ৰূপাঞ্জলি বৰুৱা বৰদলৈৰ গল্প সংকলন ‘জীৱনৰ ৰংʼ

ৰূপাঞ্জলি বৰুৱা বৰদলৈৰ গল্প সংকলন ‘জীৱনৰ ৰংʼ

সৃ জিত মুখাৰ্জী পৰিচালিত, পৰমব্ৰত চট্টোপাধ্যায় অভিনীত ‘দ্বিতীয় পুৰুষ’ নামৰ চিনেমাখনত ৰূপম ইছলামৰ কণ্ঠত ‘আমি আছি আমি আছি’ (মই আছোঁ মই আছোঁ) বোলা এটি গীত আছে৷ গীতটি বা চিনেমাখনৰ প্ৰেক্ষাপট বা প্ৰতিপাদ্য সুকীয়া হʼলেও নবীন লেখিকা ৰূপাঞ্জলি বৰুৱা বৰদলৈৰ সদ্য প্ৰকাশিত ‘জীৱনৰ ৰংʼ নামৰ গল্প সংকলনখনৰ পাত লুটিয়াই গৈ থাকোঁতে প্ৰায়ে সেই গীতটোলৈ মনত পৰিছে৷ উল্লিখিত গীতটিৰ এঠাইত গাইছে—

‘মই আছোঁ মই আছোঁ
হঠাৎ কিয় পাহৰি যোৱা?
তোমাৰ নিশা সাৰে থকা কবিতাৰ
অন্ত্যমিলতে মোক পোৱা…৷’

ৰূপাঞ্জলি বৰুৱা বৰদলৈৰ গল্পবোৰতো যেন সেই একে ধৰণৰ বাৰ্তা আৰু আশ্বাসেই বেলেগ বেলেগ ৰং-ৰূপেৰে প্ৰতিধ্বনিত হৈছে বাৰে বাৰে— মই আছোঁ মই আছোঁ! সংকলনখনৰ প্ৰায়কেইটা গল্পতে সমাজ আৰু ব্যৱস্থা (system)ৰ পীড়নত পীড়িত মানুহৰ দুখ-দুৰ্দশা-চিৎকাৰ আৰু সেইবোৰক অতিক্ৰম কৰাৰ নিৰলস প্ৰচেষ্টাৰ ছবি আঁকিছে গল্পকাৰে আৰু পৰম মমতাৰে সেই মানুহবোৰৰ কাণত যেন কৈছে— ভয় নকৰিবা ভয় নকৰিবা, মই আছোঁ মই আছোঁ৷ সেয়ে গল্পবোৰৰ চৰিত্ৰবিলাকৰ আঁৰে আঁৰে প্ৰায়ে গল্পকাৰৰ মুখ দেখা পোৱা যায়৷

চৌপাশৰ সমাজৰ বিভিন্ন চৰিত্ৰ, ঘটনা-উপ ঘটনা লৈ ৰূপাঞ্জলিৰ গল্পবোৰ ৰচিত হৈছে৷ একে সময়তে সমাজৰ অতি সহজ-সৰল মানুহ আৰু আধুনিক জটিল মানুহ— দুয়োবিধেই তেওঁৰ গল্পত ভূমিকা লৈ আছে৷

‘জোৰকৈ বজোৱা হাতচাপৰিৰ শব্দই ময়ূৰীৰ দেহ-মন পুলকিত কৰি তুলিলে৷ আজি তাইৰ পুত্ৰৰ বিজয়ৰ যাত্ৰাত সোঁৱে-বাৱেঁ কেৱল মানুহ আৰু মানুহʼ (‘প্ৰাপ্তিʼ)— প্ৰবল ইতিবাচকতা আৰু আশাবাদে প্ৰায়ে ৰূপাঞ্জলি বৰুৱা বৰদলৈৰ গল্পক হাত ধৰি নিছে৷ মানৱীয় প্ৰমূল্যবোধৰ প্ৰতি দায়ৱদ্ধতাও প্ৰায়বোৰ গল্পতে প্ৰোজ্জ্বল৷ ইয়াৰ বিপৰীতে ‘সিদ্ধান্তʼৰ দৰে গল্পত সমাজে সহজে মানি লʼব নোখোজা ধৰণৰ বিষয়ো তেওঁ সাহসিকতাৰে উপস্থাপন কৰিছে৷ সেইদৰে আধুনিক মানুহৰ নিঃসংগতা আৰু সেই নিঃসংগতা অতিক্ৰমৰ বাবে ছচিয়েল মিডিয়াৰ বহুল ব্যৱহাৰৰ প্ৰয়োগ আছে ‘নিষিদ্ধ নিশাৰ জোনাকʼ গল্পত৷ অৱশ্যে গল্পটো অধিক পৰিপূৰ্ণ কৰাৰ সুযোগ থাকিল৷ এটা কথা ক’ব লাগিব, পুনৰাবৃত্তি নকৰাকৈ গল্পকাৰে বেলেগ বেলেগ পটভূমিৰ গল্পৰে সংকলনখন সজোৱাৰ চেষ্টা কৰিছে।

ৰূপাঞ্জলি বৰুৱা বৰদলৈ নতুন লেখিকা৷ কʼব পাৰি, এই সংকলনখন তেওঁৰ অনুশীলনৰ প্ৰাথমিক ইস্তাহাৰ৷ সেয়ে হʼলেও কʼব বিচৰা কথা এটাক শিল্পসন্মতভাৱে কোৱাৰ বুনিয়াদী দক্ষতা তেওঁ আয়ত্ত কৰিছে৷ অৱশ্যেই তেওঁৰ শিল্পক উন্নতৰ কৰাৰ প্ৰচুৰ অৱকাশ ৰৈ গৈছে৷ কেইবাটাও গল্প প্ৰাথমিক ৰূপ-ৰেখা পৰ্যায়তে ৰৈ যোৱা যেন অনুভৱ হৈছে৷ সেই গল্পকেইটা বিস্তাৰ কৰাৰ অনেক সুযোগ-সুবিধা আৰু ততোধিক প্ৰয়োজনীয়তাও আছিল৷ উদাহৰণ স্বৰূপে, সংকলনৰ প্ৰথমটো গল্প ‘আকাংক্ষাʼত মাক-পুতেকৰ সম্পৰ্ক-সংঘাত ভলকৈ উন্মোচিত নোহোৱাকৈয়ে খৰখেদাকৈ এটি পৰিণতি আহি পৰিল৷ পাঠকে হয়তো গল্পটোৱে কʼব বিচৰাখিনি ঠিকেই বুজি পাব, কিন্তু ক্লাইমেক্সলৈ ধীৰে ধীৰে আগবঢ়াৰ উত্তেজনা আৰু সাহিত্য পাঠৰ আনন্দৰ পৰা বঞ্চিত হৈ থাকিব৷

দুটামান গল্পত বিস্তৃত সময়ক ততাভুকুতাকৈ কৰা উপস্থাপন আৰু প্ৰস্তুতিৰ সুযোগ নিদিয়াকৈ আনি দিয়া ফ্লেশ্ববেকে পাঠকৰ ৰসভংগ ঘটাব৷ গল্প নিৰ্মাণৰ কিছুমান কাৰিকৰী বিসংগতিও দুই-এটা গল্পৰ বাবে সীমাৱদ্ধতা হৈ ৰʼল৷

উল্লেখ কৰা দোষ-ত্ৰুটিবোৰ গুচোৱাৰ প্ৰয়াস অব্যাহত ৰাখিলে ৰূপাঞ্জলি ভাল কথক হʼব পাৰিব বুলি আশা ৰাখিছোঁ৷ এই ক্ষেত্ৰত ভাল গল্প পাঠ আৰু সাহিত্য সমালোচনাৰ অধ্যয়নে তেওঁক নিশ্চিতভাৱে সহায় কৰিব৷

গল্প সংকলন

‘জীৱনৰ ৰং’ গল্প সংকলনৰ বেটুপাত

উন্নত মানৰ কাগজত নগাঁৱৰ ‘বিৰিখʼত দৃষ্টিনন্দনভাৱে ছপা কৰা কিতাপখন প্ৰকাশ কৰিছে কলিয়াবৰ শাখা সাহিত্য সভাই৷ মনোজ ৰাজকুমাৰৰ বেটুপাতেৰ সমৃদ্ধ পোন্ধৰটা গল্পৰ সংকলন ‘জীৱনৰ ৰংʼ-অৰ বিক্ৰী মূল্য ১০০ টকা৷

জীৱনৰ ৰং (গল্প সংকলন)
লেখক: ৰূপাঞ্জলি বৰুৱা বৰদলৈ
বেটুপাত: মনোজ ৰাজকুমাৰ
প্ৰকাশক: কলিয়াবৰ শাখা সাহিত্য সভা
প্ৰথম প্ৰকাশ: ২০২২
ISBN: উপলব্ধ নহয়
মূল্য: ১০০ টকা

❧ | আৰু পঢ়ক:

ৰূপাঞ্জলি বৰুৱা বৰদলৈৰ গল্প সংকলন ‘জীৱনৰ ৰংʼ | পল্লৱপ্ৰাণ গোস্বামী

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

আপুনি হয়তো ভাল পাব: