লালিলাং গীতৰ বিশেষ উল্লেখেৰে ডিমৰীয়া অঞ্চলৰ মাঘ বিহুৰ পৰম্পৰা সম্পৰ্কে কিঞ্চিৎ
- 31 Dec, 2021
অ সমীয়া সংস্কৃতিত বিহু এক ঐতিহ্য বহনকাৰী পৰম্পৰা। অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সুকীয়া ৰীতি- নীতি, আচাৰ-ব্যৱহাৰেৰে পৰম্পৰা ৰক্ষা কৰি উৎসৱানুষ্ঠান পালিত হৈ আহিলেও বৰ্ণাঢ্য বৈচিত্ৰ্যৰ মাজত ঐক্য আৰু সংহতি স্থাপনত বিহুৰ এক তাৎপৰ্যপূৰ্ণ ভূমিকা আছে। অসমীয়া সমাজত ব’হাগ বিহু, কাতি বিহু, মাঘ বিহু— এই তিনিওটাৰে সুকীয়া সুকীয়া আনন্দ বিৰাজমান।
মাঘ বিহু হৈছে অসমৰ গাঁৱে-ভূঞে সকলো জনগোষ্ঠীৰ লোকে উলহ-মালহেৰে উদযাপন কৰা এটা উল্লেখনীয় উৎসৱ। লুইতপৰীয়া সংস্কৃতিৰ প্ৰতীক হিচাপে যিদৰে ব’হাগ বিহুৰ গীত-নৃত্য, আচাৰ আৰু অনুষ্ঠানে অসমীয়া মানুহৰ জীৱন যাত্ৰা আৰু জীৱন দৰ্শনক বহন কৰিছে, সেইদৰে মাঘ বিহুৱে ৰাজহুৱাভাৱে এখন সমাজ, আত্মীয়-স্বজন বা বন্ধু-বান্ধৱে মিলি এসাজ খোৱাৰ মাজেৰে সমন্বয় গঢ়াৰ এক হাবিয়াস বহন কৰিছে।
পুহৰ সংক্ৰান্তিৰ দিনা পালন কৰা মাঘ বিহুক ভোগৰ বিহু বাবে ভোগালী বিহু বুলি কোৱা হয়। কাতি বিহুৰ কঙাল অৱস্থাৰ পৰা আতঁৰি মাঘ মাহত শইচ-ফচলৰ পয়োভৰ যথেষ্ট হয়। এইখিনি সময়ত নাটনিয়ে দেখা নিদিয়ে। সেয়েহে সকলোৱে মিলি এসাজ তৃপ্তিৰে খায়। ইঘৰৰ পৰা সিঘৰলৈ বিহু খাবলৈ যোৱাৰ এক আনন্দময় পৰিৱেশৰ সৃষ্টি হয়।
মাঘ বিহু মূলতঃ খেতিৰ লগত জড়িত। অসমৰ মানুহে সেইখিনি সময়ত শালি খেতি চপাই উঠে। পৱিত্ৰ মাহ হিচাপে গণ্য কৰা মাঘ মাহতে অসমীয়া মানুহে চপাই অনা শইচৰ সম্ভাৰেৰে আনন্দৰ সময়ছোৱাত ভোগৰ এক মুকলিমূৰীয়া পৰিৱেশৰ সৃষ্টি কৰে। অসমীয়া জন-জীৱনত মাঘ বিহুৰ সময়তে বিভিন্ন পিঠা-পনা, সান্দহ, চিৰা, দৈ, পিঠাগুৰি, লাডু আদি তৈয়াৰ বা যোগাৰ কৰি আলহী-অতিথিক আপ্যায়ন কৰাৰ এক উখল-মাখল অৱস্থা এটা বিৰজি উঠে।
অসমৰ বিভিন্ন প্ৰান্তত মেজিক ভেলাঘৰ বুলি কয়। সেইদৰে ডিমৰীয়া অঞ্চলতো মেজিক ভেলাঘৰ বুলিয়ে কয়। বৃহত্তৰ ডিমৰীয়া অঞ্চলটি বিভিন্ন জাতি-জনগোষ্ঠীৰে পৰিৱেষ্টিত হৈ থকাৰ বাবে ঠাইখনত মাঘ বিহুৰ বাৰেৰহণীয়া উপাদান প্ৰতিফলিত হৈছে। মাঘ বিহুৰ সময়ত সেয়েহে ডিমৰীয়াবাসীৰ জাতি-জনজাতিৰ মাজত স্বকীয়তা দেখাটো স্বাভাৱিক। মাঘ বিহুৰ কেইদিনমান আগতে গাঁৱৰ ৰাইজে বাঁহ কাটি আনি মেজি সাজে। প্ৰস্তুত কৰা মেজিটো জ্বলিবৰ উপযুক্ত হৈ পৰাকৈ ৰ’দত কিছুদিন শুকাবলৈ দিয়া হয়। ভেলাঘৰৰ বাঁহ কাটিবলৈ ৰাইজে ৰাজহুৱা স্থান বা নামঘৰত আলোচনাত বহি এটা নিৰ্দিষ্ট দিন ঠিক কৰি লয়। ডিমৰীয়াবাসী তিৱাসকলে বাঁহ কাটিবলৈ যোৱাৰ আগতে কোনো বিপদ-আপদ নহ’বলৈ ‘বৰভাজনি’ (বনভাজনি)পূজা বনদেৱতালৈ আগবঢ়াই যায়। এই পূজাৰ বাবে তামোল-পাণ আদি আৱশ্যকীয় বস্তুখিনি চুৰি কৰি অনাৰ পৰম্পৰা আছে। বড়োসকলৰ মাজতো ভেলাঘৰৰ বাঁহ কাটিবলৈ যোৱাৰ আগত ‘গৰখীয়া পূজা’ দিয়াৰ নিয়ম আছে।
ডিমৰীয়া অঞ্চলত কেইবাপ্ৰকাৰৰ ভেলাঘৰ সজা দেখা পোৱা যায়, যেনে— ৰজা-ৰাণী ভেলাঘৰ, ৰান্ধনি ভেলাঘৰ, গৰখীয়া ভেলাঘৰ, গাঁওবুঢ়া ভেলাঘৰ, চাঙীমৰা ঘৰ, ভোজঘৰ ইত্যাদি। চাঙীমৰা ঘৰ নাচ-গানৰ বাবে প্ৰস্তুত কৰে। কাৰবিসকলে চাঙীমৰা ঘৰক ‘কেনতুলক’ আৰু বড়োসকলে ‘পজাঘৰ’ বুলি কয়। মেজি সাজোঁতে তামোল-পাণৰ বঁটা আগবঢ়াই সেৱা এটি লৈহে মূল বাঁহডাল বা লাই বাঁহ সংস্থাপন কৰে। উৰুকাৰ আগদিনাই ভেলাঘৰক বিভিন্ন ফুল, ৰঙীন কাগজ আদিৰে সজাই তোলা হয়। ভেলাঘৰৰ মূৰত এটা মুকুটাকৃতি কলফুল, ফুল আৰু বাঁহেৰে সজোৱা হয়। ধনু আকৃতিৰ দুপদ যতন লগ লগাই চিতিকা প্ৰস্তুত কৰা হয়। ভেলাঘৰৰ মূৰত সজা এই মুকুটত আকৌ জনগোষ্ঠীয় লোকসকলে চৰাইৰ ৰঙীন পাখি গুজি দিয়াও পৰিলক্ষিত হয়। ৰাভা, তিৱাসকলৰ মাজত ভেলাঘৰৰ মুকুটৰ তলত কলপতুৱাৰ ব্যৱহাৰ কৰি ‘টাই’ সদৃশ এটি অলংকাৰ মাৰি দিয়া দেখা যায়। মুঠতে উৰুকাৰ আগদিনাই ভেলাঘৰক সু-সজ্জিত কৰি তোলাৰ যি নিয়ম, সেয়া অসমৰ মাঘ বিহুৰ এক বিচিত্ৰ্যপূৰ্ণ পৰম্পৰা।
ডিমৰীয়া অঞ্চলৰ গাঁৱৰ ৰাইজে অঞ্চলটোত সিঁচৰতি হৈ থকা বিলসমূহত মাছ মাৰি আহি সমূহীয়াভাৱে ভেলাঘৰত একত্ৰিত হৈ ভোজ খায়। কোনো ঠাইত গা ধুই এটা ভেলাঘৰ জ্বলাইহে ৰান্ধনিয়ে ভোজ ৰন্ধা কাৰ্য আৰম্ভ কৰে। এই ভেলাঘৰটো পানীৰ ডোঙৰ মাজত বন্ধা বাবে পানী ভেলাঘৰ বুলি কয়। ভেলাঘৰৰ ভোজ হোৱাৰ পাছত ভোজৰ আগভাগ ভেলাঘৰত সন্মান সহকাৰে আগবঢ়ায়। কোনো কোনো গাঁৱত উৰুকাৰ দিনা কোনো ধৰণৰ মেজি জ্বলোৱা নহয়। ভেলাঘৰত ভোজ খাই উঠাৰ পাছদিনাহে ভেলাঘৰ জ্বলোৱা দেখা যায়। ভেলাঘৰ জ্বলোৱাৰ আগমুহূৰ্তত সেৱা এটা কৰি সাত পাক ঘূৰিহে জুই দিয়াৰ নিয়ম। মেজি জ্বলোৱাৰ সময়ত ঢোল, পেঁপা, তাল আদি বজাই চাৰিউফালে নৃত্য কৰে। এই সময়ত লালিলাং গীত গোৱাৰ লগতে জনগোষ্ঠীসমূহৰ মাজত ‘খল চৰাই’ নচোৱাৰ এটা উল্লেখযোগ্য পৰম্পৰা দেখা যায়। মেজি পোৰাৰ পাছত লাই বাঁহৰ ছাই শ্ৰদ্ধাসহকাৰে লয়। বিশেষকৈ তিৱাসকলে এই ছাইৰ ফোঁট লয়।
কোনো কোনো গাঁৱত বড়ো, তিৱা সমাজত ভেলাঘৰ পোৰাৰ অৱশিষ্টখিনি নি পানীত উটুৱাই ভীষ্মক ৰজাক পিণ্ড দিয়াৰ এটা ব্যতিক্ৰমী নিয়ম পৰিলক্ষিত হয়। ভেলাঘৰৰ ৰৈ যোৱা ছাইখিনি আনি ঘৰৰ বাৰীত থকা ফল ধৰা গছবোৰত, লাউ-কোমোৰা গছত উৰ্বৰা শক্তি বৃদ্ধিৰ উদ্দেশ্যে দিয়া দেখা যায়।
ডিমৰীয়াবাসী ৰাইজে মাঘ বিহু উপলক্ষে বিলত মাছ মাৰিবলৈ যোৱাটো এটা ৰজাদিনীয়া পৰম্পৰা। ডিমৰীয়া অঞ্চলত থকা কেইবাখনো বিলত মধ্যযুগৰ সময়ৰ ৰজাৰ অধীনত থকাৰ পৰাই সমূহীয়াভাৱে মাছ মৰা প্ৰথা চলি আহিছে। এই পৰম্পৰা অজিও অটুট আছে। পাৰশালি, বমানী, জালিসৰা, ক’তহনি, তামুলীদ’ভা আদি বিলসমূহত মাঘ বিহুৰ উৰুকাৰ দিনা মাছ মৰা পৰম্পৰা সকলোৰে অতি প্ৰিয়। ই ডিমৰীয়াবাসীৰ সমন্বয়ৰ প্ৰতীক। সেয়েহে ডিমৰীয়াৰ সমবেত সংগীততো এইদৰে গোৱা হয়—
“ইতিলা, পাৰশালি আৰু বমানী
লালিলাং নাচি নাচি মাছ ধৰোঁ আমি
দুৱনী, ক’তহনি আছে বহু বিল
আমাৰে সমন্বয় তাতে আছে মিল।”
ভোগালীৰ উৰুকাৰ মাছধৰা পৰম্পৰাৰ মাজতে জনগোষ্ঠীসমূহৰ মাজত কিছুমান নীতি-নিয়মো সোমাই আছে। ডিমৰীয়াবাসীয়ে বিলসমূহক দেৱজ্ঞান কৰে। সেয়েহে বিলত পৰাৰ আগতে ৰাইজে বিল দেৱতালৈ তামোল-পাণ আগবঢ়াই পূজা-সেৱা কৰে। কাৰবিসকলৰ নিয়মেৰে ৰজাই ৰাতিপুৱাই গা ধুই ফুল আৰু তামোল-পাণ নযোৰ আগ কলপাতত লৈ মদ ঢালি বন, বাঁহৰ টঙালেৰে বান্ধি লয়। ইয়াৰ পাছত ৰাইজে লালিলাং গীত গাই ঢোল-তাল বজাই ৰজাক বিলৰ পাৰলৈ আদৰি আনে। বিলৰ পাৰত ৰজাই সেই তামোল-পাণ কেইযোৰ বিল দেৱতালৈ আগবঢ়াই সেৱা কৰাটো এটা পৰম্পৰা। ইয়াৰ পাছতহে ৰাইজে বিলত মাছ মাৰিব পাৰে। লালিলাং গীতত এইদৰে গায়—
“প্ৰথমে প্ৰণামো ঐ আই সৰস্বতী ঐ
দ্বিতীয়ে প্ৰণামো ঐ হৰি,
তৃতীয়ে প্ৰণামো ঐ বিলৰ বুঢ়া-মেথা ঐ
ধৰি যাং লালিলাঙৰ ঐ গুৰি।”
এইদৰে লালিলাং গীতত ভগৱানৰ পিছতে বিলৰ দেৱ-দেৱতাক প্ৰাৰ্থনা কৰা হয়।
জীনা ৰাজকুমাৰীৰ কণ্ঠত তিৱা লোকসংগীত
ডিমৰীয়া এনে এখন বিচিত্ৰ্যপূৰ্ণ ঠাই, য’ত ভিন্ন ভাষা-ভাষী, জাতি-বৰ্ণৰ লোকে একেলগে বসবাস কৰে। ইয়াৰ সাংস্কৃতিক বৈশিষ্ট্য বৈচিত্ৰ্যপূৰ্ণ যদিও মাঘ বিহুৰ সময়ত সমূহীয়াভাৱে বিলত মাছ মৰা পৰম্পৰাৰ বাবে বিলসমূহক সমন্বয়ৰ প্ৰতীক বুলি ক’লেও ভুল কোৱা নহ’ব। এই বিলসমূহত উৰুকাৰ দিনা মাছ মাৰিবলৈ যাওঁতে চহা কবিয়ে ৰচনা কৰি যোৱা মুখে মুখে চলি অহা লালিলাং গীতৰ সুৰ যেন প্ৰাণ পাই উঠে এইদৰে—
“জালিসৰাত জাখৈ বাং ঐ
খালৈ দাঙি দাঙি ঐ চাং।
… … …
হাঁহচৰা বিলতে ঐ
শাল মাছ মাৰিলং ঐ
চিলনীয়ে থপিয়াই ঐ খায়।”
ডিমৰীয়াৰ কথিত জনপ্ৰিয় লালিলাং গীত-নৃত্যই উৰুকাৰ মাছ মৰাৰ আগমুহূৰ্তৰ পৰিৱেশটো ৰজনজনাই তোলে। অঞ্চলটোৰ কথিত কেঁচা বিহুগীতৰ সুৰৰে মুখৰিত এই লালিলাং গীতসমূহৰ ভাষা যথেষ্ট পৰিমাণে যৌনগন্ধী। ভেলাঘৰত ডেকা আৰু বুঢ়াসকলৰ মাজত লালিলাঙৰ গীত নিশা শুনিবলৈ পোৱা যায় যদিও ঘৰত বা ৰাজহুৱা স্থানত গোৱাটো সামজিকভাৱে বৰ্জিত। কিন্ত উৰুকাৰ দিনা লালিলাং গাব পাৰে, সিদিনা কোনো অপৰাধ বুলি ধৰা নহয়; বৰঞ্চ ইয়াক উৰ্বৰা শক্তিৰ বাহক হিচাপেহে ধৰা হয়। সেয়েহে লালিলাং গীতত প্ৰেমগাথা কথিত ভাষাত অবাধে ফুটি ওলোৱা দেখা যায়—
“পাইপুলুক (বুলবুলি) চৰাইটি ঐ
কৰে পাই পুলুক ঐ
ভেটুলুকাই (হেতুলুকা) ভেটলুক ঐ কৰে
গজাই গাঁৱৰ গাভৰু ঐ
লাজো নাই কাজো নাই ঐ
মোকে *** (অশ্লীল) মোকে *** (অশ্লীল) ঐ কৰে
কৰে হেৰা গৰা গাং ঐ
ডিগাৰুৰে উজাই যাং ঐ
পুৱা নিশা বৰশী ঐ বাং।”
প্ৰেমত বলীয়া ডিগাৰুপৰীয়া গজাই গাঁৱৰ জীয়ৰী এগৰাকীৰ প্ৰেমিক এজনৰ প্ৰেমগাথা এই লালিলাং গীতটিতে মাছ-পুঠিৰে ভৰপুৰ ডিগাৰুপৰীয়া এখন অন্যতম বিল বৰবিলাৰ উল্লেখো পোৱা যায়। নৈসৰ্গিক দৃশ্যৰ অৱতাৰণাৰে পাণবাৰীৰ তামোল-পাণৰ উপমাৰে প্ৰেমিকে প্ৰেমিকাক আকৰ্ষিত কৰিবলৈ প্ৰয়াস কৰাৰ এক মনোৰম উদাহৰণ—
“পাণবাৰী পাহাৰৰ ঐ তামোল ঢেনাছালি ঐ
বৰবিলা বিলৰে ঐ মাছ
পলকো ভাঙি যাং ঐ জালকে ছিঙি যাং ঐ
চেনাইকে ধৰি যাং ঐ পাছ।”
লালিলাং গীত-নৃত্য
অঞ্চলটিৰ মাজেদি যুগ যুগ ধৰি প্ৰৱাহিত হৈ থকা দুখন নৈ— ডিগাৰু আৰু কলঙৰ দুটি ধাৰাৰ বিষয়ত ভিন্ন জনে লালিলাং গীত ৰচিছে। ডিমৰীয়াৰ লালিলাঙৰ মাজেৰে সমগ্ৰ অঞ্চলটোৰেই প্ৰাকৃতিক পৰিৱেশ ফুটি ওলোৱাৰ লগতে জীৱন আৰু জীৱিকাৰ এখন উজ্জ্বল ছবি স্পষ্ট ৰূপত প্ৰতিফলিত হৈছে। তাৰে এটি উদাহৰণ—
“কলঙৰ পাৰতে ঐ পকা জলকীয়া ঐ
তললৈ মাৰিলে ঐ শিয়া (শিপা);
বাপেৰে নৰকী ঐ মায়েৰে নৰকী ঐ
নিগৰুলৈ নিদিলা ঐ বিয়া।”
ডিগাৰু নৈৰ অৱবাহিকা অঞ্চলৰ পুৰণি এখন গাঁও এৰাবাৰী। অজনজাতীয় লোকৰ বাসভূমি এই গাঁওখনৰ লগত ডিমৰীয়াৰ বিভিন্ন দিশত অৱস্থিত গাঁৱৰ বাসিন্দাসকলৰ বৈবাহিক সূত্ৰে সম্পৰ্ক চলি আহিছে। সেয়েহে ইয়াৰ আঁত ধৰি কোনো কবিয়ে লালিলাং গীত ৰচিছে—
“এৰাবাৰীৰ এৰাপাত ঐ খুলশালীৰ মিঠা মাত
তপতে তপতে ঐ খাং;
ঢৌ মৰা বুকুৱে ঐ বেংচেৰেট অলাইছে ঐ
তাকে ধৰিবলৈ ঐ যাং।”
ডিগাৰুপৰীয়া এই এৰাবাৰী গাঁৱৰ গাভৰুৰ মন ভুলাবলৈ কোনো ডেকা ল’ৰাই কৰা প্ৰচেষ্টাৰ বৰ্ণনা লালিলাং গীতত এইদৰে পোৱা যায়—
“আলিবাটৰ কুঁচিয়া ঐ
ওলাম কেনে কৰি ঐ
লোহাৰে বৰশী ঐ দি
ঐ এৰাবাৰীৰ গাভৰুক ঐ
ভুলাম কেনে কৰি ঐ
জাতি বাঁহৰ গমনা ঐ দি।”
লালিলাং গীত
ডিমৰীয়া অঞ্চলৰ মানুহ বিশেষকৈ কৃষিৰ লগত জড়িত। কৃষিৰ বাবে পৰম্পৰাগত পদ্ধতিত ডোংসমূহৰ পৰাই পানী যোগান ধৰা হয়। সেয়েহে লালিলাং গীতত ডোঙৰ ব্যাপক উল্লেখ থকা দেখা যায়। ডিগাৰু নৈৰ প্ৰধান উপনৈ বৰডোঙৰ উল্লেখেৰে লালিলাং গীতৰ এটি উদাহৰণ—
“ঐ বৰডং ভেটিলং ঐ অকলে ৰখিলং ঐ
চাৰু পিনে পাতিলং ঐ চেপা;
ঐ লগৰ সমনীয়াই ঐ পালে মনে জা ঐ
মই পালং মুনিয়া মুনিয়া ঐ চেতা।”
সাংস্কৃতিক বৈচিত্ৰ্যৰে ভৰপূৰ ডিমৰীয়া অঞ্চলৰ লালিলাং গীত-নৃত্যই মাঘ বিহুক এক অনন্য মাত্ৰা প্ৰদান কৰি আহিছে। লালিলাং গীতৰ মাজেদি অঞ্চলটোৰ চহা জীৱন, সমাজ-সংস্কৃতিৰ এখন প্ৰাঞ্জল ছবি প্ৰকাশি উঠিছে। লোকসাংস্কৃতিক বৈচিত্ৰ্য আৰু ডিমৰীয়াৰ ঐতিহ্য বহন কৰা এই লালিলাং গীতসমূহৰ বহল অধ্যয়নৰ প্ৰয়োজন আছে।
সহায়ক গ্ৰন্থপঞ্জী:
১. দেচ্ ডুমুৰা, বিমল ডেকা (সম্পা), ডিমৰীয়া জনগোষ্ঠীয় সমাৰোহ, প্ৰথম প্ৰকাশ, ২০১৩
২. অসমৰ সংস্কৃতি কোষ, ড° নাৰায়ণ দাস (মুখ্য সম্পাদক), জ্যোতি প্ৰকাশন আৰু অসমীয়া বিভাগ, প্ৰাগজ্যোতিষ মহাবিদ্যালয়, প্ৰথম প্ৰকাশ, ২০০৯
❧ | আৰু পঢ়ক:
- মাঘ বিহুৰ কলিয়াবৰীয়া পৰম্পৰা: ক’লীবুঢ়ী নৃত্য
- জনশিক্ষাৰ কঠীয়াতলী: লোকসংস্কৃতি
- পুৰণিগুদাম অঞ্চলৰ লোকনাট্য পৰম্পৰা: পানীতোলা সবাহ, পালা ভাওনা আৰু বোকা ভাওনা
- কাৰবি জনগোষ্ঠীৰ অনন্য সাংস্কৃতিক সম্পদ: কৰ্মবিষয়ক গীত ‘ৰেতকিনং আলুন’
- বৰষুণ কামনাৰ লোকসাংস্কৃতিক অনুষ্ঠান ‘উৰল টনা’ আৰু ‘ঢেঁকী পোতা’
Follow Nilacharai on Facebook