ম নত উদয় হোৱা বিভিন্ন ভাব বাকযন্ত্ৰৰ সহায়ত আনৰ আগত প্ৰকাশ কৰিবলৈকে মানুহে ইজনে সিজনক কথা কয়। কিন্তু এইখিনিতে মনলৈ এটা প্ৰশ্ন আহে— সকলো মানুহেই কথা ক’ব জানেনে? কিছু বিজ্ঞ ব্যক্তিয়ে ব্যাকৰণৰ সকলো নিয়ম ৰক্ষা কৰি আভিধানিক শব্দ প্ৰয়োগ কৰি মনৰ ভাব সজাই-পৰাই ব্যক্ত কৰে আৰু কিছুমানে মনৰ ভাবসমূহ ৰসালভাৱে ব্যক্ত কৰে যদিও সেই সকলো ব্যক্তিকে কথা ক’ব জনা বুলি মানি ল’ব নোৱাৰি। তাৰ বিপৰীতে, কিছুমান ব্যাকৰণ তথা অভিধানৰ জ্ঞান নথকা লোকেও কথা ক’ব জানে বুলি স্বীকাৰ কৰিব লাগিব। কিয়নো, কথা ক’ব জনাটোও এটা বিশেষ কলা। কথা কেৱল মুখেৰেই নোলায়, কথা কওঁতে দেহৰ বিভিন্ন অংগ-প্ৰত্যংগৰ সঞ্চালনেও কথা ক’ব জনা বা নজনা আখ্যা দিয়াত অৰিহণা যোগায়।
যি মানুহে স্থান, কাল, পাত্ৰ তথা পৰিৱেশ অনুযায়ী বাকযন্ত্ৰক আৰু দৃষ্টিক সংযত কৰি নিজৰ অংগ সঞ্চালনকো তদুপযোগী কৰি তুলিব পাৰে, সেইজন মানুহকহে প্ৰকৃত ‘কথা ক’ব জনা’ বুলি স্বীকৃতি দিব পাৰি। সময় সাপেক্ষে কেতিয়া মৌন অৱলম্বন কৰিব লাগে, কেতিয়া মাত মাতিব লাগে, সেয়া কথা ক’ব জনা বা নজনাৰ ওপৰত নিৰ্ভৰ নকৰে। সকলোৰে এই গুণ নাথাকে। কিছুমান বিজ্ঞ ব্যক্তিয়ে হকে-বিহকে সৰু-ডাঙৰ বাছ-বিচাৰ নকৰি অনৰ্গল কথা কৈ থকা প্ৰায়েই পৰিলক্ষিত হয়। কিন্তু মন কৰিবলগীয়া কথাটো হ’ল, যদি কিবা দৰকাৰী বিষয়তো তেনেকৈ কোনোবা বিজ্ঞই কথা কৈ থাকে, সেই বিজ্ঞজনক কথা ক’ব জনা বুলি আখ্যা দিব নোৱাৰি। উদাহৰণ স্বৰূপে, এদিনাখন বেদশাস্ত্ৰত সুপণ্ডিতা গাৰ্গীয়ে পণ্ডিত-প্ৰবৰ যাজ্ঞবল্ক্যৰ সৈতে তৰ্কযুদ্ধত অৱতীৰ্ণ হৈছিল। যুক্তিপূৰ্ণ তথ্যৰে মহৰ্ষিজনক থকা-সৰকা কৰাৰ সময়ত যাজ্ঞবল্ক্যই বিব্ৰতবোধ কৰি কৈছিল— গাৰ্গী, বৰ বেছি প্ৰশ্ন নকৰিবা, যাতে তোমাৰ মূৰটো শৰীৰৰ পৰা সুলকি নপৰে! এই বাক্যশাৰীয়ে এটাই ইংগিত বহন কৰে যে মানুহে কথা কোৱাৰ আগত বহুবাৰ ভাবিব লাগে। বাক সংযম কৰিব পৰাটো এটা ডাঙৰ গুণ। ইংৰাজীত এষাৰ বাক্য আছে— “Thinking twice before you speak and thrice before you write” । পৰিস্থিতি সাপেক্ষে কেতিয়াবা নিজকে সৰু কৰি মত প্ৰকাশ কৰিব পাৰিব লাগে। জোকৰ মুখত চূণ দিয়াটো সকলো সময়তে উপযোগী নহয়। কাৰণ জিভা আৰু ইন্দ্ৰিয়ৰ অসংযমেই প্ৰায় সময়তে মানুহৰ জীৱনলৈ বিপদ কঢ়িয়াই আনে। মহাভাৰতৰ শিশুপালেও যুধিষ্ঠিৰৰ ৰাজসূয় যজ্ঞত বাকসংযম কৰিব নোৱৰাৰ ফলতেই কৃষ্ণৰ দ্বাৰা বধ হ’বলগীয়া হৈছিল।
মেলে-মিটিঙে আমন্ত্ৰিত কৰি অনা কিছুমান নিৰ্দিষ্ট বক্তাই প্ৰায়েই ‘ক’বলৈকে আহিছোঁ’ বুলিয়ে হোৱাই-নোহোৱাই শ্ৰোতাৰ আমনি লাগি যোৱাকৈ কথা কৈয়ে থকা পৰিলক্ষিত হয়। কিন্তু মন কৰিবলগীয়া কথাটো হ’ল যে তেনেসকলক সু-বক্তা নহয়, বহুবল্কী বুলিহে আখ্যা দিব পাৰি। পৰিস্থিতি বুজি মানুহে persuasive tongue ব্যৱহাৰ কৰিব জানিব লাগে। কোনোবা বিছনাত পৰি কেঁকাই থকা ৰোগীৰ কাষত যদি ফেকফেকাই ৰাজনীতিৰ হিচাপ-নিকাচৰ কথা কৈ থকা যায় বা মৃতকৰ ঘৰত যদি ৰাজনীতি বা দেশৰ উন্নতিৰ ব্যাখ্যা মেলি থকা হয়, সেয়া বৰ অশোভনীয় হৈ পৰে। বাক স্বাধীনতা থাকিল বুলিয়ে যেতিয়াই তেতিয়াই মুখেৰে সাত হাল বাই থকাটোৱে কথা ক’ব জনা বুলি পৰিচয় নিদিয়ে। আপুনি কোৱা কথাকেইটাৰে সন্মুখৰ ব্যক্তিজনৰ ওপৰত কেনে প্ৰভাৱ পৰিছে, তাৰ প্ৰতি নিজৰ দৃষ্টি ৰাখি কথা কোৱাটো অতিকৈ প্ৰয়োজন। এই কথা কোৱা বিষয়টোৰ ওপৰতে বিভিন্ন পণ্ডিতে বিভিন্ন লেখা-মেলাৰ মাধ্যমত বিভিন্ন মন্তব্য আগবঢ়োৱা দেখা যায়। তাৰে এটা মন্তব্য হ’ল—
“If you your lips would keep from slips,
Five things observe with care;
To whom you speak, of whom you speak
And how, and when, and where.” ―W. E. Norris)
❧। আৰু পঢ়ক: ইমৰান শ্বাহৰ ‘মূৰ্খ পুৰাণ’
সন্মুখৰ ব্যক্তিজনে কি ক’ব বিচাৰিছে, তাক গুৰুত্ব নিদি নিজৰ ক’বলগীয়াখিনিকে একেৰাহে কৈ থকাটো কথা ক’ব জনা মানুহৰ লক্ষণ নহয়। মানুহে কথাতেই বঁটা পায়, কথাতেই গতা পায়। বাকসংযম, ধৈৰ্য, সহনশীলতাৰ আধাৰত স্থান-কাল-পাত্ৰ আৰু পৰিৱেশ অনুযায়ী আনে গুৰুত্ব দিব পৰাকৈ মনৰ ভাব প্ৰকাশ কৰিব পৰাটোকহে কথা ক’ব জনা বুজায়। সেয়েহে আহকচোন, প্ৰত্যেকেই নিজকে এবাৰ সোধোঁ— কথা ক’ব জানোনে মই?