‘অ’
বাই, গোপালৰ জীয়াকটু অপঘাতে মইল্লাক য’।’
‘গোপালৰ জীয়েক মানে? মালতী?’
‘অ’ হা, বৰ বয়া লাইগল্লাক দ্যা। ইচ, নাউমান আপীটু…।’
এয়া হ’ল এখন নাৰীকেন্দ্ৰিক উপন্যাসৰ সংলাপ। উপন্যাস হৈছে জীৱনৰ কলাত্মক বৰ্ণনা। উপন্যাসত কল্পনাৰ ৰহনেৰে বাস্তৱতাক চিত্ৰিত কৰা হয়। আনন্দৰ বিষয় যে পাশ্চাত্য সাহিত্যৰ যোগেদি অসমীয়া ভাষালৈ উপন্যাস সাহিত্যৰ আমদানি হ’লেও বৰ্তমান উপন্যাস সাহিত্যত অসমীয়া ভাষা অতিকৈ চহকী। অসমীয়া উপন্যাস সাহিত্যৰ ভঁৰালটোত বৰ্তমান অনেক নতুন উপন্যাসৰ সমাহাৰ ঘটিছে। তেনে এক নতুন উপন্যাস হৈছে বুৰঞ্জীৰ পম খেদি কালৰ সোঁতত হেৰাই যোৱা ইতিহাসক কাহিনীৰ ৰূপত পাঠক সমাজৰ সৈতে পৰিচয় কৰাবৰ উদ্দেশ্যে কলম হাতত তুলি লোৱা বলিষ্ঠ ঔপন্যাসিক ৰক্তিম শৰ্মাৰ সৃষ্টি— ‘কালদিয়া পাৰৰ গোসাঁনী’।
ঔপন্যাসিকে উপন্যাসখনত অসমৰ বজালী অঞ্চলৰ কালদিয়া নদীখনক কেন্দ্ৰ কৰি নদীৰ গাতে লাগি থকা অঞ্চলটোৰ প্ৰাকৃতিক, ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক তথা সাংস্কৃতিক চিত্ৰ অংকন কৰিবলৈ গৈ কাহিনীৰ আৰম্ভ কৰিছে কালদিয়াৰ পাৰতে থকা ভালুকী গাঁৱত।
স্বাধীনতাৰ আগৰ ৰক্ষণশীল সমাজখনৰ বিভিন্ন অনীতি-অনাচাৰ, বিভিন্ন সমস্যাৰে জৰ্জৰিত হোৱা নাৰীৰ পৰা আৰম্ভ কৰি বৃটিছৰ বিৰুদ্ধে চৰমপন্থী আৰু নৰমপন্থী বিদ্ৰোহ, নিষিদ্ধ সংগঠনৰ প্ৰতি সেই সময়ৰ উদীয়মান যুৱক-যুৱতীৰ আগ্ৰহ বা আস্থা তথা সংগঠনৰ সামাজিক পৰিৱেশলৈকে সামৰি লোৱা কাহিনীয়ে উপন্যাসখনক পূৰ্ণতা প্ৰদান কৰিছে।
‘কালদিয়া পাৰৰ গোসাঁনী’ উপন্যাসখনৰ মূল নায়িকা প্ৰভাৱতীৰ জৰিয়তে লেখকে দাঙি ধৰিছে সামাজিক ৰীতি-নীতিৰ অন্ধকূপত নাৰী সমাজৰ যন্ত্রণাৰ বিভিন্ন আঁচোৰ। কালদিয়া নদীখনৰ গতিৰ দৰেই উপন্যাসখনৰ কাহিনীভাগ এটা নিৰ্দিষ্ট গতিত আগবাঢ়িছে। আৰম্ভণিৰ পৰা শেষলৈকে ঠায়ে ঠায়ে চৰিত্ৰৰ ঘাট-প্ৰতিঘাট; জীৱন-বাটৰ অলেখ খলা-বমা। কালদিয়াখন হৈ পৰিল জীয়া ইতিহাসৰ সাক্ষী।
নাৰী শিক্ষাৰ ক্ষেত্ৰত সেই সময়ৰ সমাজৰ যি অনীহা, অমনোযোগিতা— সেয়া উপন্যাসৰ আদি ভাগৰ পৰাই লেখকে উপস্থাপন কৰিছে। তাৰ নিদৰ্শন, অমৃতপ্ৰিয়াক চাবলৈ আহোঁতে ককায়েকে ভনীয়েকৰ পঢ়াৰ দায়িত্বৰ কথা কোৱাত কইনা চাবলৈ অহা লোকে কৈছিল— ‘আপীছলিক এমান শিক্ষা কিয়া লাগে হা? আমাৰ আই আহুন আমাক কুনডাল শিক্ষা লৈ ডাঙৰ কৈল্লাক।’ আনকি সভাগৃহতো ধৰ্মেশ্বৰে ভনীয়েকক পঢ়ুৱাবলৈ মন কৰা কথাটো সকলোৰে ঠাট্টাৰ বিষয় হৈ পৰিল— ‘…আপীক ইমান শিক্ষা দি লাভ নাই। ঘৰ-গৃহস্থীৰ কামহে শিখাবা লাগে। তুমাৰ বৈনেৰাক দেখি ইতা আমাৰ আপীগেলখানো জহন্নামে যাব হা।’
ছোৱালী পুষ্পিতা হোৱাৰ আগতে বাল্য বিবাহ প্ৰথাৰ বলি হোৱা ব্ৰাহ্মণ বিধৱাৰ দুখ-দুৰ্গতিৰ এক জীৱন্ত ছবি উপন্যাসখনত চিত্ৰিত হৈছে। চৰিত্ৰৰ মনৰ ক্ষোভ-আক্ষেপে পাঠকৰ অন্তৰকো কিছু পৰিমাণে কঁপাই তুলিবলৈ সক্ষম হৈছে। তাৰেই এক নিদৰ্শন নাহৰ চৰিত্ৰটো। উপন্যাসখনত অকালতে বিধৱা হোৱা নাহৰক নিজৰ ঘৰতে নিজৰ দেওৰেকে চলোৱা যৌন নিৰ্যাতন, মানসিক অত্যাচাৰে গোটেই সমাজখনৰ প্ৰতি নাহৰক বিদ্ৰোহী কৰি তুলিছে। সেয়ে প্ৰভাৰ আগত মনৰ ক্ষোভ প্ৰকাশ কৰি কৈছে— ‘…এই সমাজখনৰ দেখাতহে বৰ নীতি-নিয়ম, ধৰ্ম-কৰ্ম। বঁজা বিধৱা দেখিলে ইহঁতে সব ধুই পানী খায়। বোলো বিধৱাই অমুক কৰিব নালাগে, তমুক কৰিব নালাগে, কামভাব ত্যাগ কৰি মৃত স্বামীক চিন্তি থাকিব লাগে। থুই কটা, মুখত থুৱাই দিওঁ সিহঁতৰ।’
স্বাধীনতাৰ সময়ত যে কেৱল শোষণকাৰী, আন্দোলনকাৰী বা ভুক্তভোগীসকলেই আছিল, তেনে নহয়। জনকল্যাণৰ নামত এচাম সুবিধাবাদীয়ে কিদৰে নিজৰ স্বাৰ্থসিদ্ধিৰ বাট মোকলাইছিল তাৰো কিছু আভাস উপন্যাসখনত পোৱা যায়। তাৰেই জ্বলন্ত উদাহৰণ— মহিলা সবলীকৰণৰ বাবে কাম কৰা মহিলা নেত্ৰীগৰাকী। প্ৰভাই দুখীয়া বিধৱা মহিলাসকলৰ বাবে আঁচনিৰ তাঁতশালকেইখনৰ বাবে পুৱাৰ পৰা বাহিৰত অপেক্ষা কৰি কৰি বিৰক্ত হৈ ভিতৰলৈ সোমাই যোৱাত মহিলা নেতৃগৰাকীয়ে যি অশিষ্ট আচৰণ কৰিছিল, তাৰ প্ৰমাণ এই সংলাপটোতে পোৱা যায়— ‘কি মগনীয়াৰ দৰে বাৰে বাৰে বস্তু খুজিবলৈ আহি থাকাহে? ইমানেই যদি অভাৱ, ৰাস্তাৰ কাষত বহি নোযোৱা কেলেই?…’
ঔপন্যাসিকে সমাজৰ আগশাৰীৰ স্বাৰ্থপৰ, মতলবী, অভদ্ৰ মানুহৰ অন্যায়-অনীতিক দমন কৰিবলৈ প্ৰভাৰ দৰে সাহসী চৰিত্ৰৰ মুখেৰে নিগৰাইছে প্ৰতিবাদী শব্দ— ‘ছিঃ ছিঃ ছিঃ আপোনাৰ মুখত এনে কথা! শুনক, আপুনি ইয়াত কি কৰি আছে আমি নাজানো, কিন্তু আমি ইমান দূৰৰ পৰা নিজৰ সাঁচতীয়া ধন ভাঙি ইয়ালৈ বেশ্যাবৃত্তি কৰিবলৈ অহা নাই।… এই চৰকাৰখনৰ সৈতে আমাৰ তেজ-ঘাম জড়িত। শালকেইখন পালে আৰু কিছু বিধৱাই পেটৰ ভাতমুঠি পালেহেঁতেন। যদি দিব নোৱাৰে কওক; আমি অন্য ব্যৱস্থা ল’ম। বিশেষকৈ আপোনাৰ এই ব্যৱহাৰৰ কথা মই মুখ্যমন্ত্ৰী মহোদয়ক জনাম…।’ ঠিক তেনেকৈ অমৃতপ্ৰিয়া, মাকণ, ইৰা আদি নাৰীয়ে সকলো প্ৰতিকুলতা নেওচি দৃঢ়তাৰে সমাজক প্ৰত্যাহ্বান জনাই কিদৰে প্ৰকৃত অৰ্থত নাৰী-মুক্তিৰ বাণী প্ৰতিষ্ঠা কৰিছিল, তাৰ ছবিও ঔপন্যাসিকে সুন্দৰকৈ উপস্থাপন কৰিছে। সংবেদনশীলতাৰে পৰিপূৰ্ণ মাহেন্দ্ৰী চৰিত্ৰটোকো উপন্যাসখনত আওকাণ কৰিব নোৱাৰি।
‘কালদিয়া পাৰৰ গোসাঁনী’ উপন্যাসখনত পৰম্পৰাগত সংস্কাৰত বন্দী সমাজৰ কথা যিদৰে আছে, সেইদৰে কমিউনিষ্ট আদৰ্শত বিশ্বাসী আদৰ্শবান ব্যক্তিৰ কথাও আছে। বি কে ভাণ্ডাৰী, বিষ্ণুপ্ৰসাদ ৰাভা, নলিনীবালা দেৱীৰ প্ৰসংগই উপন্যাসখনক এক বিশেষ মান্যতা প্ৰদান কৰিছে। ঔপন্যাসিকে উপন্যাসখনত কাহিনী আৰু চৰিত্ৰ মাধ্যমেৰে নিজৰ দক্ষতাৰে গান্ধীজীৰ আদৰ্শ আৰু নেতাজীৰ আদৰ্শৰ এটা যেন তুলনা দাঙি ধৰিবলৈ যত্ন কৰিছে। উপন্যাসৰ মুখ্য চৰিত্ৰ দীপেন্দ্ৰ, মাধৱ শৰ্মাৰ দৰে প্ৰগতিশীল আদৰ্শৰ ব্যক্তিৰ আদৰ্শ, চিন্তা আৰু কৰ্মই বিশেষ সবলতা প্ৰদৰ্শন কৰিছে, যিয়ে পাঠকৰ মনত গভীৰ সাঁচ বহুৱাবলৈ সক্ষম হৈছে।
‘কালদিয়া পাৰৰ গোসাঁনী’ৰ নানা চৰিত্ৰৰ মাজত পইত্নেশ্বৰী বুঢ়ী চৰিত্ৰটোৱে ঠায়ে ঠায়ে পাঠকক ৰস দিবলৈ সক্ষম হৈছে। ‘মৰাণনহ’, ‘গজমূৰাহাত’, ‘শগনে খাৱা’ আদি গালিবোৰ পইত্নেশ্বৰী বুঢ়ীৰ জিভাৰ আগতে। ঔপন্যাসিকে অতি চতুৰতাৰে পাঠকক ৰস প্ৰদান কৰিবলৈকে হয়তো এনে চৰিত্ৰৰ চিত্ৰণ কৰিছে। চুবি চুবি-লুবি লুবি কৰি থকা গোবিন্দ গোসাঁইক এসেকা দিবলৈ পইত্নেশ্বৰীয়ে মেখেলাখন পিছফালৰ পৰা দাঙি মূৰত লৈ পিছফালে ধোবাং বাং কৰি গোসাঁইৰ সন্মুখত দেখা দি ‘দেশত আৰ অইন কাম নাই? কুন তিৰী মূৰত কাপুৰ ল’লাক না কটিত কাপুৰ ল’লাক তাকে চায় ফুৰ গহায়’ বোলা গোটেই দৃশ্যাংশটোৱে সঁচাকৈ হাঁহিৰ খোৰাক যোগাইছে। ঠিক একেদৰে গাঁৱৰ কিশোৰবোৰৰ মুখেৰে ঔপন্যাসিকে কেইটামান অশ্লীল গীত নিগৰাইছে। কেঞাৰ গাড়ীৰ পিছফালে দৌৰি দৌৰি গাঁৱৰে কিশোৰকেইটামানে জোকাই জোকাই গোৱা গীতৰ নিদৰ্শন—
‘গৰুগাড়ীৰ চাকা কুৰুত কাৰাত
মাহাজনে পাদে পৱৰুত পাৰাত…।’
একেদৰে—
‘টাকান ধৰাৰ টাকান বেঁকা
কেঞাৰ পিঠিত খৰ,
গৰুগাড়ীত উঠি আহে
শেঙুন খাৱাৰ দল…!’
এই গোটেই দৃশ্যবোৰে সেই সময়ৰ গাঁৱৰ পৰিৱেশটোৰ সৈতে পাঠকৰ পৰিচয় কৰাইছে।
চমুকৈ ক’বলৈ গ’লে, সমাজ ব্যৱস্থাত নাৰীৰ গুৰুত্বপূৰ্ণ ভূমিকাই হ’ল ‘কালদিয়া পাৰৰ গোসাঁনী’ উপন্যাসখনৰ মূল কথা। প্ৰজন্মৰ পাছৰ প্ৰজন্মৰ চিন্তাৰ যি পৰিৱৰ্তন, সেয়া উপন্যাসখনত পৰিলক্ষিত হৈছে। সকলোতকৈ ভাল লগা কথাটো হ’ল— উপন্যাসখনে পাঠকক নিজকে প্ৰশ্ন কৰিবলৈ বাধ্য কৰিছে যে স্বাধীনতা আন্দোলনৰ সময়ৰ পৰা আজিলৈকে আমাৰ ৰাজনৈতিক অৱস্থা, সামজিক অৱস্থাৰ বিশেষ কি পৰিৱৰ্তন হ’ল? কেৱল তিক্ততা আৰু ৰিক্ততাৰে পৰিপূৰ্ণ হৈ আছে মানৱ জীৱন। আৰু সঁচাকৈয়ে এনে প্ৰশ্নৰ উদয় কৰিব পৰাটোৱেই ঔপন্যাসিকৰ সফলতা বুলি নিসন্দেহে ক’ব পাৰি। বিষয়বস্তু, চৰিত্ৰাঙ্কন, পৰিৱেশ সৃষ্টি আৰু ভাষা বিন্যাসৰ ক্ষেত্ৰত ঔপন্যাসিক শৰ্মা সম্পূৰ্ণ সফল বুলি ক’ব পৰা যায়।
কালদিয়া পাৰৰ গোসাঁনী (উপন্যাস)
লেখক: ৰক্তিম শৰ্মা
প্ৰথম প্ৰকাশ: ডিচেম্বৰ, ২০২২
প্ৰকাশক: উজ্জ্বল বৰা, প্ৰজ্ঞা মিডিয়া হাইপ পাব্লিকেশ্বন, গুৱাহাটী
বেটুপাত: সমুদ্ৰ কাজল শইকীয়া
পৃষ্ঠা সংখ্যা: ৩৪০
মূল্য: ৩০০ টকা
ISBN: 978-93-93837-12-7
❧ | আৰু পঢ়ক: