ চয়-নিচয় পাবৰ কাৰণে এইবাৰ চান্দনীয়ে এটা অতি ভয়াবহ পৰীক্ষা চলাব। এখন হাবিৰ পৰা কাষৰ হাবিখনৰ মাজৰ মুকলি অংশক ‘চেউনি’ বোলে। বাঘ আছে বুলি সন্দেহ হোৱা হাবিখনৰ এমূৰৰ পৰা দা-যাঠী লোৱা বিশ-পঁচিশজন সাহসী মানুহ সোমাই হাবিখন হুৰাই যায়। যদি হাবিত বাঘ থাকে, তেন্তে চেউনি পাৰ হৈ সিখন হাবিলৈ যাব। তেতিয়া চেউনিত থকা মানুহে বাঘ বাঘকৈ চিঞৰ মাৰিব। এতিয়া মানুহবোৰ হাবিৰ পৰা ওলাই আহি বাঘ সোমোৱা হাবিখন হুৰাই বাঘক পুনৰ আগৰ চোঙলৈ লৈ আহিব। এইটো এটা অতি বিপদজনক পৰীক্ষা। ইয়াকে ‘হাবি খেদা’ বোলে।

বাঘৰ উপস্থিতিত গাঁওখনত হৈ-চৈ লাগিব। নামঘৰত থকা ডবাত কোব মাৰি গাঁৱৰ ৰাইজক নামঘৰলৈ অহাৰ জাননী দিয়ে। যিকোনো বিপদ বা ৰাজহুৱা স্বাৰ্থত ডবাত কোব মাৰিলেই ৰাইজ নামঘৰলৈ ওলাই আহে। অৱশ্যে নিয়মীয়াভাৱে দুপৰীয়া, সন্ধিয়া নামঘৰত ডবা কোবোৱা বেলেগ কথা। অসময়ত পৰা ডবাৰ কোব শুনি ওচৰৰ অন্য গাঁৱৰ ৰাইজেও নিজ নিজ নামঘৰত ডবাত কোব মাৰি ৰাইজ গোট খুৱায়। ডবাটোৱে আগতে এটা ফোনৰ কামেই কৰিছিল। এতিয়াও।

এতিয়া বাঘ থকা গাঁৱৰ মানুহে গাঁৱৰ মুখিয়ালৰ নিৰ্দেশত ভিন ভিন গাঁৱক বাঘ ভেটিবলৈ আমন্ত্ৰণ জনায়। এই কামটো তড়িৎ গতিৰে হ’ব লাগিব। নিমন্ত্ৰণ নেপালে গাতে লাগি থকা গাঁৱৰ ৰাইজো বাঘ ভেটালৈ নাহে। ‘মাতিলে ৰণলৈ যোৱা নেমাতিলে ভোজলৈ নোযোৱা’ অসমীয়া মানুহৰ স্বভাৱ। গাঁৱৰ প্ৰতিটো নামঘৰত গোট খোৱা ৰাইজে নিজৰ নিজৰ জাল, যাঠী, জোং, দা-কুঠাৰ লৈ হৰিধবনি দি ওলাই আহিব। প্ৰতিটো ৰাজহুৱা কামৰ আগত আত্মিক শক্তি লাভ কৰিবলৈ হৰিধবনি দিয়ে। বাঘ হ’ল শিৱৰ বাহন। বাঘ ভেটাৰ কাম কৰাৰ আগতে ঘৰুৱা গাঁওখনে শিৱ মন্দিৰত তেল-বন্তি দিয়াৰ পাছতহে ভেটাৰ কাম আৰম্ভ কৰিব।

চাৰিওফালে গাঁৱৰ ৰাইজ আহি পোৱাৰ লগে লগে তৎক্ষণাৎ এখন বাঘ ভেটা সমিতি গঠন কৰি লয়। এই সমিতিয়ে কোনখন গাঁৱৰ ৰাইজে কোনটো দিশ ভেটিব তাক নিৰ্ধাৰণ কৰি দিয়ে। প্ৰতিখন গাঁৱে নিজৰ ভিতৰত একো একোজন পৰিচালক পাতি লয়। পৰিচালক আৰু মূল সমিতিৰ বাহিৰে বাঘ ভেটা ৰাইজে আনৰ কথা নুশুনে।

বাঘ ভেটা সমিতিয়ে বাঘ ভেটোঁতে হোৱা যিকোনো সমস্যা সমাধান কৰিব। বাঘ ভেটা ৰাইজৰ খাদ্য আৰু অন্যান্য সা-সুবিধাৰ তদাৰক কৰিব। বাঘ ভেটি কেইদিন ৰাখিব, বাঘ চিকাৰীয়ে গুলীয়াই মাৰিব নে বাঘ ভেটা ৰাইজে যাঠীৰে মাৰিব— এনেবোৰ মূল সমিতিৰ কথা। বিশিষ্ট লোকসকলক বাঘ ভেটা চাবলৈ আহিলে সেইসকলৰ অভ্যৰ্থনা, বাঘ মৰাৰ পাছত বিক্ৰী কৰাৰ দায়িত্বও মূল সমিতিৰ। বাঘ বিক্ৰীৰ টকা প্ৰতিখন বাঘ ভেটা গাঁৱে ভগাই লয়। এই টকা নামঘৰত খৰচ কৰে।

কলিয়াবৰৰ বাঘ ভেটা পৰম্পৰা

বাঘ ভেটাৰ সময়ত বেজৰো ভূমিকা আছে। বেজে প্ৰথমে মন্ত্ৰ মাতি হাবিখনৰ চাৰিওফালে এপাক ঘূৰি বান্ধনি দিয়ে। বাঘ বান্ধনি নিদিয়ালৈকে ভেটাৰ কাম নহয়। বান্ধনি দি বেজ ঘৰত শুই থাকিলে বোলে বাঘো হাবিত শুই থাকে আৰু বেজ উঠি ঘূৰা-পকা কৰিলে বাঘেও ঘূৰা-পকা কৰে। বাঘ শুই থকা সময়তে ৰাইজে ভেটাৰ কাম কৰে। আচলতে শ শ মানুহৰ উপস্থিতিত বাঘ হাবিৰ মাজত চেপেটা লাগিহে থাকে। তথাপি বাঘ ভেটাত বেজৰ ভূমিকা এটা এৰিব নোৱৰা অংশ। বাঘৰ গাত সাতটা ভতৰা গৰুৰ বল থাকিলেও সাহসত বাৰী তিৰোতাৰ এফাল। তথাপি লোকবিশ্বাসক উলাই দিয়া ‘এলেও বেজ’, ‘শংকৰ বেজ’, ‘মোলোকা বেজ’ৰ নাম বাঘ ভেটা মানুহৰ মুখে মুখে।

বাঘে একো নোখোৱাকৈয়ো দুই-তিনি দিন পাৰ কৰিব পাৰে। খাবলৈ একো নেপালে সূৰ্যৰ ফালে চাই মাটি একামোৰ মাৰিলেই হেনো পেট ভৰে। বাঘ ভেটাৰ পাছত কেতিয়াবা দুদিনলৈকে বাঘ হাবিৰ মাজত সোমাই থাকে। বাঘ ভেটাৰ ভিতৰত ‘আছে’, ‘নাই’ লৈ ভেটা মানুহৰ ভিতৰতে তৰ্ক-কাজিয়া-পেঁচাল আৰম্ভ হয়। হাবি হুৰাবলৈ কিছুমান দীঘল বাঁহ ৰাইজে সংগ্ৰহ কৰে। তাক ‘ৰাজ বাঁহ’ বোলে। জালৰ পাহিত চাৰিওফালে এনেকুৱা ৰাজবাঁহ সুমুৱাই চাৰি-পাঁচজন মানুহে বাঁহৰ গুৰিফালে ঢেঁকী দিয়াৰ দৰে কৰি হাবিখন কোবায়। চাৰিওফালৰ পৰা দলি, ফৰমুটি আদি মাৰে। মানুহৰ অত্যাচাৰত ৰ’ব নোৱাৰি বনৰাজে সংহাৰ মূৰ্তি ধৰি কোনোবা এখন জালত জঁপিয়াই পৰে, লগে লগে সাজু হৈ থকা মানুহে ‘হেইচ্‌’ ধৰণৰ শব্দ কৰি দহ-বাৰপাট যাঠী বনৰজাৰ পেটে-বুকুৱে সুমুৱাই দিয়ে। বাঘে তেতিয়া সেইখন জাল এৰি অন্য জালত হেঁচা দিয়ে। তাতো একে অৱস্থা। অৱশেষত খঙত গুজৰি-গুমৰি হাবিৰ ভিতৰ পায়গৈ।

এইদৰে বাঘক জোকাই জোকাই দিনটোৰ ভিতৰত বহুবাৰ জাললৈ আনি ৰং চায়। ৰাতি বাঘক নোজোকায়। কেৱল বাঘভেটাসকলে ৰাতিৰে ৰাতিটো পৰ দিয়ে। বাঘে নিৰ্দিষ্ট দুটামান দিশতহে পলাবলৈ চেষ্টা কৰে। যিখন গাঁৱৰ জালত বেছিকৈ বাঘ আহি পৰে, সেইখন গাঁৱৰ গৌৰৱ বাঢ়ে। বাঘ কোনোবা এখন জালত পৰিলে দৰ্শকে চিঞৰ-বাখৰ, হৈ-চৈ কিৰীলি, সুহুৰি মাৰি খলক লগায়। মানুহ সেইখন জাললৈ ঢপলিয়াই আহে। মানুহৰ খোজত চপৰাৰ পৰা ধূলি উৰে। হাবি-বন গুচি চোতাল হয়।

জালৰ ভিতৰত থকা সৰু-সুৰা গছ-গছনি কাটি কাটি জালবোৰ চাৰিওফালৰ পৰা চপাই আনে। ডাঙৰ গছ, বাঁহৰ জোপা আদি পাৰ কৰিবলৈ জাল খুলি আগবঢ়াব লাগে। এইটো আচলতে বৰ সংকটপূৰ্ণ সময়। এফালে জাল উঠালে আনফালে সেই কামত হাত নিদিয়ে। পূবে ঢলফাট দিওঁতে আৰু ঠিক সন্ধিয়া লগাৰ আগে আগে বাঘে জাল ফালি ওলাই যাবলৈ আপ্ৰাণ চেষ্টা কৰে। কেতিয়াবা দহ-বাৰ পাট যাঠীৰ খোঁচকো আওকাণ কৰি বাঘে ত্ৰাসৰ সৃষ্টি কৰে। বাঘৰ মূৰ্তি দেখি যাঠী-জোং এৰি ভয়তে বহুতে দৌৰ মাৰে। ফলত সাহ থকা দুই-এজনেহে বাঘক বশ কৰি ঘূৰাই পঠায়। সেয়ে বাঘৰ আগতেল খোৱা সাহিয়ালসকলেহে যাঠী হাতত লয়।

বাঘক যাঠীৰে মাৰিবলৈ সিদ্ধান্ত হ’লে জাল চপাই আনি চাৰিওফালৰ পৰা যাঠীৰে ঢুকি পোৱা অৱস্থালৈ আনে। গুলীৰে মাৰিবলৈ হ’লে জাল বেছি চপাব নেলাগে। চাৰিওফালৰ পৰা অহৰহ আঘাতৰ কোবত এটা সময়ত প্ৰবল প্ৰতাপী বনৰজাই শেষ গোজৰণি মাৰি মাটিত ঢলি পৰে।

ৰাতি বাঘ ভেটা ঠাইখনৰ সৌন্দৰ্য বৰ্ণনাতীত। অপৰূপ। ৰাতি প্ৰতিখন জালৰ কাষত দুই-চাৰিটা মেণ্ঠেল লাইট, ভটা আদি জ্বলি থাকিব, প্ৰতিখন জালৰ কাষত একোখন চালি। ঠাণ্ডাৰ দিন হ’লে গোটেই নিশা একুৰা দপ্‌দপীয়া জুই। ৰন্ধা-বঢ়া, চাহ-ভাতৰ তাতেই যোগাৰ হ’ব। প্ৰতিখন চালিৰ তলত নানা ধৰণৰ ৰসাল কথাৰে বাঘ ৰখীয়াসকলক উৎসাহ দিব। অকল এয়ে নহয়, বহুতে পদ, দিহা নাম, উঠা নাম, বিহু আদি গাই নিশাটো পাৰ কৰে। লগে লগে পাল পাতি পাতি জাল ৰখে।

বাঘ ভেটিলে অঞ্চলটোৰ যিসকলে পাৰে বিভিন্ন ধৰণৰ দান-বৰঙণি দিয়ে। স্থানীয় ডেকা-গাভৰুসকলে ওচৰৰ গাঁওবোৰৰ পৰা বয়বস্তু গোটাই আনি বাঘ ভেটা ৰাইজক যোগান ধৰে। থোকেৰে তামোল, নাৰিকল, কল চাৰিওফালৰ পৰা আহি থাকে। গছৰ পৰা পাণ টুকি আনিবলৈ সময় নাই। পাণ গছৰ গুৰিতে কাটি টানি-আঁজুৰি লৈ আহে।

বাঘ ভেটা ঠাইৰ ওচৰৰ গাঁও-ভূঁইবোৰৰ আতিথ্য মন কৰিবলগীয়া। মানুহখিনিৰ ত্যাগৰ অন্ত নাই। বিশেষকৈ তিৰোতা মানুহখিনি অতি ব্যস্ত। বাঘ ভেটা চাবলৈ বিভিন্ন ঠাইৰ মানুহ আহে। প্ৰতিখন ঘৰতে মিতিৰ-কুটুম্ব, আলহী-অতিথি। সেয়ে ঘৰৰ জীয়ৰী-বোৱাৰীসকলে আন্ধাৰে-পোহৰে উঠি ঘৰখনৰ যাৱতীয় কাম-বন কৰি আহৰি হৈ থাকে। চিনাকি-অচিনাকি মানুহ আহি ঘৰে ঘৰে সোমায়। আলহী-অতিথিক চাহ-তামোল, জা-জলপান আৰু ভাত-পানী খুৱাব। ঘৰখনৰ মূল মানুহজনী সকলো সময়তে ৰন্ধা-বঢ়া, দিয়া-থোৱাত ব্যস্ত। দিনটো বাঘ ভেটা চাবলৈ যোৱা দূৰৰ কথা, পদূলি মূৰলৈকে যাবলৈ সময় নাই। অতি আন্তৰিকতাৰে এনে ধৰণৰ সেৱা আগবঢ়াই যায়।

❧ | আৰু পঢ়ক: মাঘ বিহুৰ কলিয়াবৰীয়া পৰম্পৰা: ক’লীবুঢ়ী নৃত্য

এনেকৈয়ে কলিয়াবৰীয়া ৰাইজে এসময়ত বাঘ ভেটি শক্তি আৰু ঐক্য প্ৰদৰ্শন কৰাই নহয়, লগতে বাঘ ভেটা কাৰ্যটোক এটা মহোৎসৱলৈ ৰূপান্তৰ কৰিছিল।

কলিয়াবৰৰ বাঘ ভেটা পৰম্পৰা | কুসুম বৰা